PhonePe | Logo
Company
  • About Us
  • Careers
  • Press
  • Blog
Our Solutions
For Businesses
For Consumers

Offline Merchant Solutions

menu
Offline Payments
menu
Offline Partner Program

Online Merchant Solutions

menu
Payment Gateway
menu
Payment Gateway Partner
menu
Payment Aggregator
menu
Payment Links

More Solutions

menu
Merchant Lending
menu
PhonePe Ads

Consumer Payments

menu
All Payment Instruments
menu
NRI Payments by PhonePe

Co-Branded Credit Cards

menu
PhonePe SBI Card
Credit Cards
menu
Wish Credit Card
menu
PhonePe HDFC Bank
Credit Cards

More Solutions

menu
Investments
menu
Gold
menu
Silver
menu
Insurance
menu
Travel & Commute

Lending

menu
Consumer Lending
menu
Secured Lending
Investor Relations
Contact Us
Trust & Safety
PhonePe | Hamburger Menu
✕
Home
Company
  • About Us
  • Careers
  • Press
  • Blog
Our Solutions
For Businessesarrow
Offline Merchant Solutionsarrow
icon
Offline Payments
icon
Offline Partner Program
Online Merchant Solutionsarrow
icon
Payment Gateway
icon
Payment Gateway Partner
icon
Payment Aggregator
icon
Payment Links
More Solutionsarrow
icon
Merchant Lending
icon
PhonePe Ads
For Consumersarrow
Consumer Paymentsarrow
icon
All Payment Instruments
icon
NRI Payments by PhonePe
Co-Branded Credit Cardsarrow
icon
PhonePe SBI Card
Credit Cards
icon
Wish Credit Card
icon
PhonePe HDFC Bank
Credit Cards
More Solutionsarrow
icon
Investments
icon
Gold
icon
Silver
icon
Insurance
icon
Travel & Commute
Lendingarrow
icon
Consumer Lending
icon
Secured Lending
Investor Relations
Contact Us
Trust & Safety
Privacy Policy

ক্ৰেডিট কাৰ্ড বিতৰণৰ নিয়ম আৰু চৰ্তাৱলী

Englishગુજરાતીதமிழ்తెలుగుमराठीമലയാളംঅসমীয়াবাংলাहिन्दीಕನ್ನಡଓଡ଼ିଆ
< Back

ক্ৰেডিট কাৰ্ড বিতৰণৰ এই নিয়ম আৰু চৰ্তাৱলীয়ে (“TOU”) ৱেবছাইট(সমূহ), ম’বাইল এপ্লিকেশ্বন আৰু/অথবা PhonePe লিমিটেড (পূৰ্বতে ‘PhonePe প্ৰাইভেট লিমিটেড’ নামেৰে জনাজাত) আৰু/অথবা ইয়াৰ সহযোগী কোম্পানীসমূহ (ইয়াৰ পাছত সামূহিকভাৱে “PhonePe প্লেটফৰ্ম” বুলি কোৱা হ’ব)ৰ দ্বাৰা মালিকানাধীন/পৰিচালনা কৰা অন্যান্য অনলাইন প্লেটফৰ্মসমূহত প্ৰৱেশ কৰা আৰু ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত প্ৰযোজ্য নিয়ম আৰু চৰ্তাৱলীসমূহ উল্লেখ কৰে। PhonePe লিমিটেড (পূৰ্বতে ‘PhonePe প্ৰাইভেট লিমিটেড’ নামেৰে জনাজাত), কোম্পানী আইন, 1956ৰ বিধানৰ অধীনত নিগমিত এটা কোম্পানী হয় যাক ইয়াৰ পাছত “কোম্পানী” / “PhonePe” বুলি কোৱা হ’ব।

এই TOUসমূহ হৈছে তথ্য প্ৰযুক্তি আইন, 2000 সম্পৰ্কীয় এক ইলেক্ট্ৰনিক ৰেকৰ্ড আৰু ইয়াক কম্পিউটাৰ ছিষ্টেম এটাৰ দ্বাৰা সৃষ্টি কৰা হয় আৰু ইয়াৰ বাবে কোনো কায়িক অথবা ডিজিটেল স্বাক্ষৰৰ প্ৰয়োজন নহয়।

