PhonePe Blogs Main Featured Image

Trust & Safety

অনলাইনত বজাৰ কৰাৰ সময়ত সুৰক্ষিত থাকক: ভুৱা ৱেবছাইট আৰু প্ৰতাৰণামূলক বিজ্ঞাপন চিনাক্ত কৰা আৰু পৰিহাৰ কৰা

PhonePe Regional|4 min read|18 September, 2025

URL copied to clipboard

অনলাইনত বজাৰ কৰাটোৱে বিভিন্ন লোকসকলৰ বাবে বিভিন্ন উদ্দেশ্য পূৰণ কৰে। কাৰোবাৰ বাবে এইটো চাপ কম কৰাৰ উপায় হয় আনহাতে এজন খুবেই ব্যস্ত ব্যক্তিৰ বাবে এইটো বজাৰলৈ নোযোৱাকৈ নিজৰ প্ৰয়োজনীয় বস্তুবোৰ কিনাৰ এটা দ্ৰুত বিকল্প হয়। এগৰাকী মাতৃৰ বাবে এইটো বিদ্যালয়ৰ কষ্টিউম আৰু প্ৰপছ্ কিনাৰ জঞ্জাল সমাধানৰ সহজ উপায় হয় আনহাতে কাৰোবাৰ বাবে এইটো শেষ মুহূৰ্তত এজন বন্ধুৰ বাবে উপহাৰ ক্ৰয় কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায় হয়। এনেদৰে, বিভিন্ন লোকসকলে নিজৰ প্ৰয়োজন অনুসৰি এইটো ব্যৱহাৰ কৰে। সঁচাকৈ ক’বলৈ হ’লে, অনলাইনত বজাৰ কৰাটোৱে আমি নিজৰ বাবে তথা নিজৰ প্ৰিয়জনৰ বাবে বজাৰ কৰাৰ পদ্ধতিটো সম্পূৰ্ণৰূপে সলনি কৰি দিছে। অৱশ্যে দুৰ্ভাগ্যজনক কথা যে এইটো সুবিধাৰ এটা অপকাৰী দিশো আছে — অনলাইনত বজাৰ কৰোঁতে সন্মুখীন হোৱা প্ৰৱঞ্চনা।

চাইবাৰ অপৰাধীয়ে ভুৱা অনলাইন ষ্টোৰ তৈয়াৰ কৰে আৰু ছ’চিয়েল মিডিয়াৰ বিজ্ঞাপন ব্যৱহাৰ কৰি লোকসকলক ঠগিবলৈ চেষ্টা কৰে। সিহঁতে ব্যৱহাৰকাৰীৰ পৰা তেওঁলোকৰ ব্যক্তিগত তথ্য সংগ্ৰহ কৰে অথবা এনে প্ৰ’ডাক্টৰ বাবে পৰিশোধ আদায় লয় যিবোৰৰ কোনো অস্তিত্বই নাথাকে। এইবোৰ প্ৰৱঞ্চনা প্ৰায়েই ইমানেই বিশ্বাসযোগ্য যেন লাগে যে প্ৰথম দৃষ্টিত ইয়াক ধৰা পেলোৱাটো খুবেই কঠিন হৈ পৰে।

অনলাইনত বজাৰ কৰোঁতে সন্মুখীন হোৱা প্ৰৱঞ্চনাৰ জৰিয়তে কেৱল কেইশ অথবা কেইহাজাৰমান টকাৰে লোকচান নহয় বৰং ইয়াৰ জৰিয়তে লোকসকলৰ এনে ক্ষতিও হ’ব পাৰে যিয়ে তেওঁলোকক দীঘলীয়া সময়লৈকে অশান্তি দিব পাৰে:

  • আৰ্থিক লোকচান: এবাৰ টকা ট্ৰেন্সফাৰ হৈ যোৱাৰ পাছত সেয়া উভতাই পোৱাটো প্ৰায় অসম্ভৱ হৈ পৰে।
  • ডেটা চুৰি কৰা: প্ৰৱঞ্চক ৱেবছাইটসমূহে আপোনাৰ ব্যক্তিগত তথ্যসমূহ যেনে ক্ৰেডিট কাৰ্ডৰ তথ্য আদিৰ অপব্যৱহাৰ কৰিব পাৰে।
  • ব্ৰেণ্ডৰ ওপৰত থকা বিশ্বাস হেৰুওৱা: এনে প্ৰৱঞ্চনাৰ ভুক্তভোগীয়ে প্ৰায়েই সেইটো ব্ৰেণ্ড অথবা পেমেণ্ট গেটৱে পুনৰ ব্যৱহাৰ কৰিবলৈ সংকোচ কৰে, আনকি এইটো লেনদেন প্ৰকৃত আৰু সুৰক্ষিত হ’লেও।

