PhonePe Blogs Main Featured Image

Trust & Safety

জালিয়াতিৰ এক নতুন উপায়: প্ৰৱঞ্চকে নিৰীহ লোকক প্ৰতাৰণা কৰিবলৈ সেনা বাহিনীৰ সদস্যৰ ভাও ধৰা

PhonePe Regional|3 min read|29 July, 2026

URL copied to clipboard

আমাৰ বিশ্বাস আৰু সুৰক্ষা দলে নিৰীহ নাগৰিকক প্ৰতাৰণা কৰিবলৈ ভাৰতীয় সেনা বাহিনীৰ কৰ্মচাৰীৰ ভাও ধৰা প্ৰতাৰকৰ সংখ্যা তীব্ৰভাৱে বৃদ্ধি হোৱা দেখিবলৈ পাইছে। সেনা বাহিনীৰ প্ৰতি ভাৰতীয় জনসাধাৰণৰ গভীৰ সন্মান আৰু বিশ্বাস আছে। এই মনোভাৱৰ অপব্যৱহাৰ কৰি, এই প্ৰৱঞ্চকবোৰে সেনা বাহিনীক কোনো ধৰণেৰে সন্দেহ নকৰা ব্যক্তিসকলৰ পৰা ধন চুৰি কৰিবলৈ উচ্চ চাপযুক্ত পৰিস্থিতিৰ সৃষ্টি কৰে। এনে ধৰণৰ ঘটনা ভাৰতৰ একাধিক অঞ্চলত দ্ৰুতগতিত বৃদ্ধি হোৱা দেখিবলৈ পোৱা হৈছে। সেইবাবে, এইটো কৌশলে কেনেদৰে কাম কৰে সেয়া সঠিকভাৱে বুজি পোৱাটো খুবেই প্ৰয়োজনীয় হৈ পৰিছে।

এটা সাধাৰণ পৰিস্থিতি

এনেদৰে মানুহক ঠগাৰ ঘটনাটো কিমান দ্ৰুতভাৱে ঘটে সেয়া বুজি পাবলৈ, ইয়াৰ এটা সাধাৰণ পৰিস্থিতিৰ ৰূপৰেখা দাঙি ধৰা তলৰ ঘটনাটোৰ প্ৰতি মন কৰক। প্ৰৱঞ্চকটোৱে অনলাইন ফাৰ্ণিচাৰৰ লিষ্টিঙত থকা এটা সামগ্ৰী কিনিবলৈ আগ্ৰহী হোৱা এজন সামৰিক বিষয়াৰ ভাও ধৰে। সি নিজৰ ভুৱা পৰিচয় ব্যৱহাৰ কৰি বিক্ৰেতাজনক চাপ দিবলৈ, খৰ-ধৰ কৰাবলৈ আৰু বিভ্ৰান্ত কৰি তুলিবলৈ চেষ্টা কৰে। যাৰ ফলস্বৰূপে সি অৱশেষত বিক্ৰেতাজনক ধন লাভ কৰাৰ পৰিৱৰ্তে ধন আদায় দিবলৈ প্ৰতাৰণা কৰি বিক্ৰেতাজনক ঠগি তেখেতৰ ধন হস্তগত কৰে।

এইটো ব্লগত এই ছ’চিয়েল ইঞ্জিনিয়াৰিং আক্ৰমণে কেনেদৰে কাম কৰে সেয়া আঙুলিয়াই দিয়াৰ লগতে আপোনাৰ ধন সুৰক্ষিত কৰি ৰাখিবলৈ PhonePeই ব্যৱহাৰ কৰা উন্নত সুৰক্ষা টুলসমূহৰ বিশদ বিৱৰণ দাঙি ধৰা হৈছে।

এই প্ৰৱঞ্চনাই কেনেকৈ কাম কৰে?

