PhonePe Blogs Main Featured Image

Investments

আপোনাৰ বিনিয়োগ যাত্রা আৰু অজয়, শ্বেৰু আৰু বাব্বৰৰ কাহিনী

PhonePe Regional|2 min read|05 July, 2021

URL copied to clipboard

অজয়, শ্বেৰু আৰু বাব্বৰ কলেজত সহপাঠী আছিল। ঘটনাক্ৰমে, তেওঁলোক তিনিওজনে স্নাতক হোৱাৰ পিছত একেটা প্ৰতিষ্ঠানতে চাকৰি পাইছিল। আৰু যিহেতু তেওঁলোকে একে সময়তে আৰু একে পৰ্যায়ৰ পদত যোগদান কৰিছিল, তেওঁলোকৰ দৰমহাও একে আছিল।

কাৰ্যালয়ৰ প্ৰথম সপ্তাহত, তেওঁলোকে এক আৰ্থিক পৰিকল্পনা কৰ্মশালাত অংশগ্ৰহণ কৰিছিল য’ত এজন আৰ্থিক উপদেষ্টাই তেওঁলোকক কিছুমান ধাৰণা যেনে চিষ্টেমেটিক ইনভেষ্টমেন্ট প্লেন (SIP), সময়ৰ লগে লগে কেনেদৰে ধনী হ’ব পাৰি, কম্পাউণ্ডিংৰ শক্তি আৰু অন্যান্যৰ সৈতে পৰিচয় কৰাইছিল।

সোনকালে আৰম্ভ কৰক আৰু সঠিকভাৱে আৰম্ভ কৰক

যদিও শ্বেৰুৱে কৰ্মশালাত বৰ্ণনা কৰা সকলো ধাৰণা সম্পূৰ্ণৰূপে বুজিব নোৱাৰিলে, কৰ্মশালাৰ পৰা তেওঁ উপলব্ধি কৰিছিল যে জীৱনৰ আৰম্ভণিতে বিনিয়োগ আৰম্ভ কৰিলে দীৰ্ঘম্যাদী সময়ত ধনী হোৱাৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িব পৰা যায়। সেয়েহে, যিমান সম্ভৱ সোনকালে বিনিয়োগ আৰম্ভ কৰা উচিত, প্ৰতি মাহে সামান্য পৰিমাণে হ’লেও। সেয়েহে তেওঁ লগে লগে এটা ইকুইটি মিউচুৱেল ফাণ্ডত ₹10,000-ৰ SIP আৰম্ভ কৰিছিল আৰু SIP-ৰ জৰিয়তে প্ৰতি মাহে সমান পৰিমাণৰ বিনিয়োগ কৰি গৈছিল।

অজয় অলপ দোধোৰ-মোধোৰত আছিল সেয়েহে তেওঁ কিছু দিন পিছত বিনিয়োগ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল৷ যদিও ঠিক এবছৰৰ পিছত, শ্বেৰুৱে তেওঁক কৈছিল যে SIP-ৰ জৰিয়তে সঞ্চয় কৰাটো কিমান সহজ আৰু ই কেনেদৰে তেওঁক টকা জমা কৰাত সহায় কৰিব। তেওঁৰ ভাল বন্ধু শ্বেৰুৰ পৰামৰ্শমতে, অজয়ে চাকৰিটোত যোগদান কৰাৰ ঠিক এবছৰ পিছত একেটা ফাণ্ডতে ₹10,000-ৰ SIP আৰম্ভ কৰিলে।

আনহাতে বাব্বৰে ভাবিছিল যে তেওঁ তিনিজনৰ ভিতৰত আটাইতকৈ বুদ্ধিমান আৰু স্মাৰ্ট৷ তেওঁ সঘনাই পাৰ্টি কৰি থাকি, জীৱনটো উপভোগ কৰাৰ সিদ্ধান্ত লৈছিল, যথেষ্ট টকা খৰচ কৰিছিল। তেওঁৰ গেজেটত খুব চখ থকাৰ বাবে নিজলৈ সদায়ে সৰ্বশ্ৰেষ্ঠ গেজেটটো ক্ৰয় কৰিছিল। ইয়াৰ অৰ্থ এইটোও আছিল যে বিনিয়োগ কৰিবলৈ তেওঁৰ পৰ্য্যাপ্ত পৰিমাণৰ টকা নাছিল৷

