PhonePe Blogs Main Featured Image

Trust & Safety

QR কোড প্ৰতাৰণাৰ পৰা সুৰক্ষিত থাকক!

PhonePe Regional|1 min read|12 May, 2021

URL copied to clipboard

ডিজিটেল পেইমেন্টে লক্ষাধিক ভাৰতীয়ৰ জীৱন সহজসাধ্য কৰি তুলিছে৷ যদিও, পেইমেন্ট প্ৰতাৰকৰ পয়োভৰো দিনক দিনে বৃদ্ধি পাইছে৷ আপুনি জানেনে যে, আপোনাৰ কাৰ্ড আৰু বেংক বিৱৰণ নোহোৱাকৈও কেলেংকাৰী হ’ব পাৰে? ক্ৰমাৎ বৃদ্ধি পোৱা এনেধৰণৰ প্ৰতাৰণাৰ ভিতৰত এটা হ’ল QR কোড প্ৰতাৰণা।

QR কোড প্ৰতাৰণা এইধৰণে হ’ব পাৰে:

প্ৰতাৰকে আপোনাৰ WhatsApp নাইবা অন্য পিকছাৰ-চেয়াৰিং এপত আপোনালৈ এটা QR কোড পঠিয়াব৷ আপোনাৰ বেংক একাউন্টত ফ্ৰি কেচ ৰিৱাৰ্ড পাবৰ বাবে আপোনাক কোডটো স্কেন কৰি, এটা ৰাশি লিখি, আপোনাৰ UPI পিন লিখিবলৈ কৈ এটা মেচেজ কৰা হ’ব৷ বিকল্পভাবে, প্রতাৰকে এনেকুৱা এপ ব্যৱহাৰ কৰিব পাৰে য’ত তেওঁলোকে আপোনাক মাত্ৰ আপোনাৰ UPI পিনটো লিখিবলৈ কৈ, এটা পূৰ্ব-নিৰ্ধাৰিত ৰাশি সহিত এটা QR কোড প্রেৰণ কৰিব৷ আপুনি সেইটো কৰাৰ লগে লগে আপোনাৰ একাউন্টৰ পৰা টকা কটা যাব।

প্ৰতাৰণামূলক মেচেজৰ উদাহৰণ হৈছে:

অনুগ্ৰহ কৰি মনত ৰাখিব: PhonePe ত টকা প্ৰাপ্ত কৰিবৰ বাবে আপুনি কেতিয়াও পেইমেন্ট কৰাৰ প্ৰয়োজন নহয় নাইবা আপোনাৰ UPI পিন লিখিব নালাগে৷ এজন প্ৰকৃত প্রেৰকক টকা পঠিয়াবৰ বাবে মাত্ৰ আপোনাৰ ফোন নম্বৰটোৰ আৱশ্যক হয়। আপুনি যদি এইধৰণৰ মেচেজ পায়, কেতিয়াও উত্তৰ নিদিব৷ তাৰ পৰিৱর্তে, প্রতাৰকৰ ফোন নম্বৰ আৰু অন্যান্য বিৱৰণ জনাবৰ বাবে PhonePe গ্ৰাহক সহায়তাৰ লগত যোগাযোগ কৰক।

এইধৰণে আপুনি প্ৰতাৰণাৰ পৰা সুৰক্ষিত থাকিব পাৰিব:

PhonePe য়ে কেতিয়াও আপোনাৰ গোপনীয় নাইবা ব্যক্তিগত তথ্য নিবিচাৰে। PhonePe ৰ প্ৰতিনিধি বুলি দাবী কৰি যদি কোনো লোকে আপোনাৰ তথ্য বিচাৰে, অনুগ্ৰহ কৰি তেওঁলোকক আপোনালৈ এখন মেইল কৰিবলৈ কওক৷ আৰু কেৱল phonepe.com ডোমেইনৰ পৰা অহা মেইলৰহে উত্তৰ দিয়ক৷

  • Google, Twitter, FB ইত্যাদিত PhonePe গ্ৰাহক সহায়তা নম্বৰ নিবিচাৰিব৷ PhonePe গ্ৰাহক সহায়তাৰ লগত যোগাযোগ কৰাৰ একমাত্ৰ মাধ্যম হৈছে support.phonepe.com ৷
  • PhonePe সহায়তাৰ পৰা ফোন কৰা বুলি দাবী কৰা যিকোনো অসত্যাপিত নম্বৰত কেতিয়াও কল নকৰিব নাইবা তেনে নম্বৰৰ পৰা অহা ফোনৰ উত্তৰ নিদিব৷
  • বিভিন্ন চ’চিয়েল মিডিয়া প্লেটফৰ্মত থকা আমাৰ অফিচিয়েল একাউন্টতহে আমাৰ লগত যোগাযোগ কৰক৷
    Twitter হেণ্ডেলছ: https://twitter.com/PhonePe
    https://twitter.com/PhonePeSupport
    – Facebook একাউন্ট: https://www.facebook.com/OfficialPhonePe/
  • যদি আপোনাৰ কাৰ্ড নাইবা একাউন্ট বিৱৰণ বিপদগ্ৰস্ত হয়:
    [email protected] ত ৰিপ’ৰ্ট কৰক
    – আপোনাৰ নিকটৱৰ্তী চাইবাৰ-চেললৈ যাওক আৰু আৰক্ষীৰ ওচৰত এটা গোচৰ ৰজু কৰক

Keep Reading