PhonePe Blogs Main Featured Image

Trust & Safety

APK প্ৰৱঞ্চনাৰ ফলস্বৰূপে ভুৱা এপ ডাউনল’ড কৰাৰ পৰা কেনেকৈ সুৰক্ষিত থাকিব

PhonePe Regional|3 min read|17 December, 2025

URL copied to clipboard

বৰ্তমান সময়ত স্মাৰ্টফোনত আমি নিৰ্ভৰ কৰা সকলোবোৰ বস্তুৱেই থাকে – পেমেণ্ট, বেংকিং এপ, পৰিচয়ৰ নথিপত্ৰ, কামৰ টুলসমূহ আৰু ব্যক্তিগত কথোপকথন। এটা ডিভাইচৰ ওপৰত ইমান পৰিমাণে নিৰ্ভৰশীল হোৱাৰ ফলত, চাইবাৰ অপৰাধীবোৰে ভুৱা এপ আৰু ক্ষতিকাৰক APK ফাইলৰ অপব্যৱহাৰ কৰাৰ ওপৰত অত্যধিক গুৰুত্ব দিয়াটো কোনো আচৰিত কথা নহয়।

এইবোৰ প্ৰৱঞ্চনাৰ আৰম্ভণি প্ৰায়েই খুবেই সৰু-সুৰা কথাৰে হয়: WhatsApp অথবা টেলিগ্ৰামত অহা এটা লিংক, পৰিশোধ নকৰা ট্ৰেফিক চালান থকা বুলি দাবী কৰা এটা SMS অথবা OTT ছাবস্ক্ৰিপচনৰ দৰে এটা প্ৰিমিয়াম সেৱালৈ “বিনামূলীয়া আপগ্ৰেড”ৰ অফাৰ পঠিওৱা মেছেজ। আপুনি ইয়াত এবাৰ টিপিলেই আপোনাৰ ফ’নৰ নিয়ন্ত্ৰণ এনে কাৰোবাৰ হাতত তুলি দিব পাৰে যাক আপুনি চিনিয়েই নাপায়।

APK ডাউনল’ড কিয় বিপদজনক হয়?

এটা APKই (এণ্ড্ৰইড পেকেজ ফাইল) আপোনাক Indus Appstore, Google Play Store আৰু Apple App Storeৰ দৰে বৈধ এপষ্টোৰৰ বাহিৰৰ পৰা এপ ইনষ্টল কৰাৰ সুবিধা প্ৰদান কৰে। যদিও কেতিয়াবা কেতিয়াবা যুক্তিসঙ্গত কাৰণত এনে ধৰণৰ ফাইল ব্যৱহাৰ কৰা হয়, তথাপি এইবোৰ ফাইলে অধিকৃত এপ ষ্টোৰৰ এপসমূহত প্ৰযোজ্য সুৰক্ষা পৰীক্ষাসমূহক পৰিহাৰ কৰে।

এই প্ৰৱঞ্চনা কেনেদৰে সংঘটিত হয়

প্ৰৱঞ্চকবোৰে সাধাৰণতে এটা নিৰ্দিষ্ট ঘটনাক্ৰম অনুসৰণ কৰে:

  • প্ৰৱঞ্চকবোৰে পুৰস্কাৰ, ঋণ পোৱা অথবা জৰিমনা ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতিৰে লোভ দেখুৱাই ভুক্তভোগীলৈ এটা SMS পঠিয়ায় অথবা এটা লিংক ফৰৱাৰ্ড কৰে
  • এইটো লিংকে অধিকৃত এপ ষ্টোৰৰ পৰা ইনষ্টল কৰাৰ সলনি পোনপটীয়াকৈ এটা ভুৱা এপৰ APK ডাউনল’ড কৰাৰ বাবে আগবঢ়াই নিয়ে
  • এটা প্ৰমপ্টে অত্যধিক অনুমতি বিচাৰে (SMS, কনটেক্ট, এক্সেছিবিলিটি, নোটিফিকেচন আদি)
  • ভুৱা এপটোৱে হয়তো দৃশ্যমানভাৱে একোৱেই নকৰে অথবা ক্ৰেশ্ব হৈ যায় – কিন্তু মেলৱেৰটো গোপনে চলি থাকে
  • পৰ্দাৰ আঁৰত: এইটো মেলৱেৰে OTP গ্ৰহণ, স্ক্ৰীণ-অভাৰলে আক্ৰমণ, বেংকিং এক্সেছ, এলাৰ্ট ডিলিট কৰা আদি বিভিন্ন কাম সম্পন্ন কৰে

ব্যৱহাৰকাৰীয়ে কেৱল অনধিকৃত লেনদেন সম্পন্ন হোৱা অথবা একাউণ্টৰ পৰা ধন হেৰুওৱাৰ পাছতহে আচল কথাটো বুজি পায়।

এইটো কিমান ডাঙৰ বিপদ?

