PhonePe Blogs Main Featured Image

Investments

ইমাৰ্জেন্সি ফাণ্ডেৰে যিকোনো আৰ্থিক অনিশ্চয়তাৰ বাবে প্লেন কৰক

PhonePe Regional|2 min read|28 June, 2021

URL copied to clipboard

কোভিড-19 মহামাৰীয়ে আমাক বহু ধৰণে প্ৰভাৱিত কৰিছে। আমাৰ ব্যক্তিগত জীৱনত এই ভাইৰাছে যথেষ্ট প্ৰভাৱ পেলাইছে, এই অনিশ্চয়তাৰ বাবে আমাৰ আৰ্থিক জীৱনো প্ৰভাৱিত হৈছে৷ যদিও আমি এনে ঘটনাৰ পূৰ্বানুমান কৰিব নোৱাৰো, আমি নিশ্চিতভাৱে ইয়াৰ পৰা হ’ব পৰা আৰ্থিক অনিশ্চয়তাৰ বাবে পৰিকল্পনা কৰিব পাৰোঁ। এইটো কৰাৰ এটা আটাইতকৈ বিচক্ষণ উপায় হ’ল ইমাৰ্জেন্সি ফাণ্ড সৃষ্টি কৰা।

ইমাৰ্জেন্সি ফাণ্ড কি?

ইমাৰ্জেন্সি ফাণ্ড হ’ল আপোনাৰ উপাৰ্জনৰ কিছু অংশ অপ্ৰত্যাশিত ঘটনাৰ বাবে সাঁচি ৰখা, যি ঘটনাই ভৱিষ্যতে আমাক আৰ্থিকভাৱে প্ৰভাৱিত কৰিব পাৰে। ইয়াক আপুনি গাড়ী চলোৱাৰ সময়ত পিন্ধা চিটবেল্ট বা বাইক চলাওঁতে পিন্ধা হেলমেট বুলি ধৰি লওঁক৷ চিটবেল্ট বা হেলমেট পিন্ধাতো প্ৰয়োজনীয় কিয়নো ই আপোনাক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পৰা সুৰক্ষিত কৰে। একেদৰেই ইমাৰ্জেন্সি ফাণ্ডেও আপোনাক আৰ্থিকভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পৰা সুৰক্ষিত কৰে।

ধৰি লওঁক, আপুনি আপোনাৰ ভৱিষ্যতৰ কিছুমান লক্ষ্য যেনে ঘৰ কিনা, আপোনাৰ সন্তানৰ শিক্ষাৰ বাবে সঞ্চয় কৰা আদিৰ বাবে বিনিয়োগ কৰিছে৷ এনে ক্ষেত্ৰত, যদি আপুনি মহামাৰীৰ দৰে পৰিস্থিতিৰ সন্মুখীন হয়, ইমাৰ্জেন্সি আৰ্থিক পৰিস্থিতিৰ সৈতে যুঁজিবলৈ আপুনি ভৱিষ্যতৰ লক্ষ্যৰ বাবে সঞ্চিত বিনিয়োগৰ লগত মিটমাট কৰিব লগা হোৱাৰ সম্ভাৱনা অধিক। কিন্তু যদি আপোনাৰ ইমাৰ্জেন্সি ফাণ্ড থাকে, আপোনাক এনে পৰিস্থিতিত সুৰক্ষা দিব কিয়নো এই ফাণ্ডে আপোনাৰ ভৱিষ্যতৰ লক্ষ্যত প্ৰভাৱ নপৰাকৈ অপৰিকল্পিত ব্যয়ৰ সন্মুখীন হোৱাত আপোনাক সহায় কৰিব।

আপোনাৰ ইমাৰ্জেন্সি ফাণ্ড আৰম্ভ কৰাত সহায় কৰিবৰ বাবে কিছুমান পৰামৰ্শ:

  • কমেও 6 মাহ ব্যয় ইমাৰ্জেন্সি ফাণ্ড হিচাপে ৰাখিব। উদাহৰণ স্বৰূপে, যদি আপোনাৰ মাহিলী ব্যয় ₹10,000 হয়, তেন্তে ইমাৰ্জেন্সি ফাণ্ড এটা সৃষ্টি কৰিবলৈ কমেও ₹60,000 ৰাখিব।
  • আমাৰ বেছিভাগৰ বাবে, এই পৰিমাণটো এবাৰতে বিনিয়োগ কৰা সম্ভৱ নহ’ব পাৰে, সেয়েহে আপুনি মাহিলী SIP (চিষ্টেমেটিক ইনভেষ্টমেন্ট প্লেন) বাছনি কৰিব পাৰে আৰু আপোনাৰ প্ৰয়োজনীয় পৰিমাণ জমা কৰিবলৈ প্ৰতি মাহে বিনিয়োগ কৰিব পাৰে।
  • যদি আপুনি যিকোনো আৰ্থিক ইমাৰ্জেন্সি পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ইয়াক ব্যৱহাৰ কৰে তেন্তে আপোনাৰ ইমাৰ্জেন্সি ফাণ্ড পুনৰ পূৰণ কৰাটো নিশ্চিত কৰিব।
  • প্ৰতি বছৰে আপোনাৰ ব্যয়বোৰ পুনৰীক্ষণ কৰক আৰু আপোনাৰ ব্যয় বৃদ্ধি হোৱাৰ সৈতে আপোনাৰ ইমাৰ্জেন্সি পুঁজি বৃদ্ধি কৰক।

