PhonePe Blogs Main Featured Image

Trust & Safety

KYC প্ৰতাৰণাৰ মাধ্যমেৰে পৰিচয় জালিয়াতি: সুৰক্ষিত থকাৰ উপায়

PhonePe Regional|5 min read|21 July, 2025

URL copied to clipboard

যেতিয়া আপুনি বেংক অথবা বিত্তীয় প্ৰতিষ্ঠানত একাউণ্ট খোলে তেতিয়া আপোনাৰ পৰিচয় সত্যাপন কৰাটো বাধ্যতামূলক হয়। এইটো এটা KYC প্ৰক্ৰিয়াৰ মাধ্যমেৰে সম্পন্ন কৰা হয়, য’ত আধাৰ, PAN অথবা অন্যান্য RBI অনুমোদিত ডকুমেণ্ট জমা দিয়াটো প্ৰয়োজনীয় হ’ব পাৰে।

আজিকালি, বিত্তীয় প্ৰতিষ্ঠানবোৰে “ডিজিটেল KYC”ৰ মাধ্যমেৰে এই সত্যাপন প্ৰক্ৰিয়া সম্পন্ন কৰে। অফলাইন সত্যাপন সম্পন্ন কৰিব নোৱাৰিলে ডিজিটেল KYC সত্যাপন কৰা হয়, য’ত গ্ৰাহকৰ লাইভ ছবি আৰু তেওঁলোকৰ ওচৰত প্ৰয়োজনীয় ডকুমেণ্ট অথবা আধাৰ উপস্থিত থকাৰ প্ৰমাণ সংগ্ৰহ কৰা হয়।

KYC প্ৰতাৰণাৰ মাধ্যমেৰে পৰিচয় জালিয়াতি আৰু একাউণ্ট বন্ধ কৰাৰ ভয় দেখুৱাই কৰা প্ৰৱঞ্চনা কি?

KYC পৰিচয় জালিয়াতিৰ মাধ্যমেৰে, প্ৰতাৰকে আপোনাৰ ব্যক্তিগত তথ্য চুৰি কৰে অথবা নকল পৰিচয় তৈয়াৰ কৰে আৰু প্ৰতাৰণামূলকভাৱে KYC প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে সেইবোৰ ব্যৱহাৰ কৰে। এবাৰ সত্যাপন হোৱাৰ পাছত, সিঁহতে আপোনাৰ একাউণ্টবোৰত অনধিকৃত এক্সেছ পায় অথবা এটা নতুন একাউণ্ট খুলিবলৈ আপোনাৰ KYC ব্যৱহাৰ কৰে, আপোনাৰ নামত ঋণ আৰু ক্ৰেডিট কাৰ্ড লয়; ইয়াৰ ফলত আপোনাৰ আৰ্থিক ক্ষতি হোৱাৰ লগতে সুনামো নষ্ট হ’ব পাৰে।

বৰ্তমানৰ ডিজিটেল পৃথিৱীত, পৰিচয়ৰ জালিয়াতি কৰাটো এটা ডাঙৰ বিপদ হৈ পৰিছে, বিশেষকৈ যেতিয়া প্ৰতাৰকবোৰে চুৰি অথবা নকল কৰা ডকুমেণ্ট ব্যৱহাৰ কৰি KYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে আৰু আপোনাৰ একাউণ্টৰ নিয়ন্ত্ৰণ লাভ কৰে।

তাৰোপৰি, এইটো ভাবুকিয়েই পাছলৈ KYCৰ সৈতে জড়িত একাউণ্ট বন্ধ কৰাৰ ভয় দেখুৱাই কৰা প্ৰৱঞ্চনাৰ ৰূপ লয়। এই ক্ষেত্ৰত প্ৰতাৰকে ভয় আৰু মানসিক চাপৰ সৃষ্টি কৰি আপোনাক খৰখেদাকৈ সিদ্ধান্ত ল’বলৈ বাধ্য কৰে। প্ৰৱঞ্চকবোৰে আপোনাক ফ’ন অথবা মেছেজ কৰি ক’ব পাৰে যে আপোনাৰ পেমেণ্ট একাউণ্ট, বেংক একাউণ্ট অথবা ডিজিটেল ৱালেটৰ KYC ডকুমেণ্টেচন অসম্পূৰ্ণ হোৱা অথবা ম্যাদ উকলি যোৱাৰ বাবে কম সময়ৰ ভিতৰতে (যেনে, 24 ঘণ্টাৰ ভিতৰত) একাউণ্টটো স্থায়ীভাৱে বন্ধ অথবা স্থগিত কৰা হ’ব। আপোনাক আতংকিত কৰি যুক্তিসংগতভাৱে পৰীক্ষা-নিৰীক্ষা নকৰাকৈ সংবেদনশীল বিত্তীয় তথ্য দিবলৈ অথবা একাউণ্ট এক্সেছ কৰাৰ অনুমতি দিবলৈ বাধ্য কৰাটোৱেই সিহঁতৰ মূল উদ্দেশ্য। 

