
Trust & Safety
2027 চনৰ লোকপিয়লৰ পৰিপ্ৰেক্ষিতত জালিয়াতিৰ সতৰ্কবাণী: আপোনাৰ পৰিচয় কেনেকৈ সুৰক্ষিত ৰাখিব
PhonePe Regional|3 min read|23 June, 2026
ভাৰতৰ ষোড়শ জনসংখ্যা লোকপিয়ল হৈছে বিশ্বৰ প্ৰথমটো সম্পূৰ্ণ ডিজিটেল জনসংখ্যা লোকপিয়ল আৰু এয়া বৰ্তমানে চলিত অৱস্থাত আছে। এই লোকপিয়লৰ গৃহ তালিকাকৰণৰ সৈতে জড়িত প্ৰথম পৰ্যায়টো সম্পন্ন কৰা হৈছে। ইয়াৰ জনসংখ্যা গণনাৰ দ্বিতীয় পৰ্যায়টো চলিত বছৰৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰা হৈছে য’ত প্ৰতিজন নাগৰিকৰ সামাজিক, জনগাঁথনিগত আৰু অৰ্থনৈতিক তথ্য সংগ্ৰহ কৰা হ’ব।
দুৰ্ভাগ্যজনকভাৱে, এই কেইমাহমানৰ ভিতৰতে দেখা গৈছে যে প্ৰৱঞ্চকবোৰে 2027 চনৰ লোকপিয়লক নিৰীহ লোকসকলক প্ৰতাৰণা কৰাৰ এটি মাধ্যম হিচাপে ব্যৱহাৰ কৰি আছে। প্ৰৱঞ্চকবোৰে চৰকাৰী গণনাকাৰীৰ ছদ্মৱেশ ধাৰণ কৰি নাগৰিকসকলৰ ব্যক্তিগত তথ্য চুৰি কৰি আছে। সেয়ে ব্যক্তিগত তথ্য আৰু কষ্টোপাৰ্জিত ধন সুৰক্ষিত কৰাৰ বাবে এনে প্ৰৱঞ্চক লোকপিয়ল বিষয়াক কেনেদৰে চিনাক্ত কৰিব লাগে সেয়া বুজি পোৱাটো খুবেই গুৰুত্বপূৰ্ণ হয়।
লোকপিয়লৰ জৰিয়তে জালিয়াতি কৰা প্ৰৱঞ্চকবোৰে কেনেকৈ কাম কৰে?
লোকপিয়লৰ জৰিয়তে জালিয়াতি কৰা প্ৰৱঞ্চকবোৰে এই লোকপিয়ল অনুশীলনক ধন চুৰি কৰা আৰু পৰিচয় জালিয়াতি কৰাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে। সিহঁতে ব্যৱহাৰ কৰা কেইটামান কৌশল ইয়াত উল্লেখ কৰা হ’ল:
- ছদ্মৱেশ ধাৰণ কৰা: এই প্ৰৱঞ্চকবোৰে ঘৰলৈ যোৱাৰ সময়ত, হোৱাটছএপত অথবা ফ’ন কল কৰাৰ সময়ত নিজকে চৰকাৰী গণনাকাৰী হিচাপে পৰিচয় দিয়ে। সিহঁতে এই লোকপিয়ল অনুশীলনক লোকসকলৰ আধাৰ, PAN আৰু বেংকিং বিৱৰণৰ দৰে গুৰুত্বপূৰ্ণ তথ্য চুৰি কৰাৰ অজুহাত হিচাপে ব্যৱহাৰ কৰি আছে। এবাৰ তথ্যবোৰ হস্তগত কৰাৰ পাছত, সিহঁতে অপৰাধমূলক কাৰ্যকলাপত আপোনাৰ পৰিচয়ৰ অপব্যৱহাৰ কৰে যি সম্ভাৱ্য আইনী জটিলতাসমূহৰ সৃষ্টি কৰে। সিহঁতে জালিয়াতিৰ দ্বাৰা ঋণ লোৱা অথবা ক্ৰেডিট কাৰ্ড লোৱাৰ বাবে “ছিন্থেটিক পৰিচয়” গঢ়ি তুলিবলৈও আপোনাৰ ব্যক্তিগত তথ্য ব্যৱহাৰ কৰিব পাৰে।
- ফিশ্বিং লিংক: এই প্ৰৱঞ্চকবোৰে কথিতভাৱে লোকপিয়লৰ তথ্য আপডেট কৰিবলৈ আপোনালৈ ভুৱা লিংক থকা SMS পঠিয়ায়, যাৰ প্ৰকৃত উদ্দেশ্য হৈছে আপোনাৰ ব্যক্তিগত তথ্য চুৰি কৰা। সিহঁতে বেংক একাউণ্ট আৰু UPI ৱালেটৰ পৰা ধন চুৰি কৰিবলৈ OTP অথবা QR ক’ড জালিয়াতিও ব্যৱহাৰ কৰিব পাৰে।
- ক্ষতিকাৰক এপ্: এই প্ৰৱঞ্চকবোৰে নাগৰিকসকলক ভুৱা লোকপিয়ল এপ (APKs) ডাউনল’ড কৰিবলৈ জোৰ কৰে। এইবোৰ এপ আচলতে আপোনাৰ ফ’নত থকা তথ্য চুৰি কৰিবলৈ অথবা কী ষ্ট্ৰোক আৰু ব্যক্তিগত মেছেজ ট্ৰেক কৰাৰ বাবে আপোনাৰ ম’বাইলৰ ৰিম’ট এক্সেছ প্ৰদান কৰিবলৈ নিৰ্মাণ কৰা হয়।
লোকপিয়ল বিষয়া হিচাপে ছদ্মৱেশ ধাৰণ কৰা এই প্ৰৱঞ্চকবোৰক কেনেকৈ চিনাক্ত কৰিব
