PhonePe HDFC কো-ব্ৰেণ্ডেড কাৰ্ডৰ এই নিয়ম আৰু চৰ্তাৱলীসমূহে কাৰ্ডৰ (তলত সংজ্ঞায়িত কৰা হৈছে) বাবে আবেদন কৰাৰ ক্ষেত্ৰত আৰু কাৰ্ডৰ সৈতে সম্পৰ্কিত PhonePe প্লেটফৰ্মৰ যিকোনো সুবিধা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত প্ৰযোজ্য (সামগ্ৰিকভাবে “PhonePe প্লেটফৰ্ম”) অনুসৰি আপোনাৰ PhonePe মʼবাইল এপ্লিকেচন (“PhonePe এপ”) বা ৱেবছাইট www.phonepe.com ব্যৱহাৰৰ বাবে নিৰ্দিষ্ট নিয়ম আৰু চৰ্তাৱলী নিৰ্ধাৰণ কৰিছে। PhonePe HDFC কো-ব্ৰেণ্ডেড কাৰ্ড (“কাৰ্ড”)ৰ বাবে PhonePe প্লেটফৰ্ম ব্যৱহাৰ কৰি, আপুনি PhonePe HDFC কো-ব্ৰেণ্ডেড কাৰ্ডৰ এই নিৰ্দিষ্ট নিয়ম আৰু চৰ্তাৱলীসমূহ মানি চলিবলৈ আপোনাৰ স্পষ্ট সন্মতি প্ৰদান কৰিছে, ইয়াৰ https://www.phonepe.com/terms-conditions/ত উপলব্ধ PhonePe নিয়ম আৰু চৰ্তাৱলী, (“PhonePe নিয়ম আৰু চৰ্তাৱলী“), https://www.phonepe.com/privacy-policy/ত উপলব্ধ গোপনীয়তাৰ নীতি আৰু PhonePe-এ (তলত সংজ্ঞায়িত কৰা হৈছে) সময়ে সময়ে জাৰি কৰা সকলো প্ৰযোজ্য চৰ্ত, নীতি আৰু নিৰ্দেশনা (সামগ্ৰিকভাবে “চৰ্তসমূহ”) এই চৰ্তসমূহত প্ৰসংগক্ৰমে অন্তৰ্ভুক্ত হৈছে। যদি আপুনি চৰ্তাৱলীৰ সৈতে সন্মত নহয়, তেন্তে আপুনি PhonePe প্লেটফৰ্মত, কাৰ্ড বা আন কোনো সংযোজিত বা আনুষংগিক সেৱাৰ বাবে PhonePe প্লেটফৰ্ম ব্যৱহাৰ নকৰিব।
আমি অৱগত কৰিছোঁ আৰু আপুনি স্বীকাৰ কৰিছে যে PhonePe লিমিটেড (পূৰ্বতে ‘PhonePe প্ৰাইভেট লিমিটেড’ নামেৰে জনাজাত) (“PhonePe”, “আমি“, “আমাৰ”, “আমাক“) HDFC বেংক লিমিটেড (“বেংক”)ৰ সৈতে কো-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ড প্ৰʼগ্ৰেম আৰম্ভ কৰাৰ বাবে আৰু কাৰ্ডখনৰ বিপণন তথা প্ৰচাৰৰ উদ্দেশ্যে হাত মিলাইছে। আমি বিশেষভাৱে স্পষ্ট কৰিছোঁ আৰু আপুনি স্বীকাৰ কৰিছে যে যদিও PhonePe আৰু বেংক উভয়ে কাৰ্ডৰ বিপণন আৰু প্ৰচাৰ কৰে, বেংকেহে কাৰ্ড জাৰী কৰে আৰু PhonePe-এ কোনো কাৰ্ড(সমূহ) জাৰী নকৰে, ই কেৱল মাত্ৰ এক কো-ব্ৰেণ্ডেড অংশীদাৰহে।
