
Trust & Safety
কৰ জালিয়াতিৰ পৰা কেনেকৈ সুৰক্ষিত থাকিব
PhonePe Regional|3 min read|07 August, 2025
আইটিআৰ ফাইলিঙৰ বতৰ আহিল! আৰু ইয়াৰ লগত কেৱল কাগজ-পত্ৰৰ কামেই নহয়, বৰং কৰ জালিয়াতিৰ বলি হোৱাৰ বিপদো আহে।
কল্পনা কৰকচোন: আপোনাৰ ফোনত এটা SMS আহিল য’ত লিখা আছে “জৰুৰী। আপোনাৰ ₹25,000ৰ কৰ ৰিফাণ্ড সাজু! 1 ঘণ্টাৰ ভিতৰত ইয়াৰ ম্যাদ শেষ হোৱাৰ আগতে ক্লেইম কৰিবলৈ ইয়াত ক্লিক কৰক।” ইমান বেছি ৰিফাণ্ড পোৱাৰ ধাৰণাৰ লগতে জৰুৰী মেছেজে আপোনাক এনে এটা লিংকত ক্লিক কৰিবলৈ প্ৰলোভিত কৰিব পাৰে, যিটো প্ৰায় নিশ্চিতভাৱে এটা ফিশ্বিং প্ৰচেষ্টা হয়, যাৰ ফলত পৰিচয় চুৰি অথবা বিত্তীয় লোকচান হ’ব পাৰে।
চাইবাৰ অপৰাধীবোৰে বিভ্ৰান্তি, আসন্ন সময়সীমা আৰু কৰ ৰিফাণ্ড পোৱাৰ উত্তেজনাৰ সুযোগ লৈ এজন ব্যক্তিক ব্যক্তিগত তথ্য প্ৰকাশ কৰিবলৈ, ক্ষতিকাৰক লিংক ক্লিক কৰিবলৈ অথবা ভুৱা মাচুল পৰিশোধ কৰিবলৈ প্ৰতাৰণা কৰে। এনে ধৰণৰ জালিয়াতি আৰু ইয়াৰ পৰা কেনেকৈ সুৰক্ষিত থাকিব পাৰি সেয়া বুজিবলৈ এইটো পঢ়ক।
কৰ জালিয়াতি কি?
কৰ জালিয়াতিত, অপৰাধীবোৰে আপোনাৰ ব্যক্তিগত তথ্য, ধন অথবা কৰ ৰিফাণ্ড চুৰি কৰিবলৈ কৰ পেছাদাৰী, চৰকাৰী সংস্থা অথবা ৰিফাণ্ড সেৱাৰ দৰে বিশ্বাসযোগ্য সংস্থা/ব্যক্তিৰ ছদ্মবেশ ধাৰণ কৰে।
কৰ জালিয়াতিয়ে কেনেকৈ কাম কৰে?
