PhonePe Blogs Main Featured Image

Trust & Safety

PhonePe ত ব্যৱসায় চলাই আছে?

PhonePe Regional|3 min read|16 July, 2020

URL copied to clipboard

আপোনাৰ আয় নিৰাপদে ৰাখক ৷ ব্যৱসায় প্ৰতাৰণাৰ পৰা সাৱধান হওক ৷

ডিজিটেল পেইমেন্ট মাধ্যমৰ প্ৰসাৰে জীৱনধাৰণ সহজসাধ্য কৰি তুলিছে ৷ টকা পঠিওৱা আৰু প্ৰাপ্ত কৰা, বিল পেইমেন্ট, মোবাইল ৰিচাৰ্জ/DTH ইত্যাদি, অনলাইন শ্ব’পিং আৰু লোকেল দোকানসমূহত নিমিষতে পেইমেন্ট কৰাত পেইমেন্ট এপসমূহৰ ব্যৱহাৰে নগদ টকাৰ ওপৰত নির্ভৰশীলতা বহু পৰিমাণে কমাই দিছে ৷

ডিজিটেল পেইমেন্ট মাধ্যমৰ প্ৰসাৰৰ লগে লগে প্ৰতাৰকেও কেৱল গ্ৰাহককে নহয়, খুচুৰা ব্যৱসায়ীসকলকো ভূৱা লেনদেনেৰে প্ৰতাৰণা কৰাৰ নতুন উপায় উলিয়াইছে ৷

সৰু দোকানসমূহক লক্ষ্য কৰি প্ৰতাৰণা কৰাৰ কিছুমান উদাহৰণ তলত দিয়া হৈছে ৷

স্ক্ৰীন-চেয়াৰিং এপৰ মাধ্যমেৰে প্ৰতাৰণা

প্ৰতাৰকে পেইমেন্ট কোম্পানীৰ প্ৰতিনিধি বুলি দাবী কৰি ব্যৱসায়ীৰ দৈনিক বিক্ৰী জনাৰ অজুহাত দেখুৱাই কল কৰে ৷ কথা পাতি থাকোঁতে, প্ৰতাৰকে ব্যৱসায়ীৰ কাৰ্ড নাইবা বেংক বিৱৰণ উলিয়াই লয় নাইবা ব্যৱসায়ীৰ ফোনত কব্জা কৰে ৷ তাৰপাছত প্ৰতাৰকে ব্যৱসায়ীৰ কষ্টোপাৰ্জিত ধন আত্মসাৎ কৰাৰ প্ৰয়াস আৰম্ভ কৰে ৷

উদাহৰণ:

প্ৰতাৰক: মই চেলছ চাপ’ৰ্ট টিমৰ পৰা কল কৰিছো, প্ৰযুক্তিগত অসুবিধাৰ বাবে আমি গ্ৰাহকে কৰা লেনদেনসমূহ কেইবাদিন ধৰি ৰেকৰ্ড কৰিব পৰা নাই ৷ এইক্ষেত্ৰত হোৱা অসুবিধাৰ বাবে আমি দুঃখিত, আমি আপোনাৰ সমস্যা সমাধান কৰাত সহায় কৰিম ৷ আপুনি এইখিনি কৰিব লাগিব:

  1. আমাক আপোনাৰ বেংক একাউন্ট/ ডেবিট/ ক্ৰেডিট কাৰ্ড বিৱৰণ / BHIM UPI পিন দিয়ক
  2. এই এপটো ইনষ্টল কৰিবৰ বাবে লিংকটোত ক্লিক কৰক যাতে আমি আপোনাৰ সমস্যা সমাধান কৰিব পাৰো <প্ৰতাৰকে ব্যৱসায়ীক স্ক্ৰীন-চেয়াৰিং এপ যেনে Anydesk / ScreenShare ইত্যাদি ইনষ্টল কৰিবলৈ এটা লিংক দিব>

ব্যৱসায়ীয়ে এনেকুৱা জালিয়াতিৰ চিকাৰ হৈ বিৱৰণ চেয়াৰ কৰে আৰু এপ ইনষ্টল কৰে ৷ যেতিয়া ব্যৱসায়ীয়ে এপ ইনষ্টল কৰে, প্ৰতাৰকে ফোনত নিয়ন্ত্ৰণ কৰি টকা আত্মসাৎ কৰি লয় ৷