সেৱাসমূহ (তলত সংজ্ঞায়িত কৰা অনুসৰি) গ্ৰহণ কৰাৰ বাবে PhonePe প্লেটফর্ম এক্সেছ কৰা অথবা সেৱাসমূহ গ্ৰহণ কৰাৰ বাবে PhonePe প্লেটফর্মত আপোনাৰ তথ্য পঞ্জীয়ন কৰাৰ জৰিয়তে, আপুনি (ইয়াৰ পাছত “আপুনি” অথবা “আপোনাৰ” বুলি কোৱা হৈছে) সাধাৰণ PhonePe নিয়ম আৰু চৰ্তাৱলী, PhonePe গোপনীয়তা নীতি আৰু PhonePe অভিযোগ নীতিৰ দ্বাৰা আবদ্ধ হোৱাৰ লগতে, এই TOUসমূহৰ দ্বাৰা আবদ্ধ হ’বলৈ সন্মতি প্ৰকাশ কৰিছে, যাৰ প্ৰতিটো এই TOUসমূহত অন্তৰ্ভুক্ত বুলি বিবেচনা কৰা হ’ব আৰু এই TOUসমূহ (ইয়াৰ পাছত সামূহিকভাৱে “চুক্তি” বুলি কোৱা হ’ব)ৰ অবিচ্ছেদ্য অংশ হিচাপে গণ্য কৰা হ’ব।

TOUসমূহৰ আটাইতকৈ শেহতীয়া সংস্কৰণ পৰ্যালোচনা কৰিবলৈ আপুনি সময়ে সময়ে এইখন পৃষ্ঠা পৰীক্ষা কৰিব। আমি যিকোনো সময়তে, আমাৰ নিজা বিবেচনা অনুসৰি, আগতীয়াকৈ জাননী নিদিয়াকৈ এই TOUসমূহ সলনি কৰা অথবা অন্য ধৰণে সংশোধন কৰাৰ অধিকাৰ সংৰক্ষিত ৰাখিছোঁ আৰু PhonePe প্লেটফৰ্মত আপোনাৰ অব্যাহত প্ৰৱেশ অথবা ব্যৱহাৰে, সময়ে সময়ে সংশোধন কৰা TOUসমূহৰ প্ৰতি আপোনাৰ গ্ৰহণীয়তাক বুজাব।

অনুগ্ৰহ কৰি এই TOUসমূহ সাৱধানেৰে পঢ়ক। আপুনি ইয়াত উল্লেখ কৰা চৰ্তসমূহ গ্ৰহণ কৰাটোৱে, ইয়াৰ অধীনত সংজ্ঞায়িত উদ্দেশ্যৰ বাবে, আপোনাৰ আৰু কোম্পানীৰ মাজত এখন চুক্তি গঠন কৰে।

