
Investments
দীৰ্ঘম্যাদী বিনিয়োগ গাঁঠনি নিৰ্মাণ
PhonePe Regional|2 min read|12 July, 2021
ব্যায়াম আৰু বিনিয়োগৰ কি সামঞ্জস্য আছে? যদি আপুনি ভালদৰে চাই, বহুখিনি আছে!
আপুনি 2021 বৰ্ষটো সুস্থ-সৱল হৈ থকা আৰু ব্যায়াম আৰম্ভ কৰাৰ সংকল্পৰ সৈতে আৰম্ভ কৰিছিল নেকি? হয়, আমিও কৰিছিলো! কিন্তু যেতিয়া আমি সেই সংকল্প লৈছিলো, আমি উপলব্ধি কৰিছিলো যে ব্যায়াম আৰু বিনিয়োগৰ এক সাদৃশ্য আছে, যি আমাক বুজাত সহায় কৰে যে এজন সফল বিনিয়োগকাৰী হ’বলৈ সেই সপোনৰ গাঁঠনি কেনেকৈ তৈয়াৰ কৰিব লাগে। গতিকে, আৰম্ভ কৰোঁ আহক!
প্ৰথম আৰু মূল কথাটো হ’ল, আৰম্ভণি কৰা
নতুন বছৰত আমি ব্যায়াম কৰাৰ সংকল্প সকলোতকৈ বেছিকে লওঁ, কিয় জানেনে? ইয়াৰ কাৰণ হৈছে যদিও সকলোৱে এইটো কৰিব বিচাৰে, খুব কম লোকেইহে ইয়াক আৰম্ভ কৰে। বিনিয়োগৰ ক্ষেত্ৰতো একেই ঘটনা। ভৱিষ্যতে বিনিয়োগ কৰাটো বন্ধ কৰি দিয়াটোৱে কাকো কেতিয়াও সহায় নকৰে। সেয়েহে, আজিয়েই বিনিয়োগ আৰু ব্যায়াম আৰম্ভ কৰক, ভৱিষ্যতলৈ নথ’ব।
স্থিৰতা গুৰুত্বপূৰ্ণ
1 জানুৱাৰীত জিমলৈ গৈ তাৰ পিছত নোযোৱা হ’লে, ই আপোনাৰ স্বাস্থ্যৰ লক্ষ্যত কোনো পাৰ্থক্য নানে৷ নিয়মীয়াকৈ আপোনাৰ ব্যায়াম অব্যাহত ৰখা, আপোনাৰ লক্ষ্যত উপনীত হোৱাৰ একমাত্ৰ উপায়। একেদৰে, নিয়মীয়াকৈ SIP-ৰ জৰিয়তে বিনিয়োগ কৰিলে আৰু ইয়াক অব্যাহত ৰাখিলে আপোনাক দীৰ্ঘম্যাদী সময়ত যথেষ্ট সম্পদ সৃষ্টি কৰাত সহায় কৰিব।
ইয়াত কিয় স্থিৰতাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে:
ধৰক আপুনি মাহিলী 5,000-ৰ SIP আৰম্ভ কৰিলে আৰু ইয়াক 20 বছৰৰ বাবে অব্যাহত ৰখাৰ সিদ্ধান্ত ল’লে। আপুনি এই বিনিয়োগৰ ওপৰত 12% ৰিটাৰ্ণ লাভ কৰিলে৷ 20 বছৰৰ অন্তত, আপোনাৰ মুঠ প্ৰায় 50 লাখ টকা জমা হ’ল। অৰ্থাৎ প্ৰতি মাহে নিৰন্তৰভাৱে 5,000-কৈ বিনিয়োগ কৰিলে দীৰ্ঘম্যাদী সময়ত এক ডাঙৰ পৰিমাণৰ টকা জমা হ’ব৷
আপোনাৰ প্ৰয়োজন অনুসৰি এটা ৰুটিন বিচাৰি উলিয়াওক
যেতিয়া আপুনি নিয়মীয়াকৈ ব্যায়াম কৰা আৰম্ভ কৰে, আপুনি আপোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ ব্যায়ামৰ ৰুটিন বিচাৰি উলিয়ায়। সেইয়া আপোনাৰ পেশী নিৰ্মাণৰ বাবে ওজনৰ প্ৰশিক্ষণ, ওজন হ্ৰাসৰ বাবে কাৰ্ডিঅ’ বা চালিকা শক্তিৰ বাবে পাইলেট ইত্যাদি হ’ব পাৰে। চমুকৈ, আপুনি আপোনাৰ লক্ষ্যৰ সৈতে খাপ খোৱাকৈ ব্যায়ামৰ এটা মিশ্ৰণ নিশ্চিত কৰিব৷ একেদৰেই বিনিয়োগৰ ক্ষেত্ৰতো, আপুনি আপোনাৰ ৰিস্ক অগ্ৰাধিকাৰ, লক্ষ্য আৰু বিনিয়োগৰ ম্যাদৰ সৈতে খাপ খোৱা ফাণ্ডত বিনিয়োগ কৰাটো নিশ্চিত কৰিব লাগিব৷