এইটো এটা ক্লাছিক ছ’চিয়েল ইঞ্জিনিয়াৰিঙৰ আক্ৰমণ হয়। প্ৰৱঞ্চকবোৰে ভইচ অথবা ভিডিঅ’ কলৰ জৰিয়তে সম্ভাৱ্য ভুক্তভোগীসকলৰ সৈতে যোগাযোগ কৰে। তাৰ পাছত সিহঁতে মানুহজনক যুক্তিসংগতভাৱে চিন্তা কৰাৰ সুযোগ নিদিয়াকৈ আৱেগিকভাৱে সিদ্ধান্ত ল’বলৈ বাধ্য কৰোৱাৰ বাবে তীব্ৰ মানসিক চাপ দিয়াৰ চেষ্টা কৰে। ওপৰৰ ঘটনাটোত দেখা পোৱাৰ দৰেই, ভুক্তভোগীজন মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে বিত্তীয় লোকচানৰ সন্মুখীন হয় যেতিয়া তেওঁলোকে আপাততঃ সেনা বিষয়াৰ পৰিচয় দিয়া ব্যক্তিজনৰ ওপৰত বিশ্বাস কৰি পৰিশোধ পোৱাৰ আশাৰে অজানিতে নিজৰ UPI PIN লিখে।

সামৰিক বিষয়াৰ ছদ্মৱেশ ধাৰণৰ জৰিয়তে প্ৰৱঞ্চনা কৰাৰ কৌশল

1. ব্যক্তিসকলক প্ৰলোভিত কৰাৰ বাবে পৰিশোধৰ ফান্দ

  • লক্ষ্য: প্ৰৱঞ্চকবোৰে দৈনন্দিন ডিজিটেল বিক্ৰেতা, ভাড়াতীয়া বিচাৰি ফুৰা ঘৰৰ মালিক, চিকিৎসক অথবা স্থানীয় শিক্ষক আৰু সেৱা প্ৰদানকাৰীসকলক বিচাৰি উলিয়ায়।
  • ফান্দ: সিহঁতে এজন সামৰিক বিষয়া অথবা জোৱান হোৱাৰ ভাও ধৰে (ওপৰৰ ঘটনাত দেখুওৱা “কেপ্টেইন কুমাৰ”ৰ দৰে), যাক আপোনাৰ সেৱা অথবা সামগ্ৰীটো জৰুৰীভাৱে লাগে বুলি জনায় কিন্তু লগতে কয় যে “সেনা শিবিৰৰ কঠোৰ নিয়ম”ৰ দৰে অজুহাতৰ বাবে সি মুখামুখিকৈ আপোনাক লগ ধৰিবলৈ আহিব নোৱাৰে।
  • মনস্তাত্বিকভাৱে পতিয়ন নিওৱাৰ উপায়: আপোনাৰ মনত বিশ্বাস গঢ়ি তুলিবলৈ, সিহঁতে ভুৱা আধাৰ, ভুৱা সেনা আইডি আৰু নিজৰ ভুৱা ফটোৰ দৰে ভুৱা প্ৰমাণপত্ৰসমূহ শ্বেয়াৰ কৰে। ইয়াৰ পাছত, সিহঁতে আপোনাক এটা অফিচিয়েল “চৰকাৰী মাৰ্চেণ্ট ৱালেট”ৰ জৰিয়তে আগতীয়া পৰিশোধ লাভ কৰি আছে বুলি বিশ্বাস কৰিবলৈ প্ৰতাৰণা কৰে।
  • শেষ ফলাফল: সিহঁতে আপোনালৈ এটা পৰিশোধৰ অনুৰোধ অথবা এটা QR ক’ড প্ৰেৰণ কৰে যিটো লেনদেন সম্পূৰ্ণ কৰাৰ বাবে “আপুনি পাবলৈ ওলোৱা ধন ট্ৰেন্সফাৰক অনুমোদন কৰিবলৈ” আপুনি নিজৰ UPI PIN লিখিব লাগিব বুলি জনায়। বাস্তৱতে, এইটো লেনদেনৰ বাবে আপুনি নিজৰ UPI PIN লিখিলে আপুনি নিজৰ একাউণ্টৰ পৰা ধন কৰ্তন কৰিবলৈহে অনুমতি দিয়ে, যাৰ ফলত সি আপোনাৰ একাউণ্টৰ পৰা ধন উলিয়াই নিবলৈ সক্ষম হ’ব।

