PhonePe Blogs Main Featured Image

Trust & Safety

ভুৱা এপসমূহৰ পৰা সাৱধান!

PhonePe Regional|4 min read|27 April, 2021

URL copied to clipboard

স্মাৰ্টফ’ন আৰু ডিজিটেল সুবিধাৰ যুগত, ম’বাইল এপ্লিকেশ্বনবোৰ যোগাযোগ, মনোৰঞ্জন আৰু উৎপাদনশীলতাৰ বাবে অত্যাৱশ্যকীয় সম্পদ হৈ পৰিছে। অৱশ্যে, এই সুবিধা এটা বিপদৰ সৈতে আহে: নকল এপবোৰৰ সৃষ্টি যিয়ে জনপ্ৰিয় আৰু বিশ্বাসী এপৰ ভাও লয়। বৈধ এপ্ হিচাপে ছদ্মবেশ ধাৰণ কৰিবলৈ বুদ্ধিমত্তাৰে ডিজাইন কৰা এইবোৰ ক্ষতিকাৰক এপ্ ব্যৱহাৰকাৰীৰ বাবে গম্ভীৰ বিপদৰ কাৰণ হয়, যাৰ ভিতৰত ডেটা চুৰি কৰা, বিত্তীয় লোকচান আৰু গোপনীয়তা উলংঘন অন্তৰ্ভুক্ত হয়।

এইটো ব্লগত এনে বিভিন্ন নকল এপ্লিকেশ্বন, সেইবোৰৰ দ্বাৰা হ’ব পৰা বিপদ আৰু কেনেদৰে এনে এপৰ প্ৰৱঞ্চনাৰ ভুক্তভোগী হোৱাটো পৰিহাৰ কৰিব পাৰিব সেই বিষয়ে আলোকপাত কৰা হৈছে।

নকল এপৰ বিষয়ে বুজি পোৱা

নকল এপ্‌বোৰ প্ৰকৃত এপৰ ডিজাইন আৰু কাম-কাজ অনুকৰণ কৰিবলৈ সৃষ্টি কৰা হয়, যাৰ বাবে আচল এপৰ তুলনাত এইবোৰৰ পাৰ্থক্য বুজি পোৱাটো কঠিন হৈ পৰে। বিশ্বাসী এপ্ ষ্ট’ৰত এইবোৰ সঘনাই দেখা পোৱাটোৱে সিহঁতক নিৰ্ভৰযোগ্যতা প্ৰদান কৰে।

নকল এপবোৰ ছাইবাৰ অপৰাধীবোৰে ব্যৱহাৰকাৰীক ডাউনল’ড কৰিবলৈ প্ৰলোভিত কৰাৰ বাবে ব্যৱহাৰ কৰে, যিবোৰৰ ডেটা চুৰি কৰা, বিত্তীয় প্ৰৱঞ্চনা আৰু গোপনীয়তা উলংঘনকে ধৰি বিভিন্ন ক্ষতিকাৰক প্ৰভাৱ থাকিব পাৰে।

নকল এপৰ জৰিয়তে জালিয়াতি কৰা কিছুমান সাধাৰণ পদ্ধতিৰ বিষয়ে ইয়াত দিয়া হ’ল:

  1. ফিশ্বিং

আপুনি এটা নকল এপ্ ডাউনল’ড কৰাৰ সময়ত, ই আপোনাৰ ডিভাইচটো মেলৱেৰেৰে সংক্ৰমিত কৰিবলৈ আপুনি ইনপুট কৰা লগইন ক্ৰিডেনশ্বিয়েল ব্যৱহাৰ কৰিব পাৰে। এই ক্ৰিডেনশ্বিয়েল অন্যান্য হানিকাৰক উদ্দেশ্যৰ বাবেও ব্যৱহাৰ কৰিব পাৰে।

