PhonePe Blogs Main Featured Image

Trust & Safety

KYC প্ৰতাৰণাৰ মাধ্যমেৰে পৰিচয়ৰ জালিয়াতি: সুৰক্ষিত থকাৰ উপায়

PhonePe Regional|3 min read|21 July, 2025

URL copied to clipboard

যেতিয়া আপুনি বেংক অথবা বিত্তীয় প্ৰতিষ্ঠানত একাউণ্ট খোলে তেতিয়া আপোনাৰ পৰিচয় সত্যাপন কৰাটো বাধ্যতামূলক হয়। এইটো এটা KYC প্ৰক্ৰিয়াৰ মাধ্যমেৰে সম্পন্ন কৰা হয়, য’ত আধাৰ, PAN অথবা অন্যান্য RBI অনুমোদিত ডকুমেণ্ট জমা দিয়াটো প্ৰয়োজনীয় হ’ব পাৰে।

আজিকালি, বিত্তীয় প্ৰতিষ্ঠানবোৰে “ডিজিটেল KYC”ৰ মাধ্যমেৰে এই সত্যাপন প্ৰক্ৰিয়া সম্পন্ন কৰে। অফলাইন সত্যাপন সম্পন্ন কৰিব নোৱাৰিলে ডিজিটেল KYC সত্যাপন কৰা হয়, য’ত গ্ৰাহকৰ লাইভ ছবি আৰু তেওঁলোকৰ ওচৰত প্ৰয়োজনীয় ডকুমেণ্ট অথবা আধাৰ উপস্থিত থকাৰ প্ৰমাণ সংগ্ৰহ কৰা হয়।

KYC প্ৰতাৰণাৰ মাধ্যমেৰে পৰিচয় জালিয়াতি কি হয়?

KYC পৰিচয় জালিয়াতিৰ মাধ্যমেৰে, প্ৰতাৰকে আপোনাৰ ব্যক্তিগত তথ্য চুৰি কৰে অথবা নকল পৰিচয় তৈয়াৰ কৰে আৰু প্ৰতাৰণামূলকভাৱে KYC প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে সেইবোৰ ব্যৱহাৰ কৰে। এবাৰ সত্যাপন হোৱাৰ পাছত, সিঁহতে আপোনাৰ একাউণ্টবোৰত অনধিকৃত এক্সেছ পায় অথবা এটা নতুন একাউণ্ট খুলিবলৈ আপোনাৰ KYC ব্যৱহাৰ কৰে, আপোনাৰ নামত ঋণ আৰু ক্ৰেডিট কাৰ্ড লয়, যাৰ ফলত আপোনাৰ আৰ্থিক ক্ষতি আৰু বদনাম হয়।

বৰ্তমানৰ ডিজিটেল পৃথিৱীত, পৰিচয়ৰ জালিয়াতি কৰাটো এটা ডাঙৰ বিপদ হৈ পৰিছে, বিশেষকৈ যেতিয়া প্ৰতাৰকবোৰে চুৰি অথবা নকল কৰা ডকুমেণ্ট ব্যৱহাৰ কৰি KYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে আৰু আপোনাৰ একাউণ্টৰ নিয়ন্ত্ৰণ লাভ কৰে। 

একাধিক পৰিস্থিতিত পৰিচয়ৰ জালিয়াতি হ’ব পাৰে 

পৰিস্থিতি 1: প্ৰতাৰকবোৰে বিভিন্ন ফিশ্বিং পদ্ধতিৰ জৰিয়তে আপোনাৰ ব্যক্তিগত পৰিচয়ৰ তথ্য চুৰি কৰিব পাৰে। সিহঁতে প্ৰায়েই আপোনাৰ একাউণ্ট এক্সেছ কৰা আৰু অনধিকৃত লেনদেন কৰাৰ বাবে এই তথ্যৰ অপব্যৱহাৰ কৰিব পাৰে।

এজন প্ৰতাৰকে অৰ্জুনৰ সৈতে যোগাযোগ কৰিছিল যি বিনিয়োগত আকৰ্ষণীয় ৰিটাৰ্ণৰ প্ৰতিশ্ৰুতি দিছিল। আগবাঢ়ি যোৱাৰ বাবে, অৰ্জুনৰ ব্যক্তিগত বিৱৰণ সত্যাপন কৰিবলৈ কোৱা হৈছিল। প্ৰতাৰকক বিশ্বাস কৰি, তেওঁ নিজৰ একাউণ্টৰ ক্ৰিডেনশ্বিয়েল আৰু OTP শ্বেয়াৰ কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে তেওঁৰ বিনিয়োগবোৰ নিৰাপদে পৰিচালিত হ’ব। এই চুৰি কৰা তথ্য ব্যৱহাৰ কৰি, প্ৰতাৰকে অৰ্জনৰ একাউণ্ট এক্সেছ কৰে আৰু অনধিকৃত লেনদেন সম্পন্ন কৰে।

