PhonePe Blogs Main Featured Image

Trust & Safety

জাম্পড্ ডিপজিট স্কেম: আপোনাৰ UPI পিন কেতিয়া দিব লাগে, সেইয়া জানক

PhonePe Regional|4 min read|24 February, 2026

URL copied to clipboard

আপোনাৰ ধন আৰু যিকোনো লেনদেনৰ মাজৰ অন্তিমটো গেটৱে’ হৈছে আপোনাৰ UPI পিন। প্ৰতিবাৰ যেতিয়াই আপুনি এই পিনটো টাইপ কৰে, তাৰ অৰ্থ হ’ল আপুনি নিজৰ একাউণ্টৰ পৰা ধন ওলাই যোৱাৰ অনুমতি দিছে—সেয়েহে আপুনি কি অনুমোদন জনাইছে, সেইটো পৰীক্ষা কৰিবলৈ অলপ সময় থমকি ৰোৱাটো অত্যন্ত জৰুৰী। অথচ, দৈনন্দিন লেনদেনৰ লৰা-ঢপৰাত এই সাধাৰণ পদক্ষেপটোক প্ৰায়েই অৱহেলা কৰা হয়, যাৰ ফলত ব্যৱহাৰকাৰীসকল পৰিকল্পিত মনস্তাত্বিক কৌশলভিত্তিক প্ৰৱঞ্চনাৰ সহজ লক্ষ্য হৈ পৰে। তেনে এক জালিয়াতিৰ উদাহৰণ হ’ল— জাম্পড্ ডিপজিট স্কেম।

ইয়াত ইয়াৰ কাৰ্যপ্ৰণালী আৰু আপুনি সুৰক্ষিত হৈ থাকিব পৰা উপায়সমূহৰ বিষয়ে আলোচনা কৰা হৈছে।

জাম্পড্ ডিপজিট স্কেম প্ৰকৃততে কি?

যেতিয়া প্ৰৱঞ্চকসকলে ভুক্তভোগীসকলক প্ৰতাৰণা কৰি তেওঁলোকে ধন লাভ কৰিছে বুলি বিশ্বাস জন্মায় আৰু অজানিতে এটা UPI পৰিশোধৰ অনুৰোধ অনুমোদন কৰিবলৈ বাধ্য কৰে, তেতিয়া তাক জাম্পড্ ডিপজিট স্কেম বুলি কোৱা হয়। এই শব্দটোত থকা “জাম্পড্” শব্দটোৱে বুজায় যে এগৰাকী প্ৰৱঞ্চকে আপোনাক প্ৰতাৰণা কৰাৰ লগে লগে কিমান দ্ৰুতগতিৰে আপোনাৰ একাউণ্টৰ পৰা ধন ওলিয়াই লৈ যায়। তেওঁলোকে আপোনাৰ ধন কেইছেকেণ্ডমানৰ ভিতৰতে অনেক ধৰণৰ বিভিন্ন বেংক একাউণ্টলৈ স্থানান্তৰ অথবা “জাম্প” কৰায়, যাৰ ফলত ধনৰ উৎস অনুসৰণ কৰাটো প্ৰায় অসম্ভৱ হৈ পৰে।

অন্যান্য প্ৰৱঞ্চনাবোৰত যিদৰে আপোনাৰ OTP চুৰি কৰিবলৈ চেষ্টা কৰা হয়, এইটোত তাৰ বিপৰীত— ইয়াত আপোনাক কৌশলেৰে ফান্দত পেলাই আপোনাৰ দ্বাৰাই UPI পিন টাইপ কৰোৱা হয়