- প্ৰকৃত বিষয়াসকলে আপোনাৰ পৰা কেতিয়াও OTP, CVV, PIN অথবা বেংক একাউণ্ট নম্বৰ নিবিচাৰে।
- যদি সিহঁতে আপোনাৰ আধাৰ অথবা PAN কাৰ্ডৰ ফটো ল’বলৈ জোৰ দিয়ে তেন্তে সাৱধান হওক। এইবোৰ নথিপত্ৰৰ খুবেই সহজে অপব্যৱহাৰ হ’ব পাৰে।
- প্ৰৱঞ্চকবোৰে জিমেইল অথবা য়াহু ইমেইল আৰু বেচৰকাৰী ৱেবছাইট ব্যৱহাৰ কৰে। চৰকাৰী যোগাযোগসমূহৰ বাবে কেৱল .gov. in ডমেইনহে ব্যৱহাৰ কৰা হয়।
- প্ৰকৃত গণনাকাৰীসকলে চৰকাৰে জাৰি কৰা আইডি কাৰ্ড, অনুমোদন প্ৰমাণপত্ৰ লগত লৈ যায় আৰু চৰকাৰে প্ৰদান কৰা নিৰ্দিষ্ট ম’বাইল ডিভাইচ ব্যৱহাৰ কৰে।
- লোকপিয়ল বিনামূলীয়া হয়, ইয়াৰ বাবে কোনো “পঞ্জীয়ন মাচুল” অথবা “সুবিধা মাচুল” দাবী কৰাটো 100% সাৱধান হ’বলগীয়া কথা হয়।
যদি আপোনাক প্ৰতাৰণা কৰা হয় তেন্তে কি কৰিব?
- আপোনাৰ বেংকৰ অফিচিয়েল এপ অথবা শাখালৈ গৈ তৎক্ষণাত আপোনাৰ বেংক একাউণ্ট, ক্ৰেডিট কাৰ্ড আৰু UPI এক্সেছ বন্ধ কৰক।
- যদি আপুনি এটা সন্দেহজনক এপ ডাউনল’ড কৰিছে, তেন্তে স্পাইৱেৰ/মেলৱেৰ আঁতৰাবলৈ ফেক্টৰী ৰিছেট সম্পন্ন কৰক।
- যদি এনে কোনো ভুৱা বিষয়া আপোনাৰ ঘৰলৈ আহিছিল তেন্তে আপোনালোকৰ স্থানীয় আৰক্ষী থানাত এই বিষয়ে জনাওক। এনে কৰাৰ জৰিয়তে আপুনি নিজৰ চুবুৰীয়াসকলক জালিয়াতিৰ চিকাৰ হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিব।
কেনেকৈ অভিযোগ জনাব
যদি আপুনি ভাবে যে আপুনি কোনো প্ৰৱঞ্চনাৰ বলি হৈছে তেন্তে তৎক্ষণাৎ ইয়াৰ বিষয়ে অভিযোগ কৰক:
PhonePeত অভিযোগ কৰা:
- PhonePe গ্ৰুপ চাট: গ্ৰুপটো প্ৰৱঞ্চনামূলক বুলি সন্দেহ হ’লে, আপুনি গ্ৰুপটোৰ প্ৰফাইলৰ তলত থকা “Exit/প্ৰস্থান কৰক” আৰু “Report/ৰিপৰ্ট কৰক” বিকল্পত ক্লিক কৰিব পাৰে।
- PhonePe এপ: সহায় শাখালৈ গৈ অভিযোগ কৰক।
- PhonePe গ্ৰাহক সেৱা: 80-68727374 / 022-68727374 নম্বৰত কল কৰক।
- ছ’চিয়েল মিডিয়াত অভিযোগ কৰা:
- Twitter: PhonePe Support
- Facebook: PhonePe Official
- অভিযোগ নিষ্পত্তি: PhonePe অভিযোগ প’ৰ্টেলত অভিযোগ পঞ্জীয়ন কৰক।
সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত অভিযোগ কৰক:
- চাইবাৰ ক্ৰাইম চেল: চাইবাৰ ক্ৰাইম প’র্টেলত অনলাইনযোগে অভিযোগ কৰক অথবা 1930 নম্বৰত কল কৰক।
- দূৰসংযোগ বিভাগ (DOT): সঞ্চাৰ সাথী প’র্টেলত চক্ষু সুবিধাৰ জৰিয়তে সন্দেহজনক মেছেজ, কল অথবা হোৱাটছএপ/টেলিগ্ৰামত হোৱা প্ৰৱঞ্চনাৰ বিষয়ে অভিযোগ কৰক।
মনত ৰাখিবলগীয়া গুৰুত্বপূৰ্ণ কথা — PhonePeই কেতিয়াও গোপনীয় অথবা ব্যক্তিগত বিৱৰণ জানিবলৈ নিবিচাৰে। PhonePeৰ পৰা প্ৰেৰণ কৰা বুলি দাবী কৰা সকলোবোৰ মেইল আওকাণ কৰক যদিহে সেইবোৰ phonepe.com ডমেইনৰ পৰা অহা নাই। যদি আপুনি প্ৰৱঞ্চনা হোৱা বুলি সন্দেহ কৰে, তেন্তে অনুগ্ৰহ কৰি তৎক্ষণাত সম্পৰ্কিত কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰক।