  1. সেৱাৰ বিৱৰণ আৰু গ্ৰহণ কৰা
  1. PhonePeই, ইয়াৰ জৰিয়তে আপোনাক কিছুমান বিত্তীয় সামগ্ৰী/সেৱাৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰে, য’ত বিভিন্ন বেংক/অনা-বেংকিং বিত্তীয় কোম্পানী (“বিত্তীয় প্ৰতিষ্ঠান”)সমূহৰ দ্বাৰা জাৰি কৰা ক্ৰেডিট কাৰ্ডৰ বিতৰণৰ সেৱা (“সেৱাসমূহ“) অন্তৰ্ভুক্ত হয়। অৱশ্যে, এয়া ইয়াতে সীমিত নহয় আৰু ইয়াত অন্যান্য বিত্তীয় সামগ্ৰী/সেৱাসমূহো অন্তৰ্ভুক্ত হ’ব পাৰে।
  2. এই সেৱাসমূহ আপোনাক প্ৰদান কৰাৰ সকলো যথা সম্ভৱ চেষ্টা কৰা হয় যিবোৰ বাণিজ্যিকভাৱে যুক্তিসংগত হয় আৰু আপুনি এই কথাৰ সৈতে সন্মত হয় যে এই সেৱাসমূহ গ্ৰহণ কৰা অথবা গ্ৰহণ নকৰাৰ সিদ্ধান্ত সম্পূৰ্ণৰূপে আপোনাৰ নিজা বিবেচনাধীন হয়।
  3. ক্ৰেডিট কাৰ্ডৰ বাবে আবেদন কৰাৰ সময়ত, আপোনাৰ আবেদন প্ৰক্ৰিয়াকৰণ কৰাৰ বাবে আপুনি প্ৰদান কৰা যিকোনো তথ্য/নথিপত্ৰ/বিৱৰণ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সৈতে ভাগ-বতৰা কৰিবলৈ আপুনি ইয়াৰ দ্বাৰা PhonePeক আপোনাৰ সন্মতি প্ৰদান কৰে।
  4. আপোনাৰ KYC আৰু/অথবা আন যথাযথ অধ্যৱসায় সম্পন্ন কৰাৰ বাবে একমাত্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহহে দায়বদ্ধ হ’ব আৰু আপোনাৰ ক্ৰেডিট কাৰ্ডৰ আবেদনৰ প্ৰক্ৰিয়াকৰণৰ বাবে তেওঁলোকৰ সৈতে অতিৰিক্ত তথ্য/নথিপত্ৰ/বিৱৰণ ভাগ-বতৰা কৰাৰ প্ৰয়োজন হ’ব পাৰে। আমি এনে ধৰণৰ তথ্য/ডেটা সংগ্রহ কৰা তথা এয়া বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ওচৰত জমা দিয়া কামত সহায় কৰিব পাৰোঁ।
  5. আপোনাৰ আবেদনৰ মূল্যায়ন কৰা, এইটো অনুমোদন আৰু/অথবা নাকচ কৰাৰ বাবে একমাত্ৰ বিত্তীয় প্ৰতিষ্ঠানহে দায়বদ্ধ হ’ব।
  6. ক্ৰেডিট কাৰ্ড জাৰি কৰা আৰু/অথবা ক্ৰেডিট কাৰ্ড জাৰী কৰাৰ পাছত কোনো ধৰণৰ সহায় প্ৰদান কৰাৰ বাবে PhonePe দায়িত্বশীল অথবা দায়বদ্ধ নহয়। 
  7. ক্ৰেডিট কাৰ্ড জাৰি কৰা অথবা ইয়াৰ ৰক্ষণাবেক্ষণৰ সৈতে জড়িত যিকোনো মাচুল অথবা শুল্ক পোনপটীয়াকৈ সেইটো বিত্তীয় প্ৰতিষ্ঠানে আদায় ল’ব যিয়ে ক্ৰেডিট কাৰ্ড জাৰি কৰি আছে। এই মাচুল সেইবোৰ চৰ্ত অনুসৰি হ’ব যিবোৰক লৈ আপুনি আৰু বিত্তীয় প্ৰতিষ্ঠান সন্মত হৈছে।
  8. যদি আপোনাক Rupay ক্ৰেডিট কাৰ্ড জাৰি কৰা হৈছে, তেন্তে আপুনি ইয়াত উল্লেখ কৰা নিয়ম আৰু চৰ্তাৱলী অনুসৰি এইখন Rupay ক্ৰেডিট কাৰ্ড নিজৰ UPI একাউণ্টৰ সৈতেও লিংক কৰিব পাৰিব।
  9. আপুনি গ্ৰহণ কৰা সেৱাসমূহৰ সৈতে সম্পৰ্কিত অথবা অন্যথাৰ বাবে, যৌথ বিপণন উদ্দেশ্য/বিভিন্ন সেৱা আগবঢ়োৱা/ৰিপৰ্ট জেনেৰেট কৰা আৰু/অথবা আপোনাক বিভিন্ন মূল্য সংযোজিত সেৱাসমূহ প্ৰদান কৰাৰ বাবে, যিমান দূৰলৈকে প্ৰয়োজন হয় সেই অনুসৰি, আপুনি কোম্পানীক আপোনাৰ তথ্য ইয়াৰ গোটৰ কোম্পানী, বিত্তীয় প্ৰতিষ্ঠান আৰু অন্যান্য তৃতীয় পক্ষসমূহৰ সৈতে ভাগ-বতৰা কৰিবলৈ সন্মতি দিয়ে আৰু অনুমোদন জনায়।
  10. প্ৰযোজ্য আইন অনুসৰি অনুমোদিত সীমালৈকে, আপুনি ইমেইল, টেলিফোন আৰু/অথবা SMSৰ জৰিয়তে, PhonePe অথবা ইয়াৰ তৃতীয় পক্ষৰ ভেণ্ডৰ/ব্যৱসায়িক অংশীদাৰ/ মাকেটিং এফিলিয়েটসকল অথবা বিত্তীয় প্ৰতিষ্ঠানসমূহৰ পৰা সেৱা আপডেট, তথ্য/প্ৰচাৰমূলক ইমেইল আৰু/অথবা সামগ্ৰীৰ ঘোষণাৰ সৈতে সম্পৰ্কিত যোগাযোগ গ্ৰহণ কৰিবলৈ সন্মত হৈছে৷
  11. প্ৰযোজ্য আইনৰ দ্বাৰা অনুমোদিত সীমালৈকে, আপুনি নিজে প্ৰদান কৰা ম’বাইল নম্বৰত সকলো মেছেজ আৰু কল গ্ৰহণ কৰিবলৈ সন্মত হয় আৰু সন্মতি প্ৰদান কৰিছে। ইয়াত আপোনাৰ সেইটো ম’বাইল নম্বৰো থাকিব পাৰে যিটো নম্বৰ আইন অনুসৰি, বিৰক্ত নকৰিব (“DND”) / ৰাষ্ট্ৰীয় গ্ৰাহক পচন্দ পঞ্জীয়ন (“NCPR”) তালিকাৰ অধীনত পঞ্জীয়ন হৈ আছে। এই সন্মতি প্ৰদান কৰাৰ পাছত, ভাৰতীয় টেলিকম নিয়ন্ত্ৰণ কৰ্তৃপক্ষ (“TRAI”)ৰ নিয়ম আৰু বিনিয়মৰ অধীনতো আপুনি লাভ কৰা মেছেজ অথবা কলে কোনো নিয়মৰ উলংঘন কৰা নাই বুলি গণ্য কৰা হ’ব। এই উদ্দেশ্যেৰ বাবে, আপুনি কোম্পানীক ইয়াৰ গোটৰ কোম্পানী, কোম্পানীৰ তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰী অথবা যিকোনো অনুমোদিত এজেণ্টৰ সৈতে আপোনাৰ তথ্যসমূহ ভাগ-বতৰা/প্ৰকাশ কৰিবলৈও অনুমতি দিয়ে।
  12. PhonePeই সকলো মেছেজ আৰু কল সঠিকভাৱে প্ৰেৰণ কৰাটো সুনিশ্চিত কৰিবলৈ যথাসম্ভৱ চেষ্টা কৰে। অৱশ্যে, কিছুমান কাৰণৰ বাবে মেছেজ পঠিওৱা অথবা কল কৰাত সমস্যাৰ সৃষ্টি হ’ব পাৰে যেনে আপোনাৰ যোগাযোগৰ নম্বৰত থকা কোনো বাধা, ফ’ন নম্বৰটো DND তালিকাত পঞ্জীয়ন হৈ থকা, ইমেইলৰ ডেটা ষ্ট’ৰেজত স্পেচ কম হোৱা অথবা টেলিকম সেৱা প্ৰদানকাৰীয়ে ভুল কৰা। এইবোৰ কাৰণৰ বাবে, যদি আপুনি কোনো মেছেজ নাপায় তেন্তে তাৰ বাবে PhonePeক দায়ী অথবা দায়বদ্ধ বুলি গণ্য কৰা নহ’ব।
  13. PhonePeই সকলো মেছেজ সৎ ভাৱনাৰে পঠিয়ায়, তথাপি অনুগ্ৰহ কৰি মন কৰিব যে PhonePeই কোনো মেছেজৰ সঠিকতা, এইটো সম্পূৰ্ণ হোৱা, উপলব্ধতা, আইনী বৈধতা, ম্যাদ, বিশ্বাসযোগ্যতা অথবা ইয়াৰ তথ্য সম্পূৰ্ণ হোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ স্পষ্ট অথবা অন্তৰ্নিহিত প্ৰতিশ্ৰুতি অথবা ৱাৰেণ্টী প্ৰদান নকৰে। PhonePeই পঠিওৱা যিকোনো মেছেজৰ সমল ব্যৱহাৰ কৰা অথবা ইয়াৰ ওপৰত বিশ্বাস কৰাৰ ফলত যিকোনো ব্যক্তিৰ ক্ষেত্ৰত হোৱা যিকোনো লোকচান অথবা ক্ষতিৰ বাবে PhonePe কোনো পৰিস্থিতিতে দায়িত্বশীল অথবা দায়বদ্ধ নহ’ব।
  14. PhonePeই নিজৰ আইনী বাধ্যবাধকতা পূৰণ কৰিবলৈ, বিবাদ নিষ্পত্তি কৰিবলৈ আৰু সেৱা প্ৰদানৰ বাবে সম্পন্ন কৰা আমাৰ চুক্তিসমূহ বলৱৎ কৰিবলৈ, প্ৰয়োজন সাপেক্ষে আপোনাৰ তথ্যসমূহ ধাৰণ আৰু ব্যৱহাৰ কৰিব।
  15. ক্ৰেডিট কাৰ্ড আৰু ইয়াৰ সৈতে জড়িত সকলোবোৰ সেৱা কেৱল বিত্তীয় প্ৰতিষ্ঠানসমূহেহে প্ৰদান কৰে, সেয়ে যদি বিত্তীয় প্ৰতিষ্ঠানে আপোনাৰ আবেদন প্ৰত্যাখ্যান কৰে অথবা প্ৰ’ডাক্ট/সেৱাসমূহ জাৰি কৰাত পলম কৰে অথবা অস্বীকাৰ কৰে, তেন্তে ইয়াৰ বাবে PhonePe দায়ী নহ’ব। ক্ৰেডিট কাৰ্ড জাৰি কৰাৰ পাছত, ইয়াৰ পৰা পাবলগীয়া সুবিধাসমূহ, ইয়াৰ ব্যৱহাৰ অথবা ছাৰ্ভিচিঙৰ দায়িত্বৰ বাবেও PhonePe দায়ী নহ’ব। বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে আপোনাৰ সম্পৰ্কৰ ক্ষেত্ৰত তেওঁলোকৰ নিৰ্দিষ্ট নিয়ম আৰু চৰ্তাৱলী প্ৰযোজ্য হ’ব, যাৰ প্ৰতি আপুনি আৰু বিত্তীয় প্ৰতিষ্ঠানে সন্মতি প্ৰদান কৰিছিল। ইয়াত PhonePe কোনো ধৰণেৰে জড়িত নহ’ব।
  16. PhonePeই এনে কোনো ৱাৰেণ্টী অথবা গেৰাণ্টী প্ৰদান নকৰে যে ইয়াৰ সেৱাসমূহ, ফিক্সড ডিপ’জিটৰ সৈতে জড়িত সুবিধাসমূহ অথবা FDৰ সৈতে লিংক হৈ থকা ক্ৰেডিট কাৰ্ড/সুবিধাসমূহ জাৰি কৰা, অফাৰ প্ৰযোজ্য হোৱা অথবা জাৰি হোৱাৰ পাছত কেনেদৰে কাম কৰিব।
  1. অনুজ্ঞাপত্ৰ আৰু PhonePe প্লেটফর্মৰ প্ৰৱেশাধিকাৰ

