PhonePe | Logo
Company
  • About Us
  • Careers
  • Press
  • Blog
Our Solutions
For Businesses
For Consumers

Offline Merchant Solutions

menu
Offline Payments
menu
Offline Partner Program

Online Merchant Solutions

menu
Payment Gateway
menu
Payment Gateway Partner
menu
Payment Aggregator
menu
Payment Links

More Solutions

menu
Merchant Lending
menu
PhonePe Ads

Consumer Payments

menu
All Payment Instruments
menu
NRI Payments by PhonePe

Co-Branded Credit Cards

menu
PhonePe SBI Card
Credit Cards
menu
Wish Credit Card
menu
PhonePe HDFC Bank
Credit Cards

More Solutions

menu
Investments
menu
Gold
menu
Silver
menu
Insurance
menu
Travel & Commute

Lending

menu
Consumer Lending
menu
Secured Lending
Investor Relations
Contact Us
Trust & Safety
PhonePe | Hamburger Menu
✕
Home
Company
  • About Us
  • Careers
  • Press
  • Blog
Our Solutions
For Businessesarrow
Offline Merchant Solutionsarrow
icon
Offline Payments
icon
Offline Partner Program
Online Merchant Solutionsarrow
icon
Payment Gateway
icon
Payment Gateway Partner
icon
Payment Aggregator
icon
Payment Links
More Solutionsarrow
icon
Merchant Lending
icon
PhonePe Ads
For Consumersarrow
Consumer Paymentsarrow
icon
All Payment Instruments
icon
NRI Payments by PhonePe
Co-Branded Credit Cardsarrow
icon
PhonePe SBI Card
Credit Cards
icon
Wish Credit Card
icon
PhonePe HDFC Bank
Credit Cards
More Solutionsarrow
icon
Investments
icon
Gold
icon
Silver
icon
Insurance
icon
Travel & Commute
Lendingarrow
icon
Consumer Lending
icon
Secured Lending
Investor Relations
Contact Us
Trust & Safety
Privacy Policy

PhonePe Earn/উপাৰ্জন – ব্যৱহাৰকাৰীৰ চৰ্তাৱলী আৰু নিয়মাৱলী

Englishગુજરાતીதமிழ்తెలుగుमराठीമലയാളംঅসমীয়াবাংলাहिन्दीಕನ್ನಡଓଡ଼ିଆ
< Back

এই নথিখন হৈছে তথ্য প্ৰযুক্তি আইন, 2000 (“আইন”), সময়ে সময়ে কৰা ইয়াৰ সংশোধন, প্ৰযোজ্য অনুসৰি ইয়াৰ অধীনত থকা নিয়মসমূহ আৰু আইনখনৰ দ্বাৰা সংশোধিত বিভিন্ন বিধিসমূহৰ ইলেক্ট্ৰনিক ৰেকৰ্ড সম্পৰ্কীয় সংশোধিত ব্যৱস্থা সন্দৰ্ভত এক ইলেক্ট্ৰনিক ৰেকৰ্ড। এই ইলেক্ট্ৰনিক ৰেকৰ্ডটো কম্পিউটাৰ ছিষ্টেম এটাৰ দ্বাৰা সৃষ্টি কৰা আৰু ইয়াৰ বাবে কোনো কায়িক বা ডিজিটেল স্বাক্ষৰৰ প্ৰয়োজন নহয়।

‘PhonePe Earn/উপাৰ্জন’(তলত সংজ্ঞা দিয়া হৈছে)ত পঞ্জীয়ন, এক্সেছ, ব্যৱহাৰ বা অংশগ্ৰহণ কৰাৰ আগতে এই চৰ্তাৱলী আৰু নিয়মাৱলী (“চৰ্তাৱলী”) অনুগ্ৰহ কৰি মন দি পঢ়ক। এই চৰ্তাৱলীয়ে PhonePe Earn/উপাৰ্জনৰ এক্সেছ, ইয়াত অংশগ্ৰহণ কৰা, ইয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰে আৰু আপোনাৰ আৰু কাৰ্যালয়-2, ফ্ল’ৰ-5, উইং A, ব্লক A, ছালাৰপুৰিয়া ছফ্টজ’ন, ছাৰ্ভিচ ৰ’ড, গ্ৰীন গ্লেন লে’আউট, বেলান্দুৰ, বাংগালোৰ, কৰ্ণাটক- 560103, ভাৰত ঠিকনাত আনুষ্ঠানিক কাৰ্যালয় থকা PhonePe লিমিটেড (পূৰ্বতে ‘PhonePe প্ৰাইভেট লিমিটেড’ নামেৰে জনাজাত) মাজত এক আইনীভাৱে বাধ্যতামূলক চুক্তি গঠন কৰে। 