কেচবেক নাইবা অ’ফাৰ স্কিম প্ৰতাৰণা

এনেকুৱা উদাহৰণো আছে য’ত ব্যৱসায়ীক প্ৰতাৰকে তেওঁলোক পেইমেন্ট পাৰ্টনাৰৰ প্ৰতিনিধি বুলি কৈ কল কৰে ৷ এনে কল প্ৰতাৰকৰ পৰা আহে, য’ত লোভনীয় কেচবেক অ’ফাৰৰ বিষয়ে কৈ প্ৰতাৰণা কৰা হয় ৷

পৰিস্থিতি 1

প্ৰতাৰক — মই মার্চেন্ট চাপ’ৰ্ট টিমৰ পৰা কল কৰিছো। এইটো সপ্তাহত এটা বিশেষ কেচবেক স্কিম চলি আছে। এই লিংকটোত পেইমেন্ট কৰক আৰু লগে লগে আপোনাৰ বেংক একাউন্টত টকা জমা হ’ব।

  • ₹500 পেইমেন্ট কৰক আৰু পাওক ₹1000 কেচবেক
  • ₹10,000 পেইমেন্ট কৰক আৰু পাওক ₹15,000 কেচবেক

ব্যৱসায়ীসকল এই লোভনীয় অ’ফাৰৰ পাকত পৰি, প্ৰথমটো পেইমেন্ট কৰে আৰু প্ৰতাৰকৰ পৰা ₹1000 কেচবেক পায় ৷ তাৰপাছত প্রতাৰকে ব্যৱসায়ীক বেছি পৰিমাণৰ টকা ট্রেন্সফাৰ কৰিবলৈ কয় ৷ মোটা পৰিমাণৰ কেচবেক পোৱাৰ আশাত ব্যৱসায়ীয়ে যেতিয়াই ₹10,000 ৰ পেইমেন্ট কৰে লগে লগে প্ৰতাৰকে ফোনটো কাটি দিয়ে আৰু অন্তৰ্ধান হয় ৷

পৰিস্থিতি 2

প্ৰতাৰকে বিশেষ অ’ফাৰ নাইবা স্কিম প্ৰদান কৰি ব্যৱসায়ীক ফোন কৰে আৰু QR কোডৰ মাধ্যমেৰে তেওঁলোকৰ টকা আত্মসাৎ কৰে ৷

উদাহৰণ:

প্ৰতাৰক — এইসপ্তাহত আমি এটা বিশেষ কেচবেক স্কিম চলাইছো ৷ QR কোডৰ মাধ্যমেৰে পেইমেন্ট কৰক, আমি আপোনাৰ টকা দুগুণ কৰি পঠিয়াম ৷

  • ₹100 টকাৰ লেনদেন কৰিলে আপোনাৰ বেংক একাউন্টত ₹200 কেচবেক জমা হ’ব ৷
  • ₹10,000 টকাৰ লেনদেন কৰিলে আপোনাৰ বেংক একাউন্টত ₹20,000 কেচবেক জমা হ’ব ৷ এতিয়াই চেষ্টা কৰি চাওক!

ব্যৱসায়ীয়ে অ’ফাৰটো লাভজনক বুলি ভাবিলে, তেওঁ প্রতাৰকে পঠিওৱা QR কোডৰ মাধ্যমেৰে ₹100 লেনদেন কৰিলে, আৰু লগে লগে ₹200 কেচবেক পালে। তাৰপাছত যেতিয়া ব্যৱসায়ীয়ে মোটা পৰিমাণৰ টকাৰ লেনদেন কৰিব, প্রতাৰকে তেতিয়াই ফোনৰ লাইন কাটি দিব আৰু কোনো টকা ঘূৰাই নিদিয়ে ৷ শেষত ব্যৱসায়ীয়ে দুগুণ টকাৰ আশাত নিজৰ কষ্টৰ টকাখিনি হেৰুৱাব ৷

গুগল ফর্মৰ মাধ্যমেৰ প্রতাৰণা

ইয়াত প্রতাৰকে বিভিন্ন কাৰণ দেখুৱাই ব্যৱসায়ীক এখন গুগল ফর্ম পঠিয়ায়, তাৰপাছত সুযোগ চাই টকা চুৰি কৰি অন্তর্ধান হয় ৷