- সাধাৰণ যোগ্যতা
কাৰ্ডৰ বাবে আবেদন কৰিবলৈ আপুনি আইনীভাৱে সক্ষম হোৱা উচিত। আপোনাৰ বয়স ওঠৰ (18) বছৰতকৈ অধিক হʼব লাগিব, আপুনি এক সুস্থ মনৰ, ভাৰতৰ বাসিন্দা হʼব লাগিব আৰু কাৰ্ডৰ বাবে আবেদন কৰিবলৈ প্ৰযোজ্য আইনৰ দ্বাৰা নিষিদ্ধ হ’ব নালাগিব। আপুনি স্বীকাৰ কৰিছে আৰু সন্মত হৈছে যে বেংকৰ ওচৰত যোগ্যতাৰ চৰ্তাৱলীসমূহ সংশোধন/আৰোপ কৰাৰ আৰু কাৰ্ড আবেদন কৰাৰ বাবে আপোনাৰ যোগ্যতা নিৰ্ধাৰণ কৰাৰ অধিকাৰ থাকে।
- কাৰ্ড
কাৰ্ডখন বেংকে জাৰী কৰে। PhonePe আপোনাক কাৰ্ড জাৰী কৰাৰ নিশ্চয়তা প্ৰদান নকৰে। বেংকে আপোনাৰ ক্ৰেডিট যোগ্যতা নিশ্চিত কৰাৰ, তেওঁলোকৰ একমাত্ৰ বিবেচনা অনুসৰি আপোনাক কাৰ্ড জাৰী কৰিবলৈ স্বীকাৰ/অস্বীকাৰ কৰাৰ, কাৰ্ডৰ সীমা নিৰ্ধাৰণ কৰাৰ আৰু কাৰ্ড জাৰী কৰাৰ আৰু ব্যৱহাৰৰ সৈতে জড়িত অন্যান্য সকলো বিষয়ৰ ক্ষেত্ৰত সকলো অধিকাৰ সংৰক্ষণ কৰ।
- কাৰ্ডৰ বাবে আবেদন
কাৰ্ডৰ বাবে আবেদন কৰিবলৈ, আপুনি PhonePe প্লেটফৰ্মৰ PhonePe HDFC কো-ব্ৰেণ্ডেড কাৰ্ড লেণ্ডিং পেজত গৈ স্ক্ৰীনত দিয়া নিৰ্দেশনা অনুসৰণ কৰক আৰু কাৰ্ডৰ আবেদন প্ৰপত্ৰত বেংকে বিচৰা তথ্যসমূহ প্ৰদান কৰক। আপুনি আবেদন প্ৰপত্ৰত প্ৰদান কৰা সকলো তথ্য সঁচা, সম্পূৰ্ণ, সঠিক আৰু শেহতীয়া হোৱাটো নিশ্চিত কৰক। আপুনি PhonePeক আবেদন প্ৰপত্ৰত থকা সকলো তথ্য সংগ্ৰহ কৰিবলৈ আৰু বেংকলৈ প্ৰেৰণ কৰিবলৈ স্পষ্টভাৱে অনুমোদন জনাইছে। আপুনি স্বীকাৰ কৰে আৰু সন্মত হয় যে বেংকে ইয়াৰ একমাত্ৰ বিবেচনাত কাৰ্ড জাৰী কৰিবলৈ স্ৱীকাৰ বা অস্ৱীকাৰ কৰিব পাৰে আৰু আমাৰ ইয়াত কোনো ভূমিকা নাই তথা তেনে কাৰ্ড আবেদনৰ ক্ষেত্ৰত বেংকৰ তৰফৰ পৰা কৰা অনুমোদন বা প্ৰত্যাখ্যান সম্পৰ্কত আমি কোনো প্ৰতিনিধিত্ব, ৱাৰেণ্টী বা গেৰাণ্টী প্ৰদান নকৰোঁ। ইয়াৰ বাবে আপোনাৰ আৰু বেংকৰ মাজত হোৱা বুজাবুজি অনুসৰি চৰ্তসমূহ অনুপালন কৰা হʼব।
