PhonePe Blogs Main Featured Image

Trust & Safety

COVID-19 কেলেংকাৰীৰ পৰা কেনেকৈ সচেতন আৰু সুৰক্ষিত থাকিব

PhonePe Regional|4 min read|09 August, 2021

URL copied to clipboard

Covid-19-ৰ দ্বিতীয় ঢৌৱে ভাৰতত তীব্ৰ সংকটৰ সৃষ্টি কৰাৰ সময়তে প্ৰৱঞ্চকবোৰেও মানুহক ঠগ প্ৰৱঞ্চনাৰ জৰিয়তে অজ্ঞাত একাউণ্ট আৰু ফোন নম্বৰলৈ টকা পঠিয়াবলৈ বাধ্য কৰাৰ বাবে ন ন কৌশল অৱলম্বন কৰিছে। চিকিৎসালয়ৰ বিচনা, অক্সিজেন যোগান আৰু ভেকছিন লোৱাত কৰাত সহায় কৰাৰ অজুহাতত, এই প্ৰৱঞ্চকসকলে মানুহক প্ৰতাৰণা কৰি আহিছে।

তলত দিয়া PhonePe নিৰ্দেশনাত আপুনি সাৱধানতা অৱলম্বন কৰিব লগা পৰিস্থিতিবোৰৰ বিষয়ে উল্লেখ কৰা হৈছে।

Covid-19 ভেকচিনৰ পঞ্জীয়ন

চাইবাৰ অপৰাধীসকলে মানুহক ভেকচিনৰ প্ৰথমটো শ্বটৰ বাবে আগতীয়া বুকিং কৰাৰ বা চৰকাৰী ডাটাবেছ আপডেট কৰাৰ প্ৰতিশ্ৰুতি দি প্ৰৱঞ্চনাৰে টকা আদায় কৰাৰ কেইবাটাও ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে। এই প্ৰক্ৰিয়াটো অতি সৰল।

  • প্ৰৱঞ্চকে মানুহলৈ কল কৰে, বিশেষকৈ 45 বছৰৰ অধিক বয়সৰ লোকলৈ কল কৰে আৰু তেওঁলোকক সোধে যে তেওঁলোকে Covid-19ৰ প্ৰথম পালি ভেকচিন লৈছে নেকি
  • যিসকল লোকে প্ৰথম পালি ভেকচিন লৈছে বুলি নিশ্চিত কৰে তেওঁলোকক ডাটাবেছ আপডেট কৰাৰ অজুহাতত তেওঁলোকৰ ম’বাইললৈ প্ৰেৰণ কৰা OTP নম্বৰবোৰ ছেয়াৰ কৰিবলৈ কোৱা হয়
  • যিসকল লোকে প্ৰথম পালি ভেকচিন লোৱা নাই বুলি জনায় তেওঁলোকক ভেকচিন আগতীয়াকৈ বুক কৰাত সহায় কৰাৰ বাবে তেওঁলোকৰ মোবাইল ফোনলৈ প্ৰেৰণ কৰা OTP ছেয়াৰ কৰিবলৈ কোৱা হয়

এই দুয়োটা পদক্ষেপেই ক্ষতিকাৰক নহয় যেন লাগিলেও ম’বাইল নম্বৰত লাভ কৰা OTP নম্বৰ ছেয়াৰ কৰাৰ পৰিণাম ক্ষতিকাৰক হ’ব পাৰে, যেনে প্ৰৱঞ্চকে আপোনাৰ ফোনত থকা গুৰুত্বপূৰ্ণ তথ্য বা এপৰ এক্সেছ লাভ কৰিব পাৰে।

ছ’চিয়েল মিডিয়াত (অ)প্ৰমাণীকৃত উৎসসমূহ

মহামাৰীৰ দ্বিতীয় ঢৌৰ সময়ত, চিকিৎসালয়ৰ বিচনাৰ উপলব্ধতাৰ লগতে ভেকচিন আৰু অন্যান্য চিকিৎসা সঁজুলিৰ প্ৰমাণিত বিক্ৰেতাৰ সৈতে মানুহক সংযোগ কৰাৰ বহুতো প’ষ্টেৰে ছ’চিয়েল মিডিয়া ভৰি পৰিছিল।

এই তথ্যৰ অপব্যৱহাৰ কৰি, অক্সিজেন চিলিণ্ডাৰ ডিষ্ট্ৰিবিউটৰ হিচাপে নিজৰ পৰিচয় দি বহুতো ছদ্মবেশী লোকে ঔষধৰ বাবে মাচুল লৈ বহুতক প্ৰতাৰণা কৰিছিল।

