
Trust & Safety
চিম বদলি কৰা প্ৰতাৰকৰ পৰা নিজক সুৰক্ষিত ৰাখক!
PhonePe Regional|2 min read|29 August, 2019
আপোনাৰ বেংকৰ প্ৰতিনিধি বুলি দাবী কৰি কোনো অজ্ঞাত নম্বৰৰ পৰা ফোন কল আহিছে? আপুনি এইমাত্ৰ পোৱা OTP বিচাৰি কোনো SMS আহিছে? — প্ৰতাৰকে সকলো সময়তে আপোনাৰ টকা কেনেকৈ আত্মসাৎ কৰিব পাৰে তাৰ উপায় বিচাৰি থাকে। এই লেখাটোয়ে আপোনাক বিভিন্ন প্ৰতাৰকে কৰিব পৰা প্ৰতাৰণাৰ বিষয়ে সজাগ কৰিব, যাতে আপুনি তেওঁলোকৰ প্ৰতাৰণাৰ প্ৰচেষ্টাসমূহ জানিব পাৰে আৰু সাৱধান হ’ব পাৰে।
আমি প্ৰতাৰণা আৰু গ্ৰাহক সুৰক্ষা বিষয়ক প্ৰচাৰৰ অংশ হিচাপে বিভিন্ন প্ৰকাৰৰ কেলেংকাৰি আৰু প্ৰতাৰণাক সাঙুৰি লৈছো।
চিম বদলি প্ৰতাৰণা মানে কি?
চিম বদলি প্ৰতাৰণা হ’ল — য’ত প্ৰতাৰকে আপোনাৰ ব্যক্তিগত বিৱৰণ ব্যৱহাৰ কৰি, আপোনাৰ ফোন নম্বৰৰ সৈতে একেই নম্বৰৰ এটা নতুন চিম লয়। এনে কৰি তেওঁলোকে, সহজেই আপোনাৰ বেংকৰ পৰা পেইমেন্ট অনুমোদনৰ বাবে আৱশ্যক হোৱা OTP এক্সেছ কৰিব পাৰে।
ইয়াৰ অৰ্থ হ’ল, প্ৰতাৰকে আপোনাৰ OTP ব্যৱহাৰ কৰি বেংক একাউন্টৰ পৰা টকা আত্মসাৎ কৰিবলৈ সক্ষম হয়।
গুৰুত্বপূৰ্ণ বিষয় — PhonePe য়ে কেতিয়াও আপোনাৰ গোপনীয় আৰু ব্যক্তিগত তথ্য নিবিচাৰে। PhonePe ৰ পৰা পঠিওৱা বুলি দাবী কৰা সকলো মেইল উপেক্ষা কৰক যদিহে সেইসমূহ phonepe.com ডোমেইনৰ পৰা অহা নাই। আপুনি যদি কোনো প্ৰতাৰণাৰ সন্দেহ কৰিছে, তৎক্ষণাত আপোনাৰ বেংকক জনাওক।
চিম বদলি প্ৰতাৰণা কেনেকৈ হ’ব পাৰে?