প্ৰৱঞ্চকবোৰে ভয় দেখুওৱা, খৰধৰ কৰা অথবা লোভনীয় অফাৰৰ ওপৰত নিৰ্ভৰ কৰি আপোনাক সংবেদনশীল তথ্য অথবা ধন দিবলৈ প্ৰৰোচিত কৰে। তলত এটা সাধাৰণ জালিয়াতিৰ পৰিস্থিতি বৰ্ণনা কৰা হ’ল:
- ছদ্মৱেশ ধাৰণ কৰা: প্ৰৱঞ্চকবোৰে আয়কৰ বিভাগ, কৰ পৰামৰ্শদাতা অথবা ৰিফাণ্ড এজেন্সীৰ প্ৰতিনিধিৰ ছদ্মবেশ ধৰি আপোনাৰ সৈতে যোগাযোগ কৰে।
- একাধিক মাধ্যম: প্ৰৱঞ্চকবোৰে ফোন কলৰ জৰিয়তে (প্ৰায়েই নকল কলাৰ আইডি ব্যৱহাৰ কৰে), চৰকাৰী যেন লগা ভুৱা ডমেইন ব্যৱহাৰ কৰি ইমেইল, SMS অথবা হোৱাটছএপ মেছেজৰ জৰিয়তে জৰুৰী কৰ সমস্যা অথবা ৰিফাণ্ড ক্লেইম কৰাৰ বাবে যোগাযোগ কৰে।
- জৰুৰীকালীন পৰিস্থিতি সৃষ্টি কৰা: প্ৰৱঞ্চকবোৰে আপোনাক আতংকিত কৰি তোলে অথবা মেছেজৰ পাছত মেছেজ পঠিয়াই থাকে:
- “আপোনাৰ কৰ বকেয়া আছে আৰু গ্ৰেপ্তাৰ হোৱাৰ পৰা হাত সাৰিবলৈ তৎক্ষণাত ধন পৰিশোধ কৰিব লাগিব।”
- “ম্যাদ শেষ হোৱাৰ আগতেই আপোনাৰ কৰ ৰিফাণ্ড ক্লেইম কৰক।”
- “আপোনাৰ PAN/আধাৰৰ ওপৰত তদন্ত চলি আছে।”
- “আপোনাৰ ITRত ত্ৰুটি আছে; তৎক্ষণাত আপোনাৰ বিৱৰণ সত্যাপন কৰক।”
- “আপোনাৰ কৰ বকেয়া আছে আৰু গ্ৰেপ্তাৰ হোৱাৰ পৰা হাত সাৰিবলৈ তৎক্ষণাত ধন পৰিশোধ কৰিব লাগিব।”
- ব্যক্তিগত তথ্য বিচৰা: আপুনি ইয়াৰ সৈতে জড়িত হোৱাৰ পাছত, সিহঁতে স্পষ্টভাৱে “সত্যাপন”ৰ বাবে PAN, আধাৰ, জন্ম তাৰিখ, বেংক একাউণ্ট নম্বৰ, UPI আইডি, কাৰ্ডৰ বিৱৰণ অথবা OTPৰ দৰে ব্যক্তিগত তথ্য বিচাৰে। সিহঁতে UPI, গিফ্ট কাৰ্ড অথবা ৱালেটৰ জৰিয়তেও তাৎক্ষণিকভাৱে ধন পৰিশোধ কৰাৰ দাবী কৰিব পাৰে।
- পৰিণতি: যদি আপুনি প্ৰৱঞ্চকবোৰে দিয়া সকলো নিৰ্দেশ অনুসৰণ কৰে, তেন্তে আপুনি ধন হেৰুৱাব পাৰে, আপোনাৰ পৰিচয় চুৰি হ’ব পাৰে আৰু পাছত প্ৰৱঞ্চকে আপোনাৰ সৈতে যোগাযোগ নকৰিবও পাৰে।
কৰ জালিয়াতিৰ সাধাৰণ লক্ষণ
- কৰ কৰ্তৃপক্ষৰ পৰা অহা বুলি দাবী কৰা অপ্ৰত্যাশিত কল, ইমেইল অথবা মেছেজ
- খৰধৰ কৰাৰ ভাবুকি অথবা অবাস্তৱ সময়সীমা
- অস্বাভাৱিক পেমেণ্ট মাধ্যমৰ বাবে অনুৰোধ কৰা
- প্ৰয়োজনতকৈ বেছি লোভনীয় ৰিফাণ্ড অফাৰ
- OTP, PIN অথবা পাছৱৰ্ড বিচৰা
নিজকে কেনেকৈ ৰক্ষা কৰিব
- উৎস পৰীক্ষা কৰক: কৰৰ বাবে চৰকাৰী যোগাযোগ কেৱল @gov.in ৰে শেষ হোৱা ইমেইল ঠিকনাৰ পৰাহে আহে। আয়কৰ বিভাগে কেতিয়াও SMS অথবা ফোন কলৰ জৰিয়তে ব্যক্তিগত তথ্য নিবিচাৰে।
