PhonePe Blogs Main Featured Image

Trust & Safety

KYC প্ৰতাৰণা: কি আৰু ইয়াৰ পৰা কেনেকৈ সুৰক্ষিত থাকিব পাৰি

PhonePe Regional|2 min read|30 April, 2021

URL copied to clipboard

KYC শীঘ্ৰে সম্পূৰ্ণ কৰি দিয়াৰ প্ৰস্তাবত পতিয়ন গৈ বহু গ্ৰাহক KYC প্ৰতাৰণাৰ চিকাৰ হয়৷ এনেধৰণে প্ৰতাৰিত হোৱা এজন ভুক্তভোগীৰ কাহিনী তলত উল্লেখ কৰা হ’ল৷

ৰোহনে এটা কল পালে আৰু কলাৰে তেওঁক প্ৰশ্ন কৰিলে যে তেওঁ KYC সম্পূৰ্ণ কৰিলে নে নাই৷ কলাৰে KYC ৰ প্ৰয়োজনীয়তাৰ বিষয়েও ক’লে আৰু তেওঁ কিয় পলম কৰিব নালাগে সেইটোও বৰ্ণনা কৰিলে৷ তাৰপাছত ন্যূনতম এটা ফিজ লৈ ৰোহনৰ KYC ফোনতেই কৰি দিম বুলি ক’লে৷

কলাৰে ৰোহনক তেওঁৰ সম্পূৰ্ণ নাম আৰু কিছুমান ব্যক্তিগত তথ্য বিচাৰিলে, যাতে তেওঁ KYC প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে৷ তেতিয়ালৈকে ৰোহনে ভাবি আছিল যে তেওঁ সহজতে KYC সম্পূৰ্ণ কৰিব পাৰিব৷ কল কৰি থাকোতেই প্ৰতাৰকে তেওঁক ‘Anydesk’ বুলি এটা এপ ডাউনলোড কৰিবলৈ ক’লে, যাতে তেওঁ দূৰৰ পৰাই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব পাৰে৷

তাৰপাছত, কলাৰে ৰোহনক আগতেই ঠিক কৰি থোৱা ফিজটো ট্ৰেন্সফাৰ কৰিবলৈ ক’লে৷ ৰোহনে প্ৰতাৰকে কোৱাৰ দৰেই ফিকটো ট্ৰেন্সফাৰ কৰিলে আৰু KYC কনফাৰ্মেছন পাব বুলি ভাবিলে৷ যেতিয়া ৰোহনে কলটো কাটি দিলে, তেওঁ নতুন দুটা মেচেজ দেখিলে৷ তাৰে এটা আছিল ডেবিট কাৰ্ড লেনদেনৰ বাবে অহা OTP আৰু আনটো আছিল তেওঁৰ একাউন্টৰ পৰা ₹30,000 কটা গৈছে বুলি জনোৱা এটা মেচেজ!

ই কেনেকৈ হ’ল:

প্রতাৰকে ৰোহনক যিটো এপ ডাউনলোড কৰিবলৈ কৈছিল সেইটো আছিল এটা স্ক্ৰীন-চেয়াৰিং এপ। এই এপটোয়ে প্ৰতাৰকক ৰোহনৰ ফোনৰ স্ক্রীনৰ সকলো কাৰ্য্যকলাপ চোৱাৰ অনুমতি দিলে।

ৰোহনে ফিজটো ট্ৰেন্সফাৰ কৰোঁতে পিন আৰু পাচৱৰ্ড বিৱৰণসহ বেংক একাউন্ট আৰু কার্ড নম্বৰ ব্যৱহাৰ কৰাৰ সময়ত প্ৰতাৰকে দেখি আছিলে৷ তাৰপাছত প্ৰতাৰকে নিজৰ একাউন্টলৈ টকা ট্ৰেন্সফাৰ কৰিবৰ বাবে সেই বিৱৰণসমূহ ব্যৱহাৰ কৰিলে৷ তেওঁক OTP ৰো আৱশ্যক হৈছিল, যিটো ৰোহনৰ স্ক্ৰীণৰ পৰা সহজতেই ল’ব পাৰিলে, যিহেতু ফোনত Anydesk এপটো ইনষ্টল কৰা আছিলে৷

