PhonePe Blogs Main Featured Image

Trust & Safety

প্ৰতাৰক ব্যৱসায়ীৰ পৰা নিজক ৰক্ষা কৰক!

PhonePe Regional|2 min read|29 August, 2019

URL copied to clipboard

প্ৰতাৰকসলকে সদায়েই টকা আত্মসাৎ কৰাৰ নতুন উপায় বিচাৰি থাকে। অনলাইনত ক্ৰয়-লেনদেন বৃদ্ধিৰ লগে লগে, প্ৰতাৰক ব্যৱসায়ীৰ সংখ্যাও বৃদ্ধি পাইছে। এই ব্লগপ’ষ্টটোত আমি নিজকে কেনেকৈ প্ৰতাৰক ব্যৱসায়ীৰ পৰা ৰক্ষা কৰিব পাৰো তাৰ বিষয়ে আলোচনা কৰিম।

আমি এনেকুৱা দৃষ্টান্তও পঢ়িছো নাইবা শুনিছো য’ত গ্ৰাহকে অনলাইন পণ্য অৰ্ডাৰ কৰিছে নাইবা ইতিমধ্যে পেইমেন্ট কৰিছে কিন্তু পণ্য ডেলিভৰী হোৱা নাই। সেইটো ব্যৱসায় প্ৰতাৰকৰ উদাহৰণ! প্রতাৰকে আপোনাৰ টকা আত্মসাৎ কৰিবৰ বাবে যিকোনো কাম কৰিব পাৰে। এটা ব্যৱসায়/বিক্রেতাই পণ্য অৰ্ডাৰ কৰিৰব বাবে মিছা ৱেবচাইট তৈয়াৰ কৰিব পাৰে। কোম্পানীৰ ঠিকনা, যোগাযোগ নম্বৰ, বাতিলৰ নীতি, ৰিটাৰ্ণ আৰু ৰিফাণ্ড, আৰু লেনদেনৰ বাবে দিয়া পেইমেন্ট গেটৱেও নকল হ’ব পাৰে।

গ্ৰাহকে পেইমেন্ট কৰিবৰ বাবে এটা পেইমেন্ট গেটৱেৰ আৱশ্যক হয়। পেইমেন্ট গেটৱে নাইবা পেইমেন্ট প্ৰছেচৰসমুহে পেইমেন্ট সেৱা প্ৰদান কৰাৰ আগতে ব্যৱসায়ীৰ বেকগ্ৰাউণ্ড চেক কৰাটো প্ৰয়োজন।

এই গোটেই প্ৰক্ৰিয়াটোত ধৰা নপৰিবৰ বাবে, ব্যৱসায়ীয়ে NEFT ৰ মাধ্যমেৰে টকা ট্ৰেন্সফাৰ কৰিবৰ বাবে এটা ব্যক্তিগত একাউন্ট চেট কৰে নাইবা ব্যৱসায়ী QR কোড ব্যৱহাৰ নকৰি ব্যক্তিগত QR কোড ব্যৱহাৰ কৰে। এইদৰে ব্যৱসায়ীয়ে এটা আইনী পেইমেন্ট গেটৱে অনুকৰণ কৰে, চ’চিয়েল মিডিয়া প্লেটফৰ্মত ব্যৱসায়টো প্ৰচাৰ কৰে আৰু গ্ৰাহকে লেনদেন কৰি পেইমেন্ট কৰালৈ অপেক্ষা কৰে।

গুৰুত্বপূৰ্ণ বিষয়: PhonePe য়ে কেৱল পঞ্জীকৃত আৰু সক্ৰিয় মোবাইল নম্বৰ থকা ব্যৱসায়ীকহে অন্তৰ্ভূক্ত কৰে। ব্যৱসায়ীয়ে কঠোৰ সত্যাপন প্ৰক্ৰিয়া, কেৱাইচি ডকুমেন্ট নিৰীক্ষণ আৰু আগজাননী নিদিয়াকৈ দোকানত উপস্থিত হোৱা ইত্যাদি প্ৰক্ৰিয়াৰ মাজেদি পাৰ হ’ব লগা হয়। তাৰপিচতহে তেওঁলোকক PhonePe ৰ মাধ্যমেৰে পেইমেন্ট স্বীকাৰ কৰাৰ বাবে অনুমতি দিয়া হয়। আপুনি PhonePe ৰ মাধ্যমেৰে নিশ্চিন্তভাৱে পেইমেন্ট কৰিব পাৰে।

বেচিভাগ ক্ষেত্ৰতে, গ্ৰাহকে পেইমেন্ট কৰাৰ পিচত নাইবা ডেলিভাৰীৰ তাৰিখ গাফিলতি কৰাৰ পিচতহে, ব্যৱসায়ী যে প্ৰতাৰক সেইটো গম পায়। তেওঁঁলোকে সাধাৰণতে গ্ৰাহক সহায়তা টিমক যোগাযোগ কৰে আৰু তেতিয়াহে বুুজিব পাৰে যে ইতিমধ্যে ব্যৱসায়ীয়ে প্ৰতাৰণা কৰি তেওঁলোকৰ টকা আত্মসাৎ কৰিছে। আপুনি এনে প্ৰতাৰণাক বাধা দিব পাৰে। আপুনি মনত ৰাখিব লগীয়া কথাসমুহ হ’ল –

– সকলো ৱেবচাইটক বিশ্বাসত নল’ব। কিনাৰ আগতে গ্ৰাহকৰ ফিডবেক, ৰিভিউ আৰু ৱেবচাইটৰ চ’চিয়েল মিডিয়া পেজ (যদি উপলব্ধ) চাই লওক।

– কেৱল বিশ্বাসী শ্বপিং ৱেবচাইট আৰু প্লেটফৰ্মৰ পৰাহে ক্ৰয় কৰক।

– প্ৰতাৰণা কৰা ৱেবচাইটটোৰ বিষয়ে Google ক ৰিপ’ৰ্ট কৰক।

– আপোনাৰ টকা ঘূৰাই পাবৰ বাবে প্ৰতাৰক ৱেবচাইটটোত পেইমেন্ট কৰিবলৈ ব্যৱহাৰ কৰা ডেবিট/ক্ৰেডিট কাৰ্ড, বেংক একাউন্ট (BHIM UPI)ৰ বিপক্ষে চাৰ্জবেক ফাইল কৰক।

Keep Reading