PhonePe Blogs Main Featured Image

Investments

সম্পদ গঢ়া আৰু কোটিপতি হোৱাৰ সহজ উপায়সমূহ শিকক

PhonePe Regional|2 min read|02 August, 2021

URL copied to clipboard

সোনকালে আৰম্ভ কৰক, কমকৈ আৰম্ভ কৰক আৰু সময়ত অধিক জমা কৰক

সকলোৱে কোটিপতি হোৱাৰ সপোন দেখে কিন্তু বহুতেই তাত উপনীত হোৱাৰ পথটো নাজানে। নিশ্চিতভাৱে ইয়াৰ কোনো চৰ্ট-কাট নাই, যদিহে আপোনাৰ নিয়মীয়াকৈ বিনিয়োগ কৰাৰ ধৈৰ্য আৰু অনুশাসন থাকে তেন্তে এইটো সম্ভৱ হৈ উঠে৷

যাদু-মন্ত্ৰটো হ’ল ধৈৰ্য্যসহকাৰে কম পৰিমাণত বিনিয়োগ কৰি যোৱা আৰু চক্ৰবৃদ্ধি সূত বাঢ়িবলৈ দিয়া।

চক্ৰবৃদ্ধি সূত কি?

এইটো একেবাৰেই সহজ৷ ধৰি লওক আপুনি 8% প্ৰতি বৰ্ষ সূতত ₹100 বিনিয়োগ কৰিছে, আপুনি বছৰৰ শেষত ₹8 পাব৷ যদি আপুনি আৰু এবছৰৰ বাবে একেই 8% সূতৰ হাৰত ₹108 পুনৰ বিনিয়োগ কৰে, আপুনি ₹8.64 পাব৷ অতিৰিক্ত 64 পইচাটো আপুনি আয় কৰা সূতৰ ওপৰত পোৱা সূতৰ বাবে পাব — সেইটোৱেই হ’ল চক্ৰবৃদ্ধি সূত৷

আপুনি যিমান দীৰ্ঘ সময়ৰ বাবে বিনিয়োগ কৰে, সিমান বেছি ‘চক্ৰবৃদ্ধি সূত’ পাব আৰু দীৰ্ঘ দিনৰ পিছত, সেইখিনি এটা মোটা ৰাশি হ’ব — যিখিনি আপুনি প্ৰথমে বিনিয়োগ কৰা ৰাশিতকৈ বহুত বেছি৷

আপুনি কিমান সঞ্চয় কৰিব লাগিব আৰু আপুনি কেনেকৈ আৰম্ভ কৰিব?

যদি আপোনাৰ 30 বছৰীয়া বিনিয়োগৰ প্লেন আছে (সোনকালে আৰম্ভ কৰি), প্ৰতি বছৰে 10%-কৈ বৃদ্ধি হ’বলৈ প্ৰতি মাহে আপোনাৰ মাত্ৰ 1300 টকা প্ৰয়োজন হ’ব।

যদি আপুনি 30 বছৰৰ আগতেই কোটিপতি হ’ব বিচাৰে তেন্তে আপুনি অধিক টকা বিনিয়োগ কৰিবও পাৰে।

তলৰ তালিকাখনে আপোনাৰ কোটিপতি যাত্ৰা আৰম্ভ কৰিবলৈ প্ৰয়োজন হোৱা মাহিলী বিনিয়োগৰ পৰিমাণ দেখুৱাইছে।

গতিকে, যদি আপুনি আপোনাৰ বিনিয়োগৰ পৰা 10% বাৰ্ষিক ৰিটাৰ্ণ আশা কৰে, আপুনি 25 বছৰত 1 কোটি টকা ৰখাৰ বাবে প্ৰতি মাহে 3,200 টকাৰে আৰম্ভ কৰিব লাগিব পাৰে। একেদৰে, যদি আপুনি বিনিয়োগৰ ওপৰত 12% লাভ আশা কৰে আৰু 20 বছৰত এই লক্ষ্য প্ৰাপ্ত কৰিব বিচাৰে, আপুনি প্ৰতি মাহে 5,400 টকাৰে আৰম্ভ কৰিব লাগিব পাৰে।

আপোনাৰ কোটিপতি হোৱাৰ যাত্ৰা আৰম্ভ কৰিবলৈ সাজুনে?

আপুনি আৰম্ভ কৰাৰ আগতে এইসমূহ মনত ৰখা উচিত:

সঠিক বিনিয়োগ প্ৰডাক্ট বাছনি কৰক: আপুনি ল’ব পৰা ৰিস্কৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি সম্পদৰ বিভিন্ন প্ৰকাৰ যেনে ইকুইটি আৰু ডেট ইত্যাদিত প্ৰডাক্টৰ সঠিক সংমিশ্ৰণেৰে আৰম্ভ কৰাটো আৱশ্যক। যদিহে এইটো কঠিন যেন লাগে, আপুনি আমাৰ বিনিয়োগ সমাধানবোৰৰ এটা বাছনি কৰিব পাৰে যি আপুনি ল’ব পৰা ৰিস্কৰ পৰিমাণৰ সৈতে মিলে।

মাহিলী বিনিয়োগৰ পৰিমাণ নিৰ্ধাৰণ কৰক: আপুনি বাছনি কৰা বিনিয়োগ প্ৰডাক্ট বা প্ৰডাক্টৰ সংমিশ্ৰণৰ ওপৰত নিৰ্ভৰ কৰি (এগ্ৰেছিভ, মডাৰেট, কনজাৰ্ভেটিভ) আৰু আপুনি কিমান বছৰৰ বাবে বিনিয়োগ কৰিব তাৰ ওপৰত নিৰ্ভৰ কৰি, আপুনি আপোনাৰ প্ৰাৰম্ভিক মাহিলী বিনিয়োগ নিৰ্ধাৰণ কৰিব পাৰে।

এটা শৃঙ্খলাৱদ্ধ পদ্ধতি অনুসৰণ কৰক: আপুনি বিনিয়োগ কৰাৰ এক শৃংখলাবদ্ধ পদ্ধতি অনুসৰণ কৰিব লাগিব (ক) প্ৰতি মাহে বিনিয়োগ কৰা, (খ) প্ৰতি বছৰে আপোনাৰ বিনিয়োগ 10%-লৈ বৃদ্ধি কৰা।

ধৈৰ্য্য ৰাখক: আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, আপুনি হ্ৰস্বম্যাদী উত্থান-পতন নিৰ্বিশেষে আপোনাৰ বিনিয়োগ অব্যাহত ৰাখিব লাগিব।

দেৰি নকৰিব! আপোনাৰ ব্যক্তিগত বিনিয়োগ পৰিকল্পনাৰ ওপৰত কাম কৰক আৰু আজিয়েই আপোনাৰ কোটিপতি হোৱাৰ যাত্ৰা আৰম্ভ কৰক।

*মিউচুৱেল ফাণ্ডসমূহ বজাৰৰ ৰিস্কৰ ওপৰত নিৰ্ধাৰিত৷ অনুগ্ৰহ কৰি বিনিয়োগ কৰাৰ আগতে আঁচনি-সম্পৰ্কীয় সকলো নথিপত্ৰ মনোযোগেৰে পঢ়ক।

Keep Reading