এই চৰ্তাৱলীৰ অধীনত ‘PhonePe’ বুজোৱা সকলো প্ৰসংগত ইয়াৰ শাখাভুক্তসকল, সহযোগী কোম্পানী, নিয়ন্ত্ৰনাধীন কোম্পানী, গোট কোম্পানীসমূহ, সেইবোৰৰ সংশ্লিষ্ট বিষয়া, সঞ্চালক, কৰ্মচাৰী, প্ৰতিনিধি আৰু এজেণ্টসকল অন্তৰ্ভুক্ত হ’ব। আপুনি সন্মত আৰু স্বীকাৰ কৰিছে যে আপুনি এই চৰ্তাৱলী পঢ়িছে আৰু আপুনি যদিহে এই চৰ্তাৱলীৰ বাধ্যবাধকতাৰ মাজত সোমাবলৈ সন্মত নহয় বা ইচ্ছা নকৰে, আপুনি PhonePe Earn/উপাৰ্জন কোনো ধৰণে এক্সেছ, ইয়াত অংশগ্ৰহণ বা এয়া ব্যৱহাৰ নকৰে। আপুনি লগতে বুজি পায় যে  অতিৰিক্তভাৱে PhonePe প্লেটফৰ্মত (তলত সংজ্ঞায়িত কৰা হৈছে) উপলব্ধ আৰু সময়ে সময়ে সংশোধিত আন সকলো ৱেবছাইট নীতি, সাধাৰণ অথবা প্ৰ’ডাক্ট নিৰ্দিষ্ট চৰ্তাৱলী আৰু নিয়মাৱলী আপোনাৰ PhonePe প্লেটফৰ্মৰ ব্যৱহাৰ/এক্সেছৰ ওপৰত ভিত্তি কৰি আপোনাৰ ওপৰত প্ৰযোজ্য হ’ব। PhonePeৰ দ্বাৰা মালিকানাধীন/হ’ষ্ট কৰা/পৰিচালিত/পৃষ্ঠপোষকতা কৰা (সামগ্ৰিকভাৱে “PhonePe Platform” বোলা হয়) PhonePe ৱেবছাইট(সমূহ), PhonePe ম’বাইল এপ্লিকেশ্বন(সমূহ) বা আন যিকোনো ডিভাইচ/প্ৰপাৰ্টীত এটা আপডে’ট কৰা সংস্কৰণ প’ষ্ট কৰি আমি এই চৰ্তাৱলী যিকোনো সময়ত সংশোধন কৰিব পাৰোঁ। এই চৰ্তাৱলীৰ আপডে’ট কৰা সংস্কৰণসমূহ প’ষ্ট কৰাৰ লগে লগে কাৰ্যকৰী হ’ব। এনে আপডে’ট/পৰিৱৰ্তন হৈছে নেকি চাবলৈ মাজে-সময়ে এই চৰ্তাৱলী পৰ্যালোচনা কৰাটো আপোনাৰ দায়িত্ব আৰু এনে আপডে’ট/পৰিৱৰ্তনৰ পাছতো আপুনি PhonePe প্লেটফৰ্ম অবিৰতভাৱে ব্যৱহাৰ কৰি থাকিলে ধৰি লোৱা হ’ব যে আপুনি এনে সকলো  আপডে’ট/পৰিৱৰ্তন মানি লৈছে। আপোনাৰ দ্বাৰা প্ৰস্তাৱিত যিকোনো চৰ্তাৱলী আৰু নিয়মাৱলী যি এই চৰ্তাৱলীৰ লগত যোগ হয় বা বিবাদিত হয়, তাক PhonePeএ স্পষ্টভাৱে প্ৰত্যাখ্যান কৰে আৰু সেইবোৰ কোনো ধৰণে কাৰ্যকৰী কৰা নহ’ব। আপুনি এই চৰ্তাৱলী মানি চলিলে আমি আপোনাক PhonePe Earn/উপাৰ্জন এক্সেছ, ব্যৱহাৰ, ইয়াত অংশগ্ৰহণ কৰিবলৈ এক ব্যক্তিগত, অ-বিশেষ, অ-হস্তান্তৰযোগ্য, সীমিত বিশেষাধিকাৰ প্ৰদান কৰিম। 