আপুনি স্বীকাৰ কৰে আৰু সন্মত হয় যে PhonePe প্লেটফর্ম আৰু ইয়াৰ সেৱাসমূহৰ যিকোনো বৌদ্ধিক সম্পত্তিৰ অধিকাৰকে ধৰি, PhonePe প্লেটফর্ম আৰু ইয়াৰ সকলো সেৱাৰ ওপৰত থকা আইনী অধিকাৰ, মালিকানাস্বত্ব আৰু হিতৰ গৰাকী PhonePe হয়। সেই অধিকাৰসমূহ পঞ্জীয়ন কৰা হওক অথবা নহওক নিৰ্বিশেষে। আপুনি লগতে এয়াও স্বীকাৰ কৰে যে, সেৱাসমূহত এনে তথ্য থাকিব পাৰে যিবোৰ কোম্পানীয়ে গোপনীয় বুলি নিৰ্ধাৰিত কৰিছে আৰু আপুনি কোম্পানীৰ আগতীয়া লিখিত সন্মতি অবিহনে এনে তথ্য কাৰো ওচৰত প্ৰকাশ নকৰিব। PhonePe প্লেটফর্মৰ সমল, ইয়াৰ “দেখা-শুনা আৰু অনুভৱ” সহ (যেনে পাঠ, গ্রাফিক্স, ছবি, ল’গ’ আৰু বুটাম আইকন), ফটোগ্ৰাফ, সম্পাদকীয় সমল, জাননী, ছফ্টৱেৰ আৰু অন্যান্য সামগ্ৰীসমূহৰ মালিকানাস্বত্বৰ অধিকাৰ/অনুজ্ঞাপত্ৰ হয়তো PhonePeৰ ওচৰত আছে অথবা কোম্পানীয়ে ইয়াৰ বাবে কোনো তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰী/অনুজ্ঞাপত্ৰ ধাৰকৰ পৰা অনুজ্ঞাপত্ৰ লৈছে। এইবোৰ সামগ্ৰী প্ৰযোজ্য কপিৰাইট, ট্ৰেডমাৰ্ক আৰু অন্যান্য আইনসমূহৰ অধীনত তেওঁলোকৰ দ্বাৰা যথাযথভাৱে সুৰক্ষিত হয়।

