PhonePe Blogs Main Featured Image

Investments

আপুনি আপোনাৰ মাহিলী দৰমহাৰ পৰা পৰ্যাপ্ত বিনিয়োগ কৰিছেনে?

PhonePe Regional|2 min read|11 June, 2021

URL copied to clipboard

মই মোৰ মাহিলী আয়ৰ কিমান শতাংশ বিনিয়োগ কৰা উচিত? যদি এই চিন্তা কেতিয়াবা আপোনাৰ মনলৈ আহিছে, আপুনি অকলশৰীয়া নহয়। এইটো বিনিয়োগকাৰীসকলে কৰা এটা সচৰাচৰ প্ৰশ্ন, বিশেষকৈ তেওঁলোকৰ বিনিয়োগ যাত্ৰাৰ প্ৰাৰম্ভিক সময়ছোৱাত৷

দুৰ্ভাগ্যবশতঃ, এনে কোনো নিৰ্ধাৰিত সংখ্যা বা শতাংশ নাই যি তেওঁলোকৰ জীৱনৰ প্ৰতিটো পৰ্যায়ত, সকলো ক্ষেত্ৰতে কাম কৰে। এই ব্লগ পোষ্টত, আমি আপোনাক বিভিন্ন দিশ সাঙুৰি লৈ, কিছুমান নিৰ্দেশনাৰ সৈতে সহায় কৰিবলৈ চেষ্টা কৰিম।

কথাখিনি বুজাত সহজ হ’বলৈ ইয়াত এটা ক্ৰিকেটৰ উদাহৰণ দিয়া হৈছে।

এখন 50 অ’ভাৰৰ এদিনীয়া ক্ৰিকেট খেলত, যেতিয়া প্ৰথমটো দলৰ বেটছমেনে বেটিং কৰিবলৈ আহে, তেওঁলোকে খেলখন জিকিবলৈ কি ৰাণ ৰেটত ৰাণ কৰিব লাগিব সেয়া জানো জানে? নাজানে, নহয়নে? কাৰণ লক্ষ্য কৰি আগবাঢ়িবৰ বাবে তেওঁলোকৰ সম্মুখত এটা নিৰ্দিষ্ট স্ক’ৰ নাথাকে।

অৱশ্যে, তেওঁলোকে জিকাৰ সম্ভাৱনা বৃদ্ধিৰ বাবে কি কৰিব লাগিব সেইটো জানে, তেওঁলোকে তেওঁলোকৰ ইনিংছত এক নিৰ্দিষ্ট নিম্নতম ৰাণ ৰেটত ৰাণ কৰিব লাগিব (ধৰক, প্ৰতি অভাৰত 5–6 ৰাণ) আৰু মুঠ ৰাণ ৰেট যিমানে বেছি হয়, সিমানেই জিকাৰ সম্ভাৱনা অধিক হ’ব৷

একেদৰে, যেতিয়া আপোনাৰ বয়স 20 ৰ পৰা 30 ৰ আৰম্ভণিতে হয়, আপোনাৰ দীৰ্ঘম্যাদী বিত্তীয় লক্ষ্যৰ বিষয়ে আপোনাৰ স্পষ্ট ধাৰণা নাথাকিব পাৰে কিয়নো সেই লক্ষ্যসমূহ আপোনাৰ জীৱনশৈলী, উপাৰ্জন, পৰিয়ালৰ আকাংক্ষা আদিৰ ওপৰত নিৰ্ভৰ কৰে আৰু সদায়েই সেই লক্ষ্যসমূহ সময়ৰ লগত বিকশিত হোৱাৰ প্ৰৱণতা থাকে।

সেয়েহে, আৰম্ভণিতে, এক স্পষ্ট লক্ষ্য নথকাৰ বাবে, আপুনি এক নিৰ্দিষ্ট গ্ৰহণযোগ্য বিনিয়োগ হাৰৰ সৈতে আগবাঢ়িব পাৰে — সাধাৰণতে, আপোনাৰ মুঠ উপাৰ্জনৰ 30–40% বিনিয়োগ কৰাটো উপযুক্ত বুলি গণ্য কৰা হয়।

অৱশ্যে, যিদৰে বেটছমেনসকলে প্ৰতিটো অ’ভাৰত 5 বা ততোধিক ৰাণ সংগ্ৰহ কৰিব নোৱাৰে, আপুনিও সদায় 30–40% ৰাহি কৰিব নোৱাৰিব পাৰে আৰু সেইটো ঠিকেই আছে। মূল কথাটো হ’ল সময়ৰ লগে লগে গড় বিনিয়োগৰ সেই স্তৰটো প্ৰাপ্ত কৰিবলৈ চেষ্টা কৰা। লগতে, যদিহে আপোনাৰ বৰ্তমানৰ বিত্তীয় পৰিস্থিতিয়ে আপোনাক অধিক সঞ্চয় কৰিবলৈ অনুমতি দিয়ে (ধৰক 50%), তেন্তে কৰক, কিয়নো ভৱিষ্যতে এনে পৰিস্থিতিও আহিব পাৰে য’ত আপুনি সেই 30–40% বিনিয়োগৰ হাৰ বজাই ৰাখিব নোৱাৰিব পাৰে।

