
Trust & Safety
গিফ্ট কাৰ্ড স্কেম: নিজৰ তথ্য কেতিয়া শ্বেয়াৰ কৰিব জানক
PhonePe Regional|3 min read|20 May, 2025
যদি কোনো পেমেণ্ট কৰিব লগা হয়, তেন্তে আপুনি কেনেকৈ আগবাঢ়িব? সাধাৰণতে হয়টো UPIৰ জৰিয়তে বা বেংক ট্ৰেন্সফাৰ কৰি পৰিশোধ কৰিবলৈ বাছি লʼব। যদি আপোনাক ফোনত কোৱা হয় যে আপুনি এটা পেমেণ্ট কৰিব লাগিব আৰু পেমেণ্ট গিফ্ট কাৰ্ডৰ জৰিয়তে কৰিব লাগিব, তেন্তে আপুনি কি কৰিব?
অৱলোকন:
বৰ্তমান গিফ্ট কাৰ্ড বা অধিক স্পষ্টকৈ ই-গিফ্ট কাৰ্ড এক জনপ্ৰিয় উপহাৰৰ বিকল্প হৈ পৰিছে যিবোৰ জন্মদিন, বিবাহ আৰু অন্যান্য উপলক্ষত তৎক্ষণাতে দিব পৰা উপহাৰ হিচাপে পছন্দ কৰা হয়। যিহেতু গিফ্ট কাৰ্ডবোৰ বেনামী, ট্ৰেচ কৰিব নোৱাৰি আৰু স্থায়ীভাৱে ব্যক্তিৰ সৈতে সম্পৰ্কিত নহয়, সেইবাবে দুৰ্ভাগ্যজনকভাৱে স্কেমাৰসকলে নিৰীহ লোকসকলক টকা কাঢ়ি লʼবলৈ প্ৰলোভন হিচাপে ইয়াৰ ব্যৱহাৰ কৰিব ধৰিছে।
গিফ্ট কাৰ্ডৰ সৈতে জড়িত কেলেংকাৰী ক্ৰমান্বয়ে বাঢ়ি আহিছে আৰু সেয়েহে এই কেলেংকাৰী কেনেকৈ হয় বুজাটো গুৰুত্বপূৰ্ণ যাতে, আপুনি আপোনাৰ টকা আৰু আপোনাৰ ব্যক্তিগত তথ্য সুৰক্ষিত কৰিব পাৰে।
গিফ্ট কাৰ্ড সম্পৰ্কিত প্ৰৱঞ্চনা – কি হয়, কেনেদৰে হয় আৰু কেনেকৈ সুৰক্ষিত হʼব, চালি-জাৰি চাওঁ আহক।
গিফ্ট কাৰ্ড স্কেম কি?
গিফ্ট কাৰ্ড স্কেমত, স্কেমষ্টাৰে সম্ভাৱ্য ভুক্তভোগীৰ কাষ চাপে আৰু চলনাৰে তেওঁলোকক গিফ্ট কাৰ্ড কিনিবলৈ ৰাজি কৰে। গিফ্ট কাৰ্ড কিনাৰ পিছতে স্কেমাৰে গিফ্ট কাৰ্ডৰ সৈতে জড়িত গিফ্ট কাৰ্ডৰ নম্বৰ, কʼড, পিন ইত্যাদি লাভ কৰিবলৈ প্ৰতাৰণা আৰু ভুৱা টালিবাজি ব্যৱহাৰ কৰে। স্কেমাৰে প্ৰয়োজনীয় সকলো তথ্য লোৱাৰ পিছত, মুহূৰ্ততে সেই টকা ৰিডীম কৰে আৰু ভুক্তভোগীৰ ওচৰত নিজৰ টকা পুনৰুদ্ধাৰ কৰিবলৈ সুবিধা একেবাৰে কম বা নোহোৱা হৈ পৰে।
গিফ্ট কাৰ্ড স্কেম কেনেদৰে কৰা হয়?
