PhonePe Blogs Main Featured Image

Trust & Safety

নগদ ধনৰ বিনিময়ত ডিজিটেল ধন ট্ৰেন্সফাৰ জালিয়াতি: আপুনি কিয় নগদ ধনৰ বিনিময়ত UPI ধন ট্ৰেন্সফাৰ গ্ৰহণ কৰাটো উচিত নহয়

PhonePe Regional|4 min read|11 September, 2026

URL copied to clipboard

যদি আপুনি দোকান চলোৱা এজন ব্যৱসায়ী হয়, তেন্তে মানুহে খুচুৰা বিচাৰি অহাটো আপোনাৰ বাবে নিতান্তই সাধাৰণ কথা। ডিজিটেল পৰিশোধৰ যুগত এই কথাই এক সম্পূৰ্ণ নতুন ৰূপ লৈছে। যদিও এতিয়া মানুহক খুচুৰাৰ প্ৰয়োজন নহ’বও পাৰে, তথাপি তেওঁলোকে এতিয়া ডিজিটেল ধনৰ বিনিময়ত নগদ ধন বিচাৰি আহে। দেখাত এইটো নিৰাপদ যেন লাগিলেও, ইয়াৰ জৰিয়তে প্ৰতাৰকবোৰে দ্ৰুতভাৱে ধন ঘটিবলৈ আপোনাৰ সততাৰ সুযোগ ল’ব পাৰে।

এইটো ব্লগত প্ৰৱঞ্চকবোৰে কেনেদৰে এইটো জালিয়াতি কাৰ্য সম্পন্ন কৰে আৰু আপুনি নিজকে সুৰক্ষিত ৰাখিবলৈ কি কৰিব পাৰে সেই বিষয়ে বিশদভাৱে বুজাই দিয়া হৈছে।

আপোনাৰ ব্যৱসায়ৰ বাবে UPI

আমি নগদ ধনৰ বিনিময়ত ডিজিটেল ধন ট্ৰেন্সফাৰৰ জালিয়াতিয়ে কেনেদৰে কাম কৰে সেয়া জানিবলৈ চেষ্টা কৰাৰ আগতে, PhonePeৰ ডিজিটেল পৰিশোধৰ ব্যৱসায়িক দিশ PhonePe Businessৰ বিষয়ে জানি লওঁ আহকচোন।

যদি আপুনি ডিজিটেল পৰিশোধৰ প্ৰচলন ঘটাৰ আগৰে পৰা নিজৰ দোকান চলাই আহিছে, তেন্তে আপুনি নিশ্চয় প্ৰত্যক্ষভাৱে নগদ ধনৰ পৰা ডিজিটেললৈ অগ্ৰগতি হোৱাৰ জৰিয়তে পৰিশোধৰ ক্ষেত্ৰত হোৱা বিপ্লৱ দেখিবলৈ পাইছে। একাপ চাহৰ দাম আদায় দিয়াৰ পৰা আৰম্ভ কৰি খুবেই দামী বস্তুৰ বাবদ পৰিশোধ কৰালৈকে, UPI QR ক’ডে পৰিশোধ সংগ্ৰহ কৰাটো অত্যন্ত সহজ কৰি তুলিছে।

সেৱা অথবা সামগ্ৰীৰ বিনিময়ত গ্ৰাহকৰ পৰা পৰিশোধ গ্ৰহণ কৰিবলৈ PhonePeৰ দ্বাৰা ব্যৱসায়ীসকলক ইউনিক QR ক’ড প্ৰদান কৰা হয়। লগতে এয়াও মন কৰিবলগীয়া কথা যে এইটো কেৱল অনুমোদিত ব্যৱসায়িক সেৱাসমূহৰ বাবেহে দিয়া হয়। কিন্তু বৰ্তমানে আমি নগদ ধনৰ বিনিময়ত পৰিশোধ গ্ৰহণ কৰিবলৈ QRৰ ব্যৱহাৰ বৃদ্ধি হোৱা দেখিবলৈ পাইছোঁ। ডিজিটেল মুদ্ৰাক নগদ ধনলৈ ৰূপান্তৰিত কৰিবলৈ QR ব্যৱহাৰ কৰাৰ এইটো পদ্ধতিক ATM সেৱাৰ বাবে QR বুলি কোৱা হয়।

