PhonePe Blogs Main Featured Image

Trust & Safety

কেচবেক প্ৰৱঞ্চনাৰ পৰা সতৰ্ক হৈ থাকক!

PhonePe Regional|2 min read|26 April, 2021

URL copied to clipboard

আপুনি এটা SMS লাভ কৰিলে যিটো আপোনালৈ PhonePe ৰ পৰা আহিছে বুলি কোৱা হ’ল আৰু আপোনাক তাত থকা লিংকটোত ক্লিক কৰি লোভনীয় কেচবেক অ’ফাৰ আনলক কৰিবলৈ কোৱা হ’ল। আপুনি বিস্মিত হ’ল আৰু সেই লিংকটো বৈধ হয়নে নহয় আৰু আপুনি তাত ক্লিক কৰিব লাগেনে নালাগে সেই বিষয়ে ভাবিলে। শেষত আপুনি তাত ক্লিক নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। আপুনি ভাল সিদ্ধান্ত ল’লে!

আপুনি যদি সেই লিংকটোত ক্লিক কৰিলেহেঁতেন আৰু পুৰস্কাৰটো দাবী কৰিবলৈ উল্লেখ কৰা পদক্ষেপকেইটা অনুসৰণ কৰিলেহেঁতেন তেন্তে আপুনি ইউজাৰক প্ৰতাৰণা কৰিবলৈ সুযোগ বিচাৰি ফুৰা অসাধু প্ৰৱঞ্চকৰ হাতত টকা হেৰুৱালেহেঁতেন। কেচবেক লাভ কৰিবলৈ আপোনাক নিজৰ UPI পিন দিবলৈ কোৱা মেচেজবোৰ উপেক্ষা কৰা উচিত।

প্ৰৱঞ্চকে ইউজাৰসকলক কেচবেক অ’ফাৰ আৰু স্ক্ৰেচ কাৰ্ডৰ জৰিয়তে পুৰস্কাৰ জয় কৰাৰ প্ৰলোভন দিয়ে। কিছুমানে অ’ফাৰ থকা ভুৱা লিংক প্ৰেৰণ কৰিব পাৰে অথবা আপুনি ভুৱা ছ’চিয়েল মিডিয়া পৃষ্ঠাত কেচবেক সম্পৰ্কীয় প’ষ্টো দেখিব পাৰে। এই লিংক আৰু ছ’চিয়েল মিডিয়া পৃষ্ঠাবোৰ PhonePe ৰ অ’ফিচিয়েল ৱেবছাইট আৰু ল’গ’ৰ সৈতে মিলাকৈ অত্যন্ত চতুৰালিৰে প্ৰস্তুত কৰা হয় যাতে আপোনাক অ’ফাৰটো সঁচা বুলি পতিয়ন নিয়াব পাৰে। কিছুমান প্ৰৱঞ্চকে আপোনাক কল কৰি ন’টিফিকেচন/বেল আইকনত দেখা পোৱা পেমেন্টৰ লিংক গ্ৰহণ কৰি PhonePe ৰ পৰা কেচবেক লাভ কৰিবলৈ কেইটামান পদক্ষেপ অনুসৰণ কৰিবলৈ ক’ব পাৰে।

PhonePe কেচবেকে কিদৰে কাম কৰে?

  • PhonePe কেচবেক আপোনাৰ ৱালেটত স্বয়ংক্ৰিয়ভাৱে ক্ৰেডিট হয়

কেচবেক দাবী কৰিবলৈ অথবা লাভ কৰিবলৈ আপুনি কোনো অতিৰিক্ত কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন নাই। PhonePe এ ফোন কল অথবা লিংকৰ জৰিয়তে কেচবেক অথবা পুৰস্কাৰ নিদিয়ে। কেচবেকৰ প্ৰতিশ্ৰুতি দিয়া যিকোনো URL, ছ’চিয়েল মিডিয়া প’ষ্ট বা ফোন কল হৈছে প্ৰতাৰণামূলক।