WhatsApp আৰু SMSত বিনামূলীয়া কোভিড ভেকচিন পঞ্জীয়নৰ লিংক থকা বুলি কিছুমান ভুৱা বাৰ্তা ছেয়াৰ কৰা হৈছিল যিবোৰত প্ৰকৃততে মালৱেৰ লিংক সন্নিবিষ্ট আছিল, যাৰ জৰিয়তে ব্যৱহাৰকাৰীসকলৰ ব্যক্তিগত তথ্য চুৰি কৰা হৈছিল। এনে লিংকে প্ৰৱঞ্চকক আপোনাৰ ডিভাইচ আৰু ইয়াৰ সৈতে সম্পৰ্কিত একাউণ্টত প্ৰৱেশ কৰিবলৈ অনুমতি দিছিল।

ছ’চিয়েল মিডিয়া চেনেলবোৰত বেজী আৰু অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী সম্পৰ্কে বিভ্ৰান্তিকৰ বিজ্ঞাপনে ইতিমধ্যে তীব্ৰ মানসিক চাপত থকা ৰোগীৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ বাবে যথেষ্ট উদ্বেগৰ সৃষ্টি কৰিছিল।

আনকি বহুতো লোক এনে ভুৱা চিকিৎসকৰ প্ৰফাইলৰ চিকাৰ হৈছিল যিয়ে Facebook আৰু Instagram হেণ্ডেলত ঔষধ আৰু অক্সিজেন চিলিণ্ডাৰৰ বাবে “প্ৰমাণিত লীড”ৰ ভুৱা বিজ্ঞাপন দিছিল।

এই প্ৰৱঞ্চকসকলে বেজী আৰু দুৰ্লভ ঔষধৰ বাবে আগতীয়া পেমেন্ট বিচাৰি মানুহৰ পৰা টকা আদায় কৰিছিল আৰু টকা লাভ কৰাৰ পিছত কল অৱৰোধ কৰিছিল বা নিজৰ নম্বৰ সলনি কৰিছিল।

প্ৰৱঞ্চনামূলক ৱেবছাইটবোৰ কিদৰে প্ৰমাণিত কৰিব লাগে আৰু Covid সম্পৰ্কীয় উদ্দেশ্যৰ বাবে কিদৰে দান কৰিব লাগে

কৰোনাভাইৰাছৰ বিৰুদ্ধে ভাৰতে একত্ৰিত হৈ থিয় দিয়াৰ লগে লগে বহু লোকে দান কৰিবলৈ আৰু সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছিল। যদি আপুনি ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰাৰ দাবী কৰা যিকোনো সংগঠনক ধন দান কৰিবলৈ ইচ্ছুক, তেওঁলোকে কি কাম কৰে আৰু Covid-ৰ ক্ষেত্ৰত তেওঁলোকে যি সহায় আগবঢ়োৱা বুলি দাবী জনাইছে সেই দাবীবোৰৰ ছাইটত উল্লেখ কৰা সমলৰ সৈতে মিল আছেনে নাই জানিবলৈ আপুনি সংগঠনটোৰ ৱেবছাইটলৈ যাব লাগিব।

ছাইটটোৰ ঠিকনা ‘HTTPS’ বা ‘HTTP’ৰে আৰম্ভ হৈছেনে নাই পৰীক্ষা কৰক। ‘HTTPS’ৰে আৰম্ভ হোৱা ৱেবছাইট এটাত SSL প্ৰমাণপত্ৰ থাকে আৰু ইয়াক ‘HTTP’ৰে আৰম্ভ হোৱা ছাইটতকৈ অধিক সুৰক্ষিত বুলি গণ্য কৰা হয়। অৱশ্যে, যদি আপুনি দান কৰিব বিচৰা সংগঠনটোৰ বৈধতাৰ বিষয়ে নিশ্চিত নহয় বা আপোনাৰ ধন প্ৰমাণিত একাউণ্টৰ দ্বাৰা ব্যৱহাৰ কৰা হ’বনে নাই জানিব বিচাৰে তেন্তে আপুনি PhonePe এপটো ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াৰ ‘দান’ টেবত ক্লিক কৰিব পাৰে।

PhonePe এপ ব্যৱহাৰ কৰি কেনেদৰে দান কৰিব?

