PhonePe Blogs Main Featured Image

Trust & Safety

কেশ্ব অন ডেলিভাৰী (COD) জালিয়াতি: অনলাইনত কেনেদৰে সতৰ্ক হৈ নিৰাপদে বজাৰ কৰিব

momitajaiswal3|5 min read|17 November, 2026

URL copied to clipboard

ক’ভিড-19 মহামাৰী আৰম্ভ হোৱাৰ পাছৰে পৰা ই-কমাৰ্চৰ দ্ৰুত সম্প্ৰসাৰণ ঘটিছে। ইয়াৰ লগে লগে বৈধ ব্যৱসায়ৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে অনলাইন জালিয়াতিৰ ঘটনাও বৃদ্ধি পাইছে। অনলাইনত ধন পৰিশোধ কৰিবলৈ বিশ্বাস নকৰা লোকসকলৰ বাবে কেশ্ব অন ডেলিভাৰী (COD) এটা সুবিধাজনক আৰু জনপ্ৰিয় পৰিশোধৰ পদ্ধতি হৈ পৰিছে। কিন্তু এই পদ্ধতিয়ে প্ৰতাৰকবোৰকো গ্ৰাহকক প্ৰতাৰণা কৰাৰ সুযোগ দিছে। সিহঁতে এই পদ্ধতিৰ সুযোগ লৈ সহজে বিশ্বাস কৰা গ্ৰাহকসকলক শোষণৰ লক্ষ্য কৰি লৈছে। নিজৰ প্ৰয়োজনীয় সামগ্ৰী কিনিবলৈ অনলাইনত বজাৰ কৰা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে, আমি এই পৰিশোধ পদ্ধতিৰ সৈতে জড়িত সম্ভাৱ্য বিপদসমূহৰ বিষয়ে সচেতন হৈ থকাটোও গুৰুত্বপূৰ্ণ হৈ পৰিছে।

ইয়াৰ প্ৰকৃত অৰ্থ কি:

ডেলিভাৰী আৰু কেশ্ব অন ডেলিভাৰী (COD) অৰ্ডাৰবোৰ মূলতঃ মানুহৰ মৌলিক বিশ্বাসৰ ওপৰত খুবেই বেছি পৰিমাণে নিৰ্ভৰশীল হয়। আৰু ঠিক এইটো কাৰণতে এই বিশ্বাস প্ৰৱঞ্চকবোৰৰ প্ৰিয় লক্ষ্য হৈ পৰে।

অফিচিয়েল কুৰিয়াৰৰ ভাও জুৰি অথবা ভুৱা কোম্পানীৰ ব্ৰেণ্ডিং ব্যৱহাৰ কৰি, প্ৰৱঞ্চকবোৰে আপোনাক দ্ৰুতভাৱে ধন পৰিশোধৰ অনুমোদন দিবলৈ অথবা একাউণ্টৰ সংবেদনশীল বিৱৰণ প্ৰকাশ কৰিবলৈ হেঁচা দিয়াৰ বাবে জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি কৰে। আপোনাৰ দুৱাৰমুখত কোনো ডেলিভাৰী আহি পোৱাৰ সময়ত খৰখেদাকৈ কাম শেষ কৰাৰ চাপ আৰু সাধাৰণ ডেলিভাৰী যেন লগা পৰিস্থিতি — এই দুয়োটাই মিলি এক বিপদজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত ডিজিটেল পেমেণ্ট কৰাৰ সময়ত সাধাৰণতে খুবেই সতৰ্ক হৈ থকা ব্যৱহাৰকাৰীসকলো প্ৰতাৰণাৰ বলি হ’ব পাৰে।

COD জালিয়াতিয়ে কেনেদৰে কাম কৰে?