পৰিচয় চুৰি আৰু KYC জালিয়াতি কৰাটো বিভিন্ন ধৰণেৰে হ’ব পাৰে:

  • পৰিস্থিতি 1: প্ৰতাৰকবোৰে বিভিন্ন ফিশ্বিং পদ্ধতিৰ জৰিয়তে আপোনাৰ ব্যক্তিগত পৰিচয়ৰ তথ্য চুৰি কৰিব পাৰে..

 এজন প্ৰতাৰকে অৰ্জুনৰ সৈতে যোগাযোগ কৰিছিল যি বিনিয়োগত আকৰ্ষণীয় ৰিটাৰ্ণৰ প্ৰতিশ্ৰুতি দিছিল। আগবাঢ়ি যোৱাৰ বাবে, অৰ্জুনৰ ব্যক্তিগত বিৱৰণ সত্যাপন কৰিবলৈ কোৱা হৈছিল। প্ৰতাৰকক বিশ্বাস কৰি, তেওঁ নিজৰ একাউণ্টৰ ক্ৰিডেনশ্বিয়েল আৰু OTP শ্বেয়াৰ কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে তেওঁৰ বিনিয়োগবোৰ নিৰাপদে পৰিচালিত হ’ব। এই চুৰি কৰা তথ্য ব্যৱহাৰ কৰি, প্ৰতাৰকে অৰ্জনৰ একাউণ্ট এক্সেছ কৰে আৰু অনধিকৃত লেনদেন সম্পন্ন কৰে।

  • পৰিস্থিতি 2: প্ৰতাৰকে আপোনাক এনে এটা একাউণ্টৰ KYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ প্ৰতাৰণা কৰিব পাৰে যিটো একাউণ্ট আপোনাৰ নহয়। তাৰ পাছত, সিহঁতে আপুনি নজনাকৈ প্ৰতাৰণামূলক কাৰ্যকলাপৰ বাবে একাউণ্টটোৰ অপব্যৱহাৰ কৰে। 

ডেভিডৰ সৈতে এজন প্ৰতাৰকে যোগাযোগ কৰিছিল যি তেওঁক এটা ঋণ পাবলৈ সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল। প্ৰতাৰকে ডেভিডক এনে এটা একাউণ্টৰ KYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কৈছিল যিটো ইতিমধ্যে প্ৰতাৰকৰ নামত তৈয়াৰ কৰা হৈছিল, ডেভিডৰ নামত নহয়। এটা ঋণৰ বাবে আবেদন কৰাৰ কাৰণে এটা বৈধ প্ৰক্ৰিয়া বুলি বিশ্বাস কৰি, ডেভিডে পদ্ধতিটো মানি লৈছিল। তেওঁ KYCৰ বাবে নিজৰ ব্যক্তিগত তথ্য জমা দিয়ে, যি কথাই তেওঁৰ অজানিতে ডেভিডৰ একাউণ্টৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ প্ৰতাৰকক প্ৰদান কৰে। তাৰ পাছত প্ৰতাৰকে প্ৰতাৰণামূলক লেনদেন কৰাৰ বাবে একাউণ্টটোৰ অপব্যৱহাৰ কৰে, যাৰ ফলত ডেভিডে নিজে নজনাকৈয়ে গুৰুতৰ বিপদৰ সন্মুখীন হয়।