  1. সংজ্ঞা
    • “PhonePe Earn/উপাৰ্জন”ৰ অৰ্থ হ’ব PhonePe প্লেটফৰ্মত উপলব্ধ সুবিধাসমূহ, য’ত ম’বাইল এপ্‌ ৰেফাৰেল (‘‘ৰেফাৰেল’’), অনলাইন/ডিজিটেল সমীক্ষা (‘‘সমীক্ষা’’)ৰ দৰে ডিজিটেল/অনলাইন কাৰ্য বা অনলাইন বা ডিজিটেল অংশগ্ৰহণ/সমাপনৰ অনুমতি দিয়া কাৰ্যসমূহ PhonePeৰ দ্বাৰা ইয়াৰ গ্ৰাহকসকলৰ হৈ সক্ষম কৰা হয়, যিসকলে নিজৰ বাবে বা কোনো তৃতীয় পক্ষৰ বাবে ব্ৰেণ্ডৰ দৃশ্যমানতা বৃদ্ধি, সেৱা/প্ৰ’ডাক্ট প্ৰচাৰ বা উপভোক্তা/বজাৰৰ ইনছাইট (“সহযোগী”) বৃদ্ধি কৰিবলৈ আগ্ৰহী আৰু যাৰ সফল সমাপনৰ পাছত আপুনি ইলেক্ট্ৰনিক গিফ্ট ভাউচাৰ (“পুৰস্কাৰ”) লাভ কৰিবলৈ যোগ্য হয়।
    • “যোগ্য ৰেফাৰেল”ৰ অৰ্থ হ’ব ৰেফাৰেলৰ অধীনত ইয়াৰ সহায়ক চৰ্তাৱলী আৰু নিয়মাৱলীসহ প্ৰয়োজন হোৱা সকলো পূৰ্ব নিৰ্ধাৰিত কাৰ্যৰ সন্তোষজনক সমাপন/ পৰিপূৰণ। উদাহৰণস্বৰূপে, ৰেফাৰীৰ ডিভাইচত ম’বাইল এপ্লিকেশ্বন ইনষ্টল কৰা সম্পূৰ্ণ কৰিবলগীয়া হ’ব পাৰে আৰু এক বিশেষ সময়সীমাৰ ভিতৰত কামটোৰ বৈশিষ্টৰ ওপৰত ভিত্তি কৰি ৰেফাৰীৰ ফালৰ পৰা এক বা ততোধিক কাৰ্য যেনে পঞ্জীয়ন/ছাবস্ক্ৰিপশ্বন/সেৱা সুলভ কৰা আদিৰ প্ৰয়োজন হ’ব পাৰে।
    • ৰেফাৰেলৰ উদ্দেশ্যত “ৰেফাৰী”ৰ অৰ্থ হ’ব এগৰাকী লোক যাক আপুনি ৰেফাৰ কৰিছে আৰু যিয়ে ৰেফাৰেলৰ লিংক আৰু ইয়াৰ সহায়ক চৰ্তাৱলী আৰু নিয়মাৱলীত বৰ্ণনা কৰা সকলো কাৰ্য সফলতাৰে সম্পূৰ্ণ কৰিছে।
    • “নিষ্পত্তি”ৰ অৰ্থ হ’ব PhonePe Earn/উপাৰ্জনৰ অধীনত এটা নিৰ্দিষ্ট কাৰ্যৰ বাবে PhonePeএ উপলব্ধ কৰোৱা অনুসৰি আপোনালৈ পুৰস্কাৰ বিতৰণ কৰা।
    • ‘‘সমীক্ষা’’ৰ অৰ্থ হ’ব PhonePe প্লেটফৰ্মত অংশীদাৰে নিৰ্ধাৰণ কৰা প্ৰশ্নাৱলী/জনমত সমীক্ষা যাৰ আঁৰৰ উদ্দেশ্য হৈছে গ্ৰাহকৰ আচৰণ, অগ্ৰাধিকাৰ আৰু বজাৰ/প্ৰ’ডাক্ট নিৰ্দিষ্ট ইনছাইটৰ ডেটা পইণ্ট সংগ্ৰহ কৰা, সেয়া তেওঁলোকৰ সেৱা/প্ৰ’ডাক্টৰ সৈতে সম্পৰ্কিত হওক বা নহওক।
    • “আমি”, “আমাক”, “আমাৰ” অৰ্থ PhonePe হ’ব।
    • “আপুনি”, “আপোনাৰ”, “আপুনি নিজে”, “ব্যৱহাৰকাৰী”ৰ অৰ্থ হ’ব PhonePeৰ এগৰাকী  ব্যৱহাৰকাৰী/গ্ৰাহক।
  2. যোগ্যতা
    • PhonePe Earn/উপাৰ্জন এক্সেছ/ব্যৱহাৰ/ইয়াত অংশগ্ৰহণ কৰি আপুনি প্ৰতিনিধিত্ব কৰে, গ্ৰহণ কৰে আৰু পৰোৱানা দিয়ে যে:
      • আপোনাৰ বয়স কমেও 18 বছৰ আৰু আপুনি আইনীভাৱে বাধ্যতামূলক চুক্তিত সোমাবলৈ সক্ষম।
      • আপুনি সকলো সময়তে PhonePe প্লেটফৰ্মত উপলব্ধ আৰু সময়ে সময়ে সংশোধিত এই চৰ্তাৱলী, আন সকলো ৱেবছাইটৰ নীতি, সাধাৰণ/প্ৰ’ডাক্ট নিৰ্দিষ্ট চৰ্তাৱলী আৰু নিয়মাৱলী মানি চলিব।
      • আপোনাক কোনো ধৰণে PhonePe এক্সেছ কৰাত বাধা দিয়া বা আইনীভাৱে নিষিদ্ধ কৰা হোৱা নাই।
      • আপুনি কোনো ব্যক্তি/সত্ত্বাৰ ছদ্মবেশ লৈ থকা নাই। 
      • আপুনি উল্লেখ কৰা সকলো তথ্য, নথি আৰু বিৱৰণ সঁচা, আপোনাৰেই আৰু আপুনি সকলো সময়তে সেইবোৰ PhonePe প্লেটফৰ্মত আপডে’ট কৰি থাকিব।
    • PhonePeএ উল্লিখিত চৰ্তসমূহৰ যিকোনো অশুদ্ধ প্ৰতিনিধিত্বৰ ক্ষেত্ৰত PhonePe প্লেটফৰ্মত থকা আপোনাৰ একাউণ্ট বাতিল কৰা আৰু প্ৰয়োজনীয় বুলি ভবা আন যিকোনো পদক্ষেপ গ্ৰহণ কৰাৰ অধিকাৰ সংৰক্ষিত ৰাখে।.
  3. সমীক্ষা, ৰেফাৰেল আৰু পুৰস্কাৰৰ বাবে নিৰ্দিষ্ট অধিনিয়ম
    • সমীক্ষা সম্পৰ্কত, আপুনি ইয়াৰ দ্বাৰা বুজি পায় আৰু সন্মত হয় যে:
      • সমীক্ষাটোত আপোনাৰ সঁহাৰি/দাখিল কৰা তথ্যবোৰ অংশীদাৰৰ আৰু/বা PhonePeৰ অভ্যন্তৰীণ মাপকাঠী বা গুণগত মান পৰীক্ষা প্ৰণালীসাপেক্ষ আৰু য’তেই আপোনাৰ সঁহাৰি/দাখিল কৰা তথ্যবোৰে PhonePe বা অংশীদাৰৰ সিদ্ধান্ত অনুসৰি এনে মানসমূহ সম্পূৰ্ণ নকৰে, আপুনি অংশগ্ৰহণ কৰা সমীক্ষাটোৰ বিপৰীতে পুৰস্কাৰ লাভ কৰিবলৈ যোগ্য নহ’ব।
      • এইসমূহৰ বাবে PhonePe দায়বদ্ধ নহ’ব: (a) হেৰোৱা, ভুলকৈ নিৰ্দেশিত, পলম হোৱা, অসম্পূৰ্ণ, অশুদ্ধ বা বুজিব নোৱৰা প্ৰবিষ্টি/সঁহাৰি, সেয়া লাগিলে আপুনি বা PhonePe Earn/উপাৰ্জনৰ সৈতে সম্পৰ্কিত বা ইয়াত ব্যৱহৃত কোনো সঁজুলি বা প্ৰগামিঙে সৃষ্টি কৰাই হওক; (b) PhonePe Earn/উপাৰ্জনৰ সৈতে সম্পৰ্কিত কোনো সামগ্ৰীত মুদ্ৰণ বা অক্ষৰবিন্যাস সম্পৰ্কীয় ত্ৰুটি; (c) সঞ্চালন, ট্ৰান্সমিশ্বনত কোনো ত্ৰুটি, চুৰি, ধ্বংস হোৱা, অনধিকাৰ প্ৰৱেশ, বা প্ৰবিষ্টি, বা কাৰীকৰী, নেটৱৰ্ক, টেলিফ’ন, কম্পিউটাৰ, হাৰ্ডৱেৰ বা ছফ্টৱেৰৰ পৰিৱৰ্তন, যিকোনো ধৰণৰ বিজুতি, বা অশুদ্ধ ট্ৰান্সমিশ্বন, বা ইণ্টাৰনেট বা কোনো ৱেবছাইটত কাৰিকৰী সমস্যা বা ট্ৰেফিকৰ বাবে কোনো প্ৰবিষ্টি তথ্য লাভ কৰাত ব্যৰ্থতা; বা (d) PhonePe Earn/উপাৰ্জনৰ সৈতে জড়িত কোনো সমল ডাউনল’ড কৰাৰ ফলত আপোনাৰ কম্পিউটাৰ বা ম’বাইলত হোৱা আঘাত বা ক্ষতি।
      • সমীক্ষাসমূহে আপোনাৰ আগত গোপনীয়/স্বত্বাধিকাৰযুক্ত তথ্য উন্মোচন কৰিব পাৰে আৰু তেনে তথ্য সকলো সময়তে ইয়াৰ গৰাকীৰ একমাত্ৰ আৰু বিশেষ সম্পত্তি হৈ থাকিব। এই গোপনীয় তথ্যত নতুন সামগ্ৰীৰ আইডিয়া বা  ধাৰণা, পেকেজিঙৰ ধাৰণা, বিজ্ঞাপন/চলচ্চিত্ৰ/দূৰদৰ্শনৰ ধাৰণা আৰু ইয়াৰ সৈতে জড়িত পাঠ, দৃশ্যমান ছবি আৰু শব্দ অন্তৰ্ভুক্ত থাকিব পাৰে, কিন্তু ইয়াতে সীমাবদ্ধ নহয়। এটা সমীক্ষাত অংশগ্ৰহণ কৰি আপুনি সন্মত হয় যে আপুনি এনে তথ্য গোপনীয় কৰি ৰাখিব আৰু সেইবোৰ কোনো তৃতীয় পক্ষৰ আগত প্ৰকাশ নকৰে বা কোনো কাৰণতে ব্যৱহাৰ নকৰে। আপুনি যদি এই বাধ্যবাধকতা উলংঘা কৰে, আপোনাৰ পুৰস্কাৰ জব্দ কৰা আৰু একাউণ্ট বাতিল কৰা হ’ব আৰু লগতে আপুনি PhonePe আৰু/বা ইয়াৰ অংশীদাৰৰ আৰ্থিক ক্ষতিৰ বাবে দায়বদ্ধ হ’ব।
      • কিছুমান সমীক্ষাত, কেৱল আপোনাৰ অনুমতি সাপেক্ষে, আপুনি অংশীদাৰসকলৰ বাবে আপোনাৰ ব্যক্তিগতভাৱে চিনাক্ত কৰিব পৰা তথ্য প্ৰকাশ কৰিবলগীয়া হ’ব পাৰে। তেনেধৰণৰ তথ্য প্ৰকাশ কৰা, সংগ্ৰহ কৰা, সংৰক্ষণ কৰা, শ্বেয়াৰ কৰা আৰু প্ৰক্ৰিয়াকৰণ কৰাত আপোনাৰ কিবা আপত্তি থাকিলে আপোনাক তেনে সমীক্ষাত অংশগ্ৰহণ নকৰিবলৈ কঠোৰভাৱে পৰামৰ্শ দিয়া হয়। আপুনি সন্মত হৈছে যে আপুনি এই সম্পৰ্কীয় সকলো বিবাদ PhonePeক জড়িত নকৰাকৈ পোনপটীয়াকৈ অংশীদাৰসকললৈ প্ৰেৰণ কৰিব। 
    • ৰেফাৰেল সম্পৰ্কত, আপুনি ইয়াৰ দ্বাৰা বুজি পায় আৰু সন্মত হয় যে:
      • ৰেফাৰেলত অংশগ্ৰহণ কৰিবলৈ, আপুনি সহযোগী নিয়মাৱলী আৰু চৰ্তাৱলীসহ ৰেফাৰেল লিংকত দিয়া চৰ্তাৱলী মানি চলিব লাগিব আৰু ৰেফাৰীলৈ ম’বাইল এপ্লিকেশ্বন ৰেফাৰ কৰিব লাগিব। এনে কৰোঁতে আপুনি লগতে প্ৰতিনিধিত্ব কৰে যে, ৰেফাৰীৰ যোগাযোগৰ তথ্য/অন্যান্য সবিশেষ যোগান ধৰিবলৈ আপুনি তেওঁলোকৰপৰা আগতীয়াকৈ অনুমতি লৈছে। 