ইয়াৰ সকলো কথাই মানুহৰ মৌলিক মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰৱঞ্চকবোৰে তাৎক্ষণিক জৰুৰীকালীন পৰিস্থিতি সৃষ্টি কৰিবলৈ মানুহৰ বিশ্বাস অথবা ভয়ৰ সুযোগ লয়। জৰুৰীকালীন পৰিস্থিতিৰ এক ভুৱা ধাৰণা সৃষ্টি কৰি, সিহঁতে মানুহক বিশ্বাস কৰিবলৈ বাধ্য কৰে যে সকলো তথ্য পুনৰ পৰীক্ষা কৰিবলৈ গৈ সময় নষ্ট কৰিলে ডাঙৰ লোকচান হ’ব পাৰে। এই কৌশলৰ জৰিয়তে কোনো লাভজনক ডিলৰ সুযোগ হেৰুৱাবলগীয়া হোৱা অথবা আশা কৰি থকা পাৰ্চেল নোপোৱাৰ ভয় দেখুৱাই মানুহক প্ৰতাৰণা কৰা হয়। ইয়াৰ ফলস্বৰূপে, খৰখেদা কৰি বহুতো মানুহে তেওঁলোকে সাধাৰণতে মানি চলা সাধাৰণ সুৰক্ষা পৰীক্ষাসমূহ আওকাণ কৰি আগবাঢ়ি যায়।

আজিকালি প্ৰতাৰকবোৰে ব্যৱহাৰ কৰা ডেলিভাৰী আৰু পৰিশোধৰ কিছুমান সাধাৰণ ফান্দৰ বিষয়ে তলত উল্লেখ কৰা হ’ল:

1. ভুৱা COD অৰ্ডাৰ আৰু সহযোগী কুৰিয়াৰ

এটা প্ৰৱঞ্চকে আপোনাৰ ঘৰলৈ এটা অপ্ৰত্যাশিত “কেশ্ব অন ডেলিভাৰী” পেকেজ পঠিয়ায়। কুৰিয়াৰে আপোনাক আপুনি আগতীয়াকৈ ধন পৰিশোধ নকৰালৈকে পাৰ্চেলটো খুলিবলৈ অথবা পৰীক্ষা কৰিবলৈ দিবলৈ অস্বীকাৰ কৰে। সি আপোনাক এটা বৈধ কোম্পানীৰ নাম আৰু ল’গ’ থকা এটা QR ক’ড দিয়ে। আপুনি ক’ডটো স্কেন কৰি পৰিশোধ সম্পূৰ্ণ কৰাৰ লগে লগে আপোনাৰ ধন পোনপটীয়াকৈ প্ৰৱঞ্চকৰ ব্যক্তিগত একাউণ্টলৈ গুচি যায়। ইয়াৰ পাছত আপুনি বাকচটো খুলি দেখিবলৈ পায় যে তাত কোনো মূল্যৱান বস্তু নাই।

2. বেছি দামী “আগতীয়াকৈ পৰিশোধ কৰিবলগীয়া” ডিল

ইয়াত প্ৰৱঞ্চকে বেছি দামী সামগ্ৰীসমূহ খুবেই আকৰ্ষণীয় ৰেহাইত বিক্ৰীৰ বাবে আগবঢ়ায় আৰু আগ্ৰহী ক্ৰেতাসকলক প্ৰি-পেইড অথবা কেশ্ব অন ডেলিভাৰীৰ জৰিয়তে বেছি পৰিমাণৰ সামগ্ৰী অৰ্ডাৰ কৰিবলৈ প্ৰলোভিত কৰে। এইবোৰ পেকেজত অদৰ্কাৰী আৱৰ্জনাৰ বাহিৰে একোৱেই নাথাকে আৰু টকাখিনি ট্ৰেন্সফাৰ হ’লেই বিক্ৰেতাজন কোনো চিন-চাব নোহোৱাকৈ পলাই ফাট মাৰে।

COD জালিয়াতি কেনেদৰে ধৰা পেলাব: খুবেই সতৰ্ক হ’বলগীয়া পৰিস্থিতিসমূহ!


পৰিস্থিতি 1: অপ্ৰত্যাশিত CODৰ জাল

সীমা অফিচত ব্যস্ত হৈ থকাৰ সময়তে, এটা ডেলিভাৰী এজেণ্ট তাইৰ ঘৰত আহি উপস্থিত হয়। ঘৰত অকলে থকা তাইৰ মাকে দুৱাৰ খুলি দিয়ে। শ্বিপিং লেবেলত সীমাৰ নাম, ফ’ন নম্বৰ, ঠিকনা আদি সঠিকভাৱে লিখা দেখি তেওঁৰ মাকে ধৰি লয় যে নিশ্চয়েই সীমাই এইটো অৰ্ডাৰ দিছে আৰু পাৰ্চেলটো ল’বলৈ UPIৰ জৰিয়তে ₹800 পৰিশোধ কৰে। এইটো কথা মাকে সীমাক জনোৱাৰ পাছত, তেওঁ নিজৰ অৰ্ডাৰৰ ইতিহাস পৰীক্ষা কৰে আৰু নিশ্চিত হয় যে তেওঁ কেতিয়াও এনে কোনো বস্তুৰ অৰ্ডাৰ দিয়া নাছিল। পেকেজটো খোলাৰ পাছত, তেওঁলোকে দেখিবলৈ পায় যে তাত সস্তীয়া, ম্যাদ উকলি যোৱা প্ৰসাধন সামগ্ৰী কিছুমান আছে।

