PhonePe Blogs Main Featured Image

Trust & Safety

PhonePe ৰ মাধ্যমেৰে নিৰাপদে ডিজিটেল পেমেন্ট কৰক

PhonePe Regional|3 min read|05 May, 2021

URL copied to clipboard

PhonePe ৰ মাধ্যমেৰে নিৰাপদে ডিজিটেল পেমেন্ট কৰক

বৰ্তমান Covid-19 মাহমাৰীৰ বাবে দূৰৰ পৰা আৰু সুৰক্ষিতভাবে পেমেন্ট কৰাৰ ওপৰত গুৰুত্বআৰোপ কৰা হৈছে৷ সেয়েহে ভাৰতবৰ্ষত ডিজিটেল পেমেন্টৰ ব্যৱহাৰ অভূতপূৰ্ব বৃদ্ধি পাইছে৷ PhonePe ৰ দৰে ডিজিটেল এপে সকলোৰে জীৱন সহজসাধ্য কৰি তুলিছে, এতিয়া পেমেন্টৰ বাবে ঘৰৰ পৰা ওলাব লগা নহয় আৰু দীঘলীয়া শাৰী পাতি থকাৰো আৱশ্যকতা নাই৷ PhonePe ৰ মাধ্যমেৰে, ইউজাৰে টকা পঠিয়াব, প্ৰাপ্ত কৰিব পাৰে, মোবাইল, DTH, ডেটা কাৰ্ড ৰিচাৰ্জ কৰিব পাৰে, ইউটিলিটি বিল পেমেন্ট কৰিব পাৰে, সোন কিনিব পাৰে আৰু অনলাইন ক্ৰয়ৰ বাবেও দূৰৰ পৰাই পেমেন্ট কৰিব পাৰে৷

যদিও এই সময়ত সুৰক্ষিত লেনদেন কৰাটো গুৰুত্বপূর্ণ, ইয়াৰ লগতে বিভিন্ন ধৰণৰ প্ৰতাৰণা আৰু প্ৰতাৰকে কেনেকৈ ইউজাৰৰ কষ্টোপাৰ্জিত ধন আত্মসাৎ কৰিব পাৰে সেই বিষয়ে সজাগ থকাটোও নিতান্ত গুৰুত্বপূর্ণ৷ বিভিন্ন প্ৰকাৰৰ প্ৰতাৰণাসমূহ আৰু নিৰাপদে লেনদেন কৰিবৰ বাবে আপুনি কি কৰিব লাগিব সেই বিষয়ে তলত দিয়া হ’ল:

  • EMI প্ৰতাৰণা: RBI য়ে কিছুদিন আগতে দেনাদাৰসকলক তেওঁলোকৰ ঋণ কিস্তি (EMI)/ক্ৰেডিট কাৰ্ড পেমেন্ট তিনি মাহলৈ স্থগিত ৰখাৰ অনুমতি দিছে৷ ৰিপেমেন্টৰ বাবে নিৰ্ধাৰিত সময়ৰ ক্ষেত্ৰত কৰা সলনিয়ে গ্ৰাহকক ঋণ পেমেন্টৰ পৰা অস্থায়ীভাৱে হ’লেও বহুখিনি সকাহ প্ৰদান কৰিছে৷ প্ৰতাৰকে এই ব্যৱস্থাটোৰ সুবিধা লৈছে৷ দিনে দিনে ঋণ কিস্তি (EMI) প্ৰতাৰকৰ পয়োভৰ বৃদ্ধি পাইছে, প্ৰতাৰকে বেংকৰ প্ৰতিনিধি বুলি দাবী কৰি ঋণ স্থগিতকৰণৰ ক্ষেত্ৰত দেনাদাৰসকলক সহায় কৰাৰ ভুৱা চেষ্টা চলাবলৈ আৰম্ভ কৰিছে৷ অনুগ্ৰহ কৰি বেংকৰ প্ৰতিনিধি বুলি দাবী কৰা আৰু ওপৰত উল্লেখ কৰা পৰিস্থিতি ব্যৱহাৰ কৰি সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়া অপৰিচিত ব্যক্তিৰ কলৰ পৰা সাৱধান হওক৷ মনত ৰাখিব যে আপোনাৰ বেংকে কেতিয়াও PhonePe ৰ মাধ্যমেৰে আপোনাৰ EMI ৰ সময় বৃদ্ধি নকৰে৷ তাৰোপৰি, EMI স্থগিত কৰাৰ বাবে আপুনি কোনো OTP চেয়াৰ কৰিব নালাগে নাইবা UPI পিন লিখাৰ আৱশ্যক নহয়৷
  • কেচবেক প্ৰতাৰণা: প্ৰতাৰকে কোনো পেমেন্ট এপৰ প্ৰতিনিধি বুলি দাবী কৰি ইউজাৰক কেচবেক পোৱা বুলি কয়৷ তাৰপাছত ইউজাৰলৈ এটা পেমেন্ট অনুৰোধ পঠিয়াই আৰু তেওঁলোকক ‘Pay’ ত ক্লিক কৰি UPI পিন লিখিবলৈ কয়৷ সদায় মনত ৰাখিব যে যিকোনো UPI এপত টকা প্ৰাপ্ত কৰিবৰ বাবে আপুনি কেতিয়াও পেমেন্ট কৰাৰ প্ৰয়োজন নহয় নাইবা আপোনাৰ UPI পিন লিখিব নালাগে৷ আপুনি তেনেকুৱা অনুৰোধ পালে লগে লগে অগ্ৰাহ্য কৰি দিয়ক৷
  • থাৰ্ড-পাৰ্টি এপৰ মাধ্যমেৰে পেমেন্ট প্ৰতাৰণা: ইউজাৰসকলে তেওঁলোকে কৰা লেনদেনৰ ক্ষেত্ৰত হোৱা সমস্যাবোৰ দৃষ্টিগোচৰ কৰিবৰ বাবে চ’চিয়েল মিডিয়া চেনেলৰ সহায় লয়৷ সেইসমূহ অনুসৰণ কৰি প্ৰতাৰকে কোম্পানীৰ প্ৰতিনিধি বুলি দাবী কৰি ইউজাৰৰ লগত যোগাযোগ কৰে৷ তেওঁলোকে ইউজাৰক স্ক্ৰীন-চেয়াৰিং এপসমূহ যেনে Screenshare, Anydesk, Teamviewer ডাউনলোড কৰি ফোনৰ কেমেৰাৰ সন্মুখত ডেবিট / ক্ৰেডিট কাৰ্ড ৰাখিবলৈ কয় যাতে, PhonePe ৰ সত্যাপন প্ৰণালীয়ে কাৰ্ড বিৱৰণ সঠিকভাৱে স্কেন কৰিব পাৰে৷ প্ৰতাৰকে এবাৰ কাৰ্ড বিৱৰণ পোৱাৰ পাছত, তেওঁলোকে ফোনৰ পৰা SMS ত অহা OTP প্ৰাপ্ত কৰি নিজৰ একাউন্টলৈ টকা ট্ৰেন্সফাৰ কৰি লয়৷
  • ডেবিট/ক্ৰেডিট কাৰ্ড নাইবা টপ-আপ প্ৰতাৰণা: এইধৰণৰ প্ৰতাৰণাত, প্রতাৰকে আপোনাক আপোনাৰ বেংকৰ, RBI, কোনো ই-কমাৰ্চ চাইট, নাইবা লটাৰী স্কিমৰ প্ৰতিনিধি বুলি দাবী কৰি কল কৰিব৷ তেওঁলোকে আপোনাক আপোনাৰ 16 ডিজিট কার্ড নম্বৰ আৰু CVV নম্বৰ চেয়াৰ কৰিবলৈ ক’ব আৰু তেনে কৰিলে আপুনি SMS ৰ মাধ্যমেৰে এটা OTP পাব। প্রতাৰকে আপোনাক পুনৰ কল কৰি সত্যাপনৰ বাবে এই OTP টো বিচাৰিব৷ আপুনি এবাৰ সকলো বিৱৰণ দি দিয়াৰ পাছত, প্ৰতাৰকৰ ৱালেট আপোনাৰ একাউন্টৰ টকাৰে টপ-আপ হৈ হ’ব৷
  • চ’চিয়েল ইঞ্জিনীয়াৰিং প্ৰতাৰণা: চ’চিয়েল ইঞ্জিনীয়াৰিং হ’ল এনেধৰণৰ প্ৰতাৰণা য’ত প্ৰতাৰকে আপোনাৰ ব্যক্তিগত বিৱৰণসমূহ আপোনাক বিশ্বাসত আনিবৰ বাবে ব্যৱহাৰ কৰে৷ প্ৰতাৰকে আপোনাৰ বেংকৰ গ্ৰাহক সহায়তা প্ৰতিনিধি বুলি দাবী কৰি কল কৰে৷ আপুনি চ’চিয়েল মিডিয়াত চেয়াৰ কৰা আপোনাৰ বিৱৰনসমূহ (জন্ম তাৰিখ, অৱস্থান ইত্যাদি), আপোনাৰ বিশ্বাস জয় কৰিবৰ বাবে ব্যৱহাৰ কৰে আৰু আপোনাক কিছুমান সংবেদনশীল তথ্য যেনে বেংক/কাৰ্ডৰ বিৱৰণ বিচাৰে৷ তাৰপাছত তেওঁলোকে লেনদেন সম্পূৰ্ণ কৰিবৰ বাবে আপোনাক OTP দিবলৈ কয়৷ আপুনি OTP দিয়াৰ লগে লগে তেওঁলোকে আপোনাৰ টকা আত্মসাৎ কৰি লয়৷

