
Trust & Safety
সংশ্লেষিত পৰিচয় প্ৰৱঞ্চনা: প্ৰৱঞ্চকসকলে কেনেকৈ ভুৱা পৰিচয় গঢ়ি তোলে
PhonePe Regional|3 min read|25 May, 2026
কল্পনা কৰক যে আপুনি একাধিক বেংকৰ পৰা ফ’ন কল পাইছে য’ত দাবী কৰা হৈছে যে আপোনাৰ ক্ৰেডিট কাৰ্ডৰ লিমিট শেষ হৈছে আৰু বিল পৰিশোধ কৰাৰ সময় উকলি গৈছে। আপুনি নিশ্চিতভাৱে জানে যে এই মাহত আপুনি আপোনাৰ লিমিট স্পৰ্শ কৰা নাই আৰু আপুনি সেই কথা বেংকক অৱগত কৰে। কেইবাবাৰো ফ’ন কল পোৱাৰ পাছত, যেতিয়া আপুনি অতিৰিক্ত তথ্য বিচাৰে, তেতিয়া আপুনি গম পায় যে আপোনাৰ ফ’ন নম্বৰ আৰু PAN কাৰ্ডৰ তথ্য অন্য এগৰাকী ব্যক্তিৰ পৰিচয়ৰ সৈতে মিলাই এটা কৃত্ৰিম সত্তাৰ সৃষ্টি কৰা হৈছে, যাৰ জৰিয়তে অননুমোদিত লেনদেন কৰা হৈছে। এয়া হৈছে সংশ্লেষিত পৰিচয় প্ৰৱঞ্চনাৰ এটা উদাহৰণ।
আপোনাৰ পৰিচয় হৈছে আপোনাৰ আটাইতকৈ মূল্যৱান সম্পদ। এয়াই হৈছে সেই চাবিকাঠী যিয়ে আপোনাক ভোটদান কৰিবলৈ, গাড়ী চলাবলৈ, লেনদেন কৰিবলৈ, ভ্ৰমণ কৰিবলৈ, কৰ পৰিশোধ কৰিবলৈ আৰু আপুনি কোন হয় সেয়া প্ৰকাশ কৰাৰ অনুমতি দিয়ে। সেয়েহে, আপোনাৰ জীৱনৰ এই দিশটো সুৰক্ষিত কৰাটো অতিশয় গুৰুত্বপূৰ্ণ, ঠিক যেনেকৈ আপুনি আপোনাৰ আন যিকোনো বহুমূলীয়া বস্তু সুৰক্ষিত কৰি ৰাখে।
এই ব্লগটোত এনে এক ধৰণৰ প্ৰৱঞ্চনাৰ বিষয়ে গভীৰভাৱে আলোচনা কৰা হৈছে, য’ত প্ৰৱঞ্চকসকলে আপোনাৰ পৰিচয়ৰ অপব্যৱহাৰ কৰি আপোনাৰ কষ্টোপাৰ্জিত ধন চুৰি কৰে।
সংশ্লেষিত পৰিচয় প্ৰৱঞ্চনা কি?
পৰিচয় চুৰি কৰাৰ ক্ষেত্ৰত এগৰাকী প্ৰৱঞ্চকে কেৱল আপোনাৰ পৰিচয় চুৰি কৰি আপোনাৰ ভাও ধৰে, কিন্তু সংশ্লেষিত পৰিচয় প্ৰৱঞ্চনা হৈছে এক বহু অধিক জটিল কাৰ্যপদ্ধতি য’ত অপৰাধীয়ে প্ৰকৃত আৰু ভুৱা তথ্যৰ মিশ্ৰণ ঘটাই এগৰাকী সম্পূৰ্ণ নতুন, কাল্পনিক ব্যক্তিৰ সৃষ্টি কৰে।
প্ৰৱঞ্চকসকলে আধাৰ বা PANৰ দৰে পৰিচয়ৰ প্ৰকৃত তথ্যৰ সৈতে কাল্পনিক বা অপ্ৰাসংগিক নাম আৰু এটা অমান্য বা খালি ঠিকনা একত্ৰিত কৰে। ইয়াৰ পৰিণাম হ’ল এটা সম্পূৰ্ণ পৰিচয় যিটো বাস্তৱ জগতত অস্তিত্বহীন, কিন্তু ই বিত্তীয় ব্যৱস্থাসমূহক এগৰাকী প্ৰকৃত গ্ৰাহক বুলি ভাবি প্ৰতাৰিত কৰিবলৈ সক্ষম হয়।
সংশ্লেষিত পৰিচয় প্ৰৱঞ্চনাই কেনেকৈ কাম কৰে
এবাৰ এগৰাকী প্ৰৱঞ্চকে কাল্পনিক পৰিচয়টো সৃষ্টি কৰাৰ পাছত, তেওঁলোকে ইয়াক লগে লগে ব্যৱহাৰ নকৰে। বৰঞ্চ, তেওঁলোকে এই পৰিচয়টোৰ চাৰিওফালে এক বৈধতা গঢ়ি তুলিবলৈ যথেষ্ট সময় ব্যয় কৰে। তেওঁলোকে এই কাৰ্য কেনেকৈ কৰে তাৰ বিৱৰণ তলত দিয়া হ’ল:
- তেওঁলোকে চুৰি কৰা PAN বা আধাৰ নম্বৰৰ পৰা আৰম্ভ কৰে, আৰু প্ৰায়ে এনে লোকক লক্ষ্য কৰি লয় যিসকলে নিজৰ ক্ৰেডিটৰ ওপৰত চকু নাৰাখে, যেনে- জ্যেষ্ঠ নাগৰিকসকল।
- তেওঁলোকে সৰু সৰু ক্ৰেডিট লাইন বা ষ্ট’ৰ কাৰ্ডৰ বাবে আবেদন কৰে। আনকি আবেদনখন নাকচ হ’লেও, এইটোৱে সেই ভুৱা ব্যক্তিগৰাকীৰ বাবে এটা ক্ৰেডিট প্ৰ’ফাইল সৃষ্টি কৰে।
- ক্ৰেডিট স্ক’ৰ বৃদ্ধি কৰিবলৈ তেওঁলোকে সৰু সৰু বিলসমূহ সময়মতে পৰিশোধ কৰে। আনকি বিশ্বাসযোগ্যতা বৃদ্ধি কৰিবলৈ তেওঁলোকে আন একাউণ্টত নিজৰ তথ্যসমূহ সহ-যোগদানকাৰী বা অনুমোদিত ব্যৱহাৰকাৰী হিচাপেও যোগ কৰিব পাৰে।
- যেতিয়া ক্ৰেডিট লিমিট আশা কৰা অনুসৰি উচ্চ পৰ্যায়লৈ বৃদ্ধি পায়, তেতিয়া প্ৰৱঞ্চকগৰাকীয়ে প্ৰতিটো একাউণ্টৰ সম্পূৰ্ণ ধন খৰচ কৰি নিৰুদ্দেশ হৈ পৰে।
যিহেতু লেনদেনসমূহ সম্পন্ন কৰা “ব্যক্তিগৰাকীৰ” কোনো বাস্তৱ অস্তিত্বই নাছিল, সেয়েহে বেংকসমূহে এক কাল্পনিক সত্তাক বিচাৰি ফুৰিবলগীয়া হয়।
এই প্ৰৱঞ্চনাৰ প্ৰকৃত প্ৰভাৱ সেইসকল ভুক্তভোগীয়ে অনুভৱ কৰে যাৰ পৰিচয় চুৰি কৰা হৈছিল। যদি আপোনাৰ IDক সংশ্লেষিত পৰিচয় প্ৰৱঞ্চনাৰ মূল ভিত্তি হিচাপে ব্যৱহাৰ কৰা হৈছিল, তেন্তে আপুনি হয়তো বছৰ বছৰ ধৰি এই কথা গমকে নাপাব। যেতিয়া আপুনি গাড়ীৰ ঋণ বা শিক্ষা ঋণৰ বাবে আবেদন কৰে আৰু সেই আবেদন নাকচ কৰা হয়— কাৰণ আপোনাৰ PAN কাৰ্ডখন বুজন পৰিমাণৰ “অদৃশ্য ধাৰ”ৰ সৈতে জড়িত হৈ থাকে— তেতিয়াহে আপুনি গম পায় যে আপুনি প্ৰৱঞ্চনাৰ বলি হৈছে।
PhonePeএ আপোনাক কেনেকৈ সুৰক্ষিত ৰাখে
PhonePeএ এনেধৰণৰ প্ৰৱঞ্চনা চিনাক্ত কৰিবলৈ মানৱীয় হস্তক্ষেপ আৰু AI উভয়ৰে ব্যৱহাৰ কৰে। সংশ্লেষিত পৰিচয়বোৰে সাধাৰণতে কিছুমান পুনৰাবৃত্তিমূলক আৰ্হি আৰু গাঁথনিৰ সৈতে মেচিনৰ দৰে আচৰণ কৰে। PhonePeৰ ব্যৱস্থাই এনে উদাহৰণসমূহ সহজেই চিনাক্ত কৰিব পাৰে। প্ৰকৃত ব্যৱহাৰকাৰীসকল বন্ধু-বান্ধৱ, পৰিয়াল আৰু ব্যৱসায়ীৰ সৈতে জড়িত হৈ থাকে। যেতিয়া আমি কোনো বাস্তৱ জগতৰ সংযোগ নথকা একাউণ্ট দেখা পাওঁ, তেতিয়া স্বয়ংক্ৰিয়ভাৱে এক সতৰ্কবাণী জাৰী কৰা হয়। আমাৰ KYC সত্যপন কৰা ব্যৱস্থাই কেৱল আপোনাৰ পৰিচয় পত্ৰখনেই নপঢ়ে, বৰঞ্চ ই যিকোনো ধৰণৰ সালসলনিও পৰীক্ষা কৰে, যাৰ ভিতৰত দস্তাবেজত থকা কোনো এটা সংখ্যা বা ফট’ ডিজিটেলভাৱে সলনি কৰি সংশ্লেষিত সত্তা সৃষ্টি কৰা হৈছে নেকি তাক ধৰা পেলাবলৈ কৰা সূক্ষ্ম পৰিৱৰ্তনসমূহো অন্তৰ্ভুক্ত হৈ থাকে।