পৰিস্থিতি 2: ইণ্টাৰচেপ্ট কৰা অৰ্ডাৰ জালিয়াতি

সঘনাই অনলাইনত বজাৰ কৰা আৰতিয়ে এটা অচিনাকি ই-কমাৰ্চ ৱেবছাইটৰ পৰা কিছুমান সামগ্ৰী কিনে আৰু কেশ্ব অন ডেলিভাৰী (COD) বাছনি কৰে। কিছুদিনৰ পাছত, কৰ্মস্থলীত থকাৰ সময়ত তেওঁ “আউট ফৰ ডেলিভাৰী”ৰ এটা জাননী পায় আৰু এটা অচিনাকি কুৰিয়াৰ সেৱাৰ পৰা তেওঁলৈ ফ’ন আহে। আগতীয়াকৈ ধন পৰিশোধ কৰাত অভ্যস্ত হৈ পৰা আৰতিয়ে এজেণ্টজনক UPI QR ক’ড শ্বেয়াৰ কৰিবলৈ কয়। তেওঁ দূৰত থাকিয়েই পৰিশোধ সম্পূৰ্ণ কৰে আৰু পেকেজটো বিল্ডিঙৰ ছিকিউৰিটিৰ ওচৰত থৈ যাবলৈ নিৰ্দেশ দিয়ে। সেইদিনা সন্ধিয়া যেতিয়া তেওঁ বাকচটো খোলে, তেতিয়া তেওঁ দেখা পায় যে তাত কোনো অৰ্ডাৰৰ ইনভইচ নাই আৰু অদৰ্কাৰী আৱৰ্জনা কিছুমানহে আছে। যেতিয়া তেওঁ শ্বপিং প’ৰ্টেলত ল’গ ইন কৰিলে, তেতিয়াহে তেওঁ বুজি পালে যে তেওঁৰ প্ৰকৃত অৰ্ডাৰটো এতিয়াও ট্ৰেনজিটতে আছে— হয়তো তেওঁৰ শ্বিপিঙৰ বিৱৰণ লিক হৈছে অথবা ভুৱা COD ডেলিভাৰী সম্পন্ন কৰাৰ বাবে তাৰ অপব্যৱহাৰ কৰা হৈছে।

বাস্তৱ জগতত ইয়াৰ কি প্ৰভাৱ পৰে?

এনে ধৰণৰ ডেলিভাৰী প্ৰতাৰণাৰ ফান্দত পৰাটো কেৱল সামান্য ধনৰ লোকচান হোৱাতে সীমাবদ্ধ নহৈ বহু গুণে বেছি ক্ষতিকাৰক হয়। সাধাৰণতে তিনিটা মূল উপায়েৰে ইয়াৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়:

  • প্ৰত্যক্ষ আৰ্থিক লোকচান: আপুনি সস্তীয়া নকল সামগ্ৰী, খালী বাকচ অথবা এনে ডিজিটেল সেৱাৰ বাবে নগদ ধন আদায় দিয়ে যিবোৰ কেতিয়াও আহি নাপায়।
  • একাউণ্টৰ সুৰক্ষা বিঘ্নিত হোৱা: আপুনি প্ৰৱঞ্চনাৰ বলি হৈ কোনো কল-ফৰৱাৰ্ডিং ক’ড ডায়েল কৰিলে অথবা OTP শ্বেয়াৰ কৰিলে, প্ৰৱঞ্চকে আপোনাৰ প্ৰাথমিক ফ’ন লাইন হাইজেক কৰিব পাৰে, আপোনাৰ WhatsAppৰ এক্সেছ লাভ কৰিব পাৰে আৰু অধিক জালিয়াতি কৰিবলৈ আপোনাৰ বেংকিং এপসমূহৰ নিয়ন্ত্ৰণ লাভ কৰিব পাৰে।
  • ডিজিটেল বিশ্বাসৰ অৱনতি ঘটা: UPIৰ পৰিশোধ তৎক্ষণাত হৈ যায়, কাৰণ ইয়াত ক্ৰেডিট কাৰ্ডৰ মাধ্যমেৰে সম্পন্ন কৰা লেনদেনৰ দৰে সহজে চাৰ্জবেক অফাৰ কৰাৰ সুবিধা নাথাকে। এবাৰ আপোনাৰ একাউণ্টৰ পৰা ধন ওলাই গ’লে, সেই ধন ঘূৰাই পোৱাটো প্ৰায় অসম্ভৱ হৈ পৰে। ইয়াৰ ফলত ডিজিটেল পৰিশোধে প্ৰদান কৰা সুবিধা আৰু নিশ্চিন্ততা নোহোৱা হয়।