- যোগাযোগ
আপুনি স্বীকাৰ কৰিছে আৰু সন্মত হৈছে যে আমি আপোনাক নিম্নলিখিত বিষয়সমূহৰ বিষয়ে তথ্য প্ৰদান কৰিবলৈ যোগাযোগ কৰিব পাৰো: (a) কাৰ্ড; (b) আপুনি PhonePe প্লেটফৰ্মত কৰা কাৰ্ড সম্পৰ্কিত কাৰ্যকলাপসমূহ; (c) আমাৰ, বেংক আৰু বেংকৰ প্ৰʼডাক্ট বা সেৱাসমূহৰ বিষয়ে তথ্য; (d) কাৰ্ডৰ বিপণন আৰু প্ৰচাৰ, ইয়াৰ সৈতে সম্পৰ্কিত সুবিধাসমূহ, যিকোনো তৃতীয় পক্ষই প্ৰদান কৰা প্ৰʼডাক্ট বা সেৱাসমূহ, (e) যিকোনো অফাৰ, বিপণন অভিযান বা আদৰণিমূলক সুবিধা বা পুৰস্কাৰ কাৰ্যসূচী আৰু (f) কাৰ্ড বা ইয়াৰ সৈতে সম্পৰ্কিত যিকোনো আনুষংগিক বিষয়। যদি আপুনি তৃতীয় পক্ষৰ হৈ PhonePe প্লেটফৰ্মত প্ৰৱেশ কৰে, তেন্তে আপুনি স্বীকাৰ কৰে আৰু সন্মত হয় যে আপুনি PhonePe প্লেটফৰ্মত উপলব্ধ কৰোৱা এনে তৃতীয় পক্ষলৈ ওপৰোক্ত যিকোনো বা সকলো যোগাযোগ প্ৰেৰণ কৰিবলৈ আমাক অনুমতি প্ৰদান কৰে। আপুনি নিশ্চিত কৰিব যে আমি এনে যোগাযোগ প্ৰেৰণ কৰাৰ বাবে এনে তৃতীয় পক্ষৰ পৰা সকলো সন্মতি প্ৰাপ্ত কৰা হৈছে।
আপুনি স্বীকাৰ কৰিছে আৰু সন্মত হৈছে যে আমি প্লেটফৰ্ম নʼটিফিকেছন, এলাৰ্ট, ইমেইল, হোৱাট্চএপ মেছেজ, ফোন কল বা যোগাযোগৰ অন্যান্য ব্যৱহাৰযোগ্য পদ্ধতিৰ ৰূপত যোগাযোগ কৰিব পাৰোঁ।
আপুনি আমাক, বেংকসমূহক, আমাৰ তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰীসকলক আপোনাৰ সৈতে যিকোনো এটা উদ্দেশ্যৰ বাবে ওপৰোক্ত যিকোনো এটা পদ্ধতিৰ মাধ্যমেৰে যোগাযোগ কৰিবলৈ অনুমোদন জনাইছে। ইয়াৰ দ্বাৰা আপুনি টেলিকম ৰেগুলেটৰী অথৰিটী অফ ইণ্ডিয়া(“TRAI”) দ্বাৰা নিৰ্ধাৰিত নিয়মসমূহকে ধৰি প্ৰযোজ্য আইনৰ অধীনত ডু নট ডিষ্টাৰ্ব (“DND”)/নেচনেল কাষ্টমাৰ প্ৰিফাৰেন্স ৰেজিষ্টাৰ (“NCPR”) তালিকাৰ অধীনত কৰা আপোনাৰ যিকোনো প্ৰতিকূল পছন্দ স্পষ্টভাৱে ত্যাগ কৰে। TRAIয়ে উত্থাপন কৰা যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰয়োজন হʼব পৰা অতিৰিক্ত অনুমোদন, নথি আমাক প্ৰদান কৰিবলৈ আপুনি সন্মত হৈছে।