2024 চনত, ভাৰতত প্ৰায় 36 লাখ চাইবাৰ প্ৰৱঞ্চনাৰ অভিযোগ দাখিল কৰা হৈছিল যাৰ আনুমানিক ক্ষতি আছিল ₹22,845 কোটি। অভিযোগ কৰা চাইবাৰ সুৰক্ষাৰ ঘটনাৰ সংখ্যা 2022 চনৰ প্ৰায় 10.29 লাখৰ পৰা দুগুণ হৈ 2024 চনত প্ৰায় 22.68 লাখ হৈছেহি।* 

কোন বিপদত পৰিব পাৰে?

যদিও যিকোনো লোকেই এই প্ৰৱঞ্চনাৰ বলি হ’ব পাৰে, তথাপি তলত দিয়াসকল এই প্ৰৱঞ্চনাৰ ভুক্তভোগী হোৱাৰ সম্ভাৱনা অধিক হয়:

  • এনে পেছাদাৰীসকল যি একাধিক এপ ব্যৱহাৰ কৰে আৰু সঘনাই লেনদেন কৰে
  • বৃদ্ধ অথবা প্ৰযুক্তিত অনভ্যস্ত ব্যৱহাৰকাৰীসকল যি অফিচিয়েল যেন লগা যিকোনো মেছেজকে বিশ্বাস কৰিব পাৰে
  • যুৱ ব্যৱহাৰকাৰীসকল যি উৎস পৰীক্ষা নকৰাকৈ “বিনামূলীয়া” এপ অথবা গেমৰ আপগ্ৰেড ল’বলৈ চেষ্টা কৰে

এইবোৰ সংকেত দেখা পালে সাৱধান হ’ব

  • Indus Appstoreৰ দৰে অধিকৃত এপ ষ্টোৰৰ সলনি SMS অথবা WhatsApp অথবা কোনো তৃতীয় পক্ষৰ এপৰ জৰিয়তে প্ৰেৰণ কৰা এটা ডাউনল’ড লিংক
  • এপটোৱে এনেধৰণৰ অনুমতি বিচাৰে যিবোৰ ইয়াৰ উদ্দেশ্যৰ সৈতে খাপ নাখায় (যেনে, এটা ফ্লেশ্বলাইট এপ যি SMS এপ এক্সেছ কৰাৰ অনুমতি বিচাৰে)
  • ডেভেলপাৰৰ নাম যাৰ বানান ভুল হয়, নতুন অথবা সন্দেহজনক যেন লাগে
  • অফাৰ অথবা মেছেজবোৰ খুবেই বেছি লোভনীয় হয় (“বিনামূলীয়া প্ৰিমিয়াম”, “তাৎক্ষণিক ঋণ অনুমোদন”, বিবাহৰ আমন্ত্ৰণ আদি)
  • এপটোত ডাউনল’ডৰ সংখ্যা ন্যূনতম হয়, জেনেৰিক ব্ৰেণ্ডিং অথবা ব্যৱহাৰকাৰীৰ বেয়া ৰিভিউ থাকে

নিজকে কেনেকৈ ৰক্ষা কৰিব

  • কেৱল অফিচিয়েল ষ্টোৰসমূহ (Indus Appstore/ Google Play/ Apple App Store)ৰ পৰাহে এপ ইনষ্টল কৰিব
  • “Install Unknown Apps/অজ্ঞাত এপ ইনষ্টল কৰক” বিকল্পটো নিষ্ক্ৰিয় কৰি ৰাখক যদিহে আপুনি ভালদৰে নাজানে যে আপুনি কি ডাউনল’ড কৰি আছে
  • চালান, ৰিফাণ্ড, পুৰস্কাৰ অথবা ঋণ বিষয়ক অপ্ৰত্যাশিতভাৱে পোৱা লিংক/ ফাইলত টেপ কৰাৰ পৰা বিৰত থাকক
  • এপসমূহ সক্ৰিয় কৰাৰ আগতে ইয়াৰ দ্বাৰা অনুৰোধ কৰা অনুমতিসমূহ পৰ্যালোচনা কৰক
  • ক্ষতিকাৰক যেন লগা আচৰণ স্কেন কৰিবলৈ এটা বিশ্বাসযোগ্য ম’বাইল সুৰক্ষা টুল ব্যৱহাৰ কৰক