ফান্দটো কেনেকৈ পতা হয়

  1. কম পৰিমাণৰ ধন জমা: আপুনি আপোনাৰ একাউণ্টত অতি কম পৰিমাণৰ ধনৰাশি, ধৰক ₹10 অথবা ₹50 জমা হোৱাৰ এটা জাননী অথবা SMS লাভ কৰে।
  2. কাতৰ আহ্বানেৰে কৰা ফ’ন কল: ইয়াৰ কেইমিনিটমানৰ পাছতেই আপুনি এটা ফ’ন কল পাব। ফ’ন কৰা ব্যক্তিগৰাকীৰ কণ্ঠস্বৰ অত্যন্ত চিন্তিত অথবা উচুপনিৰেভৰা যেন লাগিব পাৰে। তেওঁলোকে দাবী কৰিব যে ভুলবশতঃ আপোনাৰ নম্বৰলৈ ধন পঠিওৱা হৈছে আৰু কোনো চিকিৎসা সম্পৰ্কীয় জৰুৰী অৱস্থা অথবা বিল পৰিশোধৰ বাবে সেই ধনখিনি তেওঁলোকক অতি সোনকালে ওভতাই লাগে।
  3. মনোযোগ অন্যফালে নিয়াৰ কৌশল: আপুনি তেওঁলোকৰ সৈতে কথা পাতি থকাৰ মাজতে, তেওঁলোকে আপোনাক “আপোনাৰ এপ্ অথবা SMS খুলি একাউণ্টত ধনৰাশি জমা হৈছে নে নাই চাওক” বুলি ক’ব। প্ৰৱঞ্চকগৰাকীয়ে আপোনাক পতিয়ন নিয়াবলৈ সজা মিছা কাহিনীটোৰ ওপৰত ভিত্তি কৰি, মেছেজটোত এনেধৰণৰ কথা বাৰ্তা থাকিব পাৰে— “XYZ বেংকৰ পৰা ৰিফাণ্ড পাইছে”, “ABC ষ্ট’ৰৰ পৰা কেশ্ববেক পাইছে” অথবা “কোম্পানীৰ পে’-ৰ’লৰ পৰা টকা জমা হৈছে”।
  4. অনুমোদন দিয়া: ইয়াৰ পাছত প্ৰৱঞ্চকগৰাকীয়ে কোনো তৃতীয় পক্ষৰ এপৰ দ্বাৰা তৈয়াৰী লিংক অথবা এটা ভুৱা কিউআৰ ক’ড ব্যৱহাৰ কৰি বৃহৎ অংকৰ ধন যেনে ₹5,000ৰ এটা অনুৰোধ পঠিয়াই। এই কিউআৰ ক’ডটো আপুনি দোকানত অথবা অনলাইন শ্বপিং কৰোঁতে দেখা ক’ডৰ দৰেই হুবহু একে হয়। আনক সহায় কৰিবলৈ লৰা-ঢপৰা কৰাত, আপুনি হয়তো জমা হোৱা ধনৰাশি নিশ্চিত কৰিবলৈ অথবা ভুলতে অহা সেই ₹50টো ওভতাই দিয়াৰ কথা ভাবি পিন টাইপ কৰি দিয়ে। কিন্তু মনত ৰাখিব— আপুনি যি মুহূৰ্ততে পিনটো দিয়ে, সেই মুহূৰ্ততে আপোনাৰ একাউণ্টৰ পৰা এটা বৃহৎ পৰিমাণৰ ধনৰাশি একাউণ্টৰ পৰা নোহোৱা হৈ যায়।

প্ৰৱঞ্চনাৰ আঁৰৰ মনোবিজ্ঞান

বিশেষজ্ঞসকলে আঙুলিয়াই দিছে যে এই প্ৰৱঞ্চনাসমূহ অত্যন্ত ফলপ্ৰসূ, কাৰণ এইবোৰে যুক্তিনিষ্ঠ চিন্তাধাৰাক আঁতৰাই ৰাখিবলৈ মানুহৰ মৌলিক মানসিক কাৰকসমূহক ব্যৱহাৰ কৰে:

  • বিশ্বাস গঢ়ি তোলা: প্ৰৱঞ্চকসকলে প্ৰথমে আপোনাৰ একাউণ্টলৈ এটা সৰু আৰু বৈধ ধনৰ ৰাশি হস্তান্তৰ কৰি বিশ্বাসযোগ্যতা গঢ়ি তোলে। ব্যৱহাৰকাৰীৰ একাউণ্টলৈ ধন প্ৰেৰণ কৰি প্ৰৱঞ্চকসকলে বিশ্বাসযোগ্যতা গঢ়ি তুলিবলৈ চেষ্টা কৰে।
  • কৌতূহল আৰু বিশ্বাসৰ সুযোগ লোৱা: এই প্ৰৱঞ্চনাটোৱে মানুহৰ কৌতূহল, বিশ্বাস আৰু ডিজিটেল লেনদেনৰ বিষয়ে থকা সজাগতা নথকাৰ সুযোগ লৈ কাম কৰে। অপ্ৰত্যাশিতভাৱে জমা হোৱা ধনৰাশিয়ে ভুক্তভোগীগৰাকীক সেই বিষয়ে অনুসন্ধান কৰিবলৈ আৰু ভুলবশতঃ হস্তান্তৰ হোৱা ধনৰাশি ঘূৰাই দিয়াৰ এক নৈতিক বাধ্যবাধকতা অনুভৱ কৰিবলৈ বাধ্য কৰে।
  • জৰুৰীকালীন অৱস্থাৰ সৃষ্টি কৰা: তাৎক্ষণিকভাৱে পদক্ষেপ লোৱাৰ বাবে বাধ্য কৰাবলৈ আৱেগিক কৌশলৰ ব্যৱহাৰ কৰা হয়। প্ৰৱঞ্চকসকলে এটা বিশ্বাসযোগ্য আৰু মিছা কাহিনীৰে (যেনে— জৰুৰীকালীন চিকিৎসা) এনে এক জৰুৰী পৰিৱেশৰ সৃষ্টি কৰে, যাতে ব্যৱহাৰকাৰীগৰাকীয়ে যুক্তিপূৰ্ণভাৱে চিন্তা কৰিবলৈ সময় নাপাই খৰখেদাকৈ কাৰ্যটো কৰে।
  • সজাগতাৰ অভাৱ: বহু লোকে ভুলবশতঃ বিশ্বাস কৰে যে ধনৰাশি লাভ কৰিবলৈ অথবা বেংকত থকা ধনৰ পৰিমাণ পৰীক্ষা কৰিবলৈ UPI পিন দিয়াৰ প্ৰয়োজন, কিন্তু আচলতে এই পিনটো কেৱল ধনৰ লেনদেনৰ অনুমতি দিবলৈহে ব্যৱহাৰ কৰা হয়।

জাম্পড্ ডিপজিট প্ৰৱঞ্চনাৰ পৰা আপোনাৰ ধন কেনেকৈ সুৰক্ষিত কৰি ৰাখিব

  • ধৈৰ্য ধৰক: যদি আপুনি আকস্মিকভাৱে এটা ডিপ’জিট লাভ কৰে আৰু তাৰ পাছতেই কোনোবাই অতি খৰখেদাকৈ ফ’ন কৰে, তেন্তে খৰখেদা নকৰিব। প্ৰৱঞ্চনামূলক ধনৰাশি পৰিশোধ কৰাৰ লিংকবোৰৰ ম্যাদ প্ৰায়ে 5-10 মিনিটৰ ভিতৰত উকলি যায়। যদি আপুনি আপোনাৰ এপ্‌টো খোলাৰ আগতে 15 মিনিট সময় অপেক্ষা কৰে, তেন্তে সেই ফান্দটো সম্ভৱত নোহোৱা হৈ যাব।
  • লেনদেনৰ সবিশেষ পৰীক্ষা কৰক: যদি আপুনি অপেক্ষা কৰিবলৈ নোৱাৰে, তেন্তে লেনদেনৰ সবিশেষ— যেনে ধনৰাশিৰ পৰিমাণ আৰু ধন লাভ কৰোঁতাৰ সবিশেষ পুংখানুপুংখভাৱে পৰীক্ষা কৰক। যিকোনো UPIৰ অনুৰোধ গ্ৰহণ অথবা অনুমোদন কৰাৰ সময়ত লেনদেনৰ সবিশেষ সাৱধানে পঢ়াটো অতি গুৰুত্বপূৰ্ণ। লগতে মন কৰিব যে, একাউণ্টত ধনৰাশি জমা হোৱাৰ বাবে কোনো অনুমোদনৰ প্ৰয়োজন নহয়।
  • বেংকৰ কাষ চাপিবলৈ কওক: যদি কোনোবাই সঁচাকৈয়ে ভুলবশতঃ আপোনালৈ ধন পঠিয়াইছে, তেন্তে তেওঁলোকক নিজৰ বেংকৰ সৈতে যোগাযোগ কৰি “ভুলকৈ জমা হোৱা ধনৰাশি ঘূৰাই নিয়াৰ” প্ৰক্ৰিয়াটো আৰম্ভ কৰিবলৈ কওক। ভুল শুধৰোৱাৰ এইটোৱেই হৈছে আনুষ্ঠানিক আৰু নিৰাপদ উপায়। কোনো অচিনাকি ব্যক্তিৰ UPI অনুৰোধৰ জৰিয়তে ধনৰাশি ঘূৰাই পঠাবলৈ আপুনি কোনো কাৰণতে বাধ্য নহয়।
  • আপোনাৰ স্ক্ৰীনখন পৰীক্ষা কৰক: পিন দিয়াৰ স্ক্ৰীনখনৰ একেবাৰে ওপৰত সদায় “পৰিশোধ কৰিছে” অথবা “পঠিয়াই আছে” শব্দকেইটা আছে নেকি চাব। যদি আপুনি সেই শব্দকেইটা দেখে, তেন্তে লগে লগে ৰৈ যাওক।
  • বৈধ UPI এপ্‌সমূহ: সদায় বেংকৰ বৈধ UPI এপ্ অথবা PhonePeৰ দৰে প্ৰতিষ্ঠিত প্লেটফৰ্ম ব্যৱহাৰ কৰাটো নিশ্চিত কৰক, যিবোৰে বহুস্তৰীয় সুৰক্ষা প্ৰদান কৰে।
  • লেনদেন সম্পৰ্কীয় জাননী সক্ষম কৰক: আটাইবোৰ বেংকিং সম্পৰ্কীয় লেনদেনৰ বাবে SMS আৰু ইমেইলৰ জৰিয়তে পোৱা জাননীৰ সুবিধা সক্ৰিয় কৰি ৰাখক যাতে আপুনি যিকোনো অননুমোদিত কাৰ্যকলাপ লগে লগে ধৰা পেলাব পাৰে।