আমি যোগাযোগবোৰ সঠিকভাৱে প্ৰেৰণ কৰাটো নিশ্চিত কৰিবলৈ যথাযথ পদক্ষেপ লওঁ যদিও, কেতিয়াবা কিছুমান সমস্যা যেনে যোগাযোগ তথ্যত প্ৰতিবন্ধকতা, DND তালিকাৰ অধীনত পঞ্জিভুক্ত ফোন নম্বৰ, পৰ্যাপ্ত ইমেইল ডেটা ষ্টোৰেজৰ অভাৱ, টেলিকম সেৱা প্ৰদানকৰ্তাৰ ক্ষেত্ৰত কোনো আসোৱাঁহৰ ফলত যোগাযোগ বিফল হʼব পাৰে। সেয়েহে, কোনো যোগাযোগ প্ৰাপ্ত নকৰাৰ বাবে আমি দায়ী বা দায়বদ্ধ নহওঁ।
যদিও আমি সদ্ভাৱেৰে যোগাযোগ কৰোঁ, অনুগ্ৰহ কৰি মন কৰিব যে আমি যোগাযোগৰ সঠিকতা, পৰ্যাপ্ততা, উপলব্ধতা, ন্যায্যতা, বৈধতা, নিৰ্ভৰযোগ্যতা বা সম্পূৰ্ণতাৰ সন্দৰ্ভত কোনো ধৰণৰ প্ৰতিনিধিত্ব নকৰোঁ বা ৱাৰেণ্টী নিদিওঁ। কোনো পৰিস্থিতিতে যিকোনো যোগাযোগৰ বিষয়বস্তুৰ ব্যৱহাৰ বা নিৰ্ভৰশীলতাৰ ফলস্বৰূপে যিকোনো ব্যক্তিৰ ক্ষেত্ৰত হোৱা হানি বা ক্ষতিৰ বাবে আমাক দায়ী বা দায়বদ্ধ কৰা নহ’ব।
- সুবিধাসমূহ
সময়ে সময়ে আমি পুৰস্কাৰ, ৰেহাই, কেচবেক আৰু অন্যান্য অফাৰ (“সুবিধা(সমূহ)“) প্ৰদান কৰিব পাৰোঁ। সুবিধাসমূহ প্ৰাপ্ত কৰিবলৈ আপুনি যোগ্যতাৰ চৰ্তাৱলীসমূহ পূৰণ কৰিব লাগিব আৰু এনে লাভালাভৰ বাবে প্ৰযোজ্য নিৰ্দিষ্ট নিয়ম আৰু চৰ্তাৱলীসমূহ পালন কৰিব লাগিব।
আমি দায়বদ্ধতা অবিহনে, আপুনি সুবিধাসমূহ লাভ কৰাৰ বাবে থকা প্ৰয়োজনীয়তা পূৰণ কৰাত ব্যৰ্থ হʼলে আপোনাক অযোগ্য ঘোষণা কৰাৰ, যিকোনো সময়তে যিকোনো অফাৰ বা সুবিধা বন্ধ নাইবা সলনি কৰাৰ অধিকাৰ সংৰক্ষণ কৰোঁ।
অনুগ্ৰহ কৰি মন কৰিব যে যদি আপুনি ৰাজ্যিক/আঞ্চলিক আইন নিষিদ্ধ হয়, তেন্তে আপুনি কোনো সুবিধাৰ বাবে অংশগ্ৰহণ নকৰিব বা প্ৰাপ্ত নকৰিব।
- বেংকৰ নিয়ম আৰু চৰ্তাৱলী।
আপুনি [MITC, KFS আদি] সহ কিন্তু ইয়াতে সীমিত নোহোৱা সকলো নিয়ম আৰু চৰ্তাৱলী, যিবোৰ বেংকে নিৰ্ধাৰণ কৰিছে, সেইসমূহ মানি চলিব তথা তাৰ দ্বাৰা আৱদ্ধ হʼব।