  • পৰিস্থিতি 3: প্ৰতাৰকে জৰুৰী সতৰ্কবাণী দিয়া বেংক অথবা এপৰ আনুষ্ঠানিক মেছেজৰ সৈতে একেধৰণৰ SMS পঠিয়াই আপোনাৰ ল’গইনৰ তথ্য ল’বলৈ চেষ্টা কৰিব পাৰে। 

এদিন ৰাতি দেৰিকৈ নিশাৰ ফোনলৈ “PP-ALERT” নামৰ প্ৰেৰকৰ পৰা জৰুৰী বুলি দেখুওৱা এটা SMS আহিল। মেছেজটোৱে জৰুৰী অৱস্থাৰ ভুৱা অনুভৱ সৃষ্টি কৰি এটা চুটি লিংকো দিছিল। তাত লিখা আছিল: “জৰুৰী: আপোনাৰ KYC অসম্পূৰ্ণ হৈ আছে। অহা 15 মিনিটৰ ভিতৰত ইয়াত ক্লিক কৰি আপোনাৰ আধাৰ সত্যাপন কৰক, নহ’লে আপোনাৰ একাউণ্ট স্থায়ীভাৱে ব্লক কৰা হ’ব আৰু আপোনাৰ ধন জব্দ কৰা হ’ব।” আতংকিত হৈ নিশাই লিংকটোত ক্লিক কৰে। ই তেওঁক এটা ভুৱা ৱেবপেজলৈ লৈ যায়। সম্ভাৱ্য বিপদৰ বিষয়ে নজনাকৈ নিশাই তাত নিজৰ নম্বৰ আৰু লাভ কৰা OTP দিয়ে। কিন্তু প্ৰতাৰকে চুৰি কৰা ল’গইনৰ তথ্য ব্যৱহাৰ কৰি আন এখন চহৰৰ পৰা নিশাৰ একাউণ্টত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰোঁতেই PhonePeৰ সুৰক্ষা ব্যৱস্থাই সেই চেষ্টা ধৰা পেলায়। PhonePe Protect সুবিধাই তৎক্ষণাৎ অচিনাকি ডিভাইচ আৰু সন্দেহজনক স্থান পৰিৱৰ্তনক চিনাক্ত কৰি ল’গইনৰ চেষ্টাক ফ্লেগ কৰে। ল’গইনৰ চেষ্টা সম্পূৰ্ণৰূপে ব্লক কৰাৰ লগতে ই নিশাৰ নিজৰ ফোনলৈ বাস্তৱ-সময়ৰ ইন-এপ জাননী পঠিয়ায়: “সন্দেহজনক ল’গইনৰ চেষ্টা ব্লক কৰা হৈছে। আপোনাৰ একাউণ্ট সুৰক্ষিত ৰাখক।”

  • পৰিস্থিতি 4: এটা প্ৰতাৰকে নিজকে কমপ্লায়েন্স দলৰ কৰ্মচাৰী বুলি চিনাকি দি একাউণ্ট বন্ধ হ’ব বুলি ভয় দেখুৱাব পাৰে। তাৰ পাছত “সহজেই সমস্যাটো সমাধান” কৰাৰ নামত স্ক্ৰীন শ্বেয়াৰিং এপ ডাউনল’ড কৰিবলৈ ক’ব পাৰে।