      • ৰেফাৰেল প্ৰস্তুত কৰা- ৰেফাৰেল কৰিবলৈ হ’লে আপুনি PhonePe প্লেটফৰ্মৰ এগৰাকী ব্যৱহাৰকাৰী হ’বই লাগিব আৰু কেৱল প্ৰকৃত ব্যক্তি (আপোনাৰ বাহিৰে) যিয়ে এই চৰ্তাৱলী, উত্থাপিত ৰেফাৰেল আৰু ইয়াৰ সহযোগী নিয়মাৱলী আৰু চৰ্তাৱলী সম্পূৰ্ণ কৰে, তেওঁলোককহে ৰেফাৰ কৰি ৰেফাৰেলৰ মূল উদ্দেশ্যক সন্মান কৰিব লাগিব। উদাহৰণস্বৰূপে, আপুনি PhonePeত একাধিক বা ভুৱা একাউণ্ট সৃষ্টি নকৰে বা একাধিক বা ভুৱা ইমেইল ঠিকনা বা পৰিচয় ব্যৱহাৰ কৰি ৰেফাৰেলত অংশগ্ৰহণ নকৰে। ৰেফাৰেল কৰাৰ সময়ত, ৰেফাৰীৰ পৰা সংশ্লিষ্ট অনুমতি বিচৰাৰ পাছত আপুনি সম্পূৰ্ণ, মান্য়, প্ৰকৃত তথ্য প্ৰদান কৰিব লাগিব। 
    • পুৰস্কাৰ সম্পৰ্কত, আপুনি ইয়াৰ দ্বাৰা বুজি পায় আৰু সন্মত হয় যে:
      • সকলো পুৰস্কাৰত প্ৰযোজ্য কৰ অন্তৰ্ভুক্ত নহয়। পুৰস্কাৰ হস্তান্তৰ, নিলাম, ইয়াৰ ব্যৱসায়, ভাগ-বটোৱাৰা বা বিক্ৰী কৰিব নোৱাৰি। আপোনাৰ একাউণ্ট বা PhonePe Earn/উপাৰ্জনত অংশগ্ৰহণ কৰাটো বাতিল হ’লে এই চৰ্তাৱলীৰ অধীনত উল্লেখ কৰা কাৰণসমূহৰ বাবে, আপোনাৰ উপাৰ্জনৰ অধীনত অৰ্জন কৰা সকলো পৰিশোধযোগ্য পুৰস্কাৰ জব্দ কৰা হ’ব।
      • পুৰস্কাৰৰ বাবে যোগ্য হ’বলৈ আপুনি আপুনি আপোনাৰ ম’বাইল নম্বৰ আৰু KYC নথিসমূহ PhonePeৰ সৈতে সত্যাপন কৰিবলগীয়া হ’ব পাৰে।
      • প্ৰতিটো পুৰস্কাৰ কোনো প্ৰকাশ্য বা নিৰ্দেশিত (সীমাবদ্ধতাবিহীন, কোনো নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে ব্যৱসায় কৰিব পৰা বা ফিটনেছৰ ৱাৰেণ্টীসহ) ৱাৰেণ্টী অবিহনে প্ৰদান কৰা হ’ব।.
      • সমীক্ষা আৰু/বা উত্থাপিত যোগ্য ৰেফাৰেল সফলতাৰে সম্পূৰ্ণ কৰিলে আপুনি পুৰস্কাৰৰ বাবে তেতিয়াহে যোগ্য হ’ব যেতিয়া PhonePe প্লেটফৰ্মত জাননী আহিব বা PhonePe অংশীদাৰৰ পৰা লিখিত নিশ্চিতি পোৱা যাব। 
      • পুৰস্কাৰসমূহ সত্যাপন/পৰীক্ষা আৰু ইয়াৰ বাবে হোৱা পলম/বাতিল সাপেক্ষ। PhonePeএ কোনো পুৰস্কাৰৰ প্ৰক্ৰিয়াকৰণ অস্বীকাৰ কৰিব পাৰে, যদি PhonePeএ ইয়াৰ একমাত্ৰ বিবেচনাত, আপোনাৰ অংশগ্ৰহণ প্ৰৱঞ্চনামূলক, সন্দেহজনক, এই চৰ্তাৱলী উলংঘন কৰা বুলি বিবেচনা কৰে বা ইয়াৰপৰা PhonePe, অংশীদাৰ বা যিকোনো এটাৰ ওপৰত সম্ভাব্য দায়বদ্ধতা আৰোপ কৰিব বুলি বিশ্বাস কৰে।পুৰস্কাৰসমূহ সত্যাপন/পৰীক্ষা আৰু ইয়াৰ বাবে হোৱা পলম/বাতিল সাপেক্ষ। PhonePeএ কোনো পুৰস্কাৰৰ প্ৰক্ৰিয়াকৰণ অস্বীকাৰ কৰিব পাৰে, যদি PhonePeএ ইয়াৰ একমাত্ৰ বিবেচনাত, আপোনাৰ অংশগ্ৰহণ প্ৰৱঞ্চনামূলক, সন্দেহজনক, এই চৰ্তাৱলী উলংঘন কৰা বুলি বিবেচনা কৰে বা ইয়াৰপৰা PhonePe, অংশীদাৰ বা যিকোনো এটাৰ ওপৰত সম্ভাব্য দায়বদ্ধতা আৰোপ কৰিব বুলি বিশ্বাস কৰে।.
      • আপুনি প্ৰতিটো সম্পূৰ্ণ কৰা সমীক্ষা আৰু/বা যোগ্য ৰেফাৰেলৰ বাবে  PhonePe বা অংশীদাৰে নিৰ্ধাৰণ কৰা ধৰণ আৰু পদ্ধতিত পুৰস্কাৰ লাভ কৰিব। পুৰস্কাৰ নিষ্পত্তিৰ পাছত PhonePe বা অংশীদাৰৰ, যিটোৱে প্ৰযোজ্য হয়, এনে সমীক্ষা আৰু/বা ৰেফাৰেলৰ ক্ষেত্ৰত আৰু কোনো ধৰণৰ দায়বদ্ধতা নাথাকিব।
      • PhonePe আৰু/বা ইয়াৰ সহযোগীৰ বাবে কৰা সমীক্ষা আৰু ৰেফাৰেল দুয়োটাৰে বাবে সামগ্ৰিকভাৱে পুৰস্কাৰৰ সীমা প্ৰতিটো বিত্তীয় বৰ্ষত প্ৰতিগৰাকী ব্যৱহাৰকাৰীৰ বাবে 9,999/- টকা (ভাৰতীয় টকাত নহেজাৰ নশ নিৰান্নবৈ) হ’ব। পুৰস্কাৰৰ সীমা অতিক্ৰম হোৱাৰ পাছত ৰেফাৰেল আৰু/বা সমীক্ষাৰ বাবে বিত্তীয় বৰ্ষৰ বাকী সময়ৰ ভিতৰত পৰৱৰ্তী অংশগ্ৰহণে আপোনাক অধিক পুৰস্কাৰৰ অধিকাৰ নিদিয়ে, যেতিয়ালৈকে পুৰস্কাৰৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা নহয়। লগতে স্পষ্ট কৰা হৈছে যে ৰেফাৰেলৰ ক্ষেত্ৰত অংশীদাৰৰ সামগ্ৰী বা সেৱাৰ বিপৰীতে ৰেফাৰীসকলে সেৱা লাভ কৰাৰ ক্ষেত্ৰত বাৰে বাৰে সামগ্ৰী ক্ৰয় বা অধিক পুৰস্কাৰৰ বাবে যোগ্য নহ’ব।
