PhonePe Blogs Main Featured Image

Investments

উচ্চ ৰিটাৰ্ণ লাভ কৰিবৰ বাবে সহজ মন্ত্ৰ!

PhonePe Regional|2 min read|26 July, 2021

URL copied to clipboard

শ্বেয়াৰ বজাৰৰ উত্থান-পতনৰ সময়তো বিনিয়োগ কৰি যাওক

শ্বেয়াৰ বজাৰৰ বিষয়ে আগতীয়াকৈ গম পোৱাটো অসম্ভৱ কিন্তু ধৈৰ্য্য সহকাৰে আৰু দীৰ্ঘ সময়ৰ বাবে বিনিয়োগ কৰি থকাটোৱেই অধিক ৰিটাৰ্ণ অৰ্জন কৰা আৰু আপোনাৰ সম্পদ বৃদ্ধি কৰাৰ মূল চাবিকাঠি।

যেতিয়া আপুনি ইকুইটি বা হাইব্ৰিড মিউচুৱেল ফাণ্ডৰ দৰে বিকাশমুখী ফাণ্ডত বিনিয়োগ কৰে, বিনিয়োগৰ পৰা ৰিটাৰ্ণ নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত, আপোনাৰ বিনিয়োগৰ পিছৰ আচৰণে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বজাৰত হ্ৰস্বম্যাদী তাৰতম্যৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ থাকিবলৈ শিকক আৰু দীৰ্ঘ সময়ৰ বাবে বিনিয়োগ কৰি যাওক৷

এজন আমেৰিকান বিনিয়োগকাৰী আৰু বিশ্বৰ চতুৰ্থ ধনী ব্যক্তি ৱাৰেন বাফেৰ ভাষাত, “শ্বেয়াৰ বজাৰ হৈছে অধৈৰ্য্য ব্যক্তিৰ পৰা ধৈৰ্য্যশীল ব্যক্তিলৈ টকা স্থানান্তৰ কৰাৰ এক সঁজুলি।”

দীৰ্ঘ সময়ৰ বাবে কৰা বিনিয়োগৰ লাভসমূহ ইয়াত এটা উদাহৰণ দি বাখ্যা কৰা হৈছে৷

ধৰি লওঁক ইকুইটি ফাণ্ড বিনিয়োগকাৰীৰ 4টা গ্ৰুপ আছে

  • গ্ৰুপ 1: 3 মাহৰ বাবে বিনিয়োগ কৰিছে
  • গ্ৰুপ 2: 1 বছৰৰ বাবে বিনিয়োগ কৰিছে
  • গ্ৰুপ 3: 5 বছৰৰ বাবে বিনিয়োগ কৰিছে
  • গ্ৰুপ 4: 10 বছৰৰ বাবে বিনিয়োগ কৰিছে

এই বিনিয়োগকাৰীসকলৰ প্ৰত্যেকেই বেলেগ বেলেগ সময়ৰ বাবে ₹10,000 কৈ বিনিয়োগ কৰিছিল। এতিয়া, তেওঁলোকৰ বিনিয়োগৰ ম্যাদৰ শেষত তেওঁলোকে কৰা ₹10,000 ৰ বিনিয়োগ গড় হিচাপে কিমান বৃদ্ধি হ’ল –

এই বিশ্লেষণৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ:

10 বছৰৰ বাবে বিনিয়োগ কৰা 50% তকৈ অধিক বিনিয়োগকাৰীৰ বিনিয়োগ চাৰিগুণতকৈ অধিক বৃদ্ধি হৈছে আৰু 98% বিনিয়োগকাৰীয়ে 10 বছৰৰ ম্যাদত কমেও তেওঁলোকৰ ধন দুগুণ কৰিছে৷

যিসকল বিনিয়োগকাৰীয়ে কেৱল 3 মাহৰ বাবে বিনিয়োগ কৰিছিল, তেওঁলোকৰ 1/3 ভাগতকৈ অধিকৰ লোকচান হৈছিল আৰু মাত্ৰ 10% বিনিয়োগকাৰীৰহে 20% তকৈ অধিক লাভ হৈছিল৷

মন কৰক: দীৰ্ঘ সময়ৰ বাবে বিনিয়োগ কৰা বিনিয়োগকাৰীসকলে তেওঁলোকৰ সম্পদ যথেষ্ট পৰিমাণে বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। আপুনি যিমানে দীঘলীয়া সময়ৰ বাবে বিনিয়োগ কৰিব, অধিক ৰিটাৰ্ণ লাভ কৰাৰ সম্ভাৱনা সিমানেই বেছি হ’ব।

বিকাশমুখী ফাণ্ড যেনে ইকুইটি বা হাইব্ৰিড ফাণ্ডত বিনিয়োগ কৰক আৰু দীঘলীয়া সময়ৰ বাবে বিনিয়োগ কৰি থাকক (কমেও 5 বছৰ)। দীঘলীয়া সময়ৰ বাবে বিনিয়োগ কৰিলে বিনিয়োগ সঠিক পৰিমাণত আৰু নিশ্চিতভাৱে বৃদ্ধি হোৱাত সহায় কৰে৷

মিউচুৱেল ফাণ্ডসমূহ বজাৰৰ ৰিস্কৰ ওপৰত নিৰ্ধাৰিত৷ অনুগ্ৰহ কৰি বিনিয়োগ কৰাৰ আগতে আঁচনি-সম্পৰ্কীয় সকলো নথিপত্ৰ মনোযোগেৰে পঢ়ক।

Keep Reading