- বিশ্বাসযোগ্য প্লেটফৰ্ম ব্যৱহাৰ কৰক: incometax.gov.in অথবা বিশ্বাসী পেছাদাৰীসকলৰ জৰিয়তেহে কৰ ফাইল কৰক। সত্যাপন নকৰা তৃতীয় পক্ষৰ ছাইট অথবা অযাচিত লিংক পৰিহাৰ কৰক।
- কেতিয়াও OTP অথবা পাছৱৰ্ড শ্বেয়াৰ নকৰিব: কৰ কৰ্তৃপক্ষই কেতিয়াও OTP, PIN অথবা বেংকিং পাছৱৰ্ড নিবিচাৰে।
- ছফ্টৱেৰ আপডেট কৰি ৰাখিব: বিশেষকৈ কৰ দাখিল কৰা ছফ্টৱেৰ আৰু বিত্তীয় এপসমূহত শেহতীয়া এণ্টিভাইৰাছ আৰু এণ্টি-মেলৱেৰ ছফ্টৱেৰ ব্যৱহাৰ কৰক।
যদি আপোনাক প্ৰৱঞ্চনা কৰা হৈছে
- তৎক্ষণাৎ আপোনাৰ বেংকৰ সৈতে যোগাযোগ কৰক।
- https://cybercrime.gov.inত অনলাইনত চাইবাৰ অপৰাধৰ অভিযোগ দাখিল কৰক অথবা 1930 হেল্পলাইন নম্বৰত কল কৰক।
- এই ঘটনাৰ বিষয়ে আয়কৰ বিভাগক জনাওক।
- আপোনাৰ ক্ৰেডিট আৰু বিত্তীয় কাৰ্যকলাপ নিয়মিতভাৱে নিৰীক্ষণ কৰক।
PhonePeত কৰ জালিয়াতিৰ অভিযোগ কেনেকৈ জনাব
যদি আপোনাক PhonePeৰ জৰিয়তে লক্ষ্য হিচাপে লোৱা হৈছে, তেন্তে সমস্যাটোৰ বিষয়ে কেনেদৰে জনাব, সেয়া ইয়াত দিয়া হ’ল:
- PhonePe এপ: Help/সহায় > “Have an issue with the transaction/লেনদেনৰ ক্ষেত্ৰত এটা সমস্যা আছে” বিকল্পলৈ যাওক আৰু আপোনাৰ অভিযোগ উত্থাপন কৰক।
- গ্ৰাহক সেৱা: সহায়ৰ বাবে PhonePe সহায়তাক 80-68727374 / 022-68727374 নম্বৰত কল কৰক
- ছ’চিয়েল মিডিয়া: PhonePeৰ অফিচিয়েল হেণ্ডেলৰ জৰিয়তে জালিয়াতিৰ অভিযোগ কৰক:
- অভিযোগ প’ৰ্টেল: আপোনাৰ টিকট আইডি ব্যৱহাৰ কৰি https://grievance.phonepe.com/ ৱেবছাইটত থকা অভিযোগবোৰ ট্ৰেক কৰক।
কৰ্তৃপক্ষৰ ওচৰত ৰিপৰ্ট কৰা
- ডিপার্টমেণ্ট অফ টেলিকমিউনিকেচন (DOT): চক্ষু সুবিধাৰ জৰিয়তে সঞ্চাৰ সাথী প’ৰ্টেলত সন্দেহজনক মেছেজ, কল অথবা যিকোনো প্ৰতাৰণামূলক অনুৰোধৰ বিষয়ে অভিযোগ কৰক।
মনত ৰাখিবলগীয়া গুৰুত্বপূৰ্ণ কথা — PhonePeই কেতিয়াও গোপনীয় অথবা ব্যক্তিগত বিৱৰণ জানিবলৈ নিবিচাৰে। PhonePeৰ পৰা প্ৰেৰণ কৰা বুলি দাবী কৰা সকলোবোৰ মেইল আওকাণ কৰক যদিহে সেইবোৰ phonepe.com ডমেইনৰ পৰা অহা নাই। যদি আপুনি জালিয়াতিৰ সন্দেহ কৰে, তেন্তে অনুগ্ৰহ কৰি তৎক্ষণাত কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰক।