PhonePe Blogs Main Featured Image

Trust & Safety

এই 4টা গুৰুত্বপূৰ্ণ পদক্ষেপৰ জৰিয়তে আপোনাৰ পৰিয়ালক চাইবাৰ প্ৰৱঞ্চনাৰ পৰা সুৰক্ষিত কৰক

PhonePe Regional|3 min read|20 January, 2026

URL copied to clipboard

বৰ্তমান সময়ত, যদি আমাৰ চিনাকি মানুহ কেইজনমান একগোট হোৱা কোনো পৰিৱেশত প্ৰৱঞ্চনা বিষয়টো ওলায়, তেন্তে উপস্থিত থকা বেছিভাগ মানুহৰে ইয়াৰ সৈতে হোৱা অভিজ্ঞতাৰ বিষয়ে ক’বলগীয়া কথা থাকে। আমাৰ মাজত সদায়েই এনে এগৰাকী খুড়ী থাকিব যি ইয়াৰ জালত পৰি ধন হেৰুৱাইছে অথবা এনে এজন মামা থাকিব যি এটা সন্দেহজনক ফ’ন কল পাইছিল আৰু ততালিকে ইয়াক প্ৰৱঞ্চনামূলক বুলি চিনাক্ত কৰি কলটো কাটি দিছিল।

এয়াই হৈছে বৰ্তমান সময়ত আমি সন্মুখীন হোৱা বাস্তৱ পৰিস্থিতি। ইমানখিনি কোৱা সত্বেও, এয়াও উল্লেখযোগ্য যে নিয়ামক, আইন বলৱৎকাৰী আৰু অন্যান্য মুখ্য অংশীদাৰসকলৰ নিৰলস প্ৰচেষ্টাৰ জৰিয়তে আমি এই বছৰ প্ৰৱঞ্চনা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছোঁ। অস্থায়ী চৰকাৰী তথ্য অনুসৰি, FY24ত ভাৰতত 13.42 লাখ UPI প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হৈছিল যাৰ পৰিমাণ আছিল 1,087 কোটি টকা। অৱশ্যে, FY25ত এয়া 12.64 লাখ ঘটনালৈ হ্ৰাস পাইছিল যাৰ পৰিমাণ আছিল 981 কোটি টকা।

প্ৰৱঞ্চনাৰ বিৰুদ্ধে আমাৰ যাত্ৰাৰ এই গতি অব্যাহত ৰাখিবলৈ, আমি এই নতুন বছৰৰ শুভাৰম্ভ কৰিছোঁ এখন বিস্তৃত গাইডৰ সৈতে যিয়ে আপোনালোকৰ পৰিয়ালক চাইবাৰ ভাবুকিসমূহৰ পৰা সুৰক্ষিত কৰিবলৈ সহায় আগবঢ়াব।

1. ভাবুকিটো বুজি লওক

ডিজিটেল প্ৰৱঞ্চনা সম্পন্ন কৰিবলৈ ফিশ্বিং, পৰিচয় চুৰি কৰা আৰু আপোনাৰ ডিভাইচত মেলৱেৰ সুমুৱাই দিয়াৰ দৰে বিভিন্ন কৌশল ব্যৱহাৰ কৰা হয়। ইয়াৰ বাবে প্ৰৱঞ্চকবোৰে প্ৰৱঞ্চনামূলক ইমেইল, টেক্সট আৰু ফ’ন কলৰ দৰে প্ৰতাৰণামূলক মাধ্যমসমূহ ব্যৱহাৰ কৰে। এইবোৰৰ জৰিয়তে সিহঁতে এজন ব্যক্তিক তেওঁৰ পাছৱৰ্ড অথবা বেংকৰ বিৱৰণৰ দৰে সংবেদনশীল তথ্য প্ৰকাশ কৰিবলৈ ছলনা কৰে।

