PhonePe Blogs Main Featured Image

Trust & Safety

আপোনাৰ ফ’নটো হেৰাইছে নেকি? আপোনাৰ সঞ্চয় সুৰক্ষিত কৰিবলৈ আপুনি কি কি কৰিব লাগিব সেই বিষয়ে ইয়াত উল্লেখ কৰা হৈছে

PhonePe Regional|4 min read|03 July, 2025

URL copied to clipboard

11PM বাজিছে। আপোনাৰ বন্ধুৱে এইমাত্ৰ আপোনাক আপোনাৰ ঘৰত ড্ৰপ কৰিছেহি আৰু আপুনি আপোনাৰ দুৱাৰখনৰ তলা খুলি থাকোঁতে হঠাতে আপুনি উপলব্ধি কৰে যে আপোনাৰ ফ’নটো আপোনাৰ পকেটত নাই! আপোনাৰ বেজাৰ লাগিছে।

আপুনি আতংকিত হোৱাৰ লগতে আপুনি আপোনাৰ ফ’নটো ক’ত এৰি থৈ আহিব পাৰে সেইটো সঠিকভাৱে মনত পেলাব পৰা নাই। হয়তো আপুনি চিনেমা হলত এৰি থৈ আহিছে। হয়তো বজাৰ কৰি থাকোঁতে এৰি থৈ আহিছে। অথবা হয়তো কোনোবাই পকেটৰ পৰা চুৰি কৰিছে!

আপুনি চিন্তা কৰিবলগীয়া কথাটো হ’ল যে আপোনাৰ ফ’নত থকা আটাইবোৰ ডেটা – আপুনি লগ ইন কৰি থোৱা পৰিশোধৰ আৰু বেংকিং এপসমূহ আৰু সম্ভৱতঃ আপোনাৰ ন’টছ্ এপত থকা আপোনাৰ পাছৱৰ্ডসমূহ।

আপুনি আতংকিত হোৱাটো ভুল নহয়। আপোনাৰ সঞ্চয়ক সুৰক্ষিত কৰিবলৈ পৰৱৰ্তী কেইমিনিটমান অতি গুৰুত্বপূৰ্ণ।

ম’বাইল চুৰি হোৱাৰ বিষয়ে সত্যতা

আপোনাৰ স্মাৰ্টফ’নটো বৰ্তমান সময়ত কেৱল যোগাযোগৰ মাধ্যমেই হৈ থকা নাই – ই হৈছে আপোনাৰ মানিবেগ, আপোনাৰ বেংক আৰু আপোনাৰ পৰিচয়। আৰু চোৰে সেইটো কথা জানে। তেওঁলোকে কেৱল কেইটামান টকাৰ বাবেই কেৱল আপোনাৰ ফ’নটোৰ পৰা প্ৰৱঞ্চনা কৰি ধন সৰকাব বিচৰা নাই, লগতে এইটো কথাও মন কৰক যে তেওঁলোকে যদি এবাৰ ফ’নটো আনলক কৰিব পাৰে, তেন্তে তেওঁলোকে আৰু বহুত কিবাকিবি এক্সেছ কৰিব পাৰিব।

এই ব্ল’গত ডিভাইচ চুৰি হোৱাৰ পাছত কেনেকৈ বিত্তীয় প্ৰৱঞ্চনা হয়—আৰু আপুনি ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰে সেই বিষয়ে তলত বিতংভাৱে উল্লেখ কৰা হৈছে।

ডিভাইচ চুৰি হোৱাৰ পাছত কেনেকৈ বিত্তীয় প্ৰৱঞ্চনা হয়

ডিভাইচ চুৰি হোৱাৰ পাছত হোৱা বিত্তীয় প্ৰৱঞ্চনাই আধুনিক ডিজিটেল ছিষ্টেমটোৰ দুৰ্বলতাৰ সুবিধা লয়। প্ৰৱঞ্চকে সুবিধা লোৱা কেইটামান সংবেদনশীল তথ্যৰ বিষয়ে ইয়াত উল্লেখ কৰা হ’ল:

