PhonePe Blogs Main Featured Image

Trust & Safety

থাৰ্ড-পাৰ্টি এপৰ মাধ্যমেৰে কৰা পেইমেন্ট প্ৰতাৰণাৰ পৰা সাৱধান হওক

PhonePe Regional|2 min read|22 April, 2021

URL copied to clipboard

থাৰ্ড-পাৰ্টি এপৰ মাধ্যমেৰে কৰা পেইমেন্ট প্ৰতাৰণাৰ পৰা সাৱধান হওক

এনেকুৱা প্ৰতাৰকৰ বহুতো প্ৰৱন্ধ নাইবা কাহিনী আছে য’ত আমি ইউজাৰৰ ব্যক্তিগত বিৱৰণ যেনে বেংক একাউন্ট নম্বৰ, ক্ৰেডিট / ডেবিট কাৰ্ড বিৱৰণ, UPI পিন নাইবা OTP চেয়াৰ কৰিবলৈ দি নিজৰ একাউন্টলৈ টকা আত্মসাৎ কৰাৰ বিষয়ে জানিব পাৰো৷

আপুনি জানেনে যে ওপৰত উল্লেখ কৰা ধৰেণে ব্যক্তিগত বিৱৰণ নিদিয়াকৈও প্ৰতাৰণাৰ ঘটনা ঘটিব পাৰে? হয়, থাৰ্ড-পাৰ্টি এপৰ মাধ্যমেৰেও প্ৰতাৰণা হ’ব পাৰে!

এই থাৰ্ড-পাৰ্টি এপসমূহ কি আৰু প্ৰতাৰকে সেইসমূহ কেনেকৈ ব্যৱহাৰ কৰে?

Screenshare, Anydesk, Teamviewer আৰু তেনেকুৱা অন্যান্য বহুতো এপ আছে, যিসমূহ আগতে ইঞ্জিনীয়াৰসকলে দূৰৱর্তী স্থানৰ ফোনত হোৱা সমস্যাসমূহ সমাধানৰ বাবে ব্যৱহাৰ কৰিছিল৷ এই এপসমূহে উইজাৰৰ ফোনৰ সম্পূৰ্ণ এক্সেছ আৰু নিয়ন্ত্ৰণ প্ৰদান কৰে৷

প্ৰতাৰকে অসৎ উদ্দেশ্যে আপোনাৰ ফোনটোৰ পৰা তথ্য উলিয়াবৰ বাবে এই থাৰ্ড-পাৰ্টি স্ক্ৰীন-চেয়াৰিং এপসমূহ ব্যৱহাৰ কৰে!

মনত ৰাখিব: PhonePe য়ে আপোনাক কেতিয়াও থাৰ্ড-পাৰ্টি এপ ইনষ্টল কৰিবলৈ নকয়৷ যিকোনো ব্যক্তিৰ অনুৰোধত কেতিয়াও কোনো এপ ইনষ্টল নকৰিব৷ প্ৰতাৰকে তেওঁলোকৰ স্থানৰ পৰাই Anydesk/Teamviewer, ইত্যাদিৰ দৰে এপসমূহ আপোনাৰ ফোনৰ ওপৰত নিয়ন্ত্ৰণ কৰিবলৈ আৰু চেভ থকা কাৰ্ডসমূহ আৰু লগতে কাৰ্ড/একাউন্টৰ বিৱৰণ উলিয়াই ল’বৰ বাবে অসৎভাৱে ব্যৱহাৰ কৰে৷ অনুগ্ৰহ কৰি যিকোনো সন্দেহজনক কাৰ্য্য support.phonepe.com ত ৰিপ’ৰ্ট কৰক৷

থাৰ্ড-পাৰ্টি এপৰ মাধ্যমেৰে প্ৰতাৰণা কেনেকৈ হয়:

  • প্ৰতাৰকে ইউজাৰৰ লগত যোগাযোগ কৰে আৰু PhonePe এপ নাইবা PhonePe লেনদেনত হোৱা কোনো সমস্যাৰ সমাধান দিয়াৰ ভুৱা প্ৰচেষ্টা কৰে৷
  • কোনো সমস্যা নিমিষতে সমাধান কৰি দিবৰ বাবে তেওঁলোকে ইউজাৰক Screenshare, Anydesk, Teamviewer, ইত্যাদিৰ দৰে স্ক্ৰীন-চেয়াৰিং এপ ডাউনলোড কৰিবলৈ কয়৷
  • প্ৰতাৰকে ইউজাৰক তেওঁলোকৰ কাৰ্ড, বেংক বিৱৰণ, UPI পিন নাইবা OTP চেয়াৰ কৰিবলৈ নিদি, তেওঁলোকৰ ফোনৰ কেমেৰাৰ সন্মুখত ডেবিট / ক্ৰেডিট কাৰ্ড ৰাখিবলৈ কয় যাতে PhonePe ৰ সত্যাপন প্ৰণালীয়ে কাৰ্ড বিৱৰণ সঠিকভাৱে স্কেন কৰিব পাৰে।
  • ইউজাৰে, প্ৰতাৰকে তেওঁলোকক সহায় কৰিছে বুলি ভাবি থাকোতেই, প্ৰতাৰকে তেওঁলোকৰ কাৰ্ড নম্বৰ, CVV কোড ৰেকৰ্ড কৰে আৰু SMS ৰ মাধ্যমেৰে OTP পঠিয়াই নিজৰ একাউন্টলৈ টকা ট্ৰেন্সফাৰ কৰি লয়৷
  • মনক ৰাখিব, স্ক্ৰীন-চেয়াৰিং এপসমূহে আপোনাৰ ফোনৰ এক্সেছ অনুমোদন কৰে৷ ইয়াৰ ফলত প্ৰতাৰকে ইউজাৰৰ ফোনত পোৱা OTP চাব পাৰে আৰু সেইটো ব্যৱহাৰ কৰি নিজৰ একাউন্টত টকা ট্ৰেন্সফাৰ কৰি লয়৷

নিৰাপদে থাকক আৰু পেইমেন্ট প্ৰতাৰণাৰ পৰা নিজক বচাওক

PhonePe য়ে কেতিয়াও আপোনাৰ গোপনীয় নাইবা ব্যক্তিগত তথ্য নিবিচাৰে। PhonePe ৰ প্ৰতিনিধি বুলি দাবী কৰি যদি কোনো লোকে আপোনাৰ তথ্য বিচাৰে, অনুগ্ৰহ কৰি তেওঁলোকক আপোনালৈ এখন মেইল কৰিবলৈ কওক৷ আৰু কেৱল phonepe.com ডোমেইনৰ পৰা অহা মেইলৰহে উত্তৰ দিয়ক৷

Google, Twitter, FB ইত্যাদিত PhonePe গ্ৰাহক সহায়তা নম্বৰ নিবিচাৰিব৷ PhonePe গ্ৰাহক সহায়তাৰ লগত যোগাযোগ কৰাৰ একমাত্ৰ মাধ্যম হৈছে support.phonepe.com ৷ PhonePe সহায়তাৰ পৰা ফোন কৰা বুলি দাবী কৰা যিকোনো অসত্যাপিত নম্বৰত কেতিয়াও কল নকৰিব নাইবা তেনে নম্বৰৰ পৰা অহা ফোনৰ উত্তৰ নিদিব৷

Keep Reading