অনুগ্ৰহ কৰি মনত ৰাখিব: ফোন কল কৰি নাইবা থাৰ্ড পাৰ্টিৰ কোনো এপ ডাউনলোড কৰি KYC কৰাটো সম্ভৱপৰ নহয়। আপোনাক প্ৰতাৰণা কৰাৰ উদ্দেশ্যে, প্ৰতাৰকে আপোনাক ক’ব পাৰে যে, আপোনাৰ বৰ্তমানৰ বেংক KYC নাইবা ডিজিটেল ৱালেটটো অবৈধ আৰু তেওঁলোকে সেইটো অনলাইন পুনৰ-বৈধ কৰি দিব পাৰিব৷ এইটো কেতিয়াও সম্ভৱপৰ নহয়।

  • আপোনাৰ বেংক একাউন্ট, কাৰ্ড নাইবা অন্য তেনে তথ্য কেতিয়াও কলাৰক নিদিব৷
  • কোনো কলাৰে অনুৰোধ কৰাৰ লগে লগে Screenshare, Anydesk, Teamviewer ইত্যাদিৰ দৰে স্ক্ৰীন-চেয়াৰিং এপসমূহ ডাউনলোড নকৰিব৷ এই এপসমূহে প্ৰতাৰকক আপোনাৰ পাচৱৰ্ড, পিন আৰু অন্যান্য আৱশ্যকীয় তথ্য চোৱাৰ অনুমতি দিয়ে৷
  • প্ৰকৃত PhonePe প্ৰতিনিধিয়ে কেতিয়াও আপোনালৈ ফোন কৰি KYC কৰিবলৈ নাইবা কোনো থাৰ্ড পাৰ্টিৰ এপ ডাউনলোড কৰিবলৈ নকয়৷

প্ৰতাৰণাৰ পৰা সুৰক্ষিত থাকিবৰ বাবে তলত দিয়াসমূহ মনত ৰাখক:

PhonePe য়ে কেতিয়াও আপোনাৰ গোপনীয় নাইবা ব্যক্তিগত তথ্য নিবিচাৰে। PhonePe ৰ প্ৰতিনিধি বুলি দাবী কৰি যদি কোনো লোকে আপোনাৰ তথ্য বিচাৰে, অনুগ্ৰহ কৰি তেওঁলোকক আপোনালৈ এখন মেইল কৰিবলৈ কওক৷ কেৱল phonepe.com ডোমেইনৰ পৰা অহা মেইলৰহে উত্তৰ দিয়ক৷

  • Google, Twitter, FB ইত্যাদিত PhonePe গ্ৰাহক সহায়তা নম্বৰ নিবিচাৰিব৷ PhonePe গ্ৰাহক সহায়তাৰ লগত যোগাযোগ কৰাৰ একমাত্ৰ মাধ্যম হৈছে support.phonepe.com
  • PhonePe সহায়তাৰ পৰা ফোন কৰা বুলি দাবী কৰা যিকোনো অসত্যাপিত নম্বৰত কেতিয়াও কল নকৰিব নাইবা তেনে নম্বৰৰ পৰা অহা ফোনৰ উত্তৰ নিদিব৷
  • বিভিন্ন চ’চিয়েল মিডিয়া প্লেটফৰ্মত থকা আমাৰ অফিচিয়েল একাউন্টতহে আমাৰ লগত যোগাযোগ কৰক৷
    Twitter হেণ্ডেলছ: https://twitter.com/PhonePe
    https://twitter.com/PhonePeSupport
    – Facebook একাউন্ট: https://www.facebook.com/OfficialPhonePe/
  • যদি আপোনাৰ কাৰ্ড নাইবা একাউন্ট বিৱৰণ বিপদগ্ৰস্ত হয়:
    [email protected] ত ৰিপ’ৰ্ট কৰক
    – আপোনাৰ নিকটৱৰ্তী চাইবাৰ-চেললৈ যাওক আৰু আৰক্ষীৰ ওচৰত এটা গোচৰ ৰজু কৰক

নিৰাপদে লেনদেন কৰা এটা ভিডিঅ’ চাওক: https://youtu.be/VbfhRK23BQU

Keep Reading