  1. অট’-লগ হৈ থকা পৰিশোধৰ এপ্, যেনে UPI, ডিজিটেল ৱালেট অথবা বেংকিং এপসমূহে চোৰক পুনৰ প্ৰমাণীকৰণ নকৰাকৈয়ে লেনদেন আৰম্ভ কৰাৰ অনুমতি দিয়ে, বিশেষকৈ তেতিয়াহে অনুমতি দিয়ে যেতিয়া ডিভাইচটোত শক্তিশালী স্ক্ৰীণ লক অথবা বায়’মেট্ৰিক অথবা পিন-ভিত্তিক সুৰক্ষাৰ দৰে এপ্-নিৰ্দিষ্ট সুৰক্ষা সুবিধাসমূহৰ অভাৱ হয়।
  2. ব্ৰাউজাৰ অথবা এপত ছেভ কৰা কাৰ্ডৰ সবিশেষে অকৰ্তৃত্বশীলভাৱে কৰা ক্ৰয়ৰ প্ৰক্ৰিয়াটোক আৰু অধিক সৰল কৰি তোলে, কিয়নো চোৰে নূন্যতম প্ৰচেষ্টা কৰিয়েই ছেভ কৰা পৰিশোধৰ সবিশেষ এক্সেছ কৰিব পাৰে।
  3. কম শক্তিশালী স্ক্ৰীণ লকবোৰ অথবা এইবোৰ নথকাৰ ফলত সহজেই ডিভাইচ এক্সেছ কৰিব পাৰে, আনহাতে এপ্-নিৰ্দিষ্ট সুৰক্ষাৰ অভাৱে স্পৰ্শকাতৰ এপসমূহক উন্মুক্ত কৰে।
  4. ইয়াৰ উপৰিও চোৰে টেলিকম সেৱা প্ৰদানকাৰীক ভুক্তভোগীৰ ফ’ন নম্বৰ নতুন চিমলৈ স্থানান্তৰ কৰিবলৈ পতিয়ন নিয়াই SIM শ্বেপ কৰি আক্ৰমণ চলাব পাৰে, যাৰ ফলত লেনদেন সম্পৰ্কীয় পৰীক্ষণৰ বাবে নিৰ্ধাৰিত এবাৰ ব্যৱহাৰযোগ্য় পাছৱৰ্ড (OTP) ইন্টাৰচেপ্ট কৰিব পাৰে। এই কেলেংকাৰীৰ প্ৰকাৰৰ বিষয়ে অধিক তথ্য জানিবলৈ, আপুনি এই ব্ল’গটো পঢ়ক।
  5. ফিছিং আক্ৰমণ হৈছে আন এটা সাধাৰণ কৌশল, য’ত প্ৰৱঞ্চকে চুৰি হোৱা ডিভাইচটোৰ সহায় লৈ ভুক্তভোগীৰ যোগাযোগ অথবা ইমেইল এক্সেছ কৰে, তেওঁলোকৰ ৰূপ লৈ আনক ছলনা কৰি স্পৰ্শকাতৰ তথ্য অথবা ধন শ্বেয়াৰ কৰে। ফিছিঙৰ বিষয়ে অধিক জানিবলৈ, আপুনি এই ব্লগটো পঢ়ক।

এই পদ্ধতিসমূহে প্ৰযুক্তিগত আৰু মানৱ দুয়োটাৰে দুৰ্বলতাৰ সুবিধা লয়, যাৰ ফলত ডিভাইচ চুৰি হোৱাৰ ফলত যথেষ্ট আৰ্থিক লোকচানৰ সন্মুখীন হ’ব লগাত পৰে।

চুৰি-প্ৰতিৰোধ কৰা ব্যৱস্থাপনাটোৰ বিষয়ে জনাটো কিয় গুৰুত্বপূৰ্ণ

প্ৰায়ে কম শক্তিশালী স্ক্ৰীণ লক অথবা নিৰীক্ষণ নকৰা একাউণ্টৰ দৰে সৰল তদাৰকীৰ বাবে ভাৰতত ডিভাইচ চুৰিৰ পাছত বিত্তীয় প্ৰৱঞ্চনা হোৱাৰ গোচৰ বৃদ্ধি পাইছে। চুৰি-প্ৰতিৰোধ কৰা ব্যৱস্থাপনাসমূহৰ বিষয়ে জনা আৰু ইয়াক ৰূপায়ণ কৰিলে ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ ডিভাইচসমূহ সুৰক্ষিত কৰিবলৈ, বিত্তীয় বিপদাশংকাসমূহ কম কৰিবলৈ আৰু লোকচান হোৱাটো প্ৰতিৰোধ কৰিবলৈ শীঘ্ৰেই সক্ষম কৰি তোলে, যাতে তেওঁলোকৰ ডিজিটেল আৰু আৰ্থিক সুৰক্ষা নিশ্চিত হয়।