গিফ্ট কাৰ্ড স্কেমত সাধাৰণতে এটা পেটাৰ্ণ অনুসৰণ কৰা হয়, ইয়াত প্ৰৱঞ্চকে কিদৰে এই কামত আগবাঢ়ে সেয়া দিয়া হৈছে।
1. স্কেমাৰে আপুনি বিশ্বাস কৰা কোনো ব্যক্তিৰ ভাও ধৰে
এই স্কেম ফোন কল, ইমেইল, মেছেজ আনকি ছ’চিয়েল মিডিয়াত কৰা মেছেজ, DMৰে আৰম্ভ হয়। স্কেমাৰে এনে ভাও ল’ব পাৰে:
- আপোনাৰ মেনেজাৰ বা সহকৰ্মী
- বিপদত পৰা পৰিয়ালৰ কোনো সদস্য
- চৰকাৰী এজেন্সী
- টেক চাপʼৰ্ট এজেণ্ট
- চাকৰি আগবঢ়োৱা নিয়োগকৰ্তা
2. তেওঁলোকে জৰুৰী অৱস্থাৰ সৃষ্টি কৰে
স্কেমাৰে আপুনি সোনকালে পদক্ষেপ লʼবলৈ ভয় বা মানসিক চাপ সৃষ্টি কৰাৰ কৌশল ব্যৱহাৰ কৰে। সাধাৰণতে ঠগিবলৈ ব্যৱহাৰ কৰা কাহিনীবোৰ এনেধৰণৰ হয়:
- “মই এখন মীটিঙত আছো আৰু এই গিফ্ট কাৰ্ডবোৰ এতিয়াই দৰকাৰ হৈছে।”
- “আপুনি এতিয়াই এক্সন নলʼলে আপোনাৰ একাউণ্ট চাচপেণ্ড কৰা হʼব।”
- “এটা আইনী সমস্যা হৈছে আৰু আপুনি গিফ্ট কাৰ্ড ব্যৱহাৰ কৰি পৰিশোধ কৰিব লাগিব।”
- “আপোনাৰ অনব’ৰ্ডিং/জব কিট সম্পূৰ্ণ কৰিবলৈ আমাক গিফ্ট কাৰ্ডৰ দৰকাৰ।”
3. তেওঁলোকে আপোনাক গিফ্ট কাৰ্ড কিনিবলৈ কয়
আপোনাক নিৰ্দিষ্ট গিফ্ট কাৰ্ড (PhonePeEGC, QWIKCILVERGC, Amazon, Apple, Google Play আদি) কিনিবলৈ নিৰ্দেশ দিয়া হয় আৰু কিছুমান ক্ষেত্ৰত বেছি মূল্যৰ একাধিক কাৰ্ড কিনিবলৈ নিৰ্দেশ দিয়ে।
4. তেওঁলোকে গিফ্ট কাৰ্ডৰ বিৱৰণ বিচাৰে
আপুনি কাৰ্ডবোৰ কিনাৰ কৰাৰ পিছত, তেওঁলোকে এইবোৰ বিচাৰে:
- 16টা ডিজিটৰ গিফ্ট কাৰ্ড নম্বৰ
- গিফ্ট কাৰ্ডৰ পিন
- কাৰ্ড বা ৰচিদৰ বিৱৰণ
5. তেওঁলোকে তৎক্ষণাৎ গিফ্ট কাৰ্ডবোৰ ব্যৱহাৰ কৰে
স্কেমাৰে লগে লগে ব্যক্তিগত ব্যৱহাৰত টকা ৰিডীম কৰে নাইবা ৰেহাই মূল্যত অনলাইনত কাৰ্ডসমূহ বিক্ৰী কৰে। এনে কৰাৰ পিছত কোনো চিন-চাব নোহোৱাকৈ অদৃশ্য হৈ পৰে
সাধাৰণ সতৰ্ক সংকেত:
- গিফ্ট কাৰ্ডৰ জৰিয়তে পেমেণ্ট কৰিবলৈ সন্দেহজনক অনুৰোধ
- মেছেজটো জৰুৰী, আৱেগিক বা গোপনীয় যেন লাগে
- আপোনাক যদি সেই বিষয়টো গোপন কৰি ৰাখিবলৈ কোৱা হয়
- যদি যোগাযোগ আনুষ্ঠানিক মাধ্যমৰ পৰিৱৰ্তে ব্যক্তিগত ইমেইল বা চেটৰ যোগেৰে কৰা হয়
- ব্যাকৰণ, বানান বা লিখনিৰ সুৰ সঠিক যেন নালাগে
নিজকে কেনেকৈ ৰক্ষা কৰিব?