KYC কমপ্লায়েন্স ডেস্কৰ অঞ্জলী” বুলি চিনাকি দিয়া এজনী কলাৰে বিক্ৰমক ফোন কৰি কয় যে বাধ্যতামূলক অডিটৰ বাবে তেওঁৰ ৱালেটটো ছাছপেণ্ড কৰা হৈছে। তাই বিক্ৰমক কয় যে সহযোগিতা কৰিলে এইটো সমস্যা মাত্ৰ দুই মিনিটতে সমাধান হ’ব। ইয়াৰ কাৰণে তাই বিক্ৰমক এটা ৰিম’ট-এক্সেছ এপ ডাউনল’ড কৰিবলৈ নিৰ্দেশ দিয়ে আৰু কয়: “QuickVerify টুলটো ইনষ্টল কৰক আৰু মই ফ’নত থকাৰ সময়তে আপোনাৰ PhonePe এপটো খোলক। আমাৰ ছিষ্টেমে সুৰক্ষিতভাৱে আপোনাৰ তথ্য মিলাই চাব আৰু আপোনাৰ ৱালেটটো পুনৰ সক্ৰিয় কৰি তুলিব।” বিক্ৰমে নিৰ্দেশ অনুসৰি স্ক্ৰীন শ্বেয়াৰ এপটো চলি থকা অৱস্থাতে PhonePe খোলাৰ লগে লগে এপটোৰ আভ্যন্তৰীণ সুৰক্ষা ব্যৱস্থাই বিপদৰ সংকেত দিয়ে। Device Guardএ স্ক্ৰীন মিৰ’ৰিং চলি থকাটো চিনাক্ত কৰে আৰু ইয়াৰ জৰিয়তে ছিষ্টেমে মানুহৰ বিশ্বাস অথবা ভয়ৰ সুযোগ লৈ কৰা প্ৰতাৰণাৰ সাধাৰণ লক্ষণবোৰ ধৰা পেলায়। প্ৰৱঞ্চকে যাতে কোনো সংবেদনশীল তথ্য দেখা নাপায় তাৰ বাবে PhonePeই তৎক্ষণাৎ স্ক্ৰীনখন ক’লা কৰি দিয়ে আৰু স্পষ্ট সতৰ্কবাণী দেখুৱাই এপৰ ব্যৱহাৰ সাময়িকভাৱে বন্ধ কৰে: “সম্ভাৱ্য প্ৰতাৰণা চিনাক্ত কৰা হৈছে।

KYC জালিয়াতি আৰু একাউণ্ট নিয়ন্ত্ৰণৰ সাধাৰণ লক্ষণসমূহ

  • এনে একাউণ্ট খোলাৰ বাবে অপ্ৰত্যাশিতভাৱে কল অথবা ইমেইল অহা যাৰ বাবে আপুনি অনুৰোধ কৰা নাই।
  • আপুনি অনুমোদন নকৰা লেনদেনৰ বাবে এলাৰ্ট অথবা SMS নোটিফিকেচন অহা।
  • এনে বিল অথবা ক্ৰেডিট কাৰ্ড পোৱা যাৰ বাবে আপুনি কেতিয়াও আবেদন কৰা নাই।
  • আপোনাৰ বেংক অথবা বিত্তীয় একাউণ্ট এক্সেছ কৰিবলৈ অসুবিধা হোৱা।
  • এনে অফাৰ যি সঁচা হ’বই নোৱাৰে তথা লোকসকলৰ পৰিচয় চুৰি কৰি প্ৰতাৰণা কৰাৰ চেষ্টা কৰে।
  • আপুনি নিজৰ KYC আপডেট নকৰিলে আপোনাৰ একাউণ্ট ব্লক কৰা অথবা ছাছপেণ্ড কৰা হ’ব বুলি দাবী কৰি SMS, WhatsApp অথবা ইমেইলৰ জৰিয়তে পঠিওৱা জৰুৰী URLসমূহ।