- প্ৰতাৰকে আপোনাৰ মোবাইল অ’পাৰেটৰৰ প্ৰতিনিধি বুলি কৈ আপোনালৈ কল কৰিব, আৰু আপোনাৰ নেটৱৰ্ক আপগ্ৰেড কৰিবৰ বাবে এটা SMS পঠিয়াবলৈ ক’ব। এই SMS টোত নতুন চিম নম্বৰৰ পিচৰ 20 টা সংখ্যা থাকিব। তেওঁলোকে আপোনাৰ গোপনীয় বেংক বিৱৰণো বিচাৰিব।
- SMS টোয়ে আপোনাৰ বৰ্তমানৰ চিম নিষ্ক্ৰিয় কৰিব আৰু প্ৰতাৰকে অবৈধভাৱে লোৱা ডুপ্লিকেট সক্ৰিয় কৰিব। আপোনাৰ চিম য়ে কাম কৰা বন্ধ কৰিব আৰু সকলো সংযোগ বিছিন্ন হৈ পৰিব।
- প্ৰতাৰকে আপোনাৰ ফোন নম্বৰ আৰু SMS সমূহ এক্সেছ কৰিব পাৰিব, আৰু লগতে টকা ট্ৰেন্সফাৰ কৰিবৰ বাবে আপোনাৰ বেংক বিৱৰণো ব্যৱহাৰ কৰিব পাৰিব।
- প্ৰতাৰকে ট্ৰেন্সফাৰৰ বাবে এটা OTP পাব, আৰু সেই OTP ব্যৱহাৰ কৰি আপোনাৰ একউন্টৰ পৰা তেওঁলোকৰ নিজস্ব একাউন্টলৈ টকা ট্ৰেন্সফাৰ কৰিব পাৰিব।
কোনো কাৰণ নোহোৱাকৈ যদি আপোনাৰ মোবাইম সংযোগ বহু সময়ৰ বাবে বিচ্ছিন্ন হৈ পৰে, তেন্তে ই কিবা প্ৰতাৰণাজনক সমস্যাৰ ইংগিত হ’ব পাৰে। এনে হ’লে আপোনাৰ মোবাইল অ’পাৰেটৰৰ লগত যোগাযোগ কৰক।

আপুনি কেনেকৈ সুৰক্ষিত হ’ব পাৰিব:
- কেতিয়াও আপোনাৰ বেংক একাউন্ট বিৱৰণ (কাৰ্ড নম্বৰ, ম্যাদ পাৰ হোৱা তাৰিখ, পিন) চেয়াৰ নকৰিব।
- আপোনাৰ বেংক নাইবা মোবাইল অ’পাৰেটৰ বুলি দাবী কৰা যিকোনো মেইল নাইবা SMS, অফিচিয়েল SMS হেণ্ডেল/ই-মেইল ঠিকনাৰ পৰা পঠিয়াইছে নে নাই চাই লওক।
- কেতিয়াও SMS নাইবা আন চেনেলৰ যোগেদি পোৱা OTP নাইবা অন্য কোড কাৰো লগত চেয়াৰ নকৰিব।
- আপোনাৰ একাউন্টৰ পৰা কৰা লেনদেনসমুহ ট্ৰেক কৰিবৰ বাবে ই-মেইল আৰু SMS এলাৰ্ট চাবস্ক্ৰাইব কৰক।
- আপোনাৰ বেংকৰ অতীত লেনদেনসমূহ নিয়মীয়াকৈ চাওক আৰু অনিয়মিত লেনদেনসমূহ নিৰীক্ষণ কৰক।
অতি শীঘ্ৰেই আমি আমাৰ পৰৱৰ্তী তথ্যপ্ৰদ ব্লগ আপোনালোকলৈ আগবঢ়াম !
सुरक्षित लेनदेन पर एक वीडियो देखें: https://youtu.be/I2GNsUAS0GY
Keep Reading
Trust & Safety
Identity Theft via KYC Fraud: How to Stay Protected
In KYC identity theft, fraudsters steal your personal information or create fake identities and use them to complete the KYC process fraudulently. Once verified, they gain unauthorized access to your accounts or use your KYC to open a new account, take loans and credit cards in your name, leading to financial loss and reputational damage.
Trust & Safety
Lost your phone? Here’s what you need to do to safeguard your savings
Your smartphone is no longer just a communication tool – it is your wallet, your bank and your identity. And thieves know this. They are not just looking to swindle your phone for some quick money but know that once they unlock it, they have access to much more. This blog details how financial frauds happen after device theft—and how you can prevent them.
Trust & Safety
PhonePe’s Guardrails: Future of Payment Security
The world of digital payments is changing rapidly and with consumers expecting more reliable and seamless transactions, the payments ecosystem has become more complex. The future of digital payments therefore depends on trust, privacy, and security. In this blog, we illustrate our continued efforts in creating secure and trustworthy systems.