আপুনি নিৰাপদ ডিজিটেল পেমেন্টৰ সুবিধা উপভোগ কৰাৰ লগতে সুৰক্ষিত থাকিবৰ বাবে, প্ৰতাৰণা ৰোধ কৰিবৰ বাবে তলত দিয়াসমূহ কৰক৷

প্ৰতাৰণা ৰোধ কৰিবৰ বাবে কৰণীয় আৰু অকৰণীয়সমূহ:

  • কেতিয়াও আপোনাৰ গোপনীয় তথ্য যেনে কাৰ্ড নম্বৰ, ম্যাদ শেষ হোৱা তাৰিখ, পিন, OTP ইত্যাদি চেয়াৰ নকৰিব৷ PhonePe ৰ প্ৰতিনিধি বুলি দাবী কৰি যদি কোনো লোকে আপোনাৰ তথ্য বিচাৰে, অনুগ্ৰহ কৰি তেওঁলোকক আপোনালৈ এখন মেইল কৰিবলৈ কওক৷ আৰু কেৱল phonepe.com ডোমেইনৰ পৰা অহা মেইলৰহে উত্তৰ দিয়ক৷
  • সদায় মনত ৰাখিব যে PhonePe ত টকা প্ৰাপ্ত কৰিবৰ বাবে আপুনি কেতিয়াও পেমেন্ট কৰাৰ প্ৰয়োজন নহয় নাইবা আপোনাৰ UPI পিন লিখিব নালাগে৷
  • মনত ৰাখিব যে PhonePe ত টকা প্ৰাপ্ত কৰিবৰ বাবে কেতিয়াও QR কোড স্কেন কৰাৰ প্ৰয়োজন নহয়৷
  • পেমেন্ট কৰাৰ আগতে নাইবা আপোনাৰ UPI পিন লিখাৰ আগতে অনুগ্ৰহ কৰি আপোনাৰ PhonePe এপত অহা লেনদেন মেচেজ ভালদৰে পঢ়ি লওক৷
  • Screenshare, Anydesk, Teamviewer ইত্যাদিৰ দৰে স্ক্ৰীন-চেয়াৰিং এপ ডাউনলোড নকৰিব৷
  • Google, Twitter, FB ইত্যাদিত PhonePe গ্ৰাহক সহায়তা নম্বৰ নিবিচাৰিব৷ PhonePe গ্ৰাহক সহায়তাৰ লগত যোগাযোগ কৰাৰ একমাত্ৰ মাধ্যম হৈছে https://phonepe.com/en/contact_us.html
  • বিভিন্ন চ’চিয়েল মিডিয়া প্লেটফৰ্মত থকা আমাৰ অ’ফিচিয়েল একাউন্টতহে আমাৰ লগত যোগাযোগ কৰক৷
  • Twitter হেণ্ডলছ: https://twitter.com/PhonePe_ https://twitter.com/PhonePeSupport
  • Facebook একাউন্ট: https://www.facebook.com/OfficialPhonePe/
  • ৱেব: support.phonepe.com
  • PhonePe সহায়তাৰ পৰা ফোন কৰা বুলি দাবী কৰা যিকোনো অসত্যাপিত নম্বৰত কেতিয়াও কল নকৰিব নাইবা তেনে নম্বৰৰ পৰা অহা ফোনৰ উত্তৰ নিদিব৷

প্ৰতাৰণাৰ ঘটনা ঘটিলে আপুনি কি কৰিব?

  • লগে লগে আপোনাৰ নিকটৱৰ্তী চাইবাৰ ক্রাইম চেন্টাৰত এই ঘটনা ৰিপ’ৰ্ট কৰক আৰু প্ৰাসংগিক বিৱৰণ সমূহ (ফোন নম্বৰ, লেনদেনৰ বিৱৰণ, কার্ড নম্বৰ, বেংক একাউন্ট ইত্যাদি) জনাই আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰক।
  • আপোনাৰ PhonePe এপত লগইন কৰক আৰু ‘সহায়তা’লৈ যাওক৷ আপুনি ‘একাউন্ট সুৰক্ষা সমস্যা/ প্ৰতাৰণামূলক গতিবিধি ৰিপ’ৰ্ট কৰক’ৰ অধীনত আপোনাৰ লগত হোৱা প্ৰতাৰণাৰ ঘটনা ৰিপ’ৰ্ট কৰিব পাৰিব৷

Keep Reading