পৰিচয়ৰ জালিয়াতি আৰু KYCৰ জালিয়াতিৰ পৰা নিজকে কেনেদৰে ৰক্ষা কৰিব

  • আপোনাৰ ব্যক্তিগত তথ্য সুৰক্ষিত কৰক: ফোন, ইমেইল অথবা মেছেজিং এপৰ মাধ্যমেৰে কেতিয়াও সংবেদনশীল ডকুমেণ্ট অথবা OTP শ্বেয়াৰ নকৰিব। আপোনাৰ একাউণ্টটো বন্ধ হৈ যাব আৰু ইয়াক বাধা দিবলৈ এইবোৰ তথ্য লাগে বুলি ক’লেও কাকো নিজৰ OTP, UPI PIN অথবা ATM PIN নিদিব।
  • ফিশ্বিঙৰ চেষ্টাৰ প্ৰতি সতৰ্ক থাকক: সন্দেহজনক লিংকত ক্লিক কৰা অথবা অপৰিচিত ৱেবছাইটত তথ্য শ্বেয়াৰ কৰাটো পৰিহাৰ কৰক। আপোনাৰ একাউণ্ট ব্লক অথবা ছাছপেণ্ড কৰা হ’ব বুলি দাবী জনাই SMS, WhatsApp অথবা ইমেইলৰ জৰিয়তে পঠিওৱা URLসমূহত ক্লিক নকৰিব।
  • আপোনাৰ একাউণ্ট নিয়মিতভাৱে পৰীক্ষা কৰক: যিকোনো অনধিকৃত এক্সেছ পৰিহাৰ কৰিবলৈ নিয়মিতভাৱে বেংক ষ্টেটমেণ্ট, ক্ৰেডিট ৰিপৰ্ট আৰু একাউণ্ট পৰীক্ষা কৰি থাকিব।
  • শক্তিশালী প্ৰমাণীকৰণ ব্যৱহাৰ কৰক: যতেই সম্ভৱ দ্বি-স্তৰীয় প্ৰমাণীকৰণ (2FA) সক্ৰিয় কৰক।
  • যোগাযোগ সত্যাপন কৰক: বিত্তীয় প্ৰতিষ্ঠানে অপ্ৰত্যাশিতভাৱে যোগাযোগ কৰিলে, অফিচিয়েল যোগাযোগ চেনেলৰ জৰিয়তে তেওঁলোকৰ পৰিচয় সত্যাপন কৰক। গ্ৰাহক সহায়তাৰ সৈতে যোগাযোগ কৰিবলৈ কেৱল সত্যাপিত এপৰ ভিতৰত দিয়া আনুষ্ঠানিক নম্বৰহে ব্যৱহাৰ কৰিব; ইয়াৰ বাবে কেতিয়াও অচিনাকি SMSত দিয়া নম্বৰ ব্যৱহাৰ নকৰিব। একাউণ্ট বন্ধ হ’ব বুলি কোৱা যিকোনো জৰুৰী মেছেজ বন্ধ কৰিব আৰু আপোনাৰ ফ’নৰ মেনুৰ পৰা পোনপটীয়াকৈ আনুষ্ঠানিক এপটো খুলি জাননীটো সঁচা হয় নে নহয় পৰীক্ষা কৰিব।
  • স্ক্ৰীন শ্বেয়াৰিং এপসমূহৰ পৰা সাৱধান হ’ব: প্ৰকৃত গ্ৰাহক সহায়তা দলে কেতিয়াও আপোনাক তৃতীয় পক্ষৰ এপ (বিশেষকৈ ৰিম’ট ডেস্কটপ অথবা স্ক্ৰীন শ্বেয়াৰিং এপ) ইনষ্টল কৰিবলৈ নকয়।
  • অপব্যৱহাৰ কৰা ডকুমেণ্টৰ বিষয়ে তৎক্ষণাত অভিযোগ কৰক: যদি আপোনাৰ আইডি প্ৰমাণৰ অপব্যৱহাৰ কৰা হয়, তেন্তে উপযুক্ত কৰ্তৃপক্ষ আৰু সংস্থাৰ ওচৰত অভিযোগ কৰক।
  • কেৱল অফিচিয়েল KYC চেনেল ব্যৱহাৰ কৰিব: অফিচিয়েল ৱেবছাইট অথবা সত্যাপন কৰা এজেণ্টৰ জৰিয়তে KYC সম্পূৰ্ণ কৰিব।