  • PhonePe কেচবেক অথবা পুৰস্কাৰ লাভ কৰিবলৈ আপুনি নিজৰ UPI পিন দিয়াৰ প্ৰয়োজন নাই

গ্ৰাহকসকলক কেচবেক লাভ কৰিবলৈ নিজৰ UPI পিন দিবলৈ কেতিয়াও কোৱা নহয়। আপুনি যেতিয়া নিজৰ বেংক একাউণ্টৰ পৰা টকা প্ৰেৰণ কৰে কেৱল তেতিয়াহে UPI পিনৰ প্ৰয়োজন হয়। যদি আপোনাক কেচবেক লাভ কৰিবলৈ UPI পিন দিবলৈ কোৱা হয় তেন্তে সেই লেনদেনটো ততালিকে বাতিল কৰি আমাক support.phonepe.comত অভিযোগ দিয়ক।

  • সকলো কেচবেক আৰু অন্য অ’ফাৰবোৰ আপোনাৰ PhonePe এপৰ হোম পে’জত থকা “সকলো অ’ফাৰ চাওক” শাখাত তালিকাভুক্ত কৰা আছে

PhonePe ৰ প্ৰকৃত কেচবেক অ’ফাৰ বোৰৰ বিষয়ে জানিবলৈ এই শাখাটো চাওক। যিকোনো লেনদেন কৰাৰ আগতে যোগ্যতা তথা নিয়ম আৰু চৰ্তাৱলী গুৰুত্ব সহকাৰে পঢ়ক।

প্ৰৱঞ্চকৰ পৰা সুৰক্ষিত থকাৰ কিটিপ:

কেৱল চিনাকি উৎসৰ পৰাহে পেমেন্টৰ অনুৰোধ গ্ৰহণ কৰিব

আপোনাৰ UPI আইডি জনা যিকোনো লোকে আপোনালৈ পেমেন্টৰ অনুৰোধ প্ৰেৰণ কৰিব পাৰে। অজ্ঞাত উৎসৰ পৰা লাভ কৰা পেমেন্টৰ অনুৰোধ প্ৰত্যাখ্যান কৰক। মনত ৰাখিব যে আপোনাৰ ফোন নম্বৰ জনা যিকোনো লোকে আপোনাৰ UPI আইডিৰ পৰা পেমেন্টৰ অনুৰোধ প্ৰেৰণ কৰিব পাৰে।

“আপোনাৰ UPI আইডি বিচাৰি উলিয়াবলৈ আপোনাৰ PhonePe এপৰ প্ৰ’ফাইল শাখালৈ যাওক আৰু “মোৰ UPI ID”ৰ অধীনত চাওক। আপোনাৰ ডিফল্ট PhonePe UPI আইডি হৈছে yourphonenumber@ybl (আপোনাৰ ফোন নম্বৰ@ybl)”।

অচিনাকি লোকৰ ভুৱা কল/পেমেন্টৰ অনুৰোধ উপেক্ষা কৰক

আপোনালৈ কেচবেক আগবঢ়োৱা কলাৰক গুৰুত্ব নিদিব, লাগিলে তেওঁ নিজকে PhonePe প্ৰতিনিধি বুলিয়েই পৰিচয় নিদিয়ক কিয়। আপুনি যদি কোনো অজ্ঞাত নম্বৰৰ পৰা কল লাভ কৰে যি আপোনাৰ বন্ধু/পৰিয়ালৰ লোক বুলি নিজৰ পৰিচয় দিয়ে, তেতিয়া আপুনি তেওঁৰ সৈতে কোনো পেমেন্টৰ লেনদেন কৰাৰ আগতে তেওঁক ভালদৰে চিনাক্ত কৰাটো নিশ্চিত কৰক।

মনত ৰাখিব: UPI পিন, OTP, CVV আৰু কাৰ্ডৰ সবিশেষৰ দৰে গোপন তথ্য PhonePe-ৰ বিষয়াকে অন্তৰ্ভুক্ত কৰি কোনো লোকৰ সৈতে চেয়াৰ নকৰিব।

Keep Reading