PhonePe Blogs Main Featured Image

Trust & Safety

EMI প্ৰতাৰণাৰ পৰা সুৰক্ষিত থকাৰ উপায়

PhonePe Regional|2 min read|04 May, 2021

URL copied to clipboard

EMI প্ৰতাৰণাৰ পৰা সুৰক্ষিত থকাৰ উপায়

RBI য়ে কিছুদিন আগতে দেনাদাৰসকলক তেওঁলোকৰ ঋণ কিস্তি (EMI)/ক্ৰেডিট কাৰ্ড পেমেন্ট তিনি মাহলৈ স্থগিত ৰখাৰ অনুমতি দিছে৷ ৰিপেমেন্টৰ বাবে নিৰ্ধাৰিত সময়ৰ ক্ষেত্ৰত কৰা সলনিয়ে গ্ৰাহকক ঋণ পেমেন্টৰ পৰা অস্থায়ীভাৱে হ’লেও বহুখিনি সকাহ প্ৰদান কৰিছে৷

প্ৰতাৰকে এই ব্যৱস্থাটোৰ সুবিধা লৈছে৷ দিনে দিনে ঋণ কিস্তি (EMI) প্ৰতাৰকৰ পয়োভৰ বৃদ্ধি পাইছে, প্ৰতাৰকে বেংকৰ প্ৰতিনিধি বুলি দাবী কৰি ঋণ স্থগিতকৰণৰ ক্ষেত্ৰত দেনাদাৰসকলক সহায় কৰাৰ ভুৱা চেষ্টা চলাবলৈ আৰম্ভ কৰিছে৷

তেওঁলোকে তলত দিয়াধৰণে এই কাৰ্য্য কৰিব পাৰে:

পৰিস্থিতি 1: আপুনি আপোনাৰ বেংকৰ প্ৰতিনিধি বুলি দাবী কৰা কোনো লোকৰ কল পাব পাৰে৷ তেওঁ আপোনাক আপোনাৰ ঋণ কিস্তি (EMI) পিছুৱাবৰ বাবে আপোনাৰ ডেবিট/ক্ৰেডিট কাৰ্ড নম্বৰ, CVV বিচাৰিব৷ আপুনি এই বিৱৰণসমূহ দিলে, প্ৰতাৰকে এটা লেনদেন কৰিব আৰু আপোনাৰ ফোনত অহা OTP খুজিব৷ আপুনি OTP দিয়াৰ লগে লগে আপোনাৰ একাউন্টৰ টকা নাইকীয়া হৈ পৰিব৷

পৰিস্থিতি 2: প্ৰতাৰকে বেংকৰ প্ৰতিনিধি বুলি কৈ আপোনাৰ ঋণ কিস্তি (EMI) ৰ সময় বৃদ্ধি কৰা বুলি ক’ব আৰু আপোনাক এটা লিংকত ক্লিক কৰিবলৈ ক’ব নাইবা এই সময় বৃদ্ধি কৰা প্ৰক্ৰিয়াটো স্বীকাৰ কৰিবৰ বাবে পোনপটীয়াকৈ PhonePe এপটো খুলিবলৈ ক’ব৷ আপোনাক ন’টিফিকেচনত অহা অনুৰোধ অনুমোদন কৰি আপোনাৰ UPI পিন লিখিবলৈও ক’ব পাৰে৷ কেতিয়াবা, প্ৰতাৰকে “ঋণ কিস্তি (EMI) ৰ সময় বৰ্ধিত কৰিবৰ বাবে অনুৰোধ অনুমোদন কৰক” — এনেধৰনৰ মেচেজ দি বেংকৰ নাম নাইবা ল’গোও ব্যৱহাৰ কৰিব পাৰে৷

পৰিস্থিতি 3: ঋণ কিস্তি (EMI) সময়ত নিদিয়াৰ বাবে জৰিমনা ভৰিব লাগিব বুলি কৈ এজন ‘বেংক বিষয়া’য়ে কল কৰিব৷ তেওঁ আপোনাক সহায় কৰিব বুলি ক’ব, আৰু আপোনাক AnyDesk এপ নাইবা তেনেধৰণৰ অন্য স্ক্ৰীন-চেয়াৰিং এপ ইনষ্টল কৰিবলৈ ক’ব৷ আপোনাৰ ডিভাইচৰ ৰিম’ট এক্সেছ পোৱাৰ পাছত, প্ৰতাৰক ‘বেংক বিষয়া’য়ে আপোনাৰ মোবাইল বেংকিং এপৰ পিন আৰু পাচৱৰ্ড পাব আৰু আপোনাৰ একাউন্ট বিৱৰণৰ অপ-প্ৰয়োগ কৰিব৷ আপোনাৰ টকা প্ৰতাৰকৰ একাউন্টত জমা হৈ যাব৷

অনুগ্ৰহ কৰি বেংকৰ প্ৰতিনিধি বুলি দাবী কৰা আৰু ওপৰত উল্লেখ কৰা পৰিস্থিতি ব্যৱহাৰ কৰি সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়া অপৰিচিত ব্যক্তিৰ কলৰ পৰা সাৱধান হওক৷ মনত ৰাখিব যে আপোনাৰ বেংকে কেতিয়াও PhonePe ৰ মাধ্যমেৰে আপোনাৰ EMI ৰ সময় বৃদ্ধি নকৰে৷ তাৰোপৰি, EMI স্থগিত কৰাৰ বাবে আপুনি কোনো OTP চেয়াৰ কৰিব নালাগে নাইবা UPI পিন লিখাৰ আৱশ্যক নহয়৷

আপুনি তলত দিয়াধৰণে সুৰক্ষিত থাকিব পাৰিব:

  • গোপনীয়া বিৱৰণসমূহ যেনে, কার্ড নম্বৰ, CVV, ম্যাদ শেষ হোৱা তাৰিখ, পিন, নাইবা OTP কেতিয়াও কাৰো লগত চেয়াৰ নকৰিব৷ PhonePe ৰ প্ৰতিনিধি বুলি দাবী কৰি যদি কোনো লোকে আপোনাৰ তথ্য বিচাৰে, অনুগ্ৰহ কৰি তেওঁলোকক আপোনালৈ এখন মেইল কৰিবলৈ কওক৷ আৰু কেৱল phonepe.com ডোমেইনৰ পৰা অহা মেইলৰহে উত্তৰ দিয়ক৷
  • সকলো বেংকৰ ইমেইল কেৱল সুৰক্ষিত https ডোমেইনৰ মাধ্যমেৰেহে আহে৷ [XYZ]@gmail.com নাইবা অন্য তেনেধৰণৰ ইমেইল প্ৰ’ভাইদাৰ ডোমেইনৰ পৰা অহা মেইল উপেক্ষা কৰক৷
  • সদায় মনত ৰাখিব যে PhonePe ত টকা প্ৰাপ্ত কৰিবৰ বাবে আপুনি কেতিয়াও পেমেন্ট কৰাৰ প্ৰয়োজন নহয় নাইবা আপোনাৰ UPI পিন লিখিব নালাগে৷
  • ‘Pay’ত ক্লিক কৰাৰ আগতে নাইবা আপোনাৰ UPI পিন লিখাৰ আগতে আপোনাৰ PhonePe এপত দেখা পোৱা মেচেজটো ভালদৰে পঢ়ি লওক৷
  • Anydesk, Teamviewer ইত্যাদিৰ দৰে স্ক্ৰীন-চেয়াৰিং এপ ডাউনলোড নকৰিব৷
  • Google, Twitter, FB ইত্যাদিত PhonePe গ্ৰাহক সহায়তা নম্বৰ নিবিচাৰিব৷ PhonePe গ্ৰাহক সহায়তাৰ লগত যোগাযোগ কৰাৰ একমাত্ৰ মাধ্যম হৈছে https://phonepe.com/en/contact_us.html
  • PhonePe সহায়তাৰ পৰা ফোন কৰা বুলি দাবী কৰা যিকোনো অসত্যাপিত নম্বৰত কেতিয়াও কল নকৰিব নাইবা তেনে নম্বৰৰ পৰা অহা ফোনৰ উত্তৰ নিদিব৷

প্ৰতাৰকে যোগাযোগ কৰা গম পালে আপুনি কি কৰিব?

  • লগে লগে আপোনাৰ নিকটৱৰ্তী চাইবাৰ ক্রাইম চেন্টাৰত এই ঘটনা ৰিপ’ৰ্ট কৰক আৰু প্ৰাসংগিক বিৱৰণ সমূহ (ফোন নম্বৰ, লেনদেনৰ বিৱৰণ, কার্ড নম্বৰ, বেংক একাউন্ট ইত্যাদি) জনাই আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰক।
  • আপোনাৰ PhonePe এপত লগইন কৰক আৰু ‘সহায়তা’লৈ যাওক৷ আপুনি ‘একাউন্ট সুৰক্ষা সমস্যা/ প্ৰতাৰণামূলক গতিবিধি ৰিপ’ৰ্ট কৰক’ৰ অধীনত আপোনাৰ লগত হোৱা প্ৰতাৰণাৰ ঘটনা ৰিপ’ৰ্ট কৰিব পাৰিব৷
  • বিভিন্ন চ’চিয়েল মিডিয়া প্লেটফৰ্মত থকা আমাৰ অ’ফিচিয়েল একাউন্টতহে আমাৰ লগত যোগাযোগ কৰক৷

Twitter হেণ্ডলছ: https://twitter.com/PhonePe

https://twitter.com/PhonePeSupport

Facebook একাউন্ট: https://www.facebook.com/OfficialPhonePe/

ৱেব: support.phonepe.com

Keep Reading