PhonePeই আপোনাক কেনেকৈ সক্ৰিয়ভাৱে সুৰক্ষা দিয়ে

  • ইণ্টেলিজেণ্ট ৰিস্ক স্ক’ৰিং ইঞ্জিনসমূহ: PhonePeৰ আভ্যন্তৰীণ ছিষ্টেমে মেচিন লাৰ্নিং এলগ’ৰিদম ব্যৱহাৰ কৰি তৎক্ষণাৎ প্ৰতিটো লেনদেন আৰু ল’গইনৰ চেষ্টা পৰীক্ষা কৰে। সন্দেহজনক লিংকত ক্লিক কৰাৰ ঠিক পাছতে যদি অচিনাকি ডিভাইচৰ পৰা ল’গইন কৰা হয় তেন্তে ছিষ্টেমে সেই কাৰ্যকলাপ চিনাক্ত কৰি সেইটো ফ্লেগ কৰিব অথবা ব্লক কৰিব পাৰে।
  • এপৰ ভিতৰতে সম্পন্ন হোৱা প্ৰক্ৰিয়াসমূহ: PhonePeই নিশ্চিত কৰে যে প্ৰকৃত KYCৰ অনুৰোধ আৰু একাউণ্টৰ আপডেটসমূহ যাতে কেৱল আনুষ্ঠানিক এপৰ সুৰক্ষিত পৰিৱেশৰ ভিতৰতহে সম্পন্ন কৰা হয়। তেওঁলোকে কেতিয়াও ব্যৱহাৰকাৰীসকলক SMSৰ জৰিয়তে পঠিওৱা বাহ্যিক ৱেব লিংকৰ জৰিয়তে KYC সম্পূৰ্ণ কৰিবলৈ বাধ্য নকৰে।
  • এপৰ সতৰ্কবাণীসমূহ: এজন ব্যৱহাৰকাৰীয়ে নতুন ডিভাইচৰ পৰা ল’গইন অনুমোদন কৰা অথবা ধন ট্ৰেন্সফাৰ কৰাৰ দৰে কোনো উচ্চ-বিপদজনক কাম কৰিবলৈ লওঁতে PhonePe এপে স্পষ্টভাৱে চকুত পৰা সতৰ্কবাণী দেখুৱায়। ইয়াৰ ফলত প্ৰতাৰকে সৃষ্টি কৰা খৰখেদাৰ চাপৰ পৰা মুক্ত হৈ আপুনি পুনৰ কথাটো ভালদৰে ভাবি চাবলৈ সময় পায়।

যদি কোনো PhonePe একাউণ্টত আপোনাৰ পৰিচয়ৰ তথ্যৰ অপব্যৱহাৰ কৰা হয় তেন্তে কি কৰিব 

যদি আপুনি সন্দেহ কৰে যে PhonePeৰ মাধ্যমেৰে জালিয়াতি অথবা প্ৰতাৰণা কৰা হৈছে, তেন্তে দ্ৰুত পদক্ষেপ গ্ৰহণ কৰিবলৈ তলত দিয়া যিকোনো চেনেল ব্যৱহাৰ কৰি সমস্যাটোৰ বিষয়ে জনাওক:

  • PhonePe গ্ৰাহক সেৱা নম্বৰ: PhonePe গ্ৰাহক সেৱালৈ 80–68727374 অথবা 022–68727374 নম্বৰত কল কৰক। গ্ৰাহক সেৱা প্ৰতিনিধিয়ে এটা টিকট তৈয়াৰ কৰিব আৰু আপোনাক অধিক সহায় প্ৰদান কৰিব।
  • ছ’চিয়েল মিডিয়া: PhonePeৰ অফিচিয়েল ছ’চিয়েল মিডিয়া একাউণ্টত প্ৰতাৰণামূলক ঘটনাৰ বিষয়ে ৰিপৰ্ট কৰক:
  • অভিযোগ নিষ্পত্তি: যদি আপোনাৰ ইতিমধ্যে এটা অভিযোগৰ টিকট আছে, তেন্তে আপুনি নিজৰ টিকট আইডি ব্যৱহাৰ কৰি এইটো লিংকত অভিযোগ জনাব পাৰে: https://grievance.phonepe.com/।

কৰ্তৃপক্ষৰ ওচৰত ৰিপৰ্ট কৰা

  • চাইবাৰ ক্ৰাইম চেল: চাইবাৰ ক্ৰাইম প’র্টেলত অনলাইনযোগে অভিযোগ কৰক অথবা 1930 নম্বৰত কল কৰক।
  • দূৰসংযোগ বিভাগ (DOT): সঞ্চাৰ সাথী প’ৰ্টেলত চক্ষু সুবিধাৰ জৰিয়তে সন্দেহজনক মেছেজ, কল অথবা যিকোনো প্ৰতাৰণামূলক অনুৰোধৰ বিষয়ে অভিযোগ কৰক।

দায়লুপ্তি: এই সমল প্ৰথমে 2025 চনৰ জুলাই মাহত প্ৰকাশ কৰা হৈছিল। ইয়াক বৰ্তমানৰ নিয়ন্ত্ৰণকাৰী নিৰ্দেশাৱলীৰ সৈতে প্ৰাসংগিকতা বজাই ৰখা আৰু খাপ খুৱাই তোলাৰ বাবে বিস্তৃতভাৱে পৰ্যালোচনা আৰু আপডেট কৰি 2026 চনৰ অক্টোবৰ মাহত পুনৰ প্ৰকাশ কৰা হৈছে।

Keep Reading