PhonePe-এ আপুনি প্ৰমাণিত বেচৰকাৰী সংস্থাক দান কৰাটো নিশ্চিত কৰে আৰু আপোনাৰ ৰেফাৰেন্সৰ বাবে সেইবোৰ ইয়াৰ ছাইটত তালিকাভুক্ত কৰে। আপুনি নিম্নলিখিত পদক্ষেপবোৰৰ জৰিয়তে PhonePe-ত তালিকাভুক্ত এটা NGO-ৰ বাবে দান কৰিব পাৰে।

পদক্ষেপ 1: আপোনাৰ PhonePe হ’ম স্ক্ৰীনত ‘ৰিচাৰ্জ আৰু বিল পেমেন্ট’ টেবৰ তলত থকা ‘দান’ টেবত টিপক।

পদক্ষেপ 2: NGO বা অন্য সংগঠনৰ তালিকাৰ পৰা আপুনি দান কৰিব বিচৰা সংগঠন বাছনি কৰক বা আপুনি দান কৰিব বিচৰা উদ্দেশ্য বাছনি কৰক।

পদক্ষেপ 3: আপোনাৰ নাম আৰু ইমেইল ঠিকনা দিয়ক।

পদক্ষেপ 4: অনুদানৰ পৰিমাণ উল্লেখ কৰক।

পদক্ষেপ 5: তালিকাত থকা পেমেন্ট পদ্ধতিৰ পৰা বাছনি কৰক। আপুনি UPI, আপোনাৰ ডেবিট কাৰ্ড বা আপোনাৰ PhonePe ৱালেট ব্যৱহাৰ কৰিব পাৰে।

পদক্ষেপ 6: ‘দান’ টেবটো টিপক আৰু পেমেন্টটোত অনুমোদন জনাওক।

প্ৰৱঞ্চনামূলক ফোন নম্বৰবোৰ প্ৰমাণিত কৰিবলৈ আপুনি কেনেদৰে PhonePe ব্যৱহাৰ কৰিব পাৰে ইয়াত দিয়া হৈছে

আপোনাৰ বিৱৰণ বিচৰা বা আপোনাক অবাঞ্ছিত পুৰষ্কাৰৰ প্ৰতিশ্ৰুতি দিয়া প্ৰতাৰণামূলক বা স্পাম কল চিনাক্ত কৰাত আপোনাৰ সতৰ্কতাই আনক সেই বিষয়ে সজাগ কৰাত সহায় কৰিব পাৰে। যদি আপুনি চিকিৎসা সেৱা আৰু অক্সিজেন যোগানৰ বাবে কল/অপ্ৰমাণিত সম্পৰ্ক প্ৰাপ্ত কৰি আছে আৰু ইয়াৰ বিশ্বাসযোগ্যতা সম্পৰ্কে নিশ্চিত নহয়, আপুনি https://www.phonepe.com/security/covid-frauds/-ত লগ অন কৰি অন্য লোকে প্ৰৱঞ্চনামূলক কল লাভ কৰা নম্বৰৰ তালিকা পৰীক্ষা কৰিব পাৰে। এনে ধৰণৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে অন্য লোকক সতৰ্ক কৰিবলৈ তালিকাখনত আপুনি লাভ কৰা নম্বৰটো আপডে’ট কৰিব পাৰে।

মনত ৰাখিব: PhonePe-এ আপোনাৰ ব্যক্তিগত তথ্য বিচৰা বা আপোনাক সংবেদনশীল তথ্য যেনে OTP/CVV বা UPI MPIN ছেয়াৰ কৰিবলৈ কোৱা কোনো কল সমৰ্থন নকৰে।

প্ৰৱঞ্চনাৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ কি কৰিব আৰু কি নকৰিব

কৰিব: ভুৱা ফোন কলৰ দ্বাৰা প্ৰতাৰণাৰ বলি হোৱাটো এৰাই চলা কঠিন নহয়। আপুনি ‘কৰিব’ লগীয়া কামবোৰ হৈছে