এনে ধৰণৰ পৰিস্থিতিসমূহ এৰাই চলিবলৈ, PhonePeৰ দৰে প্লেটফৰ্মসমূহে উচ্চ-বিপদজনক হিচাপে টেগ কৰা নম্বৰ অথবা মাৰ্চেণ্টৰ নাম নিমিলাৰ দৰে কিছুমান সুৰক্ষামূলক ছিগনেল দেখুৱায়। ব্যৱহাৰকাৰীসকলে লেনদেন সম্পূৰ্ণ কৰাৰ আগতে এইবোৰ পঢ়িবলৈ কিছুসময় ব্যয় কৰিলেহে এই সতৰ্কবাণীসমূহ ফলপ্ৰসূ হয়।

নিজকে কেনেদৰে সুৰক্ষিত ৰাখিব আৰু প্ৰৱঞ্চকবোৰতকৈ এখোজ আগুৱাই থাকিব

নিৰাপদ হৈ থাকিবলৈ অনলাইনত বজাৰ কৰাৰ সুবিধা বাদ দিয়াৰ প্ৰয়োজন নাই৷ কেইটামান সহজ নিয়ম মানি চলিলে, আপুনি নিজৰ ধন আৰু তথ্য দুয়োটাকে সুৰক্ষিত কৰি ৰাখিব পাৰে:

  • কোনোবাই ইচ্ছাকৃতভাৱে খৰখেদা কৰিবলৈ বাধ্য কৰিলে, তাক বিপদৰ চিন হিচাপে গণ্য কৰক। কোনো ডেলিভাৰী ড্ৰাইভাৰ অথবা “সহায়ক এজেণ্টে” যদি জোৰ দিয়ে যে আপুনি তৎক্ষণাত পৰিশোধ কৰিবই লাগিব অন্যথা জৰিমনা ভৰিব লাগিব, তেন্তে তাতেই ৰৈ যাওক। খৰখেদাৰ সৃষ্টি কৰাটো প্ৰৱঞ্চকৰ আটাইতকৈ ফলপ্ৰসূ আহিলা হয়।
  • শ্বিপিঙৰ তথ্যৰ বাবে সদায়েই ৱেবছাইট পৰীক্ষা কৰক আৰু কেৱল সত্যাপন কৰা চেনেলৰ জৰিয়তেহে আপোনাৰ ডেলিভাৰীৰ স্থিতি নিশ্চিত কৰক।
  • COD মেছেজসমূহ আওকাণ নকৰিব; যদি আপুনি অনুমোদন নকৰা এনে কোনো অনধিকৃত মেছেজ পায় তেন্তে ইয়াৰ বিষয়ে তৎক্ষণাত ৰিপ’ৰ্ট কৰিব, কাৰণ কোনোবাই আপোনাৰ ব্যক্তিগত তথ্যৰ অপব্যৱহাৰ কৰিব পাৰে। 
  • CODৰ জৰিয়তে পৰিশোধ কৰাৰ আগতে পৰীক্ষা কৰক। আপোনাৰ হাতত ফিজিকেল পাৰ্চেলটো নোপোৱালৈকে আৰু ভিতৰত থকা বস্তু পৰীক্ষা নকৰালৈকে কেতিয়াও কেশ্ব অন ডেলিভাৰীৰ পৰিশোধ অনুমোদন নকৰিব।
  • প্ৰাপকৰ নাম সত্যাপন কৰক। “Pay/পে কৰক” বুটামত টিপাৰ আগতে, কনফাৰ্মেচন স্ক্ৰীন পৰীক্ষা কৰি নিশ্চিত কৰক যে এই ধন অফিচিয়েলী ৰেজিষ্টাৰ কৰা কৰ্প’ৰেট কোম্পানীৰ ওচৰলৈ গৈ আছে আৰু কোনো সত্যাপন নকৰা ব্যক্তিৰ ব্যক্তিগত UPI ID লৈ গৈ থকা নাই।
  • এপত দেখুওৱা সতৰ্কবাণীৰ প্ৰতি মনোযোগ দিয়ক। সত্যাপন নকৰা/উচ্চ বিপদজনক হিতাধিকাৰীৰ বিষয়ে দেখুওৱা ইন-এপ সুৰক্ষা পপ-আপ অথবা সতৰ্কবাণীসমূহ কেতিয়াও আওকাণ নকৰিব। কোনো নিৰ্দিষ্ট কাৰণ থকাৰ বাবেহে আপোনাৰ বেংকিং এপে এইবোৰক ফ্লেগ কৰিছে।
  • বেছি দামী লেনদেনসমূহ স্বাধীনভাৱে পুনৰ পৰীক্ষা কৰক। আপুনি বেছি পৰিমাণৰ ধনৰাশি পৰিশোধ কৰাৰ সময়ত, চাট উইণ্ড’ৰ পৰা বাহিৰলৈ যাওক আৰু মেনুৱেলী প্ৰাপকৰ বিৱৰণ আৰু ধনৰাশি পুনৰ পৰীক্ষা কৰক।
  • কম ট্ৰাষ্ট স্ক’ৰ থকা অচিনাকি ৱেবছাইটৰ ক্ষেত্ৰত অত্যধিক সাৱধান হওক। আপুনি ৱেবছাইটৰ নাম ছাৰ্চ কৰি অথবা ব্যৱহাৰকাৰীৰ ৰিভিউ পঢ়ি এইটো পৰীক্ষা কৰিব পাৰে।

