PhonePe Blogs Main Featured Image

Trust & Safety

বিভিন্ন প্ৰকাৰৰ পেইমেন্ট প্ৰতাৰণা আৰু তাৰ পৰা সুৰক্ষিত থকাৰ উপায়সমূহ

PhonePe Regional|4 min read|11 May, 2021

URL copied to clipboard

বিভিন্ন প্ৰকাৰৰ পেইমেন্ট প্ৰতাৰণা আৰু তাৰ পৰা সুৰক্ষিত থকাৰ উপায়সমূহ

ডিজিটেল পেইমেন্ট মাধ্যমৰ প্ৰসাৰে জীৱনটো সচাঁকৈয়ে সহজসাধ্য কৰি তুলিছে৷ টকা পঠিওৱা, সকলোধৰণৰ বিল পেইমেন্ট, ৰিচার্জ, অনলাইন ক্ৰয় আৰু স্থানীয় দোকাসমূহত তাৎক্ষণিক পেইমেন্টৰ বাবে পেইমেন্ট এপসমূহে নগদ টকাৰ ওপৰত নিৰ্ভৰশীলতা প্ৰায় নাইকীয়া কৰি তুলিছে৷

ডিজিটেল পেইমেন্ট বহুলভাৱে প্ৰসাৰিত হৈ থকাৰ সময়তে, প্ৰতাৰকসকলেও কৃত্ৰিম লেনদেনৰ দ্বাৰা প্ৰৱঞ্চনা কৰাৰ নতুন নতুন উপায় উলিয়াই আছে৷

PhonePe ত প্ৰতাৰণা ৰোধ কৰাৰ পদক্ষেপসমূহ, প্ৰতাৰণাৰ প্ৰকাৰ আৰু তাৰ পৰা সুৰক্ষিত থকাৰ উপায়সমূহ জানিবৰ বাবে পঢ়ক –

PhonePe ত প্ৰতাৰণা ৰোধ কৰাৰ পদক্ষেপসমূহ

PhonePe ত আমি আপোনাৰ লেনদেনসমূহ উচ্চ সুৰক্ষিত আৰু নিৰাপদ কৰাৰ অৰ্থে সদায় প্ৰয়াস কৰি আহিছো৷ আমি প্ৰতাৰণা ৰোধ কৰিবৰ বাবে নতুন প্ৰযুক্তি আৰু শক্তিশালী বিপদাশঙ্কা আৰু প্ৰতাৰণা ৰোধ প্ৰক্ৰিয়া দুয়োটাই একত্ৰিতভাৱে ব্যৱহাৰ কৰোঁঁ৷

PhonePe একাউন্ট আৰু লেনদেন সুৰক্ষা: প্লেটফৰ্মটো সুৰক্ষিত আৰু নিৰাপদ ৰাখিবৰ বাবে, আমি সকলোবোৰ একাউন্ট আৰু একোটা একাউন্টৰ পৰা হোৱা সকলো লেনদেনৰ বৈধকৰণ নিশ্চিত কৰোঁ৷ এই বৈধকৰণ বিভিন্ন পর্য্যায়ত কৰা হয়৷ এজন নতুন ইউজাৰে PhonePe ত পঞ্জীয়ন কৰাৰ লগে লগে, তেওঁৰ ফোন নম্বৰটো এটা OTP ৰ মাধ্যমেৰে সত্যাপন কৰা হয়, ইয়াৰোপৰি সকলো UPI লেনদেনৰ বাবে MPIN / পাচৱৰ্ড ছেটআপ প্ৰক্ৰিয়া থাকে আৰু নতুন ডিভাইচৰ পৰা কৰা যিকোনো লগইন OTP সত্যাপনৰ মাধ্যমেৰে বৈধকৰণ কৰা হয়।

আমি প্লেটফৰ্ম এক্সেছ কৰিব পৰা সন্দেহজনক লক্ষণযুক্ত আৰু তেনেধৰনৰ ইংগিত থকা উচ্চ বিপদজনক লেনদেনসমূহো ব্লক কৰি দিও৷