আপোনাৰ ডিভাইচটোক কেনেকৈ সুৰক্ষিত কৰিব

ডিভাইচ চুৰি হোৱাৰ পাছত আপোনাৰ বিত্তীয় তথ্য সুৰক্ষিত কৰিবলৈ, এই সক্ৰিয় ব্যৱস্থাসমূহ গ্ৰহণ কৰক:

  1. আপোনাৰ ডিভাইচক শক্তিশালী লকসমূহৰ সহায়ত সুৰক্ষিত কৰক: জটিল পাছৱৰ্ডসমূহ, বায়’মেট্ৰিক বিশ্বাসযোগ্যতা প্ৰমাণীকৰণ (ফিংগাৰপ্ৰিণ্ট অথবা মুখ চিনাক্তকৰণ) ব্যৱহাৰ কৰক আৰু নিষ্ক্ৰিয়তাৰ পাছত আপোনাৰ ডিভাইচক সুৰক্ষিত কৰিবলৈ স্বয়ংক্ৰিয়ভাৱে লক হোৱাৰ সুবিধাটো সক্ষম কৰক। “1234”ৰ দৰে অনুমান কৰিব পৰা পিন দিয়াৰ পৰা এৰাই চলক।
  2. এপ্-পৰ্যায়ৰ লকসমূহ ছেট আপ কৰক: ডিভাইচ আনলক হ’লেও এপসমূহক সুৰক্ষিত কৰিবলৈ বেংকিং আৰু পৰিশোধ কৰা এপ্‌সমূহৰ ভিতৰত অতিৰিক্ত পিন অথবা বায়’মেট্ৰিকৰ সুবিধা (যেনে, PhonePeৰ প্ৰ’ফাইল > সুৰক্ষা > বায়’মেট্ৰিক আৰু স্ক্ৰীণ লক) সক্ষম কৰি ৰাখক।
  3. স্পৰ্শকাতৰ তথ্য স্বয়ংক্ৰিয়ভাৱে ছেভ হোৱা সুবিধাটো অক্ষম কৰক: এনক্ৰিপশ্বনৰ অবিহনে ব্ৰাউজাৰ অথবা এপ্‌সমূহত কাৰ্ডৰ সবিশেষ অথবা UPI আইডিসমূহ ষ্ট’ৰ কৰাটো এৰাই চলক। সুৰক্ষিতভাৱে ষ্ট’ৰ কৰাৰ বাবে বিশ্বাসযোগ্য পাছৱৰ্ড মেনেজাৰ ব্যৱহাৰ কৰক।
  4. ৰিম’ট ট্ৰেকিং আৰু ডেটা মচাৰ দৰে সুবিধা সক্ষম কৰক: আপোনাৰ ডিভাইচটোক দূৰৰ পৰাই ট্ৰেক কৰিবলৈ, লক কৰিবলৈ অথবা মচিবলৈ “Find My Device/মোৰ ডিভাইচ বিচাৰক” (Android) অথবা “Find My iPhone/মোৰ আইফ’ন বিচাৰক” (iOS)ৰ দৰে সুবিধা সক্ৰিয় কৰক।
  5. ছফ্টৱেৰ আপডে’ট কৰি ৰাখক: সুৰক্ষা সম্পৰ্কীয় দুৰ্বলতাসমূহ পেট্‌চ কৰিবলৈ আপোনাৰ ডিভাইচৰ অপাৰেটিং ছিষ্টেম আৰু এপ্‌সমূহক নিয়মিতভাৱে আপডে’ট কৰক৷
  6. ডিভাইচ হেৰালে তৎক্ষণাত অভিযোগ দিয়ক: আপোনাৰ SIM কাৰ্ড ব্লক কৰিবলৈ আৰু বেংক অথবা ৱালেট প্ৰদানকাৰীক একাউণ্টসমূহ নিলম্বন কৰাৰ কাৰণে অৱগত কৰিবলৈ আপোনাৰ টেলিকম প্ৰদানকাৰীৰ সৈতে যোগাযোগ কৰক।
  7. বেংক একাউণ্টসমূহ নিৰীক্ষণ কৰক: লেনদেনৰ বাবে SMS/ইমেইলৰ সতৰ্কবাৰ্তা ছেট আপ কৰক আৰু দৈনিক একাউণ্টসমূহ পৰীক্ষা কৰক। অকৰ্তৃত্বশীল লেনদেনৰ বিষয়ে তৎক্ষণাত ৰিপৰ্ট কৰক।
  8. ডিভাইচ বাইণ্ডিঙৰ সুবিধাবোৰ ব্যৱহাৰ কৰক: UPI এপ্‌সমূহ (যেনে, PhonePe, Google Pay) ডিভাইচ-বাউণ্ড হোৱাটো, SIM শ্বেপ কৰিলেও পুনৰ সত্যাপন কৰাৰ প্ৰয়োজন হোৱাটো নিশ্চিত কৰক।