এজন ব্যৱসায়ী হিচাপে, আপুনি হয়তো সহানুভূতি দেখুওৱা অথবা ব্যৱসায়িক স্বাৰ্থ ৰক্ষা কৰাৰ বাবে এনে কৰি আছে। কিন্তু মনত ৰাখিব যে এনে কাৰ্যকলাপৰ সৈতে কেইবাটাও বিপদ জড়িত হৈ থাকে। QR ক’ডৰ জৰিয়তে পৰিশোধ গ্ৰহণ কৰাটো তাৎক্ষণিক আৰু সুৰক্ষিত যেন অনুভৱ হ’লেও, মাৰ্চেণ্ট টাৰ্মিনেলৰ অপব্যৱহাৰ কৰাৰ ফলত আপোনাৰ বেংক একাউণ্ট ফ্ৰীজ হোৱা, বিত্তীয় লোকচান হোৱা আৰু লগতে গুৰুতৰ আইনী পৰিণামৰ সন্মুখীন হোৱাৰ দৰে বিপদ হ’ব পাৰে।

নগদ ধনৰ বিনিময়ত ডিজিটেল ধন ট্ৰেন্সফাৰৰ জালিয়াতি কেনেদৰে সংঘটিত হয়

এজন গ্ৰাহক আপোনাৰ দোকানলৈ আহে। তেওঁ কয় যে তেওঁ এটা সমস্যাত পৰিছে আৰু তেওঁক তৎক্ষণাৎ 5,000 টকা লাগে। আপুনি তেওঁক নগদ ধন দিলে তেওঁ আপোনাক সেয়া UPIৰ জৰিয়তে ট্ৰেন্সফাৰ কৰি ঘূৰাই দিব৷ যদি আপুনি তেওঁক সহায় কৰি দিয়ে তেন্তে তেওঁ আপোনাক অলপমান “কমিছন” দিবলৈও ইচ্ছুক হয়। আপুনি যিহেতু এজন ভাল মানুহ সেয়ে আপুনি ভাবে যে আপুনি লগে লগে টকাখিনি ঘূৰাই পাবই আৰু ইয়াৰ ফলত আপুনি বেংকলৈ গৈ ধন জমা কৰাৰ পৰাও বাচি যাব। এনেদৰে চিন্তা কৰি আপুনি তেওঁ বিচৰা ধনখিনি দিয়াৰ সিদ্ধান্ত লয়।

প্ৰৱঞ্চকে কেনেদৰে এই পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰে:

পৰিস্থিতি 1: প্ৰৱঞ্চকে এটা ভুৱা পেমেণ্ট এপ ব্যৱহাৰ কৰি আপোনালৈ 5,000 টকা ট্ৰেন্সফাৰ কৰে। তেওঁ আপোনাক এটা ভুৱা পেমেণ্ট কনফাৰ্মেচন স্ক্ৰীণ দেখুৱায় আৰু ইয়াৰ বিনিময়ত নগদ ধনখিনি তেওঁক দিবলৈ খৰধৰ লগায়। পাছত আপুনি নিজৰ একাউণ্টটো পৰীক্ষা কৰাৰ সময়তহে গম পায় যে প্ৰৱঞ্চকে কোনো ধন ট্ৰেন্সফাৰ কৰা নাছিল আৰু আপোনাক প্ৰৱঞ্চনা কৰা হৈছে।

পৰিস্থিতি 2: প্ৰৱঞ্চকে লেনদেনটো সম্পূৰ্ণ কৰে অৰ্থাৎ UPIৰ জৰিয়তে আপোনালৈ 5,000 টকা পঠিয়ায় আৰু আপোনাৰ পৰা নগদ ধন লয়। যিহেতু আপুনি তেওঁক নগদ ধন আদায় দি লেনদেনটো সম্পূৰ্ণ কৰাৰ বিষয়ে আপোনাৰ ওচৰত কোনো ডিজিটেল লেনদেনৰ প্ৰমাণ নাই, সেয়ে প্ৰৱঞ্চকটোৱে এটা চাৰ্জবেক উত্থাপন কৰিব পাৰে। এই চাৰ্জবেকৰ তদন্ত সম্পূৰ্ণ নোহোৱালৈকে, যাৰ বাবে আপুনি প্ৰমাণ দাখিল কৰিব লাগিব, আপোনাৰ একাউণ্টটো হ’ল্ড কৰি ৰখা হ’ব পাৰে অথবা নিষেধাজ্ঞা আৰোপ কৰা হ’ব পাৰে। ইয়াৰ ফলত আপুনি প্ৰত্যক্ষভাৱে ব্যৱসায়িক আৰু আৰ্থিক লোকচানৰ সন্মুখীন হ’ব পাৰে।

পৰিস্থিতি 3: যদি প্ৰৱঞ্চকে QRৰ জৰিয়তে আপোনাক ধন পৰিশোধ কৰিবলৈ চুৰি কৰা ক্ৰেডিট কাৰ্ড, হেক কৰা RuPay-on-UPI একাউণ্ট অথবা চাইবাৰ ক্ৰাইমৰ ভুক্তভোগীৰ পৰা পোৱা ধন ব্যৱহাৰ কৰে, তেন্তে আপোনাৰ মাৰ্চেণ্ট একাউণ্টটো মানি লণ্ডাৰিং (ধন আত্মসাৎ) কাৰ্যৰ সৈতে জড়িত হৈ পৰিব। গৃহ পৰিক্ৰমা মন্ত্ৰালয় (MHA) আৰু নিয়ন্ত্ৰণকাৰী কৰ্তৃপক্ষৰ নিৰ্দেশনা অনুসৰি, যদি আপুনি সহায় কৰা ব্যক্তিজনৰ দৰে কোনো গ্ৰাহকে চাইবাৰ ক্ৰাইম হেল্পলাইনৰ 1930 নম্বৰত ফোন কৰি গোচৰ দাখিল কৰে, তেন্তে আইন বলৱৎকাৰী সংস্থাই প্ৰযোজ্য ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI) আৰু MHAৰ নিৰ্দেশনাৰ অধীনত এই বিষয়ে তদন্ত কৰিব পাৰে আৰু বিষয়টোৰ তদন্ত চলি থকাৰ সময়ত আপোনাৰ মাৰ্চেণ্ট একাউণ্টটো ফ্ৰীজ কৰি ৰাখিব পাৰে। ইয়াৰ ফলত আপুনি অজানিতে এটা জালিয়াতিৰ অংশ হৈ পৰিব পাৰে যিয়ে আপোনাৰ ব্যৱসায়ক কেইবাসপ্তাহ অথবা আনকি কেইবামাহলৈকে মন্থৰ কৰি তুলিব পাৰে।

আমাৰ বাবে ভাল খবৰটো হৈছে যে কেইটামান সহজ অভ্যাস অনুসৰণ কৰিলে আপুনি এই তিনিওটা পৰিস্থিতিৰ পৰা হাত সাৰিব পাৰিব।

নগদ ধনৰ বিনিময়ত ডিজিটেল ধন ট্ৰেন্সফাৰ জালিয়াতিৰ পৰা কেনেকৈ সুৰক্ষিত থাকিব

আপোনাৰ ব্যৱসায়িক কাৰ্যকলাপ সুৰক্ষিত আৰু বহনক্ষম হৈ থকাটো সুনিশ্চিত কৰিবলৈ আপুনি RBIৰ নিৰ্দেশনাসমূহ মানি চলিব লাগিব। এই অভ্যাসসমূহে আপোনাক নিজৰ ব্যৱসায় সুচাৰুৰূপে চলাবলৈ সহায় কৰিব।

1. ব্যৱসায়িক লেনদেনসমূহ সম্পূৰ্ণৰূপে ব্যৱসায়িক হিচাপে ৰাখক

আপোনাৰ মাৰ্চেণ্ট একাউণ্টটো আপোনাৰ ব্যৱসায়িক কাৰ্যকলাপসমূহৰ বাবে বিশেষভাৱে ডিজাইন কৰা এটা শক্তিশালী টুল হয়। আপুনি প্ৰদান কৰা প্ৰকৃত সামগ্ৰী অথবা সেৱাসমূহৰ বাবদ পৰিশোধ গ্ৰহণ কৰাৰ দৰে প্ৰকৃত লেনদেনৰ বাবেহে ইয়াক ব্যৱহাৰ কৰক।

  • ডিজিটেল পেমেণ্টৰ বিনিময়ত নগদ ধন নিদিব: এজন ব্যৱসায়ী হিচাপে, আপুনি কেতিয়াও নিজৰ ব্যৱসায়ৰ একাউণ্টৰ জৰিয়তে প্ৰকৃত বিক্ৰীৰ বাহিৰে আন কোনো কামৰ বাবে ধন গ্ৰহণ কৰিব অথবা ধন পঠিয়াব নালাগে।
  • আপোনাৰ কৰ্মচাৰীসকলক সজাগ কৰি তোলক: আপোনাৰ কৰ্মচাৰীসকলক বুজাই দিয়ক যে তেওঁলোকে কেৱল ব্যৱসায়িক উদ্দেশ্যৰ বাবেহে পৰিশোধ গ্ৰহণ কৰা উচিত।
  • স্বচ্ছতা বজাই ৰাখক: নিজকে অবাঞ্ছিত বিবাদৰ পৰা সুৰক্ষিত ৰাখিবলৈ প্ৰতিটো লেনদেন সঠিক উদ্দেশ্যৰ বাবেহে সম্পন্ন কৰক আৰু প্ৰতিটো লেনদেনত স্বচ্ছতা বজাই ৰাখক।

2. ATM সেৱা প্ৰদান তথা নগদ ধনৰ বিনিময় পৰিহাৰ কৰক

PhonePe মাৰ্চেণ্টসকলক ATM-সম্পৰ্কীয় সেৱা প্ৰদান কৰা অথবা নগদ ধনৰ বিনিময় কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হয়।