উদাহৰণ:

প্ৰতাৰক: মই মাৰ্চেন্ট টিমৰ পৰা কল কৰিছোঁ ৷ আপোনাক জনাব বিচাৰিছো যে আপোনাৰ কিছুমান বিৱৰণ আমাৰ চিষ্টেমত আপডেট হোৱা নাই আৰু সেয়েহে আমি আপোনাৰ একাউন্ট কিছুদিনৰ বাবে নিলম্বিত কৰিব লাগিব ৷ এনে নহ’বৰ বাবে, অনুগ্ৰহ কৰি তলৰ লিংকটোত ক্লিক কৰি আপোনাৰ বিৱৰণসমূহ লিখি গুগুল ফৰ্ম পূৰণ কৰক ৷

ব্যৱসায়ীয়ে নিশ্চিত হৈ এই ফর্ম পূৰণ কৰে ৷ ফর্মখনত একাউন্ট নম্বৰ, UPI পিন, ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ, নাম, ইমেইল আইডি ইত্যাদিৰ দৰে ব্যক্তিগত/সংবেদনশীল তথ্য উল্লেখ কৰা হয় ৷ প্রতাৰকে ব্যৱসায়ীয়ে পূৰণ কৰা ফর্মৰ তথ্যসমূহৰ অপব্যৱহাৰ কৰে আৰু সেইসমূহ ব্যৱহাৰ কৰি ব্যৱসায়ীৰ টকা আত্মসাৎ কৰে ৷

মনত ৰাখিবলগীয়া:

  1. কেতিয়াও PIN আৰু OTP চেয়াৰ নকৰিব নাইবা কোনো অজ্ঞাত কালেক্ট ৰিকুৱেষ্ট গ্ৰহণ নকৰিব ৷
  2. অজ্ঞাত সূত্ৰৰ পৰা অহা কালেক্ট ৰিকুৱেষ্ট নাইবা পেইমেন্ট/স্বীকাৰ নকৰিব ৷
  3. অজ্ঞাত সূত্ৰৰ পৰা পোৱা আকৰ্ষণীয় অ’ফাৰ/ফ্ৰিব্ৰিজ স্বীকাৰ নকৰিব ৷
  4. কেতিয়াও কোনো ফৰ্ম পূৰণ নকৰিব আৰু বেংক বিৱৰণ, PIN ৰ দৰে সংবেদনশীল তথ্য আপডেট নকৰিব!
  5. অজ্ঞাত ব্যক্তি/ব্যৱসায়ীৰ পৰা কালেক্ট ৰিকুৱেষ্ট পালে, সেইটো স্বীকাৰ কৰা নাইবা টকা পঠিওৱাৰ আগতে ৰিকুৱেষ্ট প্ৰেৰকৰ বিৱৰণ ভালদৰে চাই লওক ৷
  6. টকা প্ৰাপ্ত কৰিবৰ বাবে কেতিয়াও UPI পিন লিখিব নালাগে ৷
  7. আপোনাক চিনাক্ত কৰিব পৰা কোনো তথ্য Twitter, Facebook ৰ দৰে চ’চিয়েল মিডিয়া প্লেটফর্মত চেয়াৰ নকৰিব যিবোৰ তথ্য প্ৰতাৰকে অপব্যৱহাৰ কৰিব পাৰে ৷
  8. যদি কোনো অজ্ঞাত সূত্ৰৰ পৰা অহা কালেক্ট ৰিকুৱেষ্ট স্বীকাৰ কৰাৰ পাছত আপোনাৰ একাউন্টৰ পৰা টকা কটা যায়, তেন্তে অনতিপলমে আপোনাৰ নিকটৱৰ্তী চাইবাৰ চেল/বেংকৰ লগত যোগাযোগ কৰক ৷
  9. PhonePe এপৰ পৰা সেই প্ৰতাৰকৰ নম্বৰ ব্লক কৰি দিয়ক ৷
  10. জালিয়াতি নাইবা প্ৰতাৰণাৰ কোনো ঘটনা ঘটিলে, PhonePe এপত জনাওক ৷ প্ৰতাৰণামূলক লেনদেনটোত “PhonePe সহায়তাৰ লগত যোগাযোগ কৰক” বাচনি কৰি আপোনাৰ অভিযোগ দাখিল কৰক ৷

Keep Reading