  1. প্ৰিভিলেজ বৃদ্ধি কৰা

প্ৰৱঞ্চকে এটা বৈধ এপৰ ভাও জোৰা নকল এপ্ ডিজাইন কৰিব পাৰে যাতে আপোনাৰ ডিভাইচত প্ৰদান কৰা প্ৰিভিলেজক বাইপাছ কৰিব পাৰি। ইয়াৰ ফলত মুখ্য নিৰাপত্তাৰ কাম-কাজত হস্তক্ষেপ হ’ব পাৰে যিটো ব্যৱহাৰকাৰীৰ বাবে এটা প্ৰধান ভাবুকি হয়।

  1. ৰেনছমৱেৰ

কিছুমান নকল এপ্ ডাউনল’ড কৰাৰ ফলত, আপোনাৰ ডিভাইচটো ৰেনছমৱেৰৰ দ্বাৰা সংক্ৰমিত হৈ পৰে যিয়ে আপোনাৰ ডেটা এনক্ৰিপ্ট কৰে তথা ব্যৱহাৰ কৰিব নোৱাৰা কৰি তোলে। আপোনাৰ ডেটাৰ এক্সেছ উভতাই দিয়াৰ বাবে, প্ৰৱঞ্চকে আপোনাৰ পৰা ধন দাবী কৰিব।

নকল এপ্ কেনেদৰে চিনাক্ত কৰিব

আপুনি তলত দিয়া উপায়বোৰ মানি চলিলে নকল এপৰ পৰা আঁতৰি থাকিব পাৰিব:

  • এপ্‌টো সত্যাপন কৰক: প্ৰথমতে, ডেভেলপাৰৰ নাম নিশ্চিত কৰক। নকল এপৰ নামবোৰ সাধাৰণতে একে হয় কিন্তু তাত কিছুমান ভুল থাকিব যিয়ে প্ৰকৃত এপৰ পৰা ইয়াৰ পাৰ্থক্য বুজিবলৈ সহায় কৰে। সৰু-সুৰা বানানৰ ভুল অথবা ল’গ’ৰ পাৰ্থক্য পৰীক্ষা কৰক। আপুনি সঠিক এপ্‌টো ডাউনল’ড কৰাটো নিশ্চিত কৰিবলৈ এয়া ৱেবছাইটৰ সৈতে মিলাই চাব পাৰে।
  • ৰেটিং আৰু ৰিভিউ পৰীক্ষা কৰক: প্ৰতিষ্ঠিত এপবোৰত সাধাৰণতে বিশালসংখ্যক ৰেটিং আৰু ৰিভিউ থাকে। যদি এটা এপত খুবেই কম ৰিভিউ থাকে অথবা অস্বাভাৱিকভাৱে খুবেই বেছি ইতিবাচক ৰিভিউ থাকে যিবোৰ একে যেন লাগে, তেন্তে এইটো মনকৰিবলগীয়া সতৰ্কবাণী হয় যে এইটো এটা নকল এপ্ হ’ব পাৰে।
  • কি কি অনুমতি বিচাৰে সেয়া পৰীক্ষা কৰক: প্ৰয়োজন নোহোৱা অৱস্থাটো, ধৰি লওক এটা প্ৰাথমিক গেম অথবা ইউটিলিটি এপৰ ক্ষেত্ৰত, যেতিয়া এটা এপে কনটেক্ট, কেমেৰা অথবা মাইক্ৰ’ফোনৰ অনুমতি বিচাৰে, সেই কথাই এই সংকেত দিব পাৰে যে এইটো এটা ক্ষতিকাৰক এপ্ হব পাৰে।
  • স্ক্ৰীনশ্বট আৰু বিৱৰণ পৰীক্ষা কৰক: এপৰ বিৱৰণত ভুল ব্যাকৰণ, বানানৰ ভুল আৰু নিম্ন কোৱালিটিৰ ইমেজ অথবা স্ক্ৰীনশ্বটে এটা নকল এপ্ চিনাক্ত কৰিবলৈ সহায় কৰিব পাৰে।
  • অফিচিয়েল উৎসসমূহ: যেতিয়াই সম্ভৱ হয় তেতিয়াই অফিচিয়েল ৱেবছাইট অথবা বিশ্বাসী এপ্ ষ্ট’ৰৰ পৰা এপ ডাউনল’ড কৰক।