- PhonePe প্লেটফৰ্ম
আপুনি স্বীকাৰ কৰিছে আৰু সন্মত হৈছে যে PhonePe প্লেটফৰ্মত প্ৰদৰ্শিত কাৰ্ডৰ সকলো তথ্য বেংকে আপোনাক প্ৰত্যক্ষভাৱে প্ৰেৰণ কৰে আৰু PhonePe প্লেটফৰ্মৰ জৰিয়তে আপুনি গ্ৰহণ কৰিব পৰা কাৰ্ড সম্পৰ্কীয় কাৰ্যকলাপ বেংকৰ প্ৰযুক্তিগত ব্যৱস্থাৰ মাধ্যমেৰে প্ৰযুক্তিগত আন্তঃগাঁথনিলৈ প্ৰেৰণ কৰা হয়। বেংকৰ কো-ব্ৰেণ্ড অংশীদাৰ হিচাপে, আমি আপোনাৰ কাৰ্ডৰ তথ্য প্ৰাপ্ত নকৰোঁ।
- ক্ষতিপূৰণ
আপুনি আমাক, আমাৰ সংযুক্ত প্ৰতিষ্ঠান, বেংক, অংশীদাৰ, তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰী, ঠিকাদাৰ, অনুজ্ঞাপত্ৰ প্ৰদানকাৰী, তেওঁলোকৰ সঞ্চালক, প্ৰৱন্ধক, বিষয়া, কৰ্মচাৰী, আৰু এজেণ্টসকলক তলত উল্লেখ কৰা কাৰনসমূহৰ পৰা উদ্ভৱ হোৱা বা সেইসমূহৰ সম্পৰ্কীয় কোনো দাবী, চাহিদা, কাৰ্য বা অন্যান্য কাৰ্যবাহীৰ ফলত হোৱা সকলো লোকচানৰ ক্ষতিপূৰণ দিব তথা তেনে বিপদৰ পৰা নিৰাপদ ৰাখিব আৰু তেনে ক্ষতিৰ বাবে আপুনি দায়বদ্ধ হʼব:
- আপোনাৰ দ্বাৰা চৰ্তসমূহ, ইয়াত অন্তৰ্ভুক্ত যিকোনো চৰ্তকে ধৰি, বা চৰ্তাৱলীত অন্তৰ্ভুক্ত কৰা চৰ্তসমূহ উলংঘন।
- আপোনাৰ দ্বাৰা যিকোনো প্ৰযোজ্য আইন মানি চলাত উলংঘন বা অমান্তি।
- আপোনাৰ দ্বাৰা প্ৰৱঞ্চনা, ইচ্ছাকৃত অসদাচৰণ বা চৰম অৱহেলা।
- আপোনাৰ দ্বাৰা প্ৰদান কৰা যিকোনো মিছা, ভুল, বিভ্ৰান্তিকৰ বা অসম্পূৰ্ণ তথ্য।
- আপোনাৰ PhonePe প্লেটফৰ্মৰ ব্যৱহাৰ বা প্লেটফৰ্মত প্ৰৱেশৰ বাবে কোনো বিধিবদ্ধ, নিয়ামক, চৰকাৰী কৰ্তৃপক্ষ বা অন্য কোনো কৰ্তৃপক্ষই আৰোপ কৰা জৰিমনা, শাস্তি, আৰু মাচুল।
- PhonePe প্লেটফৰ্ম ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আপোনাৰ যিকোনো কাৰ্য বা অৱহেলা।
- দায়বদ্ধতা বৰ্হিভূত দিশসমূহ
আপুনি স্বীকাৰ কৰে আৰু সন্মত হয় যে তলত দিয়া বিষয়বোৰত আমি দায়ী বা দায়বদ্ধ নহওঁ