ইয়াৰ দ্বাৰা কোম্পানীয়ে আপোনাক PhonePe প্লেটফর্মত প্ৰৱেশ কৰিবলৈ আৰু ইয়াৰ সেৱাসমূহ ব্যৱহাৰ কৰিবলৈ সীমিত অনুজ্ঞাপত্ৰ প্ৰদান কৰে। এই অনুজ্ঞাপত্ৰত অন্য কোনো ব্যক্তি, ভেণ্ডৰ অথবা অন্য কোনো তৃতীয় পক্ষৰ লাভৰ বাবে কোনো ধৰণৰ তথ্য ডাউনল’ড অথবা প্ৰতিলিপি কৰা অথবা ইয়াৰ পৰা কোনো উদ্ভূত কাম সৃষ্টি কৰা, সংশোধন কৰা, ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং কৰা, ৰিভাৰ্ছ এছেম্বল কৰা অথবা অন্যথা কোনো উৎস ক’ড আৱিষ্কাৰ কৰাৰ চেষ্টা কৰা, বিক্ৰী কৰা, অৰ্পণ কৰা, উপ-অনুজ্ঞাপত্ৰ প্ৰদান কৰা, সুৰক্ষাৰ স্বাৰ্থ প্ৰদান কৰা অথবা অন্যথা সেৱাসমূহৰ কোনো অধিকাৰ হস্তান্তৰ কৰাটো অন্তৰ্ভুক্ত নহয়। আপোনাৰ যিকোনো অকৰ্তৃত্বশীল ব্যৱহাৰে আপোনাক প্ৰদান কৰা অনুমতি অথবা অনুজ্ঞাপত্ৰ সমাপ্ত কৰিব।