মনত ৰাখিব, কম বয়সত কৰা আৰু দীৰ্ঘম্যাদী সময়ৰ বাবে কৰা বিনিয়োগে আপোনাৰ সম্পদশালী হোৱাৰ যাত্ৰাত অধিক মূল্য যোগ দিব পাৰে, এইটো হয় যৌগিক ক্ষমতাৰ বাবে (এই বিষয়ে এইটো ব্লগ ত অধিক পঢ়ক)

এতিয়া, আমাৰ ক্ৰিকেটৰ উদাহৰণলৈ ঘূৰি যাওঁ আহক। কিন্তু এইবাৰ, ধৰি লওঁক দলটোৱে এখন এদিনীয়া খেলত দ্বিতীয়তে বেটিং কৰিছে। যিহেতু তেওঁলোকে দ্বিতীয় ইনিংছত বেটিং কৰিছে, বেটছমেনসকলে তেওঁলোকে অনুসৰণ কৰিব লগা সঠিক লক্ষ্যটো আগতীয়াকৈ জানিব আৰু তেওঁলোকৰ ইনিংছ সেই অনুপাতে আগবঢ়াব পাৰিব৷

একেধৰণে, আপোনাৰ বয়স 30 ৰ মাজভাগ পোৱাৰ লগে লগে, আপোনাৰ হ্ৰস্ব, মধ্যম আৰু দীৰ্ঘম্যাদী বিত্তীয় লক্ষ্যৰ বিষয়ে আপোনাৰ এক উন্নত ধাৰণা থাকিব। বিত্তীয় লক্ষ্যৰ ওপৰত এই স্পষ্টতাই আপোনাৰ ৰিস্কৰ প্ৰ’ফাইল আৰু প্ৰত্যাশিত লাভৰ হাৰ বিবেচনা কৰি সেই বিত্তীয় লক্ষ্যসমূহ প্ৰাপ্ত কৰিবলৈ আপুনি বিনিয়োগ কৰিব লগা পৰিমাণটো নিৰ্ণয় কৰাত সহজ কৰি তুলিব। উদাহৰণ স্বৰূপে, আপোনাৰ বিত্তীয় সুৰক্ষা প্ৰাপ্ত কৰিবৰ বাবে এক নিৰ্দিষ্ট পৰিমাণৰ টকা জমা কৰা, আপোনাৰ সন্তানৰ ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰা, গাড়ী কিনা ইত্যাদি (আমি পৃথক ব্লগত বিত্তীয় লক্ষ্য-আধাৰিত বিনিয়োগৰ বিষয়ে অধিক সামৰি লম) ইত্যাদি বিভিন্ন লক্ষ্য থাকিব পাৰে। এই প্ৰতিটো লক্ষ্যৰ বাবে আপুনি কিছুমান নিয়মীয়া বিনিয়োগ কৰিব লাগিব আৰু এনে সকলো বিনিয়োগে আপোনাক আপুনি কৰিব লগা মুঠ বিনিয়োগত উপনীত হোৱাত সহায় কৰিব।

শেষত, আপুনি বিনিয়োগ আৰম্ভ কৰিব বুলি মনত স্পষ্ট কৰি লোৱাতো অতি গুৰুত্বপূৰ্ণ। সেইখিনি লাগে আপোনাৰ উপাৰ্জনৰ 20%, 30% বা 50% য়েই লওক, সেইটো গুৰুত্বপূৰ্ণ নহয়। আপুনি আৰম্ভ কৰাৰ পিছত, আপোনাৰ সম্পদ সৃষ্টিৰ যাত্ৰাত আগবাঢ়ি যোৱাৰ লগে লগে আপুনি বিনিয়োগৰ পৰিমাণ সদায়েই মিলাই যাব পাৰিব।

মিউচুৱেল ফাণ্ডসমূহ বজাৰৰ বিপদাশংকাৰ ওপৰত নিৰ্ধাৰিত৷ অনুগ্ৰহ কৰি বিনিয়োগ কৰাৰ আগতে আঁচনি-সম্পৰ্কীয় সকলো নথিপত্ৰ মনোযোগেৰে পঢ়ক।

Keep Reading