- কোনো তৃতীয় পক্ষৰ দ্বাৰা কাৰ্ড ব্যৱহাৰৰ সৈতে সম্পৰ্কিত যিকোনো জালিয়াতি বা অপব্যৱহাৰৰ ফলস্বৰূপে হোৱা ক্ষতি আৰু লোকচানকে ধৰি আপোনাৰ দ্বাৰা কাৰ্ড ধাৰণ/ ব্যৱহাৰৰ ফলত হোৱা যিকোনো ক্ষতি বা লোকচান।
- আপোনাৰ কাৰ্ড ধাৰণ/ব্যৱহাৰৰ পৰা বা তাৰ সন্দৰ্ভত উদ্ভৱ হোৱা যিকোনো বিবাদ।
- কাৰ্ডখনক স্বীকৃতি দিবলৈ বা গ্ৰহণ কৰিবলৈ কোনো ব্যক্তি/ব্যৱসায়িক প্ৰতিষ্ঠানৰ দ্বাৰা অস্বীকাৰকৰণ/ব্যৰ্থতা।
- আপোনাৰ আৰু বেংকৰ মাজত বেংকে আগবঢ়োৱা কাৰ্ড বা পুৰস্কাৰ/সুবিধাৰ সৈতে সম্পৰ্কিত কোনো বিবাদকে ধৰি বেংকৰ তৰফৰ পৰা কৰা বা বাদ পৰা আপোনাৰ কাৰ্ড সম্পৰ্কীয় কোনো কাৰ্য।
- আপোনাৰ কাৰ্ডত বা কাৰ্ডৰ ব্যৱহাৰৰ বাবে আৰোপ কৰা যিকোনো মাচুল।
ইয়াৰ বিপৰীতে কোনো কথা থকা স্বত্বেও, (i) আমি বিশেষ, আকস্মিক, পৰোক্ষ বা ফলস্বৰূপে হোৱা ক্ষতি (সীমাবদ্ধতা অবিহনে ডাউনটাইম খৰচ, তথ্যৰ ক্ষতি, হেৰুৱা লাভ অথবা বেংক, তৃতীয় পক্ষ, তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰী, ঠিকাদাৰ, আমাৰ অনুজ্ঞাপত্ৰ প্ৰদানকাৰীৰ কাৰ্যৰ ফলত হোৱা যিকোনো লোকচানসহ) বাবে দায়ী নহওঁ, এনে দাবী চুক্তি, টৰ্ট, ৱাৰেণ্টী বা অন্য কোনো আইনী তত্ত্বৰ ওপৰত ভিত্তি কৰি হওঁক বা নহওঁক, (ii) আমাৰ আৰু আমাৰ সংযুক্ত প্ৰতিষ্ঠান, বিষয়া, কৰ্মচাৰী আৰু এজেণ্টসকলৰ সৰ্বাধিক দায়বদ্ধতা এশ টকাতকৈ অধিক নহʼব।
- সন্মতি প্ৰদান
আপুনি আমাক আপোনাৰ তথ্য আপোনাৰ কাৰ্ডৰ আবেদন প্ৰক্ৰিয়াকৰণৰ বাবে বেংকলৈ, লগতে সুবিধাসমূহৰ ব্যৱস্থাপনাৰ বাবে অন্য যিকোনো এণ্টিটীলৈ প্ৰদান কৰিবলৈ অনুমোদন প্ৰদান কৰে।
আপুনি আমাক আপোনাৰ সন্মতিসমূহ ৰেকৰ্ড কৰিবলৈ আৰু সংৰক্ষণ কৰিবলৈ আৰু আদালত, কোনো কৰ্তৃপক্ষ বা সালিসীত আপোনাৰ সন্মতিসমূহ ৰেকৰ্ড কৰিবলৈ আৰু প্ৰমাণ হিচাপে ব্যৱহাৰ কৰিবলৈ অনুমতি আৰু সন্মতি প্ৰদান কৰে।
- ইলেক্ট্ৰনিক ৰেকৰ্ড
