PhonePe Blogs Main Featured Image

Life @ PhonePe

PhonePe ৰ পাৰিতোষিক নীতি

PhonePe Regional|2 min read|28 April, 2021

URL copied to clipboard

জানুৱাৰী 2021, আমি PhonePe ষ্টক অ’পচন প্লেন মুকলি কৰিছোঁ, য’ত PhonePe ৰ কৰ্মচাৰীসকলে কোম্পানীটোৰ এটা অংশৰ মালিক হোৱাৰ সুযোগ লাভ কৰিছে৷ 200 মিলিয়ন ডলাৰৰ প্লেন PhonePe ৰ সমূহ 2,200 কৰ্মচাৰীৰ মাজত বন্টন কৰা হৈছে, যিয়ে সংস্থাটোৰ সকলো কৰ্মীক ইয়াৰ সফলতাৰ পৰা লাভান্বিত হ’বলৈ সক্ষম কৰিছে৷

PhonePe ষ্টক অ’পচন প্লেন হৈছে সহযোগিতা, দীৰ্ঘম্যাদী মনোযোগ আৰু সংস্থা-প্ৰথম চিন্তাধাৰাক উৎসাহিত কৰাৰ বাবে প্ৰস্তুত কৰা আমাৰ পাৰিতোষিক নীতিৰ এক মূল উপাদান। PhonePe য়ে প্ৰযুক্তিক এক পৰিৱৰ্তনমূলক শক্তি হিচাপে ব্যৱহাৰ কৰাৰ অভিযান অক্ষুন্ন ৰাখিছে, যিয়ে প্ৰতিজন ভাৰতীয়ৰ বাবে বিত্তীয় অন্তৰ্ভুক্তি বাস্তৱায়িত কৰিছে৷ আমি বিশ্বাস কৰোঁ, যেতিয়া ধন আৰু সেৱা মুক্তভাৱে প্ৰবাহিত হয়, তেতিয়া সকলোৰে উন্নতি সাধন হয়৷ এই অন্তৰ্ভুক্তি সক্ষম কৰি তোলাৰ এটা মূল আধাৰ হৈছে ইতিবাচক ৰোধ — যিটো ধাৰণাৰে আমি মূল্য মুকলি কৰোঁ আৰু বজাৰ সম্প্ৰসাৰিত কৰোঁ, আমি সকলোৰে বাবে সুযোগ সম্প্ৰসাৰিত কৰোঁ, সফলতাৰ এক ইতিবাচক জয়যাত্ৰা সৃষ্টি কৰোঁ। একেই মূল নীতিয়ে আমাক আভ্যন্তৰীণভাৱেও চালিত কৰে।

আমি অন্তৰ্ভুক্তি আৰু পৰ্য্যাপ্ত মানসিকতাৰ ওপৰত আধাৰিত এক আভ্যন্তৰীণ সংস্কৃতি গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, য’ত প্ৰতিটো ভাৱ-বিনিময় এক ইতিবাচক-যোগফলৰ খেল মাথোঁ। সংস্থাটোৰ সফলতা কোম্পানীৰ প্ৰতিজন কৰ্মীৰ সফলতাৰ ওপৰত নিৰ্মিত। কৰ্মীসকল যিমানেই আগুৱাই যায় আৰু অধিক প্ৰভাৱ সৃষ্টি কৰে, ই সংস্থাটোৰ বাবে অতিৰিক্ত অৱদানলৈ পৰিণত হয়৷ যিহেতু সংস্থাটোৱে অধিক মূল্য সৃষ্টি কৰে, ই প্ৰতিজন কৰ্মচাৰীৰ বাবে অধিক লাভালাভলৈ পৰিগণিত হয়৷ আমি ইয়াৰ দ্বাৰা সকলোকে পৰ্য্যাপ্ত সুবিধা প্ৰদান কৰিছোঁ যাৰ ফলত আভ্যন্তৰীণ প্ৰতিযোগিতাৰ আৱশ্যকতা নাথাকিব।

আমাৰ পাৰিতোষিক দিয়াৰ পদ্ধতিটোও এই আদর্শৰ সৈতে সমান্তৰালভাৱে জড়িত, য’ত বেছিভাগ পদবী/ভূমিকাৰ বাবে ব্যক্তিগত প্ৰদৰ্শনৰ ওপৰত আধাৰিত ভেৰিয়েবল পে’ আঁতৰ কৰাৰ ব্যৱস্থা কৰা হৈছে৷ তাৰ পৰিৱৰ্তে, আমি সংস্থাৰ দীর্ঘম্যাদি বৃদ্ধিত অৱদান আগবঢ়োৱা প্রত্যেককে ইনচেন্টিভ দিয়াৰ বাবে ESOP প্ৰদান কৰা কৰিছো৷ সকলো স্তৰৰ বাবে ESOP ন্যূনতম USD 5000 ৰখা হৈছে, আমি সংস্থাৰ প্রত্যেক কর্মচাৰীকে তেওঁলোকে সম্পদ বৃদ্ধিত নিজেই সৃষ্টি কৰা সুযোগত অংশগ্ৰহণ কৰিবলৈ সক্ষম কৰি তুলিছো — আমাৰ শ্লোগান “কৰতে যা, বঢ়তে যা” ৷ পদবী/ভূমিকা যিমানেই ওপৰলৈ যায়, ESOP কর্মচাৰীক বার্ষিক টকা দিয়াৰ এটা অংশ হৈ পৰে, য’ত তেওঁলোকৰ বেতনৰ অধিকাংশ সংস্থাৰ সাফল্যৰ সৈতে যুক্ত হয়। ইয়াৰ ফলত প্রত্যেকজন কৰ্মীয়ে সংস্থাটোৰ কথা প্রথমে ভাবিবলৈ প্ৰেৰণা পাব৷ সংস্থাৰ সাফল্য তেওঁলোকৰ নিজৰেই সাফল্য হ’ব৷

আমি আমাৰ কৰ্মচাৰীসকলক জ্ঞান অৰ্জন, বিকাশ আৰু প্ৰভাৱিত কৰাৰ সুযোগ দিয়াৰ প্ৰতি প্ৰতিজ্ঞাৱদ্ধ। আমি ইয়াৰ কৰ্মীসকলক স্মাৰ্ট ব্যক্তিসকলৰ সান্নিধ্যত কাম কৰাৰ সুযোগ প্ৰদান কৰোঁ যিসকল ব্যক্তি তেওঁলোকৰ কামৰ প্ৰতি উৎসাহী আৰু যিয়ে দিনটোৰ কিছুমান জটিল সমস্যা সমাধান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয়৷ আমি এটা অনানুষ্ঠানিক পৰিৱেশ, স্বচ্ছতা আৰু এটা সমতল সংস্থাৰ গাঁথনি প্ৰদান কৰোঁ, যিয়ে সকলোকে জ্ঞান অৰ্জন আৰু ভাল ফলাফল প্ৰদান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাত সক্ষম কৰি তোলে। ষ্টক অ’পচন প্লেনে এইটোও নিশ্চিত কৰে যে ই সম্পদ সৃষ্টিৰ লগতে PhonePe ৰ বিকাশ যাত্ৰাত অংশগ্ৰহণৰো সুযোগ প্ৰদান কৰিছে!

লেখক — মনমীত সান্ধু, HR প্ৰধান

Keep Reading