যদি আপুনি এটা ভুৱা এপ ইনষ্টল কৰিলে তেন্তে কি কৰিব

  • এপটো তৎক্ষণাত আনইনষ্টল কৰক
  • ম’বাইল ডেটা আৰু ৱাই-ফাই সাময়িকভাৱে বন্ধ কৰি ৰাখক
  • বেংকিং, ইমেইল আৰু পেমেণ্ট এপসমূহৰ পাছৱৰ্ড সলনি কৰক
  • নিৰীক্ষণ সক্ৰিয় কৰিবলৈ অথবা কাৰ্যকলাপ ফ্ৰীজ কৰিবলৈ আপোনাৰ বেংক/পেমেণ্ট সেৱা প্ৰদানকাৰীৰ সৈতে যোগাযোগ কৰক

কেনেকৈ অভিযোগ জনাব

যদি আপুনি ভাবে যে আপুনি কোনো প্ৰৱঞ্চনাৰ বলি হৈছে তেন্তে তৎক্ষণাৎ ইয়াৰ বিষয়ে অভিযোগ কৰক:

PhonePeত অভিযোগ কৰা

  • PhonePe এপ: সহায় শাখালৈ গৈ অভিযোগ কৰক।
  • PhonePe গ্ৰাহক সেৱা: 80-68727374 / 022-68727374 নম্বৰত কল কৰক।
  • ছ’চিয়েল মিডিয়াত অভিযোগ কৰা:
  • অভিযোগ নিষ্পত্তি:  PhonePe অভিযোগ প’ৰ্টেলত অভিযোগ পঞ্জীয়ন কৰক।

সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত অভিযোগ কৰক:

  • চাইবাৰ ক্ৰাইম চেল:  চাইবাৰ ক্ৰাইম প’র্টেলত অনলাইনযোগে অভিযোগ কৰক অথবা 1930 নম্বৰত কল কৰক।
  • দূৰসংযোগ বিভাগ (DOT):  সঞ্চাৰ সাথী প’র্টেলচক্ষু সুবিধাৰ জৰিয়তে সন্দেহজনক মেছেজ, কল অথবা হোৱাটছএপ/টেলিগ্ৰামত হোৱা প্ৰৱঞ্চনাৰ বিষয়ে অভিযোগ কৰক।

সামৰণি

সাৱধানতাৰে ব্যৱহাৰ কৰিলে ডিজিটেল পেমেণ্ট আৰু এপসমূহ সুৰক্ষিত হয়। বেছিভাগ APK/ভুৱা এপ-আধাৰিত জালিয়াতি সংঘটিত হোৱাৰ কাৰণ হৈছে আমি ভয় অথবা উত্তেজনাবশতঃ সঠিকভাৱে সত্যাপন নকৰাকৈয়ে খৰখেদাকৈ কাম কৰা স্বভাৱ। গুৰুতৰ বিত্তীয় লোকচানৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ এপটোৰ উৎস, ডেভেলপাৰৰ ইমেইল, অনুৰোধ কৰা অনুমতিসমূহ আৰু যিকোনো লিংকৰ সত্যতা পৰীক্ষা কৰিবলৈ অলপ সময় ল’ব লাগিব। এটা গুৰুত্বপূৰ্ণ প্ৰতিৰোধমূলক ব্যৱস্থা হ’ল অজ্ঞাত লিংকসমূহত ক্লিক কৰাটো সম্পূৰ্ণৰূপে পৰিহাৰ কৰা।

সতৰ্ক হৈ থাকক। অপ্ৰত্যাশিত লিংকবোৰক সন্দেহ কৰক। দায়িত্বশীলভাৱে ডাউনল’ড কৰক।

মনত ৰাখিবলগীয়া গুৰুত্বপূৰ্ণ কথা — PhonePeই কেতিয়াও গোপনীয় অথবা ব্যক্তিগত বিৱৰণ জানিবলৈ নিবিচাৰে। PhonePeৰ পৰা প্ৰেৰণ কৰা বুলি দাবী কৰা সকলোবোৰ মেইল আওকাণ কৰক যদিহে সেইবোৰ phonepe.com ডমেইনৰ পৰা অহা নাই। যদি আপুনি প্ৰৱঞ্চনা হোৱা বুলি সন্দেহ কৰে, তেন্তে অনুগ্ৰহ কৰি তৎক্ষণাত সম্পৰ্কিত কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰক।


*উৎস: প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো, দা নিউ ইণ্ডিয়ান এক্সপ্ৰেছ

Keep Reading