নিজক কেনেকৈ সুৰক্ষিত ৰাখিব
নিজক আৰু আপোনাৰ পৰিয়ালক সংশ্লেষিত পৰিচয় প্ৰৱঞ্চনাৰ চিকাৰ হোৱাৰ পৰা সুৰক্ষিত কৰি ৰাখিব পৰা উপায়বোৰ তলত দিয়া হ’ল:
- আপোনাৰ ক্ৰেডিটৰ অৱস্থা নিৰীক্ষণ কৰক: নিয়মীয়াকৈ আপোনাৰ ক্ৰেডিট স্ক’ৰ পৰীক্ষা কৰক। যদি আপুনি এনে কোনো ঋণ বা ক্ৰেডিট সম্পৰ্কীয় সোধপোছ দেখে যিটো আপুনি চিনাক্ত কৰিব পৰা নাই, তেন্তে এয়া এটা সতৰ্কবাণী হ’ব পাৰে যে আপোনাৰ পৰিচয় পত্ৰ আন ক’ৰবাত ব্যৱহাৰ কৰা হৈছে।
- আপোনাৰ নথিপত্ৰসমূহ সুৰক্ষিত কৰি ৰাখক: আপোনাৰ আধাৰ আৰু PAN অতি সাৱধানে ব্যৱহাৰ কৰক। সত্যাপন নকৰা ছ’চিয়েল মিডিয়াৰ গোটসমূহত কেতিয়াও আপোনাৰ পৰিচয় পত্ৰৰ ফট’ শ্বেয়াৰ নকৰিব।
- বায়’মেট্ৰিক লক সক্ৰিয় কৰক: আপোনাৰ PhonePeৰ ছেটিঙলৈ যাওক আৰু ফিংগাৰপ্ৰিণ্ট বা ফে’চ ID সক্ৰিয় থকাটো নিশ্চিত কৰক। ই সুৰক্ষাৰ এক গুৰুত্বপূৰ্ণ স্তৰ যোগ কৰে।
যদি আপুনি প্ৰৱঞ্চনাৰ চিকাৰ হৈছে তেন্তে কি কৰিব
যদি আপুনি কোনো প্ৰৱঞ্চনাৰ লক্ষ্য হোৱা বুলি সন্দেহ কৰে, তেন্তে লগে লগে সেই বিষয়ে ৰিপ’ৰ্ট কৰক। প্ৰতিটো ছেকেণ্ডেই গুৰুত্বপূৰ্ণ।
PhonePeত অভিযোগ কৰা:
- PhonePe এপ: সহায় শাখালৈ গৈ অভিযোগ কৰক।
- PhonePe গ্ৰাহক সেৱা: 80-68727374 / 022-68727374 নম্বৰত কল কৰক।
- ছ’চিয়েল মিডিয়াত অভিযোগ কৰা:
- Twitter: PhonePe Support
- Facebook: PhonePe Official
- অভিযোগ নিষ্পত্তি: PhonePe অভিযোগ প’ৰ্টেলত অভিযোগ পঞ্জীয়ন কৰক।
সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত অভিযোগ কৰক:
- চাইবাৰ ক্ৰাইম চেল: চাইবাৰ ক্ৰাইম প’র্টেলত অনলাইনযোগে অভিযোগ কৰক অথবা 1930 নম্বৰত কল কৰক।
- দূৰসংযোগ বিভাগ (DOT): সঞ্চাৰ সাথী প’র্টেলত চক্ষু সুবিধাৰ জৰিয়তে সন্দেহজনক মেছেজ, কল অথবা হোৱাটছএপ/টেলিগ্ৰামত হোৱা প্ৰৱঞ্চনাৰ বিষয়ে অভিযোগ কৰক।
মনত ৰাখিবলগীয়া গুৰুত্বপূৰ্ণ কথা — PhonePeই কেতিয়াও গোপনীয় অথবা ব্যক্তিগত বিৱৰণ জানিবলৈ নিবিচাৰে। PhonePeৰ পৰা প্ৰেৰণ কৰা বুলি দাবী কৰা সকলোবোৰ মেইল আওকাণ কৰক যদিহে সেইবোৰ phonepe.com ডমেইনৰ পৰা অহা নাই। যদি আপুনি প্ৰৱঞ্চনা হোৱা বুলি সন্দেহ কৰে, তেন্তে অনুগ্ৰহ কৰি তৎক্ষণাত সম্পৰ্কিত কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰক।