এনেদৰে নিজকে সুৰক্ষিত ৰাখক

প্ৰৱঞ্চনাকাৰী এপৰ পৰা আপোনাৰ ডিভাইচ আৰু ব্যক্তিগত ডেটা সুৰক্ষিত কৰিবলৈ এইবোৰ পদক্ষেপ গ্ৰহণ কৰক:

  • আপোনাৰ ছফ্টৱেৰ আপডেট কৰি ৰাখিব: আপোনাৰ ডিভাইচৰ অপাৰেটিং ছিষ্টেম আৰু এপ্‌সমূহ আপডেট হৈ থকাটো নিশ্চিত কৰক। আপডেটত সঘনাই ছিকিউৰিটি পেচ্চ কিছুমান অন্তৰ্ভুক্ত কৰা হয় যিয়ে প্ৰৱঞ্চনাকাৰী এপ্‌বোৰে সুবিধা গ্ৰহণ কৰিব বিচৰা ত্ৰুটিবোৰৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰে।
  • ছিকিউৰিটি ছফ্টৱেৰ ছেটআপ কৰক: নকল এপৰ দৰে ক্ষতিকাৰক ছফ্টৱেৰ বিচাৰিবলৈ তথা সেইবোৰ আঁতৰাবলৈ নিৰ্ভৰযোগ্য এণ্টিভাইৰাছ আৰু এণ্টি-মেলৱেৰ ছফ্টৱেৰ ব্যৱহাৰ কৰক।
  • টু-ফেক্টৰ অথেণ্টিকেচন (2FA) অন কৰক: সকলো একাউণ্টৰ বাবে 2FA অন কৰক। এয়া কৰাৰ দ্বাৰা, আপুনি নিজৰ সুৰক্ষা বৃদ্ধি কৰিব পাৰিব আৰু হেকাৰৰ বাবে আপোনাৰ ডেটা এক্সেছ কৰাটো অধিক কঠিন কৰি তুলিব পাৰিব।
  • লিংক আৰু এটাচ্চমেণ্টৰ ক্ষেত্ৰত সতৰ্ক হওক: অজ্ঞাত লিংকত ক্লিক নকৰিব অথবা অপৰিচিত উৎসৰ পৰা অহা এটাচ্চমেণ্ট নুখুলিব।
  • অনুৰোধ সত্যাপন কৰক: সংবেদনশীল তথ্য প্ৰদান কৰাৰ আগতে সদায়েই তথ্য সত্যাপন কৰিব।
  • শক্তিশালী, অনন্য পাছৱৰ্ড ব্যহাৰ কৰক: বিভিন্ন একাউণ্টৰ বাবে বিভিন্ন পাছৱৰ্ড ব্যৱহাৰ কৰক আৰু সেইবোৰ নিয়মিতভাৱে সলনি কৰি থাকিব।

আপুনি নকল এপ্ ডাউনল’ড কৰিলে কি কৰিব

যদি আপুনি ভাবে যে আপুনি এটা নকল এপ্ ডাউনল’ড কৰিছে, তেন্তে তৎক্ষণাত এইবোৰ পদক্ষেপ লওক:

  1. এপ্‌টো তৎক্ষণাত আনইনষ্টল কৰক
  2. আপোনাৰ কোনো একাউণ্ট হেক হৈছে বুলি অনুভৱ কৰিলে আপোনাৰ পাছৱৰ্ড সলনি কৰক
  3. আপোনাৰ বেংক আৰু অনলাইন একাউণ্টত সম্পন্ন হোৱা কোনো সন্দেহজনক গতিবিধিৰ বাবে তীক্ষ্ণ দৃষ্টি ৰাখক
  4. ছিকিউৰিটি ছফ্টৱেৰ ব্যৱহাৰ কৰি ছিকিউৰিটি স্কেন সম্পন্ন কৰক
  5. এপ্‌টোৰ বিষয়ে অভিযোগ কৰক