যদি আপুনি হ্ৰস্বম্যাদী লক্ষ্য পূৰণ কৰিবলৈ অতি উচ্চ-ৰিস্কৰ বিনিয়োগত বিনিয়োগ কৰে তেন্তে কি হ’ব? আপোনাৰ বিনিয়োগ বহুতো উত্থান-পতনৰ মাজেৰে যাব যাৰ ফলত হয়তো কিছু লোকচান আৰু যথেষ্ট মানসিক চাপ পৰিব পাৰে। আপোনাৰ প্ৰয়োজনীয়তাৰ সৈতে খাপ খোৱা ফাণ্ডত বিনিয়োগ কৰি এনেধৰণৰ অসুবিধাৰ পৰা হাত সাৰিব পৰা যায়। বিনিয়োগৰ ম্যাদ আৰু বিভিন্ন ৰিস্ক প্ৰ’ফাইলৰ ওপৰত নিৰ্ভৰ কৰি ইয়াত এটা চমু নিৰ্দেশনা দিয়া হৈছে:

ইয়াৰ কোনো চৰ্টকাট নাই, কিন্তু দীৰ্ঘম্যাদী ফলাফল অসাধাৰণ হ’ব পাৰে
ব্যায়াম হৈছে এক দীৰ্ঘম্যাদী প্ৰক্ৰিয়া। ফলাফল দেখিবলৈ বহুত সময় লাগে কিন্তু যেতিয়া আপুনি আপোনাৰ লক্ষ্যত উপনীত হয়, পুনৰ পিছলৈ ঘূৰি চাব লগা নহয়। একেদৰে, বিনিয়োগৰ ক্ষেত্ৰতো, ইয়াৰ কোনো চৰ্টকাট নাই। যদি আপুনি দ্ৰুত লাভ বিচাৰে, আপুনি হতাশ হ’ব পাৰে৷ কিন্তু SIP-ৰ জৰিয়তে দীৰ্ঘম্যাদী সময়ৰ বাবে বিনিয়োগ কৰাটো হৈছে আপোনাৰ বিনিয়োগ লাহে লাহে আৰু স্থিৰ ভাৱে গঢ়ি তোলাৰ এক উৎকৃষ্ট উপায়।
শেষত, বিনিয়োগৰ বাবে উপযুক্ত ব্যায়ামৰ গুণাগুণ বিষয়ক এটা বিখ্যাত উদ্ধৃতি হৈছে: “আজিয়েই কিবা এটা আৰম্ভ কৰক যাৰ বাবে আপোনাৰ ভৱিষ্যতে নিজেই আপোনাক ধন্যবাদ জনাব”।
অস্বীকাৰকৰণ: মিউচুৱেল ফাণ্ডসমূহ বজাৰৰ ৰিস্কৰ ওপৰত নিৰ্ধাৰিত৷ অনুগ্ৰহ কৰি বিনিয়োগ কৰাৰ আগতে আঁচনি-সম্পৰ্কীয় সকলো নথিপত্ৰ মনোযোগেৰে পঢ়ক।
Keep Reading
Investments
Simplifying the Mutual Fund Portfolio Puzzle
The article highlights key elements that will help the investor to arrive at a robust mutual fund portfolio. Having a structured portfolio construction approach goes a long way in achieving the investor’s wealth creation goals.
Investments
WealthTech Platforms: Paving the Way for young Investors to Create Wealth
The emergence of several wealthtech platforms has provided young investors across the country an opportunity to start their investing journey much earlier compared to previous generations taking them closer to their wealth creations at a early age.
Investments
Invest in Gold easily and systematically with UPI SIP on PhonePe
Indians love Gold. So, it is no surprise that Indians buy over 700 tonnes of gold in the form of jewelry, coins and bars every year! PhonePe, thus, offers its users an opportunity to invest in 99.99% pure 24K Gold