এইটো PhonePe প্লেটফর্ম ব্যৱহাৰ কৰি আপুনি এইবোৰ কাম নকৰে বুলি সন্মত হৈছে: (i) কোনো বাণিজ্যিক উদ্দেশ্যৰ বাবে এইটো PhonePe প্লেটফর্ম অথবা ইয়াৰ সমল ব্যৱহাৰ নকৰিব; (ii) দাবী কৰাৰ আশাৰে কোনো জল্পনা-কল্পনামূলক, ভুৱা অথবা প্ৰৱঞ্চনামূলক লেনদেন অথবা কোনো লেনদেন সম্পন্ন নকৰিব; (iii) আমাৰ স্পষ্ট লিখিত অনুমতি অবিহনে কোনো উদ্দেশ্যৰ বাবে কোনো ৰব’ট, স্পাইডাৰ, স্ক্ৰেপাৰ অথবা অন্য স্বয়ংক্ৰিয় উপায় অথবা কোনো মেনুৱেল প্ৰক্ৰিয়া ব্যৱহাৰ কৰি এইটো PhonePe প্লেটফর্মৰ কোনো সমল অথবা তথ্য এক্সেছ, নিৰীক্ষণ অথবা প্ৰতিলিপি নকৰিব; (iv) এইটো PhonePe প্লেটফর্মৰ যিকোনো বৰ্হিভূতকৰণ হেডাৰত থকা নিষেধাজ্ঞা উলংঘা কৰা অথবা এইটো PhonePe প্লেটফর্মত প্ৰৱেশ প্ৰতিৰোধ অথবা সীমিত কৰিবলৈ ব্যৱহাৰ কৰা অন্যান্য ব্যৱস্থাসমূহ বাইপাছ কৰা অথবা সীমাবদ্ধ কৰা অথবা এৰাই চলা; (v) এনে কোনো কাৰ্য নকৰিব যিয়ে আমাৰ বিবেচনা অনুসৰি, আমাৰ আন্তঃগাঁথনিৰ ওপৰত অযুক্তিকৰ অথবা অসমতাপূৰ্ণভাৱে বৃহৎ বোজা জাপি দিয়ে অথবা জাপি দিব পাৰে; (vi) আমাৰ স্পষ্ট লিখিত অনুমতি অবিহনে যিকোনো উদ্দেশ্যৰ বাবে এইটো PhonePe প্লেটফর্মৰ যিকোনো অংশলৈ (সীমাবদ্ধতা অবিহনে, যিকোনো সেৱাৰ বাবে ক্ৰয় পথকে ধৰি) ডিপ-লিংক গঠন কৰা; অথবা (vii) আমাৰ আগতীয়া লিখিত অনুমতি অবিহনে এইটো PhonePe প্লেটফর্মৰ যিকোনো অংশ অন্য কোনো ৱেবছাইটত “ফ্ৰেম”, “মিৰ’ৰ” অথবা অন্যথা অন্তৰ্ভুক্ত কৰা অথবা (viii) কোনো প্ৰৱঞ্চনামূলক এপ্লিকেশ্বনৰ আৰম্ভণি কৰা অথবা কোম্পানী/বিত্তীয় প্ৰতিষ্ঠান অথবা যিকোনো তৃতীয় পক্ষ(সমূহ)ৰ সৈতে/লগত কোনো প্ৰৱঞ্চনা কৰিবলৈ এইটো PhonePe প্লেটফর্ম ব্যৱহাৰ কৰা; আৰু (ix) PhonePe আৰু/অথবা বিত্তীয় প্ৰতিষ্ঠানক যিকোনো ভুল, অসম্পূৰ্ণ অথবা মিছা তথ্য/ডেটা প্ৰদান কৰা।