কিন্তু এনেকৈ 5 বছৰ জীৱন কটোৱাৰ পিছত আৰু প্ৰায় কোনো বিনিয়োগ নকৰাকৈ থাকি, বাব্বৰে নিজৰ ভুল অনুভৱ কৰিলে আৰু শ্বেৰু আৰু অজয়ৰ দৰে একেটা ইকুইটি ফাণ্ডতে ₹10,000-ৰ SIP আৰম্ভ কৰিলে৷

সময়ৰ লগে লগে বিনিয়োগ বৃদ্ধি হয়

সময় পাৰ হোৱাৰ লগে লগে, তেওঁলোকে ইকুইটি ফাণ্ডত তেওঁলোকৰ SIP বিনিয়োগ বৃদ্ধি হোৱা দেখিবলৈ পাইছিল৷ স্নাতক হোৱাৰ ঠিক 20 বছৰ পিছত কলেজৰ ৰিইউনিয়ন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়ত (তেওঁলোকে তেওঁলোকৰ কৰ্ম জীৱনৰ 20 বছৰ সম্পূৰ্ণ কৰিছিল), তেওঁলোকে উক্ত ইকুইটি মিউচুৱেল ফাণ্ডত তেওঁলোকৰ SIP বিনিয়োগৰ বিষয়ে আলোচনা কৰিছিল আৰু তেওঁলোকে তেওঁলোকৰ বিনিয়োগৰ মূল্য তুলনা কৰাৰ সিদ্ধান্ত লৈছিল।

তেওঁলোকৰ বিনিয়োগৰ মূল্য কেনেদৰে বৃদ্ধি পাইছে তলত দিয়া হৈছে:

শ্বেৰুৰ মুঠ সম্পত্তিৰ পৰিমাণ এতিয়া ₹1.04 কোটি৷ অজয়ে 1 কোটি টকাৰ সীমাত উপনীত হ’ব নোৱাৰিলেও তেওঁৰ সম্পত্তিৰ পৰিমাণ ₹91 লাখৰ আশেপাশে আছিল৷ যথাসময়ত শ্বেৰুৰ সৈতে এই বিষয়ে আলোচনা কৰি তেওঁ SIP আৰম্ভ কৰিছিল। আনহাতে, বাব্বৰৰ ওচৰত মাত্ৰ ₹52 লাখ টকা আছিল। শ্বেৰুৱে জমা কৰা পৰিমাণৰ আধাহে মাত্ৰ। শ্বেৰু আৰু অজয়ৰ তুলনাত বাব্বৰৰ সম্পত্তিৰ পৰিমাণ যথেষ্ট কম।

এই কাহিনীটোৰ সাৰমৰ্ম হ’ল: যিমান সম্ভৱ সোনকালে নিয়মীয়া বিনিয়োগ আৰম্ভ কৰা উচিত। যদি আপুনি এতিয়াও আৰম্ভ কৰা নাই, এইটোৱেই সময়। অন্যথা, আপোনাৰো বাব্বৰৰ দৰে বহুত কম পৰিমাণৰ সম্পত্তি থাকিব৷

দাবিত্যাগ:

Nifty 50 TR সূচকত এটা SIP জানুৱাৰী 2001-ত আৰম্ভ হ’লে আৰু ডিচেম্বৰ 2020 লৈকে চলিলে বাৰ্ষিক ৰিটাৰ্ণ (XIRR) 14.64% হ’ব। অৱশ্যে, আমি ওপৰোক্ত দৃষ্টান্তত ৰক্ষণশীলভাৱে 13% ৰিটাৰ্ণ ব্যৱহাৰ কৰিছো। তথ্যসূত্র: ICRA Analytics। পূৰ্বৰ প্ৰদৰ্শন ভৱিষ্যতে একেই নাথাকিবও পাৰে৷

মিউচুৱেল ফাণ্ডসমূহ বজাৰৰ ৰিস্কৰ ওপৰত নিৰ্ধাৰিত৷ অনুগ্ৰহ কৰি বিনিয়োগ কৰাৰ আগতে আঁচনি-সম্পৰ্কীয় সকলো নথিপত্ৰ মনোযোগেৰে পঢ়ক।

Keep Reading