PhonePe Blogs Main Featured Image

Trust & Safety

টপআপ প্ৰতাৰকৰ পৰা নিজকে সুৰক্ষিত ৰাখক!

PhonePe Regional|2 min read|07 May, 2021

URL copied to clipboard

টপআপ প্ৰতাৰকৰ পৰা নিজকে সুৰক্ষিত ৰাখক!

আপুনি যদি আপোনাৰ বেংকৰ প্ৰতিনিধি, ৰিজাৰ্ভ বেংক, ই-কমাৰ্চ চাইট, নাইবা লটাৰী স্কিমৰ পৰা ফোন কৰা বুলি দাবী কৰা কোনো লোকৰ পৰা কল পাইছে, তেন্তে সাৱধান হওক! আপোনাৰ পৰা কিছুসংখ্যক তথ্য লোৱাৰ পাছত তেওঁলোকে আপোনাক 16 সাংখ্যিক কাৰ্ড নম্বৰ আৰু CVV নম্বৰ বিচাৰিব।

কলটো নিৰ্ভৰযোগ্য বুলি ভাবি তেওঁলোকক আপোনাৰ গোপন তথ্যসমুহ প্ৰদান কৰাৰ পাছত আপুনি কোড সহ এটা SMS পাব। তেওঁলোকে আপোনালৈ কল কৰি সত্যাপনৰ উদ্দেশ্যে কোডটো চেয়াৰ কৰিবলৈ ক’ব। আপুনি তেনে কৰাৰ পাছত, প্ৰতাৰকৰ ৱালেট, আপোনাৰ একাউন্টৰ টকাৰে টপআপ হ’ব। অতি শীঘ্ৰেই, আপোনাৰ একাউন্টৰ বেলেন্স কমি যাব আৰু তেতিয়াহে আপুনি গম পাব যে প্ৰতাৰকে ইতিমধ্যে আপোনাৰ টকা আত্মসাৎ কৰিছে।

গুৰুত্বপূৰ্ণ বিষয় — PhonePe য়ে কেতিয়াও আপোনাৰ গোপনীয় আৰু ব্যক্তিগত তথ্য নিবিচাৰে। PhonePe ৰ পৰা পঠিওৱা বুলি দাবী কৰা সকলো মেইল উপেক্ষা কৰক যদিহে সেইসমূহ phonepe.com ডোমেইনৰ পৰা অহা নাই। আপুনি যদি কোনো প্ৰতাৰণাৰ সন্দেহ কৰিছে, তৎক্ষণাত আপোনাৰ বেংকক জনাওক।

ওপৰৰ কথাখিনিত কি হ’ল?

  • আপোনাক কল কৰা ‘বেংকৰ কৰ্মচাৰী’ জনেই হ’ল প্ৰতাৰক। আপুনি প্ৰদান কৰা তথ্যৰ প্ৰয়োগেৰে, তেওঁ আপোনাৰ বেংকৰ টকাৰে নিজৰ ৱালেট টপআপ কৰিবলৈ সক্ষম হ’ল।
  • আপুনি প্ৰাপ্ত কৰা OTP তেওঁলোকক পেইমেন্ট অনুমোদনৰ বাবে আৱশ্যক হয়। আপুনি সেইটো এবাৰ চেয়াৰ কৰিলে, তেওঁলোকৰ বাবে টপআপ কৰা অতি সহজ হৈ পৰে।
  • প্ৰতাৰকৰ ৱালেট আপোনাৰ বেংকৰ টকাৰে টপআপ হোৱাৰ পাছত তেওঁলোকে বিভিন্ন বেংক একাউন্টলৈ ৱালেটৰ টকা ট্ৰেন্সফাৰ কৰিব।
  • আপোনাৰ টকা বিভিন্ন একাউন্টলৈ ভাগে ভাগে ট্ৰেন্সফাৰ কৰাৰ ফলত চুৰি হোৱা টকা উদ্ধাৰ কৰাটো কতৃপক্ষৰ বাবে কঠিন হৈ পৰিব।

আপুনি নিজকে কেনেদৰে সুৰক্ষিত ৰাখিব:

  • আপোনাৰ বেংক একাউন্ট বিৱৰণ (কাৰ্ড নম্বৰ, ম্যাদ শেষ হোৱ তাৰিখ, পিন) চেয়াৰ নকৰিব।
  • আপুনি SMS নাইবা অন্য কোনো চেনেলৰ পৰা পোৱা OTP, পিন নম্বৰ নাইবা অন্যান্য কোড কাৰো লগত চেয়াৰ নকৰিব।
  • যদি আপুনি বেংকৰ পৰা ফোন কৰা বুলি দাবী কৰা কোনো অজ্ঞাত নম্বৰৰ পৰা কল পায়, তেনে কলত কোনো উত্তৰ নিদি, লগে লগে কলটো কাটি দিয়ক।
  • আপোনাক ফোনত দিয়া নিৰ্দেশনাৱলী অনুসৰণ নকৰিব। কল কৰা ব্যক্তিজনক সেই নিৰ্দেশনাৱলী সহ আপোনালৈ এখন মেইল কৰিবলৈ কওক।
  • ইমেইল প্রেৰকৰ ডোমেইন চেক কৰক। যদি এটা [XYZ]@gmail.com বা অন্য কোনো ইমেইল প্ৰদানকাৰীৰ ডোমেইন থাকে তেন্তে মেইলটো উপেক্ষা কৰক। নিশ্চিত কৰক যাতে ইমেইল ডোমেইন বেংকৰ প্ৰকৃত ডোমেইনৰ লগত মিলে। সকলো মনত ৰাখিব যে, বেংক ইমেইল কেৱল এটা নিৰাপদ https ডোমেইনৰ মাজেৰেহে আহে।

নিৰাপদে লেনদেন কৰাৰ এটা ভিডিঅ’ চাওক: https://youtu.be/4mXbF_r5K5A

Keep Reading