এইবোৰ প্ৰৱঞ্চকে মানুহৰ বিশ্বাস, সামগ্ৰী কিনাৰ বাবে খৰধৰ কৰা আৰু ভাল অফাৰ পোৱাৰ আকাংক্ষাৰ অনুচিত সুবিধা লয়। আহকচোন আমি এয়া বুজিবলৈ চেষ্টা কৰোঁ যে এইবোৰ প্ৰৱঞ্চনাই কেনেদৰে কাম কৰে আৰু আপুনি নিজকে এইবোৰৰ পৰা কেনেকৈ সুৰক্ষিত কৰিব পাৰে।

অনলাইনত বজাৰ কৰোঁতে কেনেদৰে প্ৰৱঞ্চনা কৰা হয়

1. ছ’চিয়েল মিডিয়াত ভুৱা একাউণ্ট তৈয়াৰ কৰি

এইবোৰ প্ৰৱঞ্চকে ছ’চিয়েল মিডিয়াত নকল অথবা ভুৱা প্ৰ’ফাইল তৈয়াৰ কৰে। সিহঁতে সাধাৰণতে:

  • নিজকে জনাজাত ছেলাৰ অথবা ব্ৰেণ্ড হিচাপে উপস্থাপন কৰে।
  • “এক্সক্লুচিভ” অফাৰ দিয়াৰ দাবী কৰি এনে ৰেহাই আগবঢ়ায় যিবোৰ বহু বেছি লোভনীয় হয়।
  • প্ৰ’ডাক্টৰ ফটো চুৰি কৰি, সেইবোৰ ব্যৱহাৰ কৰে আৰু ভুৱা ৰিভিউ দেখুৱায়।
  • ব্যৱহাৰকাৰীক UPI অথবা বেংক ট্ৰেন্সফাৰৰ জৰিয়তে আগতীয়াকৈ ধন পৰিশোধ কৰিবলৈ জোৰ দিয়ে আৰু টকা পোৱাৰ পাছত নোহোৱা হয়।

উদাহৰণস্বৰূপে, এটা ভুৱা ছ’চিয়েল মিডিয়া পেজত, ট্ৰেণ্ডত থকা সাজ-পোছাকবোৰ জনপ্ৰিয় ব্ৰেণ্ডৰ তুলনাত আধা দামত বিক্ৰী কৰি থকা দেখুৱাব পাৰে। গ্ৰাহকে ইয়াৰ বাবে ধন পৰিশোধ কৰাৰ পাছত, একাউণ্টটোৱে হয়তো ক্ৰেতাজনক ব্লক কৰে অথবা ৰাতিটোৰ ভিতৰতে নোহোৱা হৈ পৰে।

2. প্ৰৱঞ্চনামূলক অনলাইন ৱেবছাইটসমূহ

ভুৱা ৱেবছাইটবোৰ প্ৰায়েই আচল ই-কমাৰ্চ প্লেটফৰ্মৰ নকল কৰি ডিজাইন কৰা হয়। এইবোৰে সাধাৰণতে:

  • ভুৱা ৱেবছাইটবোৰে আচল ৱেবছাইটৰ সৈতে মিল থকা ডমেইনৰ নাম ব্যৱহাৰ কৰে (যেনে xyz.inৰ সলনি xYz.in)।
  • ক্ৰেতাক প্ৰলোভিত কৰিবলৈ অবিশ্বাস্যভাৱে সস্তীয়া অফাৰ আগবঢ়ায়।
  • অসুৰক্ষিত পেমেণ্ট গেটৱেৰ ফলত আপোনাৰ বেংকৰ বিৱৰণ চুৰি হোৱাৰ ভয় থাকে।
  • নকল প্ৰ’ডাক্ট ডেলিভাৰী দিয়ে অথবা কেতিয়াবা একোৱেই ডেলিভাৰী নিদিয়ে।

