PhonePe Blogs Main Featured Image

Trust & Safety

চ’চিয়েল ইঞ্জিনিয়াৰিং প্ৰতাৰকৰ পৰা নিজক সুৰক্ষিত ৰাখক!

PhonePe Regional|2 min read|10 May, 2021

URL copied to clipboard

চ’চিয়েল ইঞ্জিনিয়াৰিং প্ৰতাৰকৰ পৰা নিজক সুৰক্ষিত ৰাখক!

চ’চিয়েল মিডিয়াই গ্ৰাহক সহায়তাক আৰু ওচৰ চপাই আনিছে। আপোনাৰ কিবা সমস্যা থাকিলে, আপুনি সহজেই তাৰ সমাধানৰ বাবে লগইন কৰি পোনপটীয়াকৈ গ্ৰাহক সহায়তা প্ৰতিনিধিৰ লগত কথা পাতিব পাৰে।

কেতিয়াবা কথা পাতি থাকোতে, আপুনি আপোনাৰ ব্যক্তিগত তথ্য সুৰক্ষিত মাধ্যমেৰে নিদি চ’চিয়েল মিডিয়াতে পোষ্ট কৰি দিয়ে। তেনেক্ষেত্ৰত, এই বিৱৰণসমুহ প্ৰতাৰকে পায় আৰু ইয়াৰ অপব্যৱহাৰ কৰে।

গুৰুত্বপূৰ্ণ বিষয় PhonePe য়ে কেতিয়াও আপোনাৰ গোপনীয় আৰু ব্যক্তিগত তথ্য নিবিচাৰে। PhonePe ৰ পৰা পঠিওৱা বুলি দাবী কৰা সকলো মেইল উপেক্ষা কৰক যদিহে সেইসমুহ phonepe.com ডোমেইনৰ পৰা অহা নাই। আপুনি যদি কোনো প্ৰতাৰণাৰ সন্দেহ কৰিছে, তৎক্ষণাত আপোনাৰ বেংকক জনাওক।

চ’চিয়েল ইঞ্জিনিয়াৰিং কি?

চ’চিয়েল ইঞ্জিনিয়াৰিংৰ অৰ্থ হ’ল — প্ৰতাৰকে বিভিন্ন প্ৰৰোচনা কৰি আপোনাৰ বিশ্বাসভাজন হৈ, আপোনাৰ ব্যক্তিগত তথ্য উলিয়াই লৈ সেইসমুহৰ অপব্যৱহাৰ কৰা। প্ৰায়ে প্ৰতাৰকে আপোনাৰ কোনো সমস্যা সমাধান কৰাৰ চলেৰে আপোনাৰ বিশ্বাস জয় কৰিবলৈ চেষ্টা কৰে। প্ৰকৃততে, তেওঁলোকে পৰৱৰ্তী সময়ত আপোনাৰ টকা আত্মসাৎ কৰাৰ বাবেহে ব্যক্তিগত তথ্যসমুহৰ ব্যৱহাৰ কৰে।

চ’চিয়েল ইঞ্জিনিয়াৰিঙে কেনেদৰে কাম কৰে?

  1. আপোনাৰ বেংকৰ গ্ৰাহক সহায়তা প্ৰতিনিধি বুলি কৈ প্ৰতাৰকে আপোনালৈ কল কৰে। তেওঁলোকে আপুনি চ’চিয়েল মিডিয়াত চেয়াৰ কৰা বিৱৰণৰ বিষয়ে উল্লেখ কৰি আপোনাৰ বিশ্বাস জয় কৰে আৰু আপোনাক ডেবিট কাৰ্ড বিৱৰণ দিবলৈ কয়।
  2. তাৰপাছত প্ৰতাৰকে লেনদেন সম্পূৰ্ণ কৰিবৰ বাবে আপোনাৰ পৰা OTP বিচাৰে আৰু আপোনাৰ ডেবিট কাৰ্ড ব্যৱহাৰ কৰি তেওঁলোকৰ ৱালেট টপআপ কৰি লয়।
  3. লেনদেন সম্পূৰ্ণ হোৱাৰ পাছত, প্ৰতাৰকে ৱালেটৰ পৰা তেওঁলোকৰ বেংক একাউন্টলৈ টকা উলিয়াই নিয়ে।

অনুগ্ৰহ কৰি মনত ৰাখিব: এজন প্রকৃত গ্রাহক প্রতিনিধিয়ে আপোনাক আপোনাৰ সম্পূর্ণ ক্রেডিট/ডেবিট কার্ড বিৱৰণ নাইবা OTP চেয়াৰ কৰিবলৈ নকয়। তেওঁলোকে কেৱল অনুমোদিত লেণ্ডলাইন নম্বৰৰ পৰাহে আপোনাৰ লগত যোগাযোগ কৰিব, কোনোধৰণৰ মোবাইল নম্বৰৰ পৰা নকৰে। আপোনাৰ বেংকৰ লগত মিল নথকা অ’ফিচিয়েল ডোমেইনৰ পৰা প্ৰেৰণ নকৰা ইমেইলসমুহ উপেক্ষা কৰা উচিত।

আপুনি ইয়াৰ পৰা কেনেকৈ সুৰক্ষিত থাকিব পাৰিব:

  • আপুনি SMS নাইবা অন্য কোনো চেনেলৰ পৰা পোৱা OTP, পিন নম্বৰ নাইবা অন্যান্য কোড কাৰো লগত চেয়াৰ নকৰিব।
  • কেতিয়াও ৰাজহুৱা প্লেটফৰ্মত আপোনাৰ একাউন্ট নম্বৰ নাইবা ক্ৰেডিট আৰু ডেবিট কাৰ্ড তথ্য প্ৰদান নকৰিব।
  • যদি আপুনি বেংকৰ পৰা ফোন কৰা বুলি দাবী কৰা কোনো অজ্ঞাত নম্বৰৰ পৰা কল পায়, তেনে কলত কোনো উত্তৰ নিদি, লগে লগে কলটো কাটি দিয়ক।
  • ইমেইল প্রেৰকৰ ডোমেইন চেক কৰক। যদি [XYZ]@gmail.com বা অন্য কোনো ইমেইল প্ৰদানকাৰীৰ ডোমেইন থাকে তেন্তে মেইলটো উপেক্ষা কৰক। নিশ্চিত কৰক যাতে ইমেইল ডোমেইন বেংকৰ প্ৰকৃত ডোমেইনৰ লগত মিলে। মনত ৰাখিব যে, সকলো বেংক ইমেইল কেৱল এটা নিৰাপদ https ডোমেইনৰ মাজেৰেহে আহে।

নিৰাপদে লেনদেন কৰাৰ এটা ভিডিঅ’ চাওক: https://youtu.be/rHZ57O9X8kk

Keep Reading