আমি ইমাৰ্জেন্সি ফাণ্ড কি বুজি পালো, এতিয়া এই পৰিমাণটো ক’ত বিনিয়োগ কৰিব পাৰে জানো আহক।

লিকুইড ফাণ্ড — আৰ্থিক ইমাৰ্জেন্সিৰ ক্ষেত্ৰত সঞ্চয় কৰাৰ এটা উপায়

আমি এতিয়া বুজিলোঁ ইমাৰ্জেন্সি ফাণ্ডে আমাক আৰ্থিক অনিশ্চয়তাৰ সৈতে মোকাবিলা কৰাত কেনেদৰে সহায় কৰিব পাৰে। কিন্তু এই পৰিমাণটো আপোনাৰ চেভিংছ একাউণ্টত ৰখাৰ পৰিৱৰ্তে আঁতৰাই ৰখাটো কিয় ইমান গুৰুত্বপূৰ্ণ? যেতিয়া আপুনি আপোনাৰ চেভিংছ একাউণ্টত কিছু অতিৰিক্ত ধন ৰাখে, ই আন ব্যয়ৰ বাবে ব্যৱহাৰ হ’ব পাৰে। সেয়েহে, ইমাৰ্জেন্সি ফাণ্ডৰ পৰিমাণ বেলেগকৈ বিনিয়োগ কৰি, আপুনি কেৱল আৰ্থিক ইমাৰ্জেন্সিৰ বাবে সেই পৰিমাণটো ৰাখিবলৈ সক্ষম হ’ব, আন কোনো ব্যয়ৰ বাবে নহয়।

এই ইমাৰ্জেন্সি ফাণ্ড সৃষ্টি কৰাৰ এটা উপায় হ’ল লিকুইড ফাণ্ডত বিনিয়োগ কৰা। লিকুইড ফাণ্ড হৈছে এক প্ৰকাৰৰ মিউচুৱেল ফাণ্ড যি হ্ৰস্বম্যাদী বিনিয়োগৰ বাবে আৰু লগতে আপোনাৰ চেভিংছ একাউণ্টৰ বিকল্প হিচাপে কাম কৰিব পাৰে। এই ফাণ্ডসমূহ শ্বেয়াৰ বজাৰত বিনিয়োগ নকৰে কিন্তু আপোনাৰ টকা গভৰ্ণমেন্ট আৰু বেংক চিকিউৰিটিৰ দৰে সুৰক্ষিত মাধ্যমত বিনিয়োগ কৰা হয়।

লিকুইড ফাণ্ডত বিনিয়োগ কৰাৰ সুবিধাসমূহ:

  • চেভিংছ একাউণ্টতকৈ সম্ভাৱ্যভাৱে ভাল ৰিটাৰ্ণ
  • কোনো লক ইন পিৰিয়ড নাই^
  • কোনো ন্যূনতম বেলেন্সৰ আৱশ্যকতা নাই
  • ₹100 ৰ দৰে কম মূল্যৰে বিনিয়োগ কৰিব পাৰি
  • ₹50,000* পৰ্য্যন্ত টকা নিমিষতে উলিয়াব পাৰি

যিহেতু লিকুইড ফাণ্ডত আপোনাৰ টকা সহজে এক্সেছযোগ্য আৰু চেভিংছ একাউন্টতকৈ সম্ভাৱ্যভাৱে ভাল ৰিটাৰ্ণ প্ৰদান কৰে, ইয়াক ইমাৰ্জেন্সি ফাণ্ড হিচাপে ব্যৱহাৰ কৰিব পাৰি৷

যিকোনো আৰ্থিক অনিশ্চয়তাৰ পৰা আপোনাৰ ভৱিষ্যতৰ লক্ষ্যবোৰ সুৰক্ষিত কৰিবলৈ আজিয়েই আপোনাৰ ইমাৰ্জেন্স ফাণ্ড সৃষ্টি কৰক।

দাবিত্যাগ:

^ লিকুইড ফাণ্ডৰ লক ইন পিৰিয়ড নাথাকে কিন্ত আপুনি যদি আপোনাৰ টকাখিনি ক্ৰমে 1 দিন, 2 দিন, 3 দিন, 4 দিন, 5 দিন আৰু 6 দিনৰ ভিতৰত উলিয়াই তেন্তে 0.007%, 0.0065%, 0.006%, 0.0055%, 0.005% আৰু 0.0045% ৰ দৰে সামান্য এক্সিট লোড প্ৰযোজ্য হ’ব পাৰে৷

* আপুনি আপোনাৰ বিনিয়োগৰ 90% পৰ্য্যন্ত বা দিনে ₹50,000 যিটোৱেই কম হয়, উলিয়াব পাৰে৷

মিউচুৱেল ফাণ্ডসমূহ বজাৰৰ ৰিস্কৰ ওপৰত নিৰ্ধাৰিত৷ অনুগ্ৰহ কৰি বিনিয়োগ কৰাৰ আগতে আঁচনি-সম্পৰ্কীয় সকলো নথিপত্ৰ মনোযোগেৰে পঢ়ক।

Keep Reading