
Milestones
সকলো জিলিকা বস্তুয়েই সোন নহয়
PhonePe Regional|2 min read|30 August, 2019
NPCI য়ে ফেব্রুৱাৰী 2018, বৰ্ষৰ BHIM UPI ৰ সংখ্যা ইতিমধ্যে প্ৰকাশ কৰিছে, আৰু এই সম্পৰ্কে আমি উৎসাহিত হোৱাৰ বহু কিছু থল আছে। ভাৰতবৰ্ষৰ প্রথম আৰু বৃহত্তম নন্-বেংকিং BHIM UPI এপ্লিকেচন হিচাপে, BHIM UPI ৰ সম্প্ৰসাৰণ দিনক দিনে উৰ্ধমুখী হোৱাত আমি উৎসাহিত হৈছো। যোৱা বছৰত ইয়াৰ প্ৰসাৰ আশা কৰাতকৈও দ্ৰুত গতিত বৃদ্ধি পাইছে।
দেখা গৈছে যে, BHIM UPI ৰ দ্ৰুত ক্ৰমবৃদ্ধিয়ে উপভোক্তা, বিনিয়োগকাৰী, মিডিয়া আৰু পেইমেন্ট উদ্যোগকক অধিক আকৰ্ষিত কৰিছে। হঠাৎ, সকলোৱে BHIM UPI ৰ যাত্ৰাত সমভাগী হ’বৰ বাবে উঠি পৰি লাগিছে। ৱালেটসমুহে BHIM UPI ৰ অন্তৰ্সঞ্চালন বিচাৰিছে। বেংকসমুহে নতুন মোবাইল এপ আৰম্ভ কৰিব বিচাৰিছে। Google, Amazon আৰু WhatsApp ৰ দৰে আন্তঃৰাষ্ট্ৰিয় কোম্পানীসমুহেও ইতিমধ্যে ভাৰতবৰ্ষত BHIM UPI আধাৰিত পেইমেন্ট সেৱা আৰম্ভ কৰিছে। আনকি ভাৰত চৰকাৰেও এটা পেইমেন্ট এপ মুকলি কৰিছে। এইটো ঠিক যে, ভাৰতবৰ্ষৰ উদ্ভাৱনী প্ৰক্ৰিয়াটোত BHIM UPI য়ে যি ইন্ধন যোগাইছে তাৰ প্ৰভাৱ অবিৰত থাকিব, আৰু সকলো ভাৰতীয় উপভোক্তা ইয়াৰ ব্যৱহাৰৰ দ্বাৰা উপকৃত হৈছে।

আমি দেখিবলৈ পাইছো যে সাম্প্রতিক মিডিয়াই কেৱল BHIM UPI লেনদেন সংখ্যাৰ ওপৰতহে গুুৰুত্ব দিছে — যিটো ইয়াৰ এটা অংশহে মাত্ৰ। লেনদেনৰ সংখ্যাৰ উপৰিও, BHIM UPI ৰ সন্তুলিত স্কোৰকার্ডত মুঠ লেনদেন, ইউনিক কাষ্টমাৰৰ সংখ্যা আৰু লগতে গড় লেনদেনৰ মান (ATV) আৰু গ্রাহক প্রতি গড় লেনদেন (ATPC) অন্তর্ভুক্ত কৰা উচিত।
তলত, উপলব্ধ ৰাজহুৱা তথ্যসমুহৰ ওপৰত ভিত্তি কৰি সামগ্রিক সংখ্যাসমুহ উলিওৱা হৈছে।

ওপৰা ওপৰিকৈ চালে, Paytm য়ে বজাৰত নেতৃত্বস্থান দখল কৰা যেন লাগে। লেনদেনৰ 40% বজাৰ চেয়াৰ দখল কৰাটো সহজ কথা নহয়। কিন্তু তেওঁলোকৰ অন্যান্য মেট্ৰিক্সসমুহ ক’ত? এই তথ্যসমুহ ৰাজহুৱাভাৱে অনুপলব্ধ! সৌভাগ্যৰ কথা যে, Paytm ৰ মুঠ 68 মিলিয়ন লেনদেনৰ ভিতৰত, 21 মিলিয়ন লেনদেনেই Paytm গ্ৰাহকৰ দ্বাৰা PhonePe গ্ৰাহকলৈ কৰা টকা ট্ৰেন্সফাৰ লেনদেন (@YBL BHIM UPI হেণ্ডেলৰ জড়িয়তে)। আৰু সেয়েহে আমি তেওঁলোকৰ ATV, ATPC ইত্যাদিৰ বিষয়ে জনাৰ প্ৰয়াস কৰিছিলো।
আমি তলত দিয়াসমুহ জানিব পাৰিলো!