  1. গোপনীয়তা নীতি

এইটো PhonePe প্লেটফর্ম ব্যৱহাৰ কৰি, আপুনি ইয়াৰ দ্বাৰা আমি PhonePeৰ গোপনীয়তা নীতিত উল্লেখ কৰাৰ দৰে আপোনাৰ তথ্য ব্যৱহাৰ কৰাৰ বাবে সন্মতি দিছে। এই গোপনীয়তা নীতিয়ে আপুনি এইটো PhonePe প্লেটফর্ম ব্যৱহাৰ কৰাৰ সময়ত কোম্পানীয়ে আপোনাৰ ব্যক্তিগত তথ্যসমূহ কেনেদৰে ব্যৱহাৰ কৰে সেই কথা ব্যাখ্যা কৰে।

  1. আপোনাৰ পঞ্জীয়ন/একাউণ্ট

এইটো PhonePe প্লেটফর্ম ব্যৱহাৰ কৰি, আপুনি নিশ্চিত কৰে যে আপুনি আইনীভাৱে এখন বাধ্যতামূলক চুক্তি সম্পন্ন কৰাৰ বাবে যোগ্য হয় আৰু ভাৰতৰ আইন অথবা অন্য কোনো প্ৰাসংগিক ন্যায়াধিকৰণৰ দ্বাৰা আপোনাক এই সেৱাসমূহ এক্সেছ/ব্যৱহাৰ কৰিবলৈ নিষিদ্ধ কৰা হোৱা নাই। এইটো PhonePe প্লেটফর্ম আপুনি কেৱল নিজৰ প্ৰকৃত আৰু যথোচিত ব্যৱহাৰৰ বাবেহে ব্যৱহাৰ কৰিব পাৰিব।

আপুনি নিজৰ একাউণ্টৰ যিকোনো অনধিকৃত (অনুমতিবিহীন) ব্যৱহাৰ অথবা কোনো সুৰক্ষা উলংঘনৰ বিষয়ে কোম্পানীক তৎকালীনভাৱে অৱগত কৰিবলৈ সন্মত হৈছে। আপুনি লগতে ইয়াৰ প্ৰতিও সন্মতি দিয়ে যে আপোনাৰ একাউণ্টৰ কোনো ধৰণৰ অনধিকৃত (অনুমতিবিহীন) ব্যৱহাৰ অথবা প্ৰৱেশৰ বাবে কোম্পানী দায়ী নহ’ব, যদিহে এয়া প্ৰমাণ কৰিব নোৱাৰি যে এনে অনধিকৃত প্ৰৱেশ একমাত্ৰ কোম্পানীটোৰ সৈতে জড়িত প্ৰত্যক্ষ কাৰণৰ বাবেহে সংঘটিত হৈছে।

আপুনি নিজৰ বিষয়ে সত্য, সঠিক, শেহতীয়া আৰু সম্পূৰ্ণ তথ্য প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয়। যদি আপোনাৰ তথ্যৰ (যোগাযোগৰ তথ্য অন্তৰ্ভুক্ত কৰি কিন্তু ইয়াতে সীমিত নহয়) কোনো পৰিৱৰ্তন হয় তেন্তে আপুনি সেয়া তৎকালীনভাৱে অৱগত/আপডেট কৰিব, যাতে এয়া সকলো সময়তে অদ্যতন আৰু শুদ্ধ হৈ থাকে। এয়া গুৰুত্বপূৰ্ণ হয় কাৰণ কোম্পানীয়ে আপুনি প্ৰদান কৰা তথ্যৰ আধাৰত সেৱাসমূহ প্ৰদান কৰে। আপুনি নিজৰ পৰিচয় ভুলকৈ উপস্থাপন নকৰিবলৈ তথা অবৈধভাৱে PhonePe প্লেটফর্মত প্ৰৱেশ কৰা অথবা সেৱাসমূহৰ ব্যৱহাৰ কৰাৰ চেষ্টা নকৰিবলৈ সন্মত হৈছে৷ আপুনি যিবোৰ সেৱা ক্ৰয় কৰে/লয়, সেইবোৰৰ বাবে কিছুমান অতিৰিক্ত নিয়ম আৰু চৰ্তাৱলী প্ৰযোজ্য হ’ব, য’ত সম্পৰ্কিত বিত্তীয় প্ৰতিষ্ঠান(সমূহ)ৰ চৰ্তাৱলীও অন্তৰ্ভুক্ত হ’ব পাৰে। অনুগ্ৰহ কৰি এই অতিৰিক্ত নিয়ম আৰু চৰ্তাৱলী সাৱধানেৰে পঢ়ক।