এইবোৰ ৱেবছাইটে এই কথাৰ ওপৰত নিৰ্ভৰ কৰে যে ক্ৰেতাজনে ৱেবছাইটৰ প্ৰামাণিকতা, ৰিটাৰ্ণ পলিচি অথবা যোগাযোগৰ তথ্যৰ দৰে বিৱৰণসমূহ পুনৰাই পৰীক্ষা নকৰিব।

এইবোৰ সংকেত পালে সাৱধান হ’ব

সাধাৰণ সতৰ্কতা সংকেতসমূহৰ প্ৰতি সচেতন হ’লে আপুনি অনলাইনত বজাৰ কৰোঁতে প্ৰৱঞ্চনাৰ বলি হোৱাৰ পৰা ৰক্ষা পৰিব পাৰে। ইয়াৰে কিছুমান সংকেত হ’ল:

  1. খুবেই বেছিকৈ প্ৰলোভিত কৰা ৰেহাই: যদি অফাৰটো খুবেই বেছিকৈ প্ৰলোভিত কৰা যেন লাগে তেন্তে এইটো প্ৰৱঞ্চনা হোৱাৰ সম্ভাৱনা থাকে।
  2. কেশ অন ডেলিভাৰী (COD)ৰ সুবিধা নথকা: প্ৰৱঞ্চকবোৰে প্ৰায়েই কেৱল আগতীয়াকৈ ধন পৰিশোধ কৰিবলৈ জোৰ দিয়ে।
  3. ৱেবছাইটৰ সন্দেহজনক ডিজাইন: ভুল ব্যাকৰণ, অস্পষ্ট ফটো অথবা কাম নকৰা লিংক গুৰুত্বপূৰ্ণ সতৰ্কতা সংকেত হয়।
  4. সত্যাপন নকৰা ছ’চিয়েল মিডিয়া হেণ্ডেল: ব্লু টিক অথবা প্ৰকৃত ফল’ৱাৰৰ সংখ্যা পৰীক্ষা কৰক।
  5. কোনো গ্ৰাহক সহায় নথকা: বৈধ ব্যৱসায়সমূহে স্পষ্ট ৰিটাৰ্ণ/এক্সচেঞ্জ পলিচি আৰু সক্ৰিয় গ্ৰাহক সেৱা প্ৰদান কৰে।

নিজকে এনেকৈ ৰক্ষা কৰক

যদিও প্ৰৱঞ্চকবোৰ ক্ৰমান্বয়ে চতুৰ হৈ পৰিছে তথাপি আপুনি নিজকে সুৰক্ষিত কৰিবলৈ কেইটামান সহজ পদক্ষেপ গ্ৰহণ কৰিব পাৰে:

  1. কিনাৰ আগতে পৰীক্ষা কৰক: সদায়েই বিক্ৰেতা অথবা ৱেবছাইটৰ বিষয়ে অনুসন্ধান কৰক। গুগলত ৰিভিউ আৰু ফীডবেক চাই আপুনি সহজেই প্ৰৱঞ্চনা ধৰা পেলাব পাৰিব।
  2. ৱেবছাইটৰ সুৰক্ষা পৰীক্ষা কৰক: পৰিশোধৰ বিৱৰণ লিখাৰ আগতে URLত https:// আৰু এটা পেডলকৰ চিহ্ন চাই লওক।
  3. বিশ্বাসযোগ্য প্লেটফৰ্ম ব্যৱহাৰ কৰক: কেৱল সেইবোৰ ই-কমাৰ্চ এপ আৰু ৱেবছাইটৰ পৰা ক্ৰয় কৰক যিবোৰ জনপ্ৰিয় আৰু বিশ্বাসী হয়।
  4. ছ’চিয়েল মিডিয়াত সাৱধান হওক: ছ’চিয়েল মিডিয়া প্লেটফৰ্মত দেখা পোৱা প্ৰতিটো পেজ অথবা বিজ্ঞাপনক বিশ্বাস নকৰিব। একাউণ্টটোৰ সত্যতা পৰীক্ষা কৰক।
  5. সন্দেহজনক কাৰ্যকলাপৰ বিষয়ে অভিযোগ জনাওক: ভুৱা পেজৰ বিষয়ে সম্পৰ্কিত প্লেটফৰ্মত অভিযোগ জনাওক আৰু চৰকাৰী চাইবাৰ অপৰাধ প’ৰ্টেলত অভিযোগ পঞ্জীয়ন কৰক।