- আপুনি চিনি নোপোৱা বা বিশ্বাস নকৰা ব্যক্তিৰ সৈতে কেতিয়াও গিফ্ট কাৰ্ড কʼড শ্বেয়াৰ নকৰিব
- গিফ্ট কাৰ্ডৰ অনুৰোধ সত্যাপন কৰক, বিশেষকৈ যদি সচৰাচৰ নহয় যেন ভাৱ হয়
- সহকৰ্মী বা পৰিয়ালৰ লোকৰ জৰুৰী বা অস্বাভাৱিক অনুৰোধৰ বিষয়ে সন্দিহান হওক
- কেৱল অফিচিয়েল উৎসৰ পৰা গিফ্ট কাৰ্ড কিনক আৰু ব্যক্তিগত কাৰণত ব্যৱহাৰ কৰক
- লগৰ সমনীয়া, পৰিয়াল আৰু সহকৰ্মীসকলক এই বিষয়ে জনাওক – স্কেমাৰে প্ৰায়ে বয়স্ক নাইবা কম টেকনিকেল জ্ঞান থকাসকলক টাৰ্গেট কৰে
আপুনি গিফ্ট কাৰ্ড স্কেমৰ ভুক্তভোগী হ’লে কেনেদৰে ৰিপʼৰ্ট কৰিব
যদি আপোনাক কোনো প্ৰৱঞ্চকে PhonePe-ৰ জৰিয়তে ঠগিছে, তেন্তে আপুনি লগে লগে তলত দিয়া ধৰণে সমস্যাটো উত্থাপন কৰিব পাৰে:
- PhonePe এপ: সহায় শাখালৈ যাওক আৰু “লেনদেনৰ ক্ষেত্ৰত সমস্যা হৈছে” বিকল্পৰ অধীনত সমস্যাটোৰ বিষয়ে জনাওক।
- PhonePe গ্ৰাহক সেৱা নম্বৰ: আপুনি সমস্যাৰ বিষয়ে জনাবলৈ 80–68727374 / 022–68727374ত PhonePe গ্ৰাহক সেৱাক কল কৰিব পাৰে, যাৰ পাছত গ্ৰাহক সেৱা বিষয়াই এটা টিকট সৃষ্টি কৰিব আৰু আপোনাৰ সমস্যাটোৰ ক্ষেত্ৰত সহায় কৰিব।
- ৱেবফৰ্ম দাখিল: আপুনি Phonepe ৱেবফৰ্মটো টিকট সৃষ্টি কৰিব পাৰে: https://support.phonepe.com/
- ছ’চিয়েল মিডিয়া: আপুনি PhonePe-ৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে প্ৰৱঞ্চনামূলক ঘটনা ৰিপʼৰ্ট কৰিব পাৰে।
- Twitter — https://twitter.com/PhonePeSupport
- Facebook — https://www.facebook.com/OfficialPhonePe
- অভিযোগ: ইতিমধ্যে মজুত থকা অভিযোগ ৰিপʼৰ্ট কৰিবলৈ আপুনি ইয়াত লʼগইন কৰিব পাৰে: https://grievance.phonepe.com/ আৰু আগতে সৃষ্টি কৰা টিকট ID শ্বেয়াৰ কৰিব পাৰে।
- চাইবাৰ চেল: অৱশেষত, আপুনি নিকটৱৰ্তী চাইবাৰ ক্ৰাইম চেলত প্ৰৱঞ্চনাৰ ৰিপʼৰ্ট কৰিব পাৰে বা https://www.cybercrime.gov.in/ত অনলাইনযোগে অভিযোগ ৰেজিষ্টাৰ কৰিব পাৰে বা 1930 নম্বৰত চাইবাৰ ক্ৰাইম চেল হেল্পলাইনত যোগাযোগ কৰিব পাৰে।
গুৰুত্বপূৰ্ণ ৰিমাইণ্ডাৰ — PhonePeএ কেতিয়াও গোপনীয় বা ব্যক্তিগত বিৱৰণ নিবিচাৰে। phonepe.com ডʼমেইনৰ পৰা নহʼলে PhonePe বুলি দাবী কৰা সকলো মেইল উপেক্ষা কৰক। যদি আপুনি জালিয়াতিৰ সন্দেহ কৰিছে, অনুগ্ৰহ কৰি লগে লগে কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰক।