PhonePe Blogs Main Featured Image

Trust & Safety

প্ৰৱঞ্চকবোৰে কেনেকৈ আপোনাৰ গ্ৰুপ চাটত প্ৰৱেশ কৰি আছে আৰু আপুনি কেনেকৈ সিহঁতৰ পৰা সুৰক্ষিত থাকিব পাৰে

PhonePe Regional|3 min read|11 June, 2026

URL copied to clipboard

মনত আছেনে আমাৰ মা-দেউতা আৰু ককা-আইতাহঁতে কোৱা টেলিগ্ৰামৰ কাহিনী। কেনেদৰে সেই সময়ত তেওঁলোকে যোগাযোগৰ উপায় হিচাপে টেলিগ্ৰাম ব্যৱহাৰ কৰিছিল। টেলিগ্ৰাম পঠিয়াবলৈ এজন মানুহে টেলিগ্ৰাফ কাৰ্যালয়লৈ গৈ এখন প্ৰপত্ৰ পূৰণ কৰিব লাগিছিল আৰু টেলিগ্ৰামখনত যিমানটা শব্দ আছে সেই অনুসৰি ধন পৰিশোধ কৰিব লাগিছিল। সেই সময়ৰ বাবে আজিৰ ইন্সটেণ্ট মেছেজিং এক ভাবিব নোৱাৰা অকল্পনীয় কথা আছিল।

মেছেজিং এপ আৰু পেমেণ্ট এপত থকা চাট বৈশিষ্ট্যটো যোগাযোগৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰিবলৈ তৈয়াৰ কৰা হৈছে। লাগিলে এয়া বাস্তৱ-সময়ৰ ব্যক্তিগত অথবা ব্যৱসায়িক মেছেজ প্ৰেৰণৰ বাবে হওক অথবা এটা পেমেণ্ট এপৰ ভিতৰত গোটৰ খৰচৰ বিষয়ে আলোচনা কৰাৰ বাবেই হওক, ইন্সটেণ্ট মেছেজিঙে আমি যোগাযোগ কৰাৰ ধৰণেই সলনি কৰি পেলাইছে।

শেহতীয়াকৈ প্ৰৱঞ্চকবোৰে মেছেজিং আৰু পেমেণ্ট এপত অনুপ্ৰৱেশ কৰি মানুহৰ ধন লুট কৰিবলৈ চেষ্টা কৰা দেখা গৈছে। এইটো ব্লগত আমি এই প্ৰৱঞ্চনাই কেনেকৈ কাম কৰে আৰু এনে প্ৰৱঞ্চনামূলক কৌশলৰ পৰা আপুনি কেনেকৈ সুৰক্ষিত থাকিব পাৰিব সেই বিষয়ে বিশদভাৱে জনাম।

এই চাট প্ৰৱঞ্চনাই কেনেদৰে কাম কৰে

মেছেজিং আৰু পেমেণ্ট এপসমূহৰ “চাট” আৰু “গ্ৰুপ” ফিচাৰ্ছৰ জৰিয়তে এটা সাধাৰণ প্ৰৱঞ্চনা এনেদৰে সংঘটিত হয়:

  1. আপুনি অকলশৰীয়া চাটত এটা টেক্সট মেছেজ পায় অথবা এজন অচিনাকি ব্যক্তিয়ে আপোনাক এটা ডাঙৰ গ্ৰুপত যোগ দিয়ে।
  2. এইটো চাটলৈ গৈ আপুনি দেখে যে এইটো “সোনকালে ধনী হোৱা” আঁচনি, বাজিৰ টিপছ অথবা বিশেষ “জুৱাৰ এপ”ৰ পুৰস্কাৰ আদি তথ্যৰে ভৰি আছে।
  3. প্ৰৱঞ্চকবোৰে পুৰস্কাৰ, কেশ্ববেক অথবা গেমিং লিংকৰ ৰূপত এটা ক্ষতিকাৰক লিংক শ্বেয়াৰ কৰে।
  4. লিংকটোত ক্লিক কৰিলে এটা ছাইডলোড কৰা APK ইনষ্টল হৈ পৰে। এবাৰ ইনষ্টল হোৱাৰ পাছত, এইটো এপে বেকগ্রাউণ্ডত তলত দিয়া কামবোৰ কৰি থাকে:
    • OTP-সমূহ ফৰৱাৰ্ড কৰা: আপোনাৰ SMS/OTP-সমূহ মাজতে আটক কৰি প্ৰৱঞ্চকলৈ ফৰৱাৰ্ড কৰে।
    • নথিপত্ৰ চুৰি কৰা: আপোনাৰ আধাৰ, PAN আৰু অন্যান্য স্পৰ্শকাতৰ ফাইলৰ ফটো চুৰি কৰে।
  5. এনেদৰে আপোনাৰ OTP-সমূহ আৰু পৰিচয়ৰ নথিপত্ৰবোৰ হস্তগত কৰি, প্ৰৱঞ্চকে বেংকৰ সুৰক্ষা বাইপাছ কৰি আপোনাৰ একাউণ্টৰ পৰা ধন উলিয়াই নিয়ে। কিন্তু এই প্ৰৱঞ্চনাৰ ইয়াতে অন্ত নপৰে। ইয়াৰ পাছত প্ৰৱঞ্চকে অন্যান্য অপৰাধ সংঘটিত কৰিবলৈ আপোনাৰ প্ৰকৃত তথ্যসমূহ ব্যৱহাৰ কৰি ভুৱা ব্যক্তিৰ সৃষ্টি কৰাৰ উদ্দেশ্যৰে চিন্থেটিক আইডেণ্টিটি তৈয়াৰ কৰে।

গ্ৰুপ চাট প্ৰৱঞ্চনাৰ পৰা কেনেকৈ নিজকে সুৰক্ষিত কৰিব

সাৱধানতাৰে ব্যৱহাৰ কৰিলে ডিজিটেল পেমেণ্ট আৰু এপসমূহ সুৰক্ষিত হয়। বেছিভাগ APK/ভুৱা এপ-আধাৰিত জালিয়াতি সংঘটিত হোৱাৰ কাৰণ হৈছে আমি ভয় অথবা উত্তেজনাবশতঃ সঠিকভাৱে সত্যাপন নকৰাকৈয়ে খৰখেদাকৈ কাম কৰা স্বভাৱ। গুৰুতৰ বিত্তীয় লোকচানৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ হ’লে এপটোৰ উৎস, ডেভেলপাৰৰ ইমেইল, অনুৰোধ কৰা অনুমতিসমূহ আৰু যিকোনো লিংকৰ সত্যতা পৰীক্ষা কৰিবলৈ অলপ সময় ল’ব লাগিব।

চাইবাৰ জালিয়াতিৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ ইয়াত কিছুমান উপায় আগবঢ়োৱা হ’ল:

  • কেতিয়াও চাটত পঠিওৱা লিংকৰ জৰিয়তে এপ ডাউনল’ড অথবা ইনষ্টল নকৰিব। এইবোৰ আপোনাৰ স্পৰ্শকাতৰ তথ্য চুৰি কৰিব পৰা মেলৱেৰ হ’ব পাৰে। কেৱল Indus Appstore, Google Play Store অথবা এপ ষ্টোৰৰ পৰাহে এপসমূহ ডাউনল’ড কৰিব।
  • আপোনাৰ যোগাযোগৰ তালিকাত নথকা ফ’ন নম্বৰৰ দ্বাৰা আৰম্ভ কৰা গ্ৰুপ অথবা চাটৰ পৰা সাৱধান হ’ব।
  • আপোনাৰ ফ’নৰ ছেটিংছত কোনবোৰ এপক “Read SMS/SMS পঢ়া” অথবা “Access Files/ফাইল এক্সেছ কৰা”ৰ অনুমতি দিয়া আছে সেয়া নিয়মিতভাৱে পৰ্যালোচনা কৰিব।
  • কোনো বৈধ প্লেটফৰ্ম অথবা বেংকৰ বিষয়াই কেতিয়াও চাট অথবা কলৰ জৰিয়তে আপোনাৰ পৰা OTP জানিবলৈ নিবিচাৰে।
  • অনধিকৃত এক্সেছৰ বিৰুদ্ধে অতিৰিক্ত সুৰক্ষা হিচাপে আপোনাৰ পেমেণ্ট এপসমূহত ফিংগাৰপ্ৰিণ্ট অথবা ফেচ আইডি লক্ ব্যৱহাৰ কৰক।

যদি আপুনি এটা ভুৱা এপ ইনষ্টল কৰিলে তেন্তে কি কৰিব

  1. এপটো তৎক্ষণাত আনইনষ্টল কৰক।
  2. ম’বাইল ডেটা আৰু ৱাই-ফাই সাময়িকভাৱে বন্ধ কৰি ৰাখক।
  3. বেংকিং, ইমেইল আৰু পেমেণ্ট এপসমূহৰ পাছৱৰ্ড সলনি কৰক।
  4. নিৰীক্ষণ সক্ৰিয় কৰিবলৈ অথবা কাৰ্যকলাপ ফ্ৰীজ কৰিবলৈ আপোনাৰ বেংক/পেমেণ্ট সেৱা প্ৰদানকাৰীৰ সৈতে যোগাযোগ কৰক।

কেনেকৈ অভিযোগ জনাব

যদি আপুনি ভাবে যে আপুনি কোনো প্ৰৱঞ্চনাৰ বলি হৈছে তেন্তে তৎক্ষণাৎ ইয়াৰ বিষয়ে অভিযোগ কৰক:

PhonePeত অভিযোগ কৰা:

  • PhonePe গ্ৰুপ চাট: গ্ৰুপটো প্ৰৱঞ্চনামূলক বুলি সন্দেহ হ’লে, আপুনি গ্ৰুপটোৰ প্ৰফাইলৰ তলত থকা “Exit/প্ৰস্থান কৰক” আৰু “Report/ৰিপৰ্ট কৰক” বিকল্পত ক্লিক কৰিব পাৰে।
  • PhonePe এপ: সহায় শাখালৈ গৈ অভিযোগ কৰক।
  • PhonePe গ্ৰাহক সেৱা: 80-68727374 / 022-68727374 নম্বৰত কল কৰক।
  • ছ’চিয়েল মিডিয়াত অভিযোগ কৰা:
  • অভিযোগ নিষ্পত্তি:  PhonePe অভিযোগ প’ৰ্টেলত অভিযোগ পঞ্জীয়ন কৰক।

সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত অভিযোগ কৰক:

  • চাইবাৰ ক্ৰাইম চেল:  চাইবাৰ ক্ৰাইম প’র্টেলত অনলাইনযোগে অভিযোগ কৰক অথবা 1930 নম্বৰত কল কৰক।
  • দূৰসংযোগ বিভাগ (DOT):  সঞ্চাৰ সাথী প’র্টেলত চক্ষু সুবিধাৰ জৰিয়তে সন্দেহজনক মেছেজ, কল অথবা হোৱাটছএপ/টেলিগ্ৰামত হোৱা প্ৰৱঞ্চনাৰ বিষয়ে অভিযোগ কৰক।

মনত ৰাখিবলগীয়া গুৰুত্বপূৰ্ণ কথা — PhonePeই কেতিয়াও গোপনীয় অথবা ব্যক্তিগত বিৱৰণ জানিবলৈ নিবিচাৰে। PhonePeৰ পৰা প্ৰেৰণ কৰা বুলি দাবী কৰা সকলোবোৰ মেইল আওকাণ কৰক যদিহে সেইবোৰ phonepe.com ডমেইনৰ পৰা অহা নাই। যদি আপুনি প্ৰৱঞ্চনা হোৱা বুলি সন্দেহ কৰে, তেন্তে অনুগ্ৰহ কৰি তৎক্ষণাত সম্পৰ্কিত কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰক।

Keep Reading