  • কোনো অজ্ঞাত ব্যক্তিলৈ টকা প্ৰেৰণ কৰাৰ আগতে প্ৰাপকৰ সবিশেষ পৰীক্ষা কৰক৷
  • টকা ট্ৰেন্সফাৰ কৰাৰ আগতে একাউণ্ট ধাৰকৰ নাম, বেংক একাউণ্টৰ বিৱৰণ, আৰু যোগাযোগৰ সবিশেষ সহ প্ৰাপকৰ তথ্য পৰীক্ষা কৰক।
  • আনৰ পৰা শুনি কোনো তৃতীয়-পক্ষৰ এপ ইনষ্টল নকৰিব। প্লে’ ষ্টোৰ বা এপ ষ্টোৰৰ পৰা কেৱল প্ৰমাণীকৃত আৰু বিশ্বাসযোগ্য এপবোৰ ডাউনলোড কৰক।
  • যদি আপুনি কোনো অজ্ঞাত ব্যক্তিলৈ টকা প্ৰেৰণ কৰিছে তেন্তে লগে লগে আপোনাৰ বেংক বা চাইবাৰ চেলক অৱগত কৰক।
  • প্ৰাপকক ভৱিষ্যতে টকা অনুৰোধ কৰাৰ পৰা অৱৰোধ কৰিবলৈ PhonePe প্লেটফৰ্মত আপোনাৰ ফোন আৰু একাউণ্টৰ পৰা প্ৰাপকৰ নম্বৰটো অৱৰোধ কৰক।
  • আপোনাৰ PhonePe এপৰ “সহায়” শাখাত লগ ইন কৰি প্ৰৱঞ্চনাৰ ঘটনাটোৰ ৰিপ’ৰ্ট কৰক আৰু “একাউণ্ট সুৰক্ষা আৰু প্ৰৱঞ্চনামূলক কাৰ্যকলাপৰ প্ৰতিবেদন” ব্যৱহাৰ কৰক। বৈকল্পিকভাৱে support.phonepe.com-ত লগ অন কৰক।
  • সদায় মনত ৰাখিব যে যিকোনো UPI এপত টকা লাভ কৰিবলৈ আপুনি কেতিয়াও আপোনাৰ UPI পিন দিয়াৰ প্ৰয়োজন নাই।

নকৰিব: প্ৰৱঞ্চকৰ দ্বাৰা আপোনাৰ ধন আত্মসাৎ হোৱাটো এৰাই চলিবলৈ, আপুনি

  • কেতিয়াও আপোনাৰ UPI PIN আৰু OTP কাৰো সৈতে ছেয়াৰ নকৰিব। PhonePe কৰ্মচাৰীয়ে কেতিয়াও আপোনাৰ ব্যক্তিগত বিৱৰণ নিবিচাৰে।
  • Twitter, Facebook, LinkedIn, আৰু Instagram হেণ্ডেলকে ধৰি আপোনাৰ ছ’চিয়েল মিডিয়াৰ সম্পৰ্কে তথ্য ছেয়াৰ নকৰিব।
  • কাপোৰ বা অন্য সামগ্ৰী বিক্ৰী কৰা অজ্ঞাত ব্যৱসায়ীৰ অতি আকৰ্ষণীয় অফাৰ গ্ৰহণ কৰাৰ পৰা নিজকে বিৰত ৰাখক।
  • আপোনাৰ বেংকৰ সবিশেষ বিচৰা কোনো প্ৰ-পত্ৰ কেতিয়াও পূৰ নকৰিব।
  • পেমেন্ট প্ৰেৰণ/লাভ কৰিবলৈ Screen Share, Anydesk, Teamviewer-ৰ দৰে তৃতীয় পক্ষৰ এপ ডাউনলোড কৰাৰ পৰা বিৰত থাকক।
  • চাৰ্চ ইঞ্জিন আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ছেয়াৰ কৰা হেল্পলাইন নম্বৰৰ সৈতে যোগাযোগ নকৰিব। ইয়াৰ পৰিৱৰ্তে, হেল্পলাইনৰ তথ্যৰ বাবে অফিচিয়েল ৱেবছাইট চাওক।
  • কেতিয়াও অজ্ঞাত ঠিকনাৰ পৰা লাভ কৰা বাৰ্তা বা ইমেইলত থকা অজ্ঞাত লিংকত ক্লিক নকৰিব।

PhonePe গ্ৰাহক সেৱা লাভ কৰাৰ একমাত্ৰ অফিচিয়েল উপায় হ’ল https://support.phonepe.com/ লিংকত ক্লিক কৰা বা 24*7 গ্ৰাহক সেৱাৰ বাবে আমাৰ গ্ৰাহক সেৱা বিষয়ালৈ 0806–8727–374 or 0226–8727–374-ত কল কৰা।

আমাক সহায় কৰিবলৈ দিয়ক

বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত কেৱল আমাৰ অফিচিয়েল একাউণ্টতহে আমাৰ সৈতে যোগাযোগ কৰক।

Keep Reading