2. ব্যৱসায়সমূহক প্ৰলোভিত কৰাৰ বাবে অগ্ৰিম ধনৰ ফান্দ

  • লক্ষ্য: পাইকাৰী ব্যৱসায় কৰা ব্যৱসায়ী আৰু ক্ষুদ্ৰ-মজলীয়া ব্যৱসায়
  • টোপ: এজন সামৰিক বিষয়া হোৱাৰ ভাও ধৰি প্ৰৱঞ্চকটোৱে সেনা শিবিৰৰ তৰফৰ পৰা এক বৃহৎ ক্ৰয় সম্পন্ন কৰাৰ প্ৰতি অত্যধিক আগ্ৰহ প্ৰকাশ কৰে।
  • মনস্তাত্বিকভাৱে পতিয়ন নিওৱাৰ উপায়: তাৰ পাছত, সেনাবাহিনীৰ কঠোৰ ক্ৰয় নিয়মৰ বিষয়ে জনাই, প্ৰতাৰকটোৱে কয় যে ইয়াৰ বাবে ব্যৱসায়ীজনে “ব্যৱসায়ী পঞ্জীয়ন মাচুল” অথবা “ন্যূনতম ছিকিউৰিটি ডিপ’জিট” পৰিশোধ কৰিব লাগিব।
  • শেষ ফলাফল: এবাৰ এই মাচুল পৰিশোধ কৰাৰ পাছত, প্ৰৱঞ্চকটো অদৃশ্য হৈ পৰিব আৰু তাৰ সৈতে যোগাযোগ কৰাৰ কোনো উপায় নাথাকিব।

PhonePeৰ অটোমেটিক সুৰক্ষা টুলসমূহ

PhonePeৰ ওচৰত শক্তিশালী চাইবাৰ সুৰক্ষা ব্যৱস্থা আছে। এই ব্যৱস্থাসমূহৰ জৰিয়তে ওপৰত বৰ্ণনা কৰাৰ দৰে গতিশীল প্ৰৱঞ্চনাসমূহ সক্ৰিয়ভাৱে প্ৰতিৰোধ কৰিব পাৰি। এই ব্যৱস্থাসমূহৰ এটা প্ৰধান ৰিয়েল-টাইম সুৰক্ষা বৈশিষ্ট্য হৈছে PhonePe Protect- এটা আভ্যন্তৰীণ AI-চালিত সুৰক্ষা ফ্ৰেমৱৰ্ক যিটো দূৰসংযোগ বিভাগৰ (DoT)ৰ সৈতে প্ৰত্যক্ষভাৱে একত্ৰিত হয়। এইটো সুবিধাই ইতিমধ্যে প্ৰতিবেদন লাভ কৰা প্ৰৱঞ্চকবোৰৰ এক লাইভ ৰাষ্ট্ৰীয় ডেটাবেছৰ ভিতৰত হিতাধিকাৰীৰ ফ’ন নম্বৰটো আছে নেকি সেই কথা পৰীক্ষা কৰে। এইটো সুবিধাই এনেদৰে কাম কৰে:

  • তাৎক্ষণিকভাৱে ব্লক কৰা: যদি PhonePe Protect সুবিধাই কোনো এটা ফ’ন নম্বৰক হাই ৰিস্ক থকা নম্বৰ হিচাপে চিহ্নিত কৰে, তেন্তে PhonePeই অটোমেটিকভাৱে এইটো ব্লক কৰে আৰু তাৎক্ষণিকভাৱে এইটো পৰিশোধ নাকচ কৰে।
  • ইচ্ছাকৃতভাৱে অন্য এটা সুৰক্ষা পদ্ধতি যোগ দিয়া: যদি PhonePeই কোনো লেনদেনক সন্দেহজনক হিচাপে চিহ্নিত কৰে, তেন্তে ই ইচ্ছাকৃতভাৱে লেনদেনটো সম্পন্ন কৰাত পলম কৰে আৰু স্ক্ৰীণত এটা সুৰক্ষা সতৰ্কবাণী প্ৰদৰ্শন কৰে। এই সতৰ্কবাণীৰ জৰিয়তে ব্যৱহাৰকাৰীক নিজৰ PIN লিখিবলৈ অনুমতি দিয়াৰ আগতে এই কথাৰ প্ৰতি সতৰ্ক কৰি দিবলৈ চেষ্টা কৰা হয় যে তেওঁ এয়া সাৱধানেৰে পৰীক্ষা কৰা উচিত যে এইটো লেনদেনৰ দ্বাৰা তেওঁ কোনো প্ৰৱঞ্চনাৰ জালত পৰিবলৈ ওলোৱা নাই। এইটো দেখাত এনেকুৱা হয়:
PhonePe Protect Warning Pop-up

কেনেকৈ অভিযোগ জনাব

যদি আপুনি ভাবে যে আপুনি কোনো প্ৰৱঞ্চনাৰ বলি হৈছে তেন্তে তৎক্ষণাৎ ইয়াৰ বিষয়ে অভিযোগ কৰক:

PhonePeত অভিযোগ কৰা:

  • PhonePe গ্ৰুপ চাট: গ্ৰুপটো প্ৰৱঞ্চনামূলক বুলি সন্দেহ হ’লে, আপুনি গ্ৰুপটোৰ প্ৰফাইলৰ তলত থকা “Exit/প্ৰস্থান কৰক” আৰু “Report/ৰিপৰ্ট কৰক” বিকল্পত ক্লিক কৰিব পাৰে।
  • PhonePe এপ: সহায় শাখালৈ গৈ অভিযোগ কৰক।
  • PhonePe গ্ৰাহক সেৱা: 80-68727374 / 022-68727374 নম্বৰত কল কৰক।
  • ছ’চিয়েল মিডিয়াত অভিযোগ কৰা:
  • অভিযোগ নিষ্পত্তি:  PhonePe অভিযোগ প’ৰ্টেলত অভিযোগ পঞ্জীয়ন কৰক।

সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত অভিযোগ কৰক:

  • চাইবাৰ ক্ৰাইম চেল:  চাইবাৰ ক্ৰাইম প’র্টেলত অনলাইনযোগে অভিযোগ কৰক অথবা 1930 নম্বৰত কল কৰক।
  • দূৰসংযোগ বিভাগ (DOT):  সঞ্চাৰ সাথী প’র্টেলত চক্ষু সুবিধাৰ জৰিয়তে সন্দেহজনক মেছেজ, কল অথবা হোৱাটছএপ/টেলিগ্ৰামত হোৱা প্ৰৱঞ্চনাৰ বিষয়ে অভিযোগ কৰক।

মনত ৰাখিবলগীয়া গুৰুত্বপূৰ্ণ কথা — PhonePeই কেতিয়াও গোপনীয় অথবা ব্যক্তিগত বিৱৰণ জানিবলৈ নিবিচাৰে। PhonePeৰ পৰা প্ৰেৰণ কৰা বুলি দাবী কৰা সকলোবোৰ মেইল আওকাণ কৰক যদিহে সেইবোৰ phonepe.com ডমেইনৰ পৰা অহা নাই। যদি আপুনি প্ৰৱঞ্চনা হোৱা বুলি সন্দেহ কৰে, তেন্তে অনুগ্ৰহ কৰি তৎক্ষণাত সম্পৰ্কিত কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰক।

Keep Reading