এই প্ৰসংগত আপোনালোকক জনাও যে, Paytm ত ফ্ৰেব্ৰুৱাৰী মাহত কেৱল 40,000 জন গ্ৰাহকে 500+ লেনদেন কৰিছে।
Paytm ৰ গড় লেনদেন মূল্য ₹40 তকৈ কম।
ইয়াৰ বিপৰীতে, PhonePe ত ফ্ৰেব্ৰুৱাৰী মাহত 6,000,000 জন গ্ৰাহকে প্ৰতিজনে 5 টাকৈ লেনদেন কৰিছে।
আমাৰ গড় লেনদেন মূল্য ₹1,800।
ATV ৰ এই বিশাল পাৰ্থক্য (Paytm ৰ ₹40 বনাম PhonePe ৰ ₹1,820) আৰু Paytm ৰ এই চমকপ্ৰদ উচ্চ ATPC ৰ (525/ইউজাৰ/মাহ) বাবে এটা যুুক্তিসন্মত বাখ্যা হ’ল যে, Paytm য়ে গ্ৰাহকক লেনদন-প্ৰতি কেচবেক প্ৰদানেৰে আকৰ্ষিত কৰে, যি কেৱল এচাম মুষ্টিমেয় গ্ৰাহকৰ ক্ষেত্ৰতহে প্ৰয়োগ হয়।
আমি ওপৰৰ কথাখিনিৰ পৰা তিনিটা সিদ্ধান্তত উপনীত হ’ব পাৰো:
- Paytm ত বৰ্তমানলৈকে BHIM UPI সামুুহিকভাৱে গ্রহণ কৰা হোৱা নাই: যদি 40,000 ইউনিক কাষ্টমাৰে 21 মিলিয়ন লেনদেন কৰিছে তেন্তে, বহিৰ্গণনত এইটো পোৱা যাব যে Paytm ৰ মুঠ BHIM UPI লেনদেন আধাৰ হ’ল 40,000 * 68 / 21 = 1.3 লাখ গ্রাহক।
- গ্ৰাহকৰ লেনদেন সংখ্যাসমুহে BHIM UPI ইউজ কেচ প্ৰতিফলিত নকৰে: গড় PhonePe গ্রাহকে প্রতি মাহে প্রায় 5 টা লেনদেন কৰে, য’তনিকি Paytm ৰ তুলনাত্মক সংখ্যা 525। ই কোনোপধ্যে, BHIM UPI নেটৱৰ্কৰ সাধাৰণ ব্যৱহাৰকাৰীৰ আচৰণৰ প্রতিনিধিত্ব নকৰে।
- Paytm লেনদেনৰ সংখ্যা গড় সংখ্যাৰ তুলনাত বহুত কম: এটা সামগ্রিক নেটৱৰ্ক স্তৰত, BHIM UPI ৰ সামগ্রিক লেনদেনৰ মান হ’ল ₹1,116 / লেনদেন। এইক্ষেত্ৰত, Paytm ৰ বাবে সংখ্যাটি অতি নগন্য, মাত্ৰ ₹38, যিটোয়ে বুজায় যে এইসমুহ কেচবেকে প্ৰণোদিত কৰা ASP লেনদেনহে মাত্ৰ।
এই কাৰণসমুহৰ বাবে, আমি বিশ্বাস কৰো যে Paytm য়ে BHIM UPI ত প্ৰাধান্য লাভ কৰিছে বুলি কৰা দাবী একমাত্ৰিক আৰু বিভ্রান্তিকৰ।
আমি ভাবো যে, মাৰ্কেট তথ্যৰ বৰ্ণনাত ভাৰতবৰ্ষৰ ডিজিটেল পেইমেন্টৰ বিস্তৃত অৱলম্বনৰ আৱশ্যক, য’ত মূলতঃ ইউনিক কাষ্টমাৰ আৰু উচ্চ সামগ্ৰিক লেনদেনৰ পৰিমাণ অন্তৰ্ভূক্ত কৰিব লাগে। NPCI য়ে চেয়াৰ কৰা মুঠ লেনদেনৰ পৰিমাণ আৰু মানৰ স্বচ্ছতা আদৰণীয়। যদিও, তেওঁলোকে বৃহৎ ইক’চিষ্টেম সক্ৰিয় কৰিবৰ বাবে, দ্ৰুতভাৱে বিকশিত হোৱা ডিজিটেল পেইমেন্ট ইক’চিষ্টেমৰ ইউনিক কাষ্টমাৰৰ সংখ্যা প্ৰতিফলিত হোৱা এখন সামগ্ৰিক ছবি প্ৰকাশ কৰিলে সকলো উপকৃত হ’ব।
Keep Reading
Milestones
India 2029: The Five-year Fintech Agenda
In the last decade, India has witnessed an unprecedented surge in the use of technology to access financial services and products. It has revolutionized the way we bank, invest, and manage money. Looking ahead into the new year, 2024 holds immense promise for the future of fintech.
Milestones
PhonePe 2023 Recap
Here’s a recap on PhonePe’s journey in the year 2023.
Milestones
Merchant UPI Plugin — Marketing Hype versus Reality
There is a lot of buzz in the UPI payments space with multiple players in the fintech ecosystem launching their own versions of the Merchant UPI Plugin.