যদি আপুনি জালিয়াতিৰ বলি হয় তেন্তে কি কৰিব

যদি আপুনি ভাবে যে আপুনি কোনো প্ৰৱঞ্চনাৰ বলি হৈছে তেন্তে তৎক্ষণাৎ ইয়াৰ বিষয়ে অভিযোগ কৰক। এনে ক্ষেত্ৰত প্ৰতিটো মুহূৰ্তই গুৰুত্বপূৰ্ণ হয়।

PhonePeত অভিযোগ কৰা:

  • PhonePe গ্ৰাহক সেৱা: 80-68727374 / 022-68727374 নম্বৰত কল কৰক।
  • লগইন স্তৰৰ সমস্যা: https://support.phonepe.com/ ৰ জৰিয়তে এটা টিকট উত্থাপন কৰক
  • ছ’চিয়েল মিডিয়াত অভিযোগ কৰা:
  • অভিযোগ নিষ্পত্তি:  PhonePe অভিযোগ প’ৰ্টেলত অভিযোগ পঞ্জীয়ন কৰক।

সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত অভিযোগ কৰক:

  • চাইবাৰ ক্ৰাইম চেল:  চাইবাৰ ক্ৰাইম প’র্টেলত অনলাইনযোগে অভিযোগ কৰক অথবা 1930 নম্বৰত কল কৰক।
  • দূৰসংযোগ বিভাগ (DOT):  সঞ্চাৰ সাথী প’র্টেলত চক্ষু সুবিধাৰ জৰিয়তে সন্দেহজনক মেছেজ, কল অথবা হোৱাটছএপ/টেলিগ্ৰামত হোৱা প্ৰৱঞ্চনাৰ বিষয়ে অভিযোগ কৰক।

মনত ৰাখিবলগীয়া গুৰুত্বপূৰ্ণ কথা — PhonePeই কেতিয়াও গোপনীয় অথবা ব্যক্তিগত বিৱৰণ জানিবলৈ নিবিচাৰে। PhonePeৰ পৰা প্ৰেৰণ কৰা বুলি দাবী কৰা সকলোবোৰ মেইল আওকাণ কৰক যদিহে সেইবোৰ phonepe.com ডমেইনৰ পৰা অহা নাই। যদি আপুনি প্ৰৱঞ্চনা হোৱা বুলি সন্দেহ কৰে, তেন্তে অনুগ্ৰহ কৰি তৎক্ষণাত সম্পৰ্কিত কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰক।

Keep Reading