 আপোনাৰ PhonePe একাউণ্টটো কেনেকৈ ব্লক কৰিব পাৰি আৰু পাছত এক্সেছ কেনেকৈ পাব পাৰি

যদি আপোনাৰ ডিভাইচটো চুৰি হৈছে, তেন্তে কৰ্তৃত্ববিহীন এক্সেছৰ পৰা হাত হাৰিবলৈ আপোনাৰ PhonePe একাউণ্টটো তৎক্ষণাত ব্লক কৰক:

  • একাউণ্টটো ব্লক কৰক:
    • গ্ৰাহক সেৱাৰ জৰিয়তে: চুৰিৰ বিষয়ে অভিযোগ দিবলৈ আৰু একাউণ্ট নিলম্বন কৰাৰ বাবে অনুৰোধ কৰিবলৈ 80-68727374 অথবা 022-68727374 নম্বৰত PhonePeৰ সহায় কেন্দ্ৰলৈ কল কৰক।
    • ৱেবফৰ্মৰ জৰিয়তে: সমস্যাটোৰ বিৱৰণ দি PhonePeৰ সহায়তাৰ ফৰ্মখনৰ জৰিয়তে এটা টিকট উত্থাপন কৰক।
    • ছ’চিয়েল মিডিয়াৰ জৰিয়তে: এই ঘটনাটোৰ বিষয়ে অৱগত কৰিবলৈ Twitterত @PhonePeSupport অথবা Facebookত OfficialPhonePeৰ সৈতে যোগাযোগ কৰক।
    • চাইবাৰ ক্ৰাইম চেলৰ জৰিয়তে: যদি প্ৰৱঞ্চনা হোৱা বুলি সন্দেহ হয়, তেন্তে cybercrime.gov.inত অভিযোগ দাখিল কৰক অথবা 1930 নম্বৰত কল কৰক।
  • পুনৰ এক্সেছ লাভ কৰক:
    • PhonePeৰ সহায় কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক: আপুনি এটা নতুন ডিভাইচ অথবা এখন SIM লাভ কৰাৰ পাছত, আপোনাৰ পৰিচয় (যেনে, পঞ্জীয়নভুক্ত ম’বাইল নম্বৰ, ইমেইল অথবা KYCৰ সবিশেষ) পৰীক্ষা কৰিবলৈ ৱেবফৰ্মখন ব্যৱহাৰ কৰক।
    • একাউণ্ট পুনৰ সত্যাপন কৰক: আপোনাৰ একাউণ্টটো নতুন এটা ডিভাইচৰ সৈতে পুনৰ সংযোগ কৰিবলৈ PhonePeৰ নিৰ্দেশাৱলী অনুসৰণ কৰক, য’ত OTP সত্যাপন কৰা অথবা KYC পুনৰ দাখিল কৰা কাৰ্যও জড়িত হৈ থাকিব পাৰে।
    • লেনদেনসমূহ পৰীক্ষা কৰক: এক্সেছ পুনৰ লাভ কৰাৰ পাছত, PhonePe এপ (সহায়তা > লেনদেনৰ ইতিহাস) ত আপোনাৰ লেনদেনৰ ইতিহাস পৰ্যালোচনা কৰক আৰু সহায়তা > লেনদেন কৰোঁতে এটা সমস্যা পাইছোঁ বুটামৰ জৰিয়তে যিকোনো কৰ্তৃত্ববিহীন কাৰ্যকলাপৰ অভিযোগ দিয়ক।
    • অভিযোগ প্ৰতিকাৰ: যদি সমস্যাসমূহ হৈয়েই থাকে, তেন্তে এস্কেলেশ্বন কৰাৰ বাবে আপোনাৰ টিকট আইডিৰ সৈতে grievance.phonepe.comত লগ ইন কৰক।