এক কথাত কবলৈ হ’লে, নকল এপে আপোনাৰ ডেটাৰ প্ৰতি গম্ভীৰ ভাবুকি আগবঢ়ায়। আপুনি সজাগ আৰু সতৰ্ক হৈ নিজকে এনে ক্ষতিকাৰক এপৰ পৰা সুৰক্ষা দিব পাৰে। আপোনাৰ গোপনীয়তা আৰু মনৰ শান্তি সুৰক্ষিত কৰিবলৈ, নতুন এপ্ ডাউনল’ড কৰাৰ সময়ত সদায়েই সতৰ্ক হ’ব আৰু আপোনাৰ ডিজিটেল সুৰক্ষাক শীৰ্ষ অগ্ৰাধিকাৰ প্ৰদান কৰিব।

আপুনি নকল এপৰ প্ৰৱঞ্চনাৰ ভুক্তভোগী হ’লে কি কৰিব

যদি আপুনি PhonePeত নকল এপৰ প্ৰৱঞ্চনাৰ ভুক্তভোগী হৈছে, তেন্তে আপুনি তলত দিয়া উপায়েৰে তৎক্ষণাত এইটো সমস্যা উত্থাপন কৰিব পাৰে:

  1. PhonePe এপ্: সহায় শাখালৈ যাওক আৰু “লেনদেনৰ ক্ষেত্ৰত সমস্যা হৈছে” বিকল্পৰ অধীনত সমস্যা উত্থাপন কৰক।
  2. PhonePe গ্ৰাহক সেৱা নম্বৰ: আপুনি সমস্যা উত্থাপন কৰিবলৈ 80–68727374 / 022–68727374-ত PhonePe গ্ৰাহক সেৱালৈ কল কৰিব পাৰে, আপুনি এয়া কৰাৰ পাছত গ্ৰাহক সেৱা বিষয়াই এটা টিকট উত্থাপন কৰিব আৰু আপোনাৰ সমস্যাটোৰ ক্ষেত্ৰত সহায় কৰিব।
  3. ৱেবফৰ্ম ব্যৱহাৰ কৰি দাখিল কৰা: আপুনি লগতে PhonePeৰ ৱেবফৰ্ম ব্যৱহাৰ কৰিও টিকট উত্থাপন কৰিব পাৰিব https://support.phonepe.com/
  4. ছ’চিয়েল মিডিয়া: আপুনি PhonePeৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তেও প্ৰৱঞ্চনামূলক ঘটনাৰ অভিযোগ দিব পাৰে
    Twitter — https://twitter.com/PhonePeSupport
    Facebook — https://www.facebook.com/OfficialPhonePe
  5. অভিযোগ: এটা বিদ্যমান অভিযোগৰ বিষয়ে আপত্তি জনাবলৈ, আপুনি https://grievance.phonepe.com/-ত লগইন কৰিব পাৰে আৰু আগতে উত্থাপন কৰা টিকটৰ আইডি শ্বেয়াৰ কৰিব পাৰে।
  6. চাইবাৰ চেল: শেষত, আপুনি নিকটতম চাইবাৰ ক্ৰাইম চেলত প্ৰবঞ্চনাৰ অভিযোগ পঞ্জীয়ন কৰিব পাৰে অথবা অনলাইনত https://www.cybercrime.gov.in/-ত অভিযোগ পঞ্জীয়ন কৰিব পাৰে অথবা 1930-ত চাইবাৰ ক্ৰাইম চেলৰ হেল্পলাইনৰ সৈতে যোগাযোগ কৰিব পাৰে।

মনত ৰাখিবলগীয়া গুৰুত্বপূৰ্ণ কথা — PhonePeই কেতিয়াও গোপনীয় অথবা ব্যক্তিগত বিৱৰণ জানিবলৈ নিবিচাৰে। PhonePeৰ পৰা প্ৰেৰণ কৰা বুলি দাবী কৰা সকলোবোৰ মেইল আওকাণ কৰক যদিহে সেইবোৰ phonepe.com ডমেইনৰ পৰা অহা নাই। যদি আপুনি জালিয়াতিৰ সন্দেহ কৰে, তেন্তে অনুগ্ৰহ কৰি তৎক্ষণাত কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰক।

Keep Reading