আপুনি মনত ৰাখিবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ নিয়মটো

সদায় মনত ৰাখিব যে ধন লাভ কৰিবলৈ আপুনি কেতিয়াও নিজৰ UPI পিন দিয়াৰ প্ৰয়োজন নাই। সেয়া কোনো ধন ঘূৰাই পোৱা, কেশ্ববেক, উপহাৰ অথবা “ভুলবশতঃ” কৰা হস্তান্তৰেই নহওক কিয়— যদি কোনো স্ক্ৰীনে আপোনাক পিন দিয়াটো বিচাৰে, তাৰ অৰ্থ হ’ল আপোনাৰ একাউণ্টৰ পৰা ধন কটা যাব।

যদি আপুনি প্ৰৱঞ্চনাৰ লক্ষ্য হৈ পৰিছে, তেন্তে কি কৰিব

যদি আপুনি কোনো প্ৰৱঞ্চনাৰ বলি হোৱা বুলি সন্দেহ কৰে, তেন্তে লগে লগে ৰিপৰ্ট কৰক। প্ৰতিটো ছেকেণ্ডৰে গুৰুত্ব আছে।

PhonePeত অভিযোগ কৰা:

  • PhonePe এপ: সহায় শাখালৈ গৈ অভিযোগ কৰক।
  • PhonePe গ্ৰাহক সেৱা: 80-68727374 / 022-68727374 নম্বৰত কল কৰক।
  • ছ’চিয়েল মিডিয়াত অভিযোগ কৰা:
  • অভিযোগ নিষ্পত্তি:  PhonePe অভিযোগ প’ৰ্টেলত অভিযোগ পঞ্জীয়ন কৰক।

সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত অভিযোগ কৰক:

  • চাইবাৰ ক্ৰাইম চেল:  চাইবাৰ ক্ৰাইম প’র্টেলত অনলাইনযোগে অভিযোগ কৰক অথবা 1930 নম্বৰত কল কৰক।
  • দূৰসংযোগ বিভাগ (DOT):  সঞ্চাৰ সাথী প’র্টেলচক্ষু সুবিধাৰ জৰিয়তে সন্দেহজনক মেছেজ, কল অথবা হোৱাটছএপ/টেলিগ্ৰামত হোৱা প্ৰৱঞ্চনাৰ বিষয়ে অভিযোগ কৰক।

মনত ৰাখিবলগীয়া গুৰুত্বপূৰ্ণ কথা — PhonePeই কেতিয়াও গোপনীয় অথবা ব্যক্তিগত বিৱৰণ জানিবলৈ নিবিচাৰে। PhonePeৰ পৰা প্ৰেৰণ কৰা বুলি দাবী কৰা সকলোবোৰ মেইল আওকাণ কৰক যদিহে সেইবোৰ phonepe.com ডমেইনৰ পৰা অহা নাই। যদি আপুনি প্ৰৱঞ্চনা হোৱা বুলি সন্দেহ কৰে, তেন্তে অনুগ্ৰহ কৰি তৎক্ষণাত সম্পৰ্কিত কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰক।

Keep Reading