ব’নাছ উৎসসমূহ

  • অন্য প্ৰকাৰৰ প্ৰৱঞ্চনাৰ বিষয়ে আৰু ইয়াৰ পৰা কেনেকৈ সুৰক্ষিত হৈ থাকিব পাৰি সেই বিষয়ে জানক: ইয়াত পঢ়ক
  • আমাৰ বিশ্বাস আৰু সুৰক্ষাৰ মুৰব্বীয়ে কেনেকৈ প্ৰৱঞ্চনা সংঘটিত হয় আৰু আমাৰ গ্ৰাহকক সুৰক্ষিত কৰি ৰাখিবলৈ আমি গ্ৰহণ কৰা ব্যৱস্থাপনাসমূহৰ বিষয়ে ব্যাখ্যা কৰাটো চাওক: ইয়াত চাওক।

এই প্ৰৱঞ্চনাৰ ভুক্তভোগী হ’লে কেনেকৈ অভিযোগ দিব

যদি আপুনি PhonePeৰ জৰিয়তে কোনো প্ৰৱঞ্চকৰ দ্বাৰা প্ৰতাৰিত হৈছে, তেন্তে আপুনি তৎক্ষণাত তলত দিয়া ধৰণেৰে সমস্যাটোৰ বিষয়ে উত্থাপন কৰিব পাৰিব:

  1. PhonePe এপ্: সহায় কেন্দ্ৰৰ শাখালৈ যাওক আৰু “লেনদেন কৰোঁতে এটা সমস্যা পাইছোঁ” বিকল্পটোৰ অধীনত সমস্যাটোৰ বিষয়ে উত্থাপন কৰক।
  2. PhonePeৰ গ্ৰাহক সেৱাৰ নম্বৰ: আপুনি PhonePeৰ গ্ৰাহক সেৱাৰ সৈতে 80–68727374 / 022–68727374 নম্বৰত কল কৰি এটা সমস্যা উত্থাপন কৰিব পাৰে, তাৰ পাছত গ্ৰাহক সেৱাৰ প্ৰতিনিধিয়ে টিকট এটা উত্থাপন কৰিব আৰু আপোনাৰ সমস্যাটো সমাধান কৰাত সহায় কৰিব।
  3. ৱেবফৰ্ম দাখিল কৰা: আপুনি Phonepeৰ এই ৱেবফৰ্মৰ সহায়তো টিকট উত্থাপন কৰিব পাৰে: https://support.phonepe.com/
  4. ছ’চিয়েল মিডিয়া: আপুনি PhonePeৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে প্ৰৱঞ্চনামূলক কাণ্ডৰ ৰিপ’ৰ্ট কৰিব পাৰে।
    1. Twitter — https://twitter.com/PhonePeSupport
    2. Facebook — https://www.facebook.com/OfficialPhonePe
  5. অভিযোগ: বৰ্তমানৰ অভিযোগটোৰ বাবে সমস্যা এটাৰ বিষয়ে অভিযোগ দিবলৈ আপুনি ইয়াত লগইন কৰিব পাৰে: https://grievance.phonepe.com/ আৰু পূৰ্বে উত্থাপন কৰা টিকটৰ আইডিটো শ্বেয়াৰ কৰিব পাৰে।
  6. চাইবাৰ চেল: শেষত, আপুনি নিকটতম চাইবাৰ ক্ৰাইমৰ চেলত প্ৰৱঞ্চনা সম্পৰ্কীয় অভিযোগসমূহৰ ৰিপৰ্ট কৰিব পাৰে অথবা https://www.cybercrime.gov.in/ত অনলাইনত অভিযোগ পঞ্জীয়ন কৰিব পাৰে অথবা 1930 নম্বৰত চাইবাৰ ক্ৰাইম চেলৰ হেল্পলাইনৰ সৈতে যোগাযোগ কৰিব পাৰে।

গুৰুত্বপূৰ্ণ ৰিমাইণ্ডাৰ — PhonePeএ কেতিয়াও গোপনীয় অথবা ব্যক্তিগত সবিশেষ নিবিচাৰে। PhonePeৰ পৰা পঠিওৱা বুলি দাবী কৰা আটাইবোৰ মেইল উপেক্ষা কৰক যদিহে সেইবোৰ phonepe.com ড’মেইনৰ পৰা অহা নহয়। যদি আপুনি প্ৰৱঞ্চনা হোৱা বুলি সন্দেহ কৰে, তেন্তে তৎক্ষণাত কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰক।

Keep Reading