বিপদাশঙ্কা তদন্ত: আমাৰ বিপদাশঙ্কা তদন্ত টিমে বিভিন্ন চেনেলৰ মাধ্যমেৰে ৰিপ’ৰ্ট কৰা প্ৰতাৰণাৰ ঘটনাসমূহ পৰিচালনা কৰে আৰু গ্ৰাহক, বিক্ৰেতা, অংশীদাৰ আৰু বাহ্যিক এজেন্সীসমূহক সহায় কৰে৷ এই টিমটোৱে প্ৰতাৰণামূলক লেনদেন ৰোধ কৰি প্ৰতাৰকৰ বিৰুদ্ধে প্রতিৰক্ষাৰ লক্ষ্মণ ৰেখা হিচাবে কাম কৰে৷

প্ৰতাৰণা ৰোধ কৰাৰ প্রযুক্তিগত দক্ষতা: সকলো প্রতাৰণামূলক লেনদেন বিৱৰণৰ লেখ ৰাখিবৰ বাবে আমি ৰিয়েল-টাইম চিগনেল, যেনে IP, লোকেচন ক’অর্ডিনেটছ ইত্যাদি ব্যৱহাৰ কৰোঁ৷ আমি সন্দেহজনক ইউজাৰ চিহ্নিত কৰিবৰ বাবে ইউজাৰৰ গতিবিধি, ডিভাইচ আৰু পেইমেন্ট মাধ্যমৰ দৰে অতীত তথ্যও নিৰীক্ষণ কৰোঁ৷

আইন প্ৰৱৰ্তক এজেন্সীৰ লগত অংশীদাৰিত্ব: আমি সমগ্ৰ দেশৰ বিভিন্ন আইন প্ৰৱৰ্তক এজেন্সীৰ চাইবাৰ-ক্ৰাইম চেলৰ লগত সহযোগিতা কৰোঁ৷ প্ৰতাৰকৰ অভিযোগ প্ৰাপ্ত কৰি, সেই লেনদেনসমূহ ৰোধ কৰি আৰু প্ৰতাৰণাকাৰী ইউজাৰক PhonePe প্লেটফৰ্মৰ এক্সেছ ব্লক কৰি আমি তেওঁলোকক প্ৰাসংগিক তথ্য প্ৰদান কৰোঁ৷ আমি সকলো চিহ্নিত প্ৰতাৰণাকাৰী ইউজাৰৰ ঋণাত্মক ডেটাবেচ ৰাখো।

প্ৰতাৰণা ৰোধ কৰিবৰ বাবে কৰণীয় আৰু অকৰণীয়সমূহ:

  • কেতিয়াও আপোনাৰ গোপনীয় তথ্য যেনে কাৰ্ড নম্বৰ, ম্যাদ শেষ হোৱা তাৰিখ, পিন, OTP ইত্যাদি চেয়াৰ নকৰিব৷ PhonePe ৰ প্ৰতিনিধি বুলি দাবী কৰি যদি কোনো লোকে আপোনাৰ তথ্য বিচাৰে, অনুগ্ৰহ কৰি তেওঁলোকক আপোনালৈ এখন মেইল কৰিবলৈ কওক৷ আৰু কেৱল phonepe.com ডোমেইনৰ পৰা অহা মেইলৰহে উত্তৰ দিয়ক৷
  • সদায় মনত ৰাখিব যে PhonePe ত টকা প্ৰাপ্ত কৰিবৰ বাবে আপুনি কেতিয়াও পেইমেন্ট কৰাৰ প্ৰয়োজন নহয় নাইবা আপোনাৰ UPI পিন লিখিব নালাগে৷
  • Screenshare, Anydesk, Teamviewer ইত্যাদিৰ দৰে স্ক্ৰীন-চেয়াৰিং এপ ডাউনলোড নকৰিব৷
  • Google, Twitter, FB ইত্যাদিত PhonePe গ্ৰাহক সহায়তা নম্বৰ নিবিচাৰিব৷ PhonePe গ্ৰাহক সহায়তাৰ লগত যোগাযোগ কৰাৰ একমাত্ৰ মাধ্যম হৈছে https://phonepe.com/en/contact_us.html
  • বিভিন্ন চ’চিয়েল মিডিয়া প্লেটফৰ্মত থকা আমাৰ অ’ফিচিয়েল একাউন্টতহে আমাৰ লগত যোগাযোগ কৰক৷