পৰিস্থিতি 2: প্ৰতাৰকে আপোনাৰ একাউণ্টৰ এক্সেছ পাবলৈ আপোনাক KYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ক’ব পাৰে। এবাৰ এই তথ্য পোৱাৰ পাছত, সিহঁতে আপোনাৰ একাউণ্টটো সম্পূৰ্ণৰূপে নিজৰ নিয়ন্ত্ৰণলৈ নিয়ে আৰু তাৰ অপব্যৱহাৰ কৰে।

এজন প্ৰতাৰকে ৰোহিণীৰ সৈতে যোগাযোগ কৰিছিল যি দাবী কৰিছিল যে এটা চৰকাৰী ৰাজসাহায্য প্ৰকল্পৰ অধীনত সুবিধা প্ৰদান কৰাৰ বাবে সহায় কৰিব পাৰিব। প্ৰতাৰকে তেওঁক এটা একাউণ্ট সৃষ্টি কৰিবলৈ আৰু KYC সত্যাপন সম্পন্ন কৰিবলৈ কয় আৰু দাবী কৰে যে ৰাজসাহায্য পোৱাৰ বাবে এয়া প্ৰয়োজনীয় হয়। প্ৰতাৰকক বিশ্বাস কৰি ৰোহিণীয়ে নিজৰ ব্যক্তিগত তথ্য জমা দিয়ে। প্ৰতাৰকে ৰোহিণীৰ KYC তথ্যৰ এক্সেছ পোৱাৰ পাছত, ৰোহিণীৰ একাউণ্টটো সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ নিয়ে আৰু অনধিকৃত লেনদেনৰ বাবে তাৰ অপব্যৱহাৰ কৰে, যাৰ ফলত ৰোহিণীৰ আৰ্থিক ক্ষতি হয়।

পৰিস্থিতি 3: প্ৰতাৰকে আপোনাক এনে এটা একাউণ্টৰ KYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ প্ৰতাৰণা কৰিব পাৰে যিটো একাউণ্ট আপোনাৰ নহয়। তাৰ পাছত, সিহঁতে আপুনি নজনাকৈ প্ৰতাৰণামূলক কাৰ্যকলাপৰ বাবে একাউণ্টটোৰ অপব্যৱহাৰ কৰে

ডেভিডৰ সৈতে এজন প্ৰতাৰকে যোগাযোগ কৰিছিল যি তেওঁক ঋণ পাবলৈ সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল। প্ৰতাৰকে ডেভিডক এনে এটা একাউণ্টৰ KYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কৈছিল যিটো ইতিমধ্যে প্ৰতাৰকৰ নামত তৈয়াৰ কৰা হৈছিল, ডেভিডৰ নামত নহয়। এটা ঋণৰ বাবে আবেদন কৰাৰ কাৰণে এটা বৈধ প্ৰক্ৰিয়া বুলি বিশ্বাস কৰি, ডেভিডে পদ্ধতিটো মানি লৈছিল। তেওঁ KYCৰ বাবে নিজৰ ব্যক্তিগত তথ্য জমা দিয়ে, যি কথাই তেওঁৰ অজানিতে ডেভিডৰ একাউণ্টৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ প্ৰতাৰকক প্ৰদান কৰে। তাৰ পাছত প্ৰতাৰকে প্ৰতাৰণামূলক লেনদেন কৰাৰ বাবে একাউণ্টটোৰ অপব্যৱহাৰ কৰে, যাৰ ফলত ডেভিডে নিজে নজনাকৈয়ে গুৰুতৰ বিপদৰ সন্মুখীন হয়।

KYC জালিয়াতি আৰু একাউণ্ট নিয়ন্ত্ৰণৰ সাধাৰণ লক্ষণসমূহ

  • এনে একাউণ্ট খোলাৰ বাবে অপ্ৰত্যাশিতভাৱে কল অথবা ইমেইল অহা যাৰ বাবে আপুনি অনুৰোধ কৰা নাই।
  • আপুনি অনুমোদন নকৰা লেনদেনৰ বাবে এলাৰ্ট অথবা SMS নোটিফিকেচন অহা।
  • এনে বিল অথবা ক্ৰেডিট কাৰ্ড পোৱা যাৰ বাবে আপুনি কেতিয়াও আবেদন কৰা নাই।
  • আপোনাৰ বেংক অথবা বিত্তীয় একাউণ্ট এক্সেছ কৰিবলৈ অসুবিধা হোৱা।
  • এনে অফাৰ যি সঁচা হ’বই নোৱাৰে তথা লোকসকলৰ পৰিচয় চুৰি কৰি প্ৰতাৰণা কৰা।