2. সাধাৰণ প্ৰৱঞ্চনাসমূহ চিনাক্ত কৰক

কিছুমান জালিয়াতিৰ কৌশল খুবেই সুপৰিচিত হয়, আনহাতে অন্য কিছুমান কৌশল তুলনামূলকভাৱে নতুন হয়। অৱশ্যে, এই সকলোবোৰ পদ্ধতিৰে এক অন্তৰ্নিহিত সাদৃশ্য আছে – বেছিভাগ সময়তে যিকোনো প্ৰৱঞ্চনাৰ আৰম্ভণি এটা ক্ষতিকাৰক ফ’ন কল, টেক্সট অথবা ই-মেইলৰ জৰিয়তে হয়। আপোনাৰ পৰিয়ালক অপ্ৰত্যাশিত যোগাযোগৰ প্ৰতি সন্দেহ কৰা মনোভাৱ গঢ়ি তুলিবলৈ সহায় কৰক।

এইবোৰ সংকেত চিহ্ন লক্ষ্য কৰিব:

  • জৰুৰীকালীনতা অথবা ভাবুকি: প্ৰৱঞ্চকবোৰে আতংকৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰে যাতে ইয়াৰ ফলত আপুনি বাধ্য হৈ তৎক্ষণাত নভবা-নিচিন্তাকৈ কোনো পদক্ষেপ গ্ৰহণ কৰে।
  • সংবেদনশীল তথ্য জনাবলৈ অনুৰোধ কৰা: বৈধ সংস্থাসমূহে কেতিয়াও আপোনাৰ পৰা পাছৱৰ্ড, CVV অথবা OTP জানিবলৈ নিবিচাৰে।
  • সন্দেহজনক লিংকসমূহ: আপুনি কোনো লিংক পালে এইটো প্ৰকৃততে কোনো বেংক অথবা সংস্থাৰ পৰা আহিছে নেকি জানিবলৈ সদায়েই লিংকটোৰ URL পৰীক্ষা কৰি চাব। ক্লিক কৰাৰ আগতেই আপুনি গন্তব্য URL চাবলৈ এটা লিংকৰ ওপৰত ক্লিক নকৰাকৈ মাউছৰ পইণ্টাৰডাল ৰাখিব পাৰে।
  • আৰক্ষী অথবা আপোনাৰ বেংকে কেতিয়াও আপোনাক ধন উলিয়াবলৈ, আপোনাৰ সম্পূৰ্ণ PIN ক’বলৈ অথবা “ফিংগাৰপ্ৰিণ্ট পৰীক্ষা”ৰ বাবে নগদ ধন আদায় দিবলৈ নকয়।
  • ফ’নৰ প্ৰৱঞ্চনাসমূহ: যদি কোনো ব্যক্তিয়ে কল কৰি গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দিয়ে অথবা নগদ ধন ট্ৰেন্সফাৰ কৰি “জৰিমনা” আদায় দিবলৈ কয়, তেন্তে নিশ্চিত হওক যে এইটো এটা প্ৰৱঞ্চনা হয়। অবাঞ্ছিত কলৰ সংখ্যা হ্ৰাস কৰিবলৈ এটা টেলিফোন অগ্ৰাধিকাৰ সেৱাৰ সৈতে পঞ্জীয়ন কৰাৰ কথা চিন্তা কৰক।
  • ঘৰলৈ আহি সেৱা প্ৰদান কৰা ব্যক্তিসকল: অপ্ৰত্যাশিতভাৱে ঘৰলৈ আহি এনেদৰে সেৱা আগবঢ়োৱা  লোকসকলক আপুনি “মোক এই সেৱাৰ প্ৰয়োজন নাই, ধন্যবাদ” বুলি ক’ব পাৰে। কেতিয়াও কোনো সেৱাৰ বাবে ঠাইতে চহী নকৰিব, সদায়েই একাধিক লিখিত ক’ট ল’ব। অত্যাৱশ্যকীয় নোহোৱালৈকে ব্যক্তিগত তথ্য ভাগ-বতৰা কৰাটো পৰিহাৰ কৰিব। প্ৰতাৰকবোৰে এই তথ্য ব্যৱহাৰ কৰি নতুন পৰিচয় সৃষ্টি কৰিব পাৰে অথবা আপোনাৰ পাছৱৰ্ডৰ ক’ড বিচাৰি উলিয়াব পাৰে।