  1. গ্ৰাহকৰ যথাযথ অধ্যৱসায়ৰ প্ৰয়োজনীয়তা

আপুনি সন্মত হৈছে আৰু স্বীকাৰ কৰিছে যে যেতিয়া আপুনি PhonePe প্লেটফর্মৰ জৰিয়তে যিকোনো বিত্তীয় লেনদেন সম্পন্ন কৰিব তেতিয়া আমাৰ বিত্তীয় প্ৰতিষ্ঠানে আপোনাৰ বিষয়ে প্ৰয়োজনীয় যথাযথ অধ্যৱসায়ৰ পৰিমাপবোৰ সম্পন্ন কৰিব আৰু KYC উদ্দেশ্যৰ বাবে প্ৰয়োজনীয় বাধ্যতামূলক তথ্য বিচাৰিব, যিবোৰ এজন গ্ৰাহক হিচাপে প্ৰদান কৰিবলৈ আপুনি বাধ্য হয়। এইটো প্ৰক্ৰিয়া আপোনাৰ ক্ৰেডিট কাৰ্ড অথবা অন্যান্য বিত্তীয় সামগ্ৰীৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে, প্ৰযোজ্য ধন আত্মসাৎ প্রতিৰোধ আইন, 2002 (“PMLA”) আৰু ইয়াৰ অধীনত বিধিবদ্ধ নিয়ম আৰু বিনিয়ম অনুসৰি সম্পন্ন কৰা হ’ব। বিত্তীয় প্ৰতিষ্ঠানসমূহে আপোনাৰ বিষয়ে পৰ্যাপ্ত তথ্য আহৰণ কৰিব, যাতে তেওঁলোকে সন্তুষ্টিজনক হোৱাকৈ প্ৰতিজন গ্ৰাহক/ব্যৱহাৰকাৰীক চিনাক্ত কৰিব পাৰে আৰু এয়া বুজিব পাৰে যে আপুনি তেওঁলোকৰ পৰা কেনে ধৰণৰ সেৱাসমূহ ল’ব বিচাৰে। আপুনি সন্মত হয় আৰু স্বীকৃতি দিয়ে যে কোম্পানীয়ে এইটো প্ৰক্ৰিয়া পূৰণ কৰিবলৈ সহায় কৰিব পাৰে আৰু প্ৰয়োজন হ’লে অতিৰিক্ত যথাযথ অধ্যৱসায় পৰিমাপ (যিকোনো নথিপত্ৰকে ধৰি) সম্পন্ন কৰাবও পাৰে, যাতে গ্ৰাহকৰ পৰিচয়ৰ সৈতে জড়িত আইনী প্ৰয়োজনসমূহ পূৰণ হয়, যাৰ ভিতৰত PMLA আইনৰ লগতে অন্যান্য প্ৰযোজ্য আইনসমূহো অন্তৰ্ভুক্ত হয়। আপুনি এয়াও বুজি পাইছে আৰু স্পষ্টভাৱে সন্মতি প্ৰদান কৰিছে যে কোম্পানীয়ে আপোনাৰ তথ্য/ডেটা/বিৱৰণ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সৈতে ভাগ-বতৰা কৰিব। আপুনি বুজি পাইছে আৰু সন্মতি প্ৰদান কৰিছে যে যদি আপুনি বিত্তীয় প্ৰতিষ্ঠানসমূহক তেওঁলোকৰ বাবে সন্তুষ্টিজনকভাৱে প্ৰয়োজনীয় তথ্য/ডেটা/বিৱৰণ প্ৰদান কৰিব নোৱাৰে, তেন্তে আপুনি তেওঁলোকৰ সামগ্ৰী/সেৱা/অফাৰৰ সুবিধা গ্ৰহণ কৰিব নোৱাৰিবও পাৰে। KYC আৰু গ্ৰাহকৰ যথাযথ অধ্যৱসায় সম্পূৰ্ণৰূপে কেৱল বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বিবেচনা অনুসৰিহে সম্পন্ন কৰা হয়। ইয়াৰ বাবে কোম্পানী দায়িত্বশীল আৰু/অথবা দায়বদ্ধ নহয়।

  1. যোগ্যতা

আপুনি ঘোষণা কৰে আৰু নিশ্চিত কৰে যে আপুনি ভাৰতৰ বাসিন্দা হয় লগতে 18 (ওঠৰ) বছৰতকৈ অধিক বয়সৰ হয় আৰু কোম্পানীয়ে আগবঢ়োৱা সেৱা গ্ৰহণ কৰাৰ সময়ত ভাৰতীয় চুক্তি আইন, 1872ৰ অধীনত নিৰ্ধাৰিত কৰা অনুসৰি চুক্তিবদ্ধ হোৱাৰ বাবে আপুনি সক্ষম হয়।

  1. জমা দিয়া সমল

যেতিয়া আপুনি PhonePe প্লেটফর্মত ডেটা আৰু তথ্যকে ধৰি কোনো সমল ভাগ-বতৰা কৰে অথবা জমা দিয়ে, তেতিয়