পৰিচয়ৰ জালিয়াতি আৰু KYCৰ জালিয়াতিৰ পৰা নিজকে কেনেদৰে ৰক্ষা কৰিব

  • আপোনাৰ ব্যক্তিগত তথ্য সুৰক্ষিত কৰক: ফোন, ইমেইল অথবা মেছেজিং এপৰ মাধ্যমেৰে কেতিয়াও সংবেদনশীল ডকুমেণ্ট অথবা OTP শ্বেয়াৰ নকৰিব।
  • ফিশ্বিঙৰ চেষ্টাৰ প্ৰতি সতৰ্ক থাকক: সন্দেহজনক লিংকত ক্লিক কৰা অথবা অপৰিচিত ৱেবছাইটত তথ্য শ্বেয়াৰ কৰাটো পৰিহাৰ কৰক।
  • আপোনাৰ একাউণ্ট নিয়মিতভাৱে পৰীক্ষা কৰক: যিকোনো অনধিকৃত এক্সেছ পৰিহাৰ কৰিবলৈ নিয়মিতভাৱে বেংক ষ্টেটমেণ্ট, ক্ৰেডিট ৰিপৰ্ট আৰু একাউণ্ট পৰীক্ষা কৰি থাকিব।
  • শক্তিশালী প্ৰমাণীকৰণ ব্যৱহাৰ কৰক: য’তেই সম্ভৱ দ্বি-স্তৰীয় প্ৰমাণীকৰণ (2FA) সক্ৰিয় কৰক।
  • যোগাযোগ সত্যাপন কৰক: বিত্তীয় প্ৰতিষ্ঠানে অপ্ৰত্যাশিতভাৱে যোগাযোগ কৰিলে, অফিচিয়েল যোগাযোগ চেনেলৰ জৰিয়তে তেওঁলোকৰ পৰিচয় সত্যাপন কৰক।
  • অপব্যৱহাৰ কৰা ডকুমেণ্টৰ বিষয়ে তৎক্ষণাত অভিযোগ কৰক: যদি আপোনাৰ আইডি প্ৰমাণৰ অপব্যৱহাৰ কৰা হয়, তেন্তে উপযুক্ত কৰ্তৃপক্ষ আৰু সংস্থাৰ ওচৰত অভিযোগ কৰক।
  • কেৱল অফিচিয়েল KYC চেনেল ব্যৱহাৰ কৰিব: অফিচিয়েল ৱেবছাইট অথবা সত্যাপন কৰা এজেণ্টৰ জৰিয়তে KYC সম্পূৰ্ণ কৰিব।

যদি কোনো PhonePe একাউণ্টত আপোনাৰ পৰিচয়ৰ তথ্যৰ অপব্যৱহাৰ কৰা হয় তেন্তে কি কৰিব

যদি আপুনি সন্দেহ কৰে যে PhonePeৰ মাধ্যমেৰে জালিয়াতি অথবা প্ৰতাৰণা কৰা হৈছে, তেন্তে দ্ৰুত পদক্ষেপ গ্ৰহণ কৰিবলৈ তলত দিয়া যিকোনো চেনেল ব্যৱহাৰ কৰি সমস্যাটোৰ বিষয়ে জনাওক:

  1. PhonePe গ্ৰাহক সহায়তাৰ নম্বৰ PhonePe গ্ৰাহক সহায়তালৈ 80–68727374 অথবা 022–68727374 নম্বৰত কল কৰক। গ্ৰাহক সহায়তা প্ৰতিনিধিয়ে এটা টিকট তৈয়াৰ কৰিব আৰু আপোনাক অধিক সহায় প্ৰদান কৰিব।
  2. ছ’চিয়েল মিডিয়া PhonePeৰ অফিচিয়েল ছ’চিয়েল মিডিয়া একাউণ্টত প্ৰতাৰণামূলক ঘটনাৰ বিষয়ে ৰিপ’ৰ্ট কৰক:
  3. অভিযোগ নিষ্পত্তি যদি আপোনাৰ ইতিমধ্যে এটা অভিযোগৰ টিকট আছে, তেন্তে আপুনি নিজৰ টিকট আইডি ব্যৱহাৰ কৰি এইটো লিংকত অভিযোগ জনাব পাৰে: https://grievance.phonepe.com/.

কৰ্তৃপক্ষৰ ওচৰত ৰিপ’ৰ্ট কৰা

  • চাইবাৰ ক্ৰাইম চেল: চাইবাৰ ক্ৰাইম পৰ্টেলত এটা অনলাইন অভিযোগ উত্থাপন কৰক অথবা 1930 নম্বৰত কল কৰক।
  • ডিপার্টমেণ্ট অফ টেলিকমিউনিকেচন (DOT): চক্ষু সুবিধাৰ জৰিয়তে সঞ্চাৰ সাথী পৰ্টেলত সন্দেহজনক মেছেজ, কল অথবা যিকোনো প্ৰতাৰণামূলক অনুৰোধৰ বিষয়ে অভিযোগ কৰক।

Keep Reading