Twitter হেণ্ডলছ: https://twitter.com/PhonePe

https://twitter.com/PhonePeSupport

Facebook একাউন্ট: https://www.facebook.com/OfficialPhonePe/

ৱেব: support.phonepe.com

  • PhonePe সহায়তাৰ পৰা ফোন কৰা বুলি দাবী কৰা যিকোনো অসত্যাপিত নম্বৰত কেতিয়াও কল নকৰিব নাইবা তেনে নম্বৰৰ পৰা অহা ফোনৰ উত্তৰ নিদিব৷

প্ৰতাৰণাৰ ঘটনা ঘটিলে আপুনি কি কৰিব?

  • লগে লগে আপোনাৰ নিকটৱৰ্তী চাইবাৰ ক্রাইম চেন্টাৰত এই ঘটনা ৰিপ’ৰ্ট কৰক আৰু প্ৰাসংগিক বিৱৰণ সমূহ (ফোন নম্বৰ, লেনদেনৰ বিৱৰণ, কার্ড নম্বৰ, বেংক একাউন্ট ইত্যাদি) জনাই আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰক।
  • আপোনাৰ PhonePe এপত লগইন কৰক আৰু ‘সহায়তা’লৈ যাওক৷ আপুনি ‘একাউন্ট সুৰক্ষা সমস্যা/ প্ৰতাৰণামূলক গতিবিধি ৰিপ’ৰ্ট কৰক’ৰ অধীনত আপোনাৰ লগত হোৱা প্ৰতাৰণাৰ ঘটনা ৰিপ’ৰ্ট কৰিব পাৰিব৷

বিভিন্ন প্ৰকাৰৰ প্ৰতাৰণাসমূহ এনেধৰণৰ:

টকা অনুৰোধ প্ৰতাৰণা: ‘অনুৰোধ’ বিকল্পটোয়ে অন্য ইউজাৰলৈ পেইমেন্ট অনুৰোধ পঠিওৱাৰ সুবিধা প্ৰদান কৰে৷ আপুনি কেৱল ‘Pay’ বাটনত ক্লিক কৰি আৰু আপোনাৰ UPI পিন লিখি অন্য ইউজাৰলৈ টকা পঠিয়াব পাৰে৷ প্ৰতাৰকে বিভিন্ন মেচেজ যেনে ‘টকা প্ৰাপ্ত কৰিবৰ বাবে আপোনাৰ UPI পিন লিখক’, ‘পেইমেন্ট সফল হ’ল ₹xxx প্ৰাপ্ত কৰক’ ইত্যাদি লিখি ভূৱা পেইমেন্ট অনুৰোধ পঠিয়াই এই সুবিধাটোৰ অপ-প্ৰয়োগ কৰে৷

ইয়াত টকা অনুৰোধ প্ৰতাৰণাৰ বিষয়ে অধিক পঢ়ক৷

টকা প্ৰাপ্ত কৰিবৰ বাবে QR কোড স্কেন প্ৰতাৰণা: টকা প্ৰাপ্ত কৰিবৰ বাবে Whatsapp ৰ দৰে অন্যান্য মাল্টিমিডিয়া এপত প্ৰতাৰকে QR কোড চেয়াৰ কৰি আপোনাৰ কোডটো স্কেন কৰিবলৈ কয়৷ মনত ৰাখিব যে, QR কোড স্কেন কৰি টকা প্ৰাপ্ত কৰিব পৰা কোনো সুবিধা এপটোত নাই৷ অনুগ্ৰহ কৰি তেনেকুৱা অনুৰোধত কোনো প্ৰতিক্ৰিয়া নকৰিব আৰু অনুগ্ৰহ কৰি প্ৰেৰকৰ নম্বৰ আৰু অন্য বিৱৰণসমূহ ৰিপ’ৰ্ট কৰক৷