  • কিয়?: মাৰ্চেণ্ট একাউণ্টৰ জৰিয়তে নগদ ধন উলিওৱা অথবা নগদ ধনৰ বিনিময় কৰা কাৰ্যই নিয়ন্ত্ৰণমূলক উলংঘন আৰু লেনদেনৰ দায়বদ্ধতা হেৰুওৱাকে ধৰি গুৰুত্বপূৰ্ণ বিপদাশংকাৰ সৃষ্টি কৰে।
  • ফলাফল: মাৰ্চেণ্ট নীতিৰ পৰিসৰৰ অন্তৰ্গত নোহোৱা কাৰ্যকলাপত জড়িত হ’লে আমাৰ প্লেটফৰ্মৰ অখণ্ডতা ক্ষুণ্ণ হ’ব পাৰে। সেয়ে, এই নীতি উলংঘন কৰিলে মাৰ্চেণ্ট একাউণ্টটো নিলম্বন কৰা হ’ব পাৰে অথবা আনকি স্থায়ীভাৱে ব্লক কৰাও হ’ব পাৰে।

3.কেৱল আপোনাৰ নিজৰ ডিভাইচতহে পেমেণ্টৰ বিষয়ে সত্যাপন কৰিব

প্ৰৱঞ্চকবোৰে পেমেণ্ট সম্পূৰ্ণ কৰা বুলি মিছাকৈ দাবী কৰি ভুৱা স্ক্ৰীণশ্বট দেখুৱাই পেমেণ্ট কনফাৰ্মেচন স্ক্ৰীণ স্পুফ (নকল) কৰিব পাৰে। এনে প্ৰৱঞ্চনাৰ বলি হোৱাৰ পৰা হাত সাৰিবলৈ, পৰিশোধ লাভ কৰাৰ বিষয়ে সদায় আপোনাৰ নিজৰ ডিভাইচত পৰীক্ষা কৰক। আপোনাক দেখুওৱা স্ক্ৰীণশ্বট অথবা পপ-আপৰ ওপৰত বিশ্বাস নকৰিব। নিজৰ PhonePe এপটো পৰীক্ষা কৰক অথবা ক্ৰেডিট হোৱাটো নিশ্চিত কৰা SMS অথবা বেংকৰ জাননীৰ বাবে অপেক্ষা কৰক।

যদি আপুনি জালিয়াতিৰ বলি হয় তেন্তে কি কৰিব

যদি আপুনি ভাবে যে আপুনি কোনো প্ৰৱঞ্চনাৰ বলি হৈছে তেন্তে তৎক্ষণাৎ ইয়াৰ বিষয়ে অভিযোগ কৰক। এনে ক্ষেত্ৰত প্ৰতিটো মুহূৰ্তই গুৰুত্বপূৰ্ণ হয়।

PhonePeত অভিযোগ কৰা:

  • PhonePe Business এপ: সহায় শাখালৈ যাওঁক আৰু সহায় বুটামত ক্লিক কৰক।
  • PhonePe গ্ৰাহক সেৱা: 80-68727374 / 022-68727374 নম্বৰত কল কৰক।
  • লগইন স্তৰৰ সমস্যা: https://support.phonepe.com/ ৰ জৰিয়তে এটা টিকট উত্থাপন কৰক
  • ছ’চিয়েল মিডিয়াত অভিযোগ কৰা:
  • অভিযোগ নিষ্পত্তি:  PhonePe অভিযোগ প’ৰ্টেলত অভিযোগ পঞ্জীয়ন কৰক।

সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত অভিযোগ কৰক:

  • চাইবাৰ ক্ৰাইম চেল:  চাইবাৰ ক্ৰাইম প’র্টেলত অনলাইনযোগে অভিযোগ কৰক অথবা 1930 নম্বৰত কল কৰক।
  • দূৰসংযোগ বিভাগ (DOT):  সঞ্চাৰ সাথী প’র্টেলত চক্ষু সুবিধাৰ জৰিয়তে সন্দেহজনক মেছেজ, কল অথবা হোৱাটছএপ/টেলিগ্ৰামত হোৱা প্ৰৱঞ্চনাৰ বিষয়ে অভিযোগ কৰক।

মনত ৰাখিবলগীয়া গুৰুত্বপূৰ্ণ কথা — PhonePeই কেতিয়াও গোপনীয় অথবা ব্যক্তিগত বিৱৰণ জানিবলৈ নিবিচাৰে। PhonePeৰ পৰা প্ৰেৰণ কৰা বুলি দাবী কৰা সকলোবোৰ মেইল আওকাণ কৰক যদিহে সেইবোৰ phonepe.com ডমেইনৰ পৰা অহা নাই। যদি আপুনি প্ৰৱঞ্চনা হোৱা বুলি সন্দেহ কৰে, তেন্তে অনুগ্ৰহ কৰি তৎক্ষণাত সম্পৰ্কিত কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰক।

Keep Reading