3. এইবোৰ পদক্ষেপ গ্ৰহণ কৰি আপোনাৰ একাউণ্ট আৰু ডিভাইচসমূহ সুৰক্ষিত কৰক

  • শক্তিশালী পাছৱৰ্ড ব্যৱহাৰ কৰক: প্ৰতিটো একাউণ্টৰ বাবে আখৰ, সংখ্যা আৰু চিহ্নসমূহৰ এক অনন্য সংমিশ্ৰণ ব্যৱহাৰ কৰক।
  • বহু-কাৰক প্ৰমাণীকৰণ (MFA) ব্যৱহাৰ কৰক: অত্যাৱশ্যকীয় অতিৰিক্ত সুৰক্ষা তৰপৰ বাবে যেতিয়াই সম্ভৱ তেতিয়াই MFA সক্ৰিয় কৰক।
  • অটোমেটিক আপডেট সক্ৰিয় কৰক: জ্ঞাত সুৰক্ষা দুৰ্বলতাসমূহ প্ৰতিৰোধ কৰিবলৈ অপাৰেটিং ছিষ্টেম আৰু এপবোৰ আপডেট কৰি ৰাখক।
  • নিয়মিতভাৱে বেকআপ লওক: মাহিলি ভিত্তিত এটা বাহ্যিক ড্ৰাইভ অথবা বিশ্বাসী ক্লাউড সেৱাত গুৰুত্বপূৰ্ণ ফাইলসমূহৰ বেকআপ লওক।
  • এণ্টিভাইৰাছ/মেলৱেৰ সুৰক্ষা: নিয়মিতভাৱে এটা কাৰ্যকৰী মেলৱেৰ/এণ্টিভাইৰাছ পৰীক্ষা সম্পন্ন কৰক।

যদি আপুনি সন্দেহ কৰে যে আপোনাৰ তথ্য কোনোবাই চুৰি কৰিছে তেন্তে তৎক্ষণাত জালিয়াতিৰ বিষয়ে ৰিপ’ৰ্ট কৰক।

4. পৰৱৰ্তী প্ৰজন্মক সবলীকৰণ কৰক

শিশুসকলক অনলাইন সুৰক্ষাৰ বিষয়ে শিক্ষা দিয়াটো অত্যাৱশ্যকীয় হয়। তলত দিয়াসমূহৰ বিষয়ে আলোচনা কৰাৰ এক অভ্যাস গঢ়ি তোলক:

  • গোপনীয়তা: তেওঁলোকে কিয় ব্যক্তিগত তথ্য শ্বেয়াৰ কৰিব নালাগে অথবা চাটত কোনো অচিনাকি ব্যক্তিৰ সৈতে কথা পাতিব নালাগে।
  • অভিভাৱকৰ নিয়ন্ত্ৰণসমূহ: অনুপযুক্ত ছাইটসমূহ ব্লক কৰিবলৈ টুল ব্যৱহাৰ কৰক আৰু ম’বাইল তথা লেপটপ ব্যৱহাৰ কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰক।
  • মুক্তভাৱে আলোচনা কৰিবলৈ উৎসাহ দিয়ক: যদি অনলাইনত কোনো কথা “অস্বাভাৱিক” যেন লাগে তেন্তে তেওঁলোকক সেই বিষয়ে তৎক্ষণাত আপোনাক জনাবলৈ উৎসাহিত কৰক।
  • নিয়ন্ত্ৰণ কৰাৰ সলনি সবলীকৰণ কৰক: কেৱল শিশুসকলৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ সলনি তেওঁলোকক ডিজিটেল জগতখন বুজিবলৈ সহায় কৰক।
  • পৰিয়ালৰ ক’ড ৱৰ্ড: বৰ্তমানে প্ৰৱঞ্চকবোৰে AIৰ সহায় লৈ মিছাক সঁচা যেন দেখুৱায়, সেয়ে এই সময়ত AI ব্যৱহাৰ কৰা প্ৰতাৰকবোৰৰ দ্বাৰা আৱেগিক তথা আৰ্থিকভাৱে প্ৰৱঞ্চিত হোৱাৰ পৰা হাত সাৰিবলৈ পৰিয়ালত এটা সাধাৰণ ক’ড ৱৰ্ড থকাটো গুৰুত্বপূৰ্ণ হয়।

