PhonePe Blogs Main Featured Image

Trust & Safety

Twitter ত হ’ব পৰা প্ৰতাৰণাৰ পৰা নিজক সুৰক্ষিত ৰাখক — ভুৱা হেল্পলাইন নম্বৰৰ পৰা সাৱধান হওক!

PhonePe Regional|2 min read|19 April, 2021

URL copied to clipboard

Twitter ত হ’ব পৰা প্ৰতাৰণাৰ পৰা নিজক সুৰক্ষিত ৰাখক — ভুৱা হেল্পলাইন নম্বৰৰ পৰা সাৱধান হওক!

চ’চিয়েল মিডিয়া প্লেটফৰ্ম হিচেপে Twitter ত গ্ৰাহকৰ লগত যোগাযোগ কৰা আৰু তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাটো শ্ৰেষ্ঠ বিকল্প৷ ইয়াত উত্তৰ তৎক্ষণিভাৱে পায় আৰু পোষ্ট কৰা তথ্যসমূহ ইউজাৰে সহজতে বিশ্বাসত লয়৷

যদিও, বৰ্তমান সময়ত ভূৱা Twitter একাউন্টৰ মাধ্যমেৰে প্ৰতাৰণাৰ ঘটনা বৃদ্ধি পোৱা দেখা গৈছে৷

Twitter প্ৰতাৰণা তলত দিয়াধৰণে হয়:

– PhonePe গ্ৰাহকে অনুমোদিত মাধ্যম https://twitter.com/PhonePe ব্যৱহাৰ কৰি অ’ফাৰ ৰিডিম, কেচবেক, টকা ট্ৰেন্সফাৰ, ৰিফাণ্ড, PhonePe ত একাউন্ট লিংক কৰা আৰু তেনেকুৱা অন্যান্য সমস্যাৰ বিষয়ে টুইট কৰে৷

– প্ৰতাৰকসকলে পোষ্টসমূহ অনুসৰণ কৰি থাকে আৰু তৎক্ষণাৎ প্ৰতিক্ৰিয়া দেখুৱায়। ইউজাৰৰ একাউন্টৰ পৰা টকা চুৰি কৰাৰ এটা প্ৰচলিত উপায় হ’ল ভূৱা গ্রাহক সহায়তা নম্বৰ টুইট কৰা আৰু সেইসমূহ PhonePe হেল্পলাইন নম্বৰ বুলি কোৱা।

– এই বিষয়ে অৱগত নোহোৱা, গ্ৰাহকসকলে প্ৰতাৰকে টুইট কৰি দিয়া ভূৱা হেল্পলাইন নম্বৰত কল কৰে আৰু কেচবেক নোপোৱাৰ বাবে ৰিপ’ৰ্ট কৰে নাইবা কোনো বিফল লেনদেনৰ ৰিফাণ্ডৰ বাবে অনুৰোধ কৰে৷

– সমস্যাটো সমাধান কৰি দিবৰ বাবে, প্রতাৰকে গ্রাহকসকলক কিছুমান সংবেদনশীল তথ্য যেনে কাৰ্ড বিৱৰণ আৰু ফোনত পোৱা OTP বিৱৰণ চেয়াৰ কৰিবলৈ কয়।

– গ্রাহকক পতিয়ন নিয়াবৰ বাবে, প্রতাৰকে তেওঁলোকৰ নম্বৰৰ পৰা গ্রাহকৰ নম্বৰলৈ এটা কালেক্ট কল কৰি তেওঁলোকক কেচবেক দিয়াৰ প্ৰতিশ্ৰুতিও দিব পাৰে৷

– গ্ৰাহকে যেতিয়া তেওঁলোকৰ কাৰ্ড বিৱৰণ, OTP চেয়াৰ কৰে নাইবা কালেক্ট কল স্বীকাৰ কৰে, গোটেই টকাখিনি গ্ৰাহকৰ একাউন্টৰ পৰা প্ৰতাৰকৰ একাউন্টলৈ ট্ৰেন্সফাৰ হৈ যায়৷

মনত ৰাখিব: PhonePe য়ে আপোনাক কেতিয়াও গোপনীয় আৰু ব্যক্তিগত তথ্য নিবিচাৰে৷ PhonePe ৰ প্ৰতিনিধি বুলি দাবী কৰি যদি কোনো লোকে আপোনাৰ তথ্য বিচাৰে, অনুগ্ৰহ কৰি তেওঁলোকক আপোনালৈ এখন মেইল কৰিবলৈ কওক৷ আৰু কেৱল phonepe.com ডোমেইনৰ পৰা অহা মেইলৰহে উত্তৰ দিয়ক৷

আপুনি এনেদৰে সুৰক্ষিত থাকিব পাৰিব:

বিভিন্ন চ’চিয়েল মিডিয়া প্লেটফৰ্মত থকা আমাৰ অ’ফিচিয়েল একাউন্টতহে আমাৰ লগত যোগাযোগ কৰক৷

Twitter হেণ্ডলছ: https://twitter.com/PhonePe

https://twitter.com/PhonePeSupport

Facebook একাউন্ট: https://www.facebook.com/OfficialPhonePe/

ৱেব: support.phonepe.com

যদি আপোনাৰ কাৰ্ড নাইবা একাউন্ট বিৱৰণ বিপদগ্ৰস্ত হয়:

  1. [email protected] ত ৰিপ’ৰ্ট কৰক৷
  2. আপোনাৰ নিকটৱৰ্তী চাইবাৰ-চেললৈ যাওক আৰু আৰক্ষীৰ ওচৰত এটা গোচৰ ৰজু কৰক৷

Keep Reading