মনত ৰাখিব, প্ৰকৃত ব্যৱসায়বোৰে স্বচ্ছতাক মূল্য দিয়ে, সুৰক্ষিত পৰিশোধ বিকল্পসমূহ প্ৰদান কৰে আৰু আপোনাক কেতিয়াও লগে লগে পৰিশোধ কৰিবলৈ চাপ নিদিয়ে।

সেয়ে, অহাবাৰ যেতিয়া আপুনি ছ’চিয়েল মিডিয়া অথবা কোনো অপৰিচিত ৱেবছাইটত এনে অফাৰ দেখিবলৈ পায় যিটো অবিশ্বাস্যভাৱে আকৰ্ষণীয় হয়, তেন্তে থমকি ৰওক, সাৱধানেৰে পৰীক্ষা কৰক আৰু “এতিয়াই কিনক” বুটামটো টিপাৰ আগতে দুবাৰ চিন্তা কৰক।

PhonePeত এনেদৰে প্ৰৱঞ্চনাৰ বিষয়ে অভিযোগ জনাওক

যদি আপোনাক PhonePeৰ জৰিয়তে প্ৰৱঞ্চনা কৰা হৈছে, তেন্তে এনেদৰে নিজৰ অভিযোগ পঞ্জীয়ন কৰক:

1. PhonePe এপ: Help/সহায় শাখালৈ যাওক আৰু “have an issue with the transaction/লেনদেনত সমস্যা হৈছে” বিকল্পৰ অধীনত নিজৰ সমস্যা জনাওক।

2. PhonePe গ্ৰাহক সেৱা নম্বৰ: আপুনি PhonePeৰ গ্ৰাহক সেৱা নম্বৰ 80–68727374 / 022–68727374ত কল কৰি নিজৰ অভিযোগ পঞ্জীয়ন কৰিব পাৰিব। ইয়াৰ পাছত গ্ৰাহক সেৱা বিষয়াই আপোনাৰ বাবে এটা টিকট তৈয়াৰ কৰিব আৰু আপোনাৰ সমস্যাটো সমাধান কৰিবলৈ সহায় কৰিব।

3. ছ’চিয়েল মিডিয়া: আপুনি তলত দিয়াসমূহৰ জৰিয়তে প্ৰৱঞ্চনাৰ বিষয়ে অভিযোগ জনাব পাৰিব

Twitter — https://twitter.com/PhonePeSupport

Facebook — https://www.facebook.com/OfficialPhonePe

4. অভিযোগ: বিদ্যমান অভিযোগৰ সমাধান নহ’লে আপুনি https://grievance.phonepe.com/ত ল’গইন কৰি আগতে উত্থাপন কৰা টিকটৰ আইডি শ্বেয়াৰ কৰিব পাৰে।

5. চাইবাৰ চেল: শেষত, আপুনি নিকটতম চাইবাৰ ক্ৰাইম চেলত প্ৰৱঞ্চনাৰ অভিযোগ পঞ্জীয়ন কৰিব পাৰে অথবা অনলাইনযোগে https://www.cybercrime.gov.in/ত অভিযোগ পঞ্জীয়ন কৰিব পাৰে অথবা 1930 নম্বৰত চাইবাৰ ক্ৰাইম চেলৰ হেল্পলাইনৰ সৈতে যোগাযোগ কৰিব পাৰে।

মনত ৰাখিবলগীয়া গুৰুত্বপূৰ্ণ কথা — PhonePeই কেতিয়াও গোপনীয় অথবা ব্যক্তিগত বিৱৰণ জানিবলৈ নিবিচাৰে। PhonePeৰ পৰা পঠিওৱা বুলি দাবী কৰা সকলোবোৰ ইমেইল আওকাণ কৰক যদিহে সেইবোৰ phonepe.com ডমেইনৰ পৰা অহা নাই। যদি আপুনি প্ৰৱঞ্চনা হোৱা বুলি সন্দেহ কৰে, তেন্তে অনুগ্ৰহ কৰি তৎক্ষণাত সম্পৰ্কিত কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰক।

Keep Reading