কেনেকৈ অভিযোগ জনাব

যদি আপুনি ভাবে যে আপুনি কোনো প্ৰৱঞ্চনাৰ বলি হৈছে তেন্তে তৎক্ষণাৎ ইয়াৰ বিষয়ে অভিযোগ কৰক:

PhonePeত অভিযোগ কৰা:

  • PhonePe এপ: সহায় শাখালৈ গৈ অভিযোগ কৰক।
  • PhonePe গ্ৰাহক সেৱা: 80-68727374 / 022-68727374 নম্বৰত কল কৰক।
  • ছ’চিয়েল মিডিয়াত অভিযোগ কৰা::
  • অভিযোগ নিষ্পত্তি:  PhonePe অভিযোগ প’ৰ্টেলত অভিযোগ পঞ্জীয়ন কৰক।

সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত অভিযোগ কৰক:

  • চাইবাৰ ক্ৰাইম চেল:  চাইবাৰ ক্ৰাইম প’র্টেলত অনলাইনযোগে অভিযোগ কৰক অথবা 1930 নম্বৰত কল কৰক।
  • দূৰসংযোগ বিভাগ (DOT):  সঞ্চাৰ সাথী প’র্টেলচক্ষু সুবিধাৰ জৰিয়তে সন্দেহজনক মেছেজ, কল অথবা হোৱাটছএপ/টেলিগ্ৰামত হোৱা প্ৰৱঞ্চনাৰ বিষয়ে অভিযোগ কৰক।

সুৰক্ষাৰ সংস্কৃতি গঢ়ি তোলা

ডিজিটেল সুৰক্ষা এক যৌথ দায়িত্ব হয়। তৎপৰ হৈ, MFAৰ দৰে প্ৰযুক্তিৰ সুবিধা ব্যৱহাৰ কৰি তথা এক সুস্থ সন্দেহ কৰা মনোভাৱ গঢ়ি তোলাৰ জৰিয়তে, আপুনি নিজৰ প্ৰিয়জনসকলক সুৰক্ষিত কৰিব পাৰে আৰু সকলোৰে বাবে অধিক সুৰক্ষিত এক ডিজিটেল পৰিৱেশতন্ত্ৰ নিৰ্মাণ কৰাৰ প্ৰতি অৰিহণা যোগাব পাৰে।

মনত ৰাখিবলগীয়া গুৰুত্বপূৰ্ণ কথা — PhonePeই কেতিয়াও গোপনীয় অথবা ব্যক্তিগত বিৱৰণ জানিবলৈ নিবিচাৰে। PhonePeৰ পৰা প্ৰেৰণ কৰা বুলি দাবী কৰা সকলোবোৰ মেইল আওকাণ কৰক যদিহে সেইবোৰ phonepe.com ডমেইনৰ পৰা অহা নাই। যদি আপুনি প্ৰৱঞ্চনা হোৱা বুলি সন্দেহ কৰে, তেন্তে অনুগ্ৰহ কৰি তৎক্ষণাত সম্পৰ্কিত কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰক।

Keep Reading