থাৰ্ড-পাৰ্টি এপৰ মাধ্যমেৰে পেইমেন্ট প্ৰতাৰণা: ইউজাৰসকলে তেওঁলোকে কৰা লেনদেনৰ ক্ষেত্ৰত হোৱা সমস্যাবোৰ দৃষ্টিগোচৰ কৰিবৰ বাবে চ’চিয়েল মিডিয়া চেনেলৰ সহায় লয়৷ সেইসমূহ অনুসৰণ কৰি প্ৰতাৰকে কোম্পানীৰ প্ৰতিনিধি বুলি দাবী কৰি ইউজাৰৰ লগত যোগাযোগ কৰে৷ তেওঁলোকে ইউজাৰক স্ক্ৰীন-চেয়াৰিং এপসমূহ যেনে Screenshare, Anydesk, Teamviewer ডাউনলোড কৰি ফোনৰ কেমেৰাৰ সন্মুখত ডেবিট / ক্ৰেডিট কাৰ্ড ৰাখিবলৈ কয় যাতে, PhonePe ৰ সত্যাপন প্ৰণালীয়ে কাৰ্ড বিৱৰণ সঠিকভাৱে স্কেন কৰিব পাৰে৷ প্ৰতাৰকে এবাৰ কাৰ্ড বিৱৰণ পোৱাৰ পাছত, তেওঁলোকে ফোনৰ পৰা SMS ত অহা OTP প্ৰাপ্ত কৰি নিজৰ একাউন্টলৈ টকা ট্ৰেন্সফাৰ কৰি লয়৷

ইয়াত থাৰ্ড-পাৰ্টি এপৰ মাধ্যমেৰে কৰা পেইমেন্ট প্ৰতাৰণাৰ বিষয়ে অধিক পঢ়ক৷

Twitter প্ৰতাৰণা: প্ৰতাৰকসকলে PhonePe customer care handle ত দিয়া পোষ্টসমূহ (কেচবেক, টকা ট্ৰেন্সফাৰ ইত্যাদি সমস্যা বিষয়ক) অনুসৰণ কৰি থাকে আৰু তৎক্ষণাৎ প্ৰতিক্ৰিয়া দেখুৱায়। । ইউজাৰৰ একাউন্টৰ পৰা টকা চুৰি কৰাৰ এটা প্ৰচলিত উপায় হ’ল ভূৱা গ্রাহক সহায়তা নম্বৰ টুইট কৰা আৰু সেইসমূহ PhonePe হেল্পলাইন নম্বৰ বুলি কোৱা। গ্ৰাহকে প্ৰতাৰণাৰ বলি হৈ ভূৱা PhonePe হেল্পলাইন নম্বৰত সংবেদনশীল তথ্য যেনে কাৰ্ড বিৱৰণ আৰু ফোনত পোৱা OTP বিৱৰণ চেয়াৰ কৰে।

ইয়াত Twitter প্ৰতাৰণাৰ বিষয়ে অধিক পঢ়ক৷

ডেবিট/ক্ৰেডিট কাৰ্ড নাইবা টপ-আপ প্ৰতাৰণা: এইধৰণৰ প্ৰতাৰণাত, প্রতাৰকে আপোনাক আপোনাৰ বেংকৰ, RBI, কোনো ই-কমাৰ্চ চাইট, নাইবা লটাৰী স্কিমৰ প্ৰতিনিধি বুলি দাবী কৰি কল কৰিব৷ তেওঁলোকে আপোনাক আপোনাৰ 16 ডিজিট কার্ড নম্বৰ আৰু CVV নম্বৰ চেয়াৰ কৰিবলৈ ক’ব আৰু তেনে কৰিলে আপুনি SMS ৰ মাধ্যমেৰে এটা OTP পাব। প্রতাৰকে আপোনাক পুনৰ কল কৰি সত্যাপনৰ বাবে এই OTP টো বিচাৰিব৷ আপুনি এবাৰ সকলো বিৱৰণ দি দিয়াৰ পাছত, প্ৰতাৰকৰ ৱালেট আপোনাৰ একাউন্টৰ টকাৰে টপ-আপ হৈ হ’ব৷

ইয়াত টপ-আপ প্ৰতাৰণাৰ বিষয়ে অধিক জানক৷

চ’চিয়েল ইঞ্জিনীয়াৰিং প্ৰতাৰণা: চ’চিয়েল ইঞ্জিনীয়াৰিং হ’ল এনেধৰণৰ প্ৰতাৰণা য’ত প্ৰতাৰকে আপোনাৰ ব্যক্তিগত বিৱৰণসমূহ আপোনাক বিশ্বাসত আনিবৰ বাবে ব্যৱহাৰ কৰে৷ প্ৰতাৰকে আপোনাৰ বেংকৰ গ্ৰাহক সহায়তা প্ৰতিনিধি বুলি দাবী কৰি কল কৰে৷ আপুনি চ’চিয়েল মিডিয়াত চেয়াৰ কৰা আপোনাৰ বিৱৰনসমূহ (জন্ম তাৰিখ, অৱস্থান ইত্যাদি), আপোনাৰ বিশ্বাস জয় কৰিবৰ বাবে ব্যৱহাৰ কৰে আৰু আপোনাক কিছুমান সংবেদনশীল তথ্য যেনে বেংক/কাৰ্ডৰ বিৱৰণ বিচাৰে৷ তাৰপাছত তেওঁলোকে লেনদেন সম্পূৰ্ণ কৰিবৰ বাবে আপোনাক OTP দিবলৈ কয় আৰু আপোনাৰ ডেবিট কাৰ্ড ব্যৱহাৰ কৰি তেওঁলোকৰ ৱালেট টপ-আপ কৰি লয়৷

ইয়াত চ’চিয়েল ইঞ্জিনীয়াৰিং প্ৰতাৰণাৰ বিষয়ে অধিক জানক৷

SIM সলনি প্ৰতাৰণা: SIM সলনি কেলেংকাৰী হ’ল য’ত প্ৰতাৰকে আপোনাৰ ব্যক্তিগত বিৱৰণ ব্যৱহাৰ কৰি আপোনাৰ ফোন নম্বৰটোৰ বাবে এটা নতুন SIM জাৰি কৰে৷ এনে কৰি, তেওঁলোকে আপোনাৰ বেংক একাউন্টৰ পৰা পেইমেন্ট অনুমোদনৰ বাবে প্রয়োজনীয় OTP এক্সেছ প্ৰাপ্ত কৰে৷ প্রতাৰকে আপোনাক আপোনাৰ মোবাইল অ’পাৰেটৰৰ প্রতিনিধি বুলি দাবী কৰি কল কৰিব পাৰে আৰু আপোনাৰ নেটৱৰ্ক আপগ্রেড কৰিবৰ বাবে এটা SMS ফৰৱাৰ্ড কৰিবলৈ ক’ব৷ এই SMS টোত নতুন SIM ৰ পিচফালে থকা 20 ডিজিট নম্বৰ দিবলৈ কয়৷। এই SMS টোয়ে আপোনাৰ বর্তমানৰ SIM টো নিষ্ক্রিয় কৰি এটা সদৃশ SIM সক্রিয় কৰি দিয়ে।

ইয়াত SIM সলনি কৰা প্ৰতাৰণাৰ বিষয়ে অধিক জানক৷

Keep Reading