চৰ্তাৱলীসমূহ হৈছে ভাৰতীয় তথ্য প্ৰযুক্তি অধিনিয়ম, 2000 আৰু ইয়াৰ অধীনত প্ৰযোজ্য অনুসৰি আৰু সময়ে সময়ে (“IT অধিনিয়ম”) সংশোধন কৰা নিয়মৰ এক ইলেক্ট্ৰনিক ৰেকৰ্ড। এই ইলেক্ট্ৰনিক ৰেকৰ্ডটো কম্পিউটাৰ ছিষ্টেম এটাৰ দ্বাৰা সৃষ্টি কৰা হয় আৰু ইয়াৰ বাবে কোনো কায়িক অথবা ডিজিটেল স্বাক্ষৰৰ প্ৰয়োজন নহয়। চৰ্তাৱলীসমূহ তথ্য প্ৰযুক্তি অধিনিয়ম (সময়ে সময়ে সংশোধন কৰা অনুসৰি) আৰু তাৰ অধীনত নিৰ্ধাৰণ কৰা নিয়ম অনুসৰি প্ৰকাশ কৰা হয়। চৰ্তাৱলীয়ে এক বাধ্যতামূলক আৰু আইনীভাৱে বলবৎযোগ্য চুক্তি গঠন কৰে।
- প্ৰশ্নসমূহ
যিকোনো প্ৰশ্নৰ বাবে আপুনি PhonePe প্লেটফৰ্মৰ নিৰ্দিষ্ট পেজত থকা প্ৰশ্নাৱলী শাখাটো চাব পাৰে। যদি এনে প্ৰশ্নাৱলী শাখাত আপোনাৰ প্ৰশ্নৰ উত্তৰ নাথাকে, তেন্তে আপুনি আপোনাৰ সমস্যা সমাধানৰ বাবে PhonePe প্লেটফৰ্মত টিকট উত্থাপন কৰি আমাৰ সহায়তা দললৈ আপোনাৰ প্ৰশ্নটো প্ৰেৰণ কৰিব পাৰে।
- অন্যান্য চৰ্তাৱলী
আমাৰ ওচৰত যিকোনো সময়তে চৰ্তাৱলীসমূহ সংশোধন কৰিবলৈ আৰু নতুন বা অতিৰিক্ত নিয়ম বা চৰ্তাৱলী যোগ কৰাৰ অধিকাৰ থাকে। চৰ্তাৱলীসমূহত উল্লেখ কৰা চৰ্তাৱলী বা তাত উল্লেখ কৰা URLত কৰা যিকোনো সংশোধন এটা প্ৰাসংগিক URLত (নাইবা আমি সময়ে সময়ে প্ৰদান কৰা পৃথক URL) উপলব্ধ কৰা হʼব। চৰ্তাৱলীসমূহৰ সংশোধন বা সংযোজনৰ পিছত PhonePe প্লেটফৰ্মৰ যিকোনো ব্যৱহাৰক এনে সংশোধিত বা অতিৰিক্ত চৰ্তাৱলীৰ অধীন বুলি গণ্য কৰা হʼব।
ব্যৱহাৰকাৰীৰ পঞ্জীয়ন, নিজা তথ্য, ব্যৱহাৰকাৰীৰ দায়িত্ব, প্ৰযোজ্য আইন, দায়বদ্ধতা, বৌদ্ধিক সম্পত্তি, গোপনীয়তা আৰু সাধাৰণ বিধিসহ সকলোবোৰ চৰ্ত PhonePe নিয়ম আৰু চৰ্তাৱলীসমূহৰ প্ৰসংগক্ৰমে PhonePe HDFC কো-ব্ৰেণ্ডেড কাৰ্ডৰ এই নিয়ম আৰু চৰ্তাৱলী অন্তৰ্ভুক্ত কৰা হৈছে।
ইয়াত সংজ্ঞায়িত নোহোৱা বৰফলাৰে লিখা শব্দসমূহৰ অৰ্থ PhonePe নিয়ম আৰু চৰ্তাৱলীত দিয়াৰ দৰে হʼব।