      • আপুনি ইয়াৰ দ্বাৰা বুজি পায় আৰু সন্মত হয় যে পুৰস্কাৰসমূহ হয়তো PhonePeএ পৰামৰ্শ দিয়া চৰ্তাৱলী আৰু নিয়মাৱলী অনুসৰি প্ৰদান কৰা হৈছে। 
  4. PhonePe Earnৰ বাবে সাধাৰণ অধিনিয়ম
    • পাব্লিচিটী ৰিলীজ: প্ৰচাৰ বা বিপণনৰ উদ্দেশ্যে লোৱা বা প্ৰস্তুত কৰা সমীক্ষা আৰু/বা ৰেফাৰেলত অংশগ্ৰহণ কৰি আপুনি PhonePeক যিকোনো ছবি, ফ’ট’, লেখা, ভিডিঅ’ ৰেকৰ্ডিং, অডিঅ’টেপ, ডিজিটেল ছবি আদিৰ ৰূপত আপোনাৰ নাম আৰু ছবি ব্যৱহাৰ কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰে।  লগতে স্পষ্ট কৰা হৈছে যে আপুনি সমীক্ষা বা ৰেফাৰেলৰ সময়ত জনা কোনো তথ্য কোনো ব্যক্তিগত বা ৰাজহুৱা মঞ্চত প্ৰকাশ নকৰে।
    • গোপনীয়তাৰ জাননী:  সমীক্ষা আৰু/বা ৰেফাৰেলৰ অংশগ্ৰহণ কৰাৰ বাবে আপুনি আপোনাৰ আৰু আপুনি ৰেফাৰেলৰ/ সমীক্ষাৰ অধীনত উল্লেখ কৰা (যদি আছে) ব্যক্তিৰ ব্যক্তিগত তথ্য, যেনে ইমেইল ঠিকনা আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ একাউণ্টৰ সবিশেষ আদি জমা দিবলগীয়া হ’ব পাৰে। আপুনি সন্মত হৈছে যে সমীক্ষাটোত আপোনাৰ অংশগ্ৰহণ আৰু বা ৰেফাৰেল সন্দৰ্ভত আপুনি সমীক্ষাৰ অধীনত উল্লেখ কৰা ব্যক্তি বা ৰেফাৰীক PhonePe বা অংশীদাৰে যোগাযোগ কৰিব পাৰে। PhonePe Earn/উপাৰ্জনৰ অধীনত সংগ্ৰহ কৰা সকলো তথ্য এই চৰ্তাৱলী আৰু PhonePeৰ ৱেবছাইট নীতি অনুসৰি মোকাবিলা কৰা হ’ব, ইয়াৰ গোপনীয়তা নীতিসহ।
    • টাইমলাইন: সমীক্ষাৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি (প্ৰাপ্ত সঁহাৰি/দাখিলৰ ক্ষেত্ৰত) বা ৰেফাৰেল (ৰেফাৰীসকলে সম্পূৰ্ণ কৰিব লগা কাৰ্যব্যৱস্থাৰ ক্ষেত্ৰত), কাম এটা সন্তোষজনকভাৱে সম্পূৰ্ণ কৰাৰ বাবে PhonePe বা অংশীদাৰে সমাপ্ত কৰাৰ বাবে প্ৰয়োজনীয় সময়সীমা কেছ-টু-কেছ আধাৰত পৃথক হ’ব পাৰে আৰু এনে মূল্যাংকনৰ সময়ত আপুনি ধৈৰ্য্য ধৰিবলৈ সন্মত হয়।
    • একাউণ্ট সমাপ্তি আৰু বাতিলকৰণ/সংশোধন/কাৰ্য আৰু পুৰস্কাৰ স্থগিত কৰা: 
      • PhonePeএ যিকোনো ৰেফাৰেল/সমীক্ষা বা উত্থাপিত পুৰস্কাৰ বাতিল বা স্থগিত কৰাৰ অধিকাৰ, আপোনাৰ পুৰস্কাৰ উপাৰ্জন কৰাৰ যোগ্যতা সমাপ্ত কৰা বা আপোনাৰ PhonePe একাউণ্ট বা আপোনাৰ ৰেফাৰীৰ একাউণ্ট বাতিল কৰাৰ অধিকাৰ সংৰক্ষিত ৰাখে যদি আপুনি বা ৰেফাৰীয়ে: (i) অতিৰিক্ত পুৰস্কাৰ সৃষ্টি কৰিবলৈ একেগৰাকী লোকৰ বাবে বিভিন্ন ইমেইল ঠিকনা আৰু ম’বাইল নম্বৰেৰে একাধিক PhonePe একাউণ্ট খোলে; বা (ii) স্পেম বা অবাঞ্ছিত ইমেইল ব্যৱহাৰ কৰা ব্যক্তিক ৰেফাৰ কৰে; বা (iii) পুৰস্কাৰ পাবৰ বাবে মিছা নাম ব্যৱহাৰ কৰে, অন্য লোকৰ বেশ ধৰে, বা আন ধৰণে PhonePeক মিছা বা বিপথে পৰিচালিত কৰা তথ্য প্ৰদান কৰে বা; (iv) ৰেফাৰেল আৰু/বা উত্থাপিত সমীক্ষাৰ প্ৰশাসন, সুৰক্ষা বা নিৰপেক্ষতাৰ সৈতে যিকোনো প্ৰকাৰে আপোচ কৰে বা সহায় কৰে; বা (v) যিকোনো প্ৰযোজ্য আইন বা নিয়মৰ অধীনত সমীক্ষা আৰু/বা ৰেফাৰেলত অংশগ্ৰহণ কৰাটো নিষিদ্ধ কৰা বুলি জানিলে; বা (vi) সমীক্ষাটো আৰু/বা ৰেফাৰেলৰ অধীনত নিৰ্ধাৰিত এই নিয়মাৱলী বা আন যিকোনো নিয়ম ভংগ কৰে। 
