PhonePe Blogs Main Featured Image

Investments

আপোনাৰ বিনিয়োগৰ শৈলী বুজক: ই 20–20, ODI নে টেষ্ট?

PhonePe Regional|2 min read|21 June, 2021

URL copied to clipboard

যদি আপুনি ক্ৰিকেটৰ প্ৰতি আগ্ৰহী, আপুনি বুজি পাব যে বিভিন্ন প্ৰকাৰৰ ক্ৰিকেট খেলৰ বাবে খেলৰ ৰণনীতিও পৃথক হয়৷ আপোনাৰ বিনিয়োগ কৌশলৰ বাবেও একে ধৰণৰ পদ্ধতি অনুসৰণ কৰিব লাগিব।

ধৰি লওঁক, আপুনি আপোনাৰ দলৰ অধিনায়ক, আপুনি টছত জিকি আপোনাৰ মেচ আৰম্ভ কৰিছে আৰু প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। আপুনি খেলা প্ৰতিখন বেলেগ বেলেগ প্ৰকাৰৰ খেলৰ বাবে, কিছুমান কাৰক থাকিব যিবোৰ এখনতকৈ আনখনৰ বাবে অধিক গুৰুত্বপূৰ্ণ হ’ব পাৰে৷

ইয়াত এটা আভাস দিয়া হৈছে:

আপুনি খেলি থকা খেলৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি আপুনি আপোনাৰ বেটিংৰ ৰণনীতি নিৰ্ণয় কৰিব। 20–20 খেলৰ বাবে বেটিং কৰোঁতে, আপোনাৰ অগ্ৰাধিকাৰ হ’ব উইকেট হেৰুওৱাৰ চিন্তা নকৰাকৈ অধিক ৰাণৰেট প্ৰাপ্ত কৰা। কিন্তু এদিনীয়া খেলৰ (ODI) ক্ষেত্ৰত, আপুনি ৰাণ ৰেট আৰু হাতত থকা উইকেটৰ মাজত ভাৰসাম্য বজায় ৰাখিবলৈ যত্ন কৰিব, আৰু এখন টেষ্ট মেচৰ সময়ত আপুনি উচ্চ ৰাণৰ হাৰতকৈ, উইকেট সংৰক্ষণত অধিক গুৰুত্ব দিব।

আপুনি হয়তো এইখিনি ইতিমধ্যে জানে। কিন্তু এই কথাখিনি আপোনাৰ বিনিয়োগ শৈলী পছন্দ কৰাৰ লগত কেনেদৰে সম্পৰ্কিত?

হয়, যদি আপুনি নতুনকৈ মিউচুৱেল ফাণ্ড কৰিবলৈ লৈছে, আপোনাৰ বিনিয়োগৰ বাবে সঠিক প্ৰকাৰৰ মিউচুৱেল ফাণ্ড বাছনি কৰাটো উপৰোক্ত কথাখিনিৰ সৈতে একে হ’ব পাৰে। আপুনি বিনিয়োগ কৰা মিউচুৱেল ফাণ্ডৰ প্ৰকাৰ মূলতঃ আপোনাৰ বিনিয়োগৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰিব।

উদাহৰণ স্বৰূপে, যেতিয়া আপুনি হ্ৰস্বম্যাদী সময়ৰ বাবে বিনিয়োগ কৰে, আপুনি সদায় নিম্ন ৰিস্কৰ সৈতে সামঞ্জস্যপূৰ্ণ ৰিটাৰ্ণ প্ৰদান কৰিব পৰা ফাণ্ডৰ ওপৰত গুৰুত্ব দিব৷ অৱশ্যে, দীৰ্ঘম্যাদী বিনিয়োগ কৰোঁতে, আপুনি এনেকুৱা ফাণ্ডত বিনিয়োগ কৰিব পাৰে য’ত উচ্চ ৰিটাৰ্ণ প্ৰদান কৰাৰ সম্ভাৱনা আছে কিন্তু তাত হ্ৰস্বম্যাদী সময়ত কিছু উত্থান-পতন থাকিব পাৰে। সহজ অৰ্থত, এজন বেটছমেন হিচাপে, আপুনি খেলি থকা খেলৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ বেটিং ৰণনীতি সলনি কৰিব লাগিব। একেদৰে, আপোনাৰ বিনিয়োগৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ বিনিয়োগ শৈলী বাছনি কৰাটো আৱশ্যক।

ইয়াত এটা উদাহৰণ দিয়া হৈছে:

এতিয়া চাওক, আপোনাৰ বিনিয়োগৰ ম্যাদ বৃদ্ধি হোৱাৰ লগে লগে বা ৰিস্কৰ অগ্ৰাধিকাৰ নিম্নৰ পৰা উচ্চলৈ সলনি হোৱাৰ লগতে, সাম্ভাব্য লাভো বৃদ্ধি হৈছে। ইয়াৰ পৰা বুজিব পাৰি যে যদি ফাণ্ডৰ কাৰ্য্যকাৰিতাৰ উত্থান-পতনত আপোনাৰ কোনো অসুবিধা হোৱা নাই, তেন্তে দীৰ্ঘম্যাদী সময়ত জমা হোৱা ৰিটাৰ্ণ যথেষ্ট বেছি হ’ব। চমুকৈ, ৰিস্ক অধিক হ’লে, সম্ভাৱ্য ৰিটাৰ্ণো অধিক হ’ব।

সেয়েহে, যেতিয়া আপুনি আপোনাৰ প্ৰথম বিনিয়োগ কৰে, আপোনাৰ বিনিয়োগৰ লক্ষ্য অনুসৰি আপোনাৰ বিনিয়োগ শৈলী বাছনি কৰাটো নিশ্চিত কৰিব।

দাবিত্যাদ: মিউচুৱেল ফাণ্ডসমূহ বজাৰৰ ৰিস্কৰ ওপৰত নিৰ্ধাৰিত৷ অনুগ্ৰহ কৰি বিনিয়োগ কৰাৰ আগতে আঁচনি-সম্পৰ্কীয় সকলো নথিপত্ৰ মনোযোগেৰে পঢ়ক।

Keep Reading