      • PhonePeএ সমীক্ষা আৰু/বা ৰেফাৰেল বাতিল, সংশোধন, সমাপ্ত বা স্থগিত কৰিব পাৰে; (i) ভাইৰাছ, ৱৰ্ম, বাগ, অননুমোদিত মানৱীয় হস্তক্ষেপ বা ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰৰ কোনো কাৰকে সমীক্ষা আৰু/বা ৰেফাৰেলৰ প্ৰশাসন আৰু নিৰাপত্তা কলুষিত বা ক্ষতিগ্ৰস্ত কৰে; বা (ii) সমীক্ষাৰ ক্ষেত্ৰত প্ৰবিষ্টিৰ সংখ্যা আৰু ৰেফাৰেলৰ ক্ষেত্ৰত যোগ্য ৰেফাৰেলৰ সংখ্যাই PhonePeক নিৰ্দিষ্ট সমীক্ষা বা উত্থাপিত ৰেফালেৰ বাবে অংশীদাৰে পৰামৰ্শ দিয়া সীমা পূৰণ কৰে।
      • উক্ত যিকোনো উপ অধিনিয়ম কাৰ্যকৰী হ’লে, PhonePeএ, ইয়াৰ একমাত্ৰ বিবেচনাত আৰু যতদূৰ সম্ভৱ, এই সন্দৰ্ভত আপোনাৰ সৈতে সঠিক যোগাযোগ হোৱাটো নিশ্চিত কৰিব।
    • দায়বদ্ধতাৰ পৰা মুক্তি: PhonePe Earn/উপাৰ্জনত অংশগ্ৰহণ কৰি আপুনি PhonePeক দায়বদ্ধতাৰ পৰা মুক্ত কৰিবলৈ আৰু সমীক্ষা, ৰেফাৰেল বা পুৰস্কাৰৰ সৈতে সম্পৰ্কিত সকলো বিষয়ত ক্ষতিগ্ৰস্ত নকৰাকৈ ৰাখিবলৈ সন্মত হয়। এই মুক্তি ব্যক্তিগত আঘাতৰ (মৃত্যুসহ) দায়বদ্ধতা , সম্পত্তি হেৰোৱা বা নষ্ট হোৱা আৰু PhonePe Earn/উপাৰ্জনৰ অধীনত দিয়া লাভ/পুৰস্কাৰৰ অপব্যৱহাৰৰ বাবে, লাগিলে এয়া পোনপটীয়াকৈ বা আওপকীয়াকৈ হওক, গ্ৰহণ, অধিকাৰ বা PhonePe Earn/উপাৰ্জনত অংশগ্ৰহণৰ যুক্তিত দিয়া হয়।
    • অস্বীকাৰমূলক ঘোষণা: PhonePeএ যিকোনো সময়তে আৰু আপোনাক আগতীয়া জাননী নিদিয়াকৈ সমীক্ষা আৰু ৰেফাৰেলৰ চৰ্তাৱলী আৰু নিয়মাৱলী সংশোধন কৰিব পাৰে, সীমাবদ্ধতা নোহোৱাকৈ, পুৰস্কাৰৰ পৰিমাণ সলনি কৰা, পুৰস্কাৰ ৰিডীম কৰাৰ ধৰণ সলনি কৰা, ভাউচাৰৰ সময়সীমা/ ম্যাদ উকলাৰ সময় সলনি কৰা, আপুনি উপাৰ্জন কৰিব পৰা সৰ্বাধিক পৰিমাণৰ পুৰস্কাৰৰ সংখ্যা সলনি কৰা আদিকে ধৰি। 
    • ক্ষতিপূৰণ: কোনো অধিকাৰ দাবী বা দাবী, বা কোনো তৃতীয় পক্ষই লোৱা এটৰ্নীৰ মাচুলসহ পদক্ষেপ বা আপোনাৰ এই চৰ্তাৱলী, গোপনীয়তা নীতি উলংঘন বা আপুনি তৃতীয় পক্ষৰ যিকোনো আইন, নিয়ম, বাধ্যবাধকতা বা অধিকাৰ ভংগ কৰাৰ বাবে (বৌদ্ধিক সম্পত্তিৰ অভিকাৰ ভংগ কৰাকে ধৰি) আপুনি PhonePeক জগৰীয়া নকৰে আৰু নিৰাপদে ৰাখিব।
    • অপ্ৰত্যাশিত ঘটনা: অপ্ৰত্যাশিত ঘটনাৰ অৰ্থ হ’ব যিকোনো ঘটনা যি PhonePeৰ যুক্তিসংগত নিয়ন্ত্ৰণৰ বাহিৰত আৰু ইয়াত অন্তৰ্ভুক্ত থাকিব যুদ্ধ, সংঘৰ্ষ, জুই, বানপানী, অলৌকিক কাৰ্য, বিষ্ফোৰণ, ধৰ্মঘট, তলাবন্ধ, মন্দাৱস্থা, শক্তি যোগানৰ দীঘলীয়া নাটনি, মহামাৰী, কম্পিউটাৰ হেকিং, কম্পিউটাৰ ডেটা আৰু ষ্ট’ৰেজ ডিভাইচত অনধিকাৰ এক্সেছ, কম্পিউটাৰ ক্ৰেশ্ব, চৰকাৰী, আইনী বা নিয়ামক কাৰ্য যিয়ে PhonePeক ইয়াৰ সংশ্লিষ্ট নিয়ম মানি চলাটো নিষিদ্ধ কৰে বা স্থগিত কৰে।
    • বিবাদ, আইন আৰু ক্ষেত্ৰাধিকাৰ নিয়ন্ত্ৰণ : এই চুক্তি আৰু ইয়াৰ অধীনত থকা অধিকাৰ আৰু দায়বদ্ধতা আৰু এই নিয়মাৱলীৰ অধীনত থকা বা এই চৰ্তাৱলীৰ সৈতে সম্পৰ্কিত সকলো বিষয়, নিৰ্মাণ, মান্য়তা, প্ৰদৰ্শন বা সমাপ্তি ভাৰত গণৰাজ্যৰ আইন অনুসৰি নিয়ন্ত্ৰিত। সৌহাৰ্দ্যপূৰ্ণ মীমাংসা সাপেক্ষে আৰু কোনো পক্ষপাতিত্ব নকৰাকৈ কৰ্নাটকৰ বেংগালুৰুৰ আদালতবোৰে আপোনাৰ ব্যৱহাৰ আৰু PhonePe Earn/উপাৰ্জন বা ইয়াত অন্তৰ্ভুক্ত অন্যান্য বিষয়ত অংশগ্ৰহণ সন্দৰ্ভত উদ্ভৱ হোৱা সকলো বিষয়ৰ মীমাংসা কৰাৰ বাবে বিশেষ অধিকাৰ থাকিব।
PhonePe Logo

Business Solutions

  • Payment Gateway
  • E-commerce PG
  • UPI Payment Gateway
  • Express Checkout
  • Offline Merchant
  • Offline Payment Partner
  • Advertise on PhonePe
  • SmartSpeaker
  • POS Machine
  • Payment Links
  • Travel and Commute

Insurance

  • Motor Insurance
  • Bike Insurance
  • Car Insurance
  • Health Insurance
  • Life Insurance
  • Term Life Insurance
  • Personal Accident Insurance
  • Travel Insurance
  • International Travel Insurance

Investments

  • 24K Gold
  • Liquid Funds
  • Tax Saving Funds
  • Equity Funds
  • Debt Funds
  • Hybrid Funds

Lending

  • Consumer Lending
  • Merchant Lending
  • Secured Loans

General

  • About Us
  • Careers
  • Investors Relations
  • Contact Us
  • Press
  • Ethics
  • Report Vulnerability
  • Merchant Partners
  • Blog
  • Tech Blog
  • PhonePe Pulse
  • Merchant Onboarding Guidelines

Legal

  • Terms & Conditions
  • Privacy Policy
  • Grievance Policy
  • How to Pay
  • E-Waste Policy
  • Trust & Safety
  • Global Anti-Corruption Policy
  • PhonePe Account Aggregator Notice

See All Apps

Download PhonePe App Button Icon

PhonePe Group

  • Indus Appstoreexternal link icon
  • Share.Marketexternal link icon

Credit Cards

  • PhonePe HDFC Bank Co-Branded Credit Cards
  • PhonePe SBI Card Co-Branded Credit Cards
  • Wish Credit Card

Certification

Sisa Logoexternal link icon
LinkedIn Logo
Twitter Logo
Fb Logo
YT Logo

*These are company numbers as of September, 2025

© 2026, All rights reserved
PhonePe Logo

Business Solutions

arrow icon
  • Payment Gateway
  • E-commerce PG
  • UPI Payment Gateway
  • Express Checkout
  • Offline Merchant
  • Offline Payment Partner
  • Advertise on PhonePe
  • SmartSpeaker
  • POS Machine
  • Payment Links
  • Travel and Commute

Insurance

arrow icon
  • Motor Insurance
  • Bike Insurance
  • Car Insurance
  • Health Insurance
  • Life Insurance
  • Term Life Insurance
  • Personal Accident Insurance
  • Travel Insurance
  • International Travel Insurance

Investments

arrow icon
  • 24K Gold
  • Liquid Funds
  • Tax Saving Funds
  • Equity Funds
  • Debt Funds
  • Hybrid Funds

Lending

arrow icon
  • Consumer Lending
  • Merchant Lending
  • Secured Loans

General

arrow icon
  • About Us
  • Careers
  • Investors Relations
  • Contact Us
  • Press
  • Ethics
  • Report Vulnerability
  • Merchant Partners
  • Blog
  • Tech Blog
  • PhonePe Pulse
  • Merchant Onboarding Guidelines

Legal

arrow icon
  • Terms & Conditions
  • Privacy Policy
  • Grievance Policy
  • How to Pay
  • E-Waste Policy
  • Trust & Safety
  • Global Anti-Corruption Policy
  • PhonePe Account Aggregator Notice

PhonePe Group

arrow icon
  • Indus Appstoreexternal link icon
  • Share.Marketexternal link icon

Credit Cards

arrow icon
  • PhonePe HDFC Bank Co-Branded Credit Cards
  • PhonePe SBI Card Co-Branded Credit Cards
  • Wish Credit Card

Certification

Sisa Logo

See All Apps

Download PhonePe App Button Icon
LinkedIn Logo
Twitter Logo
Fb Logo
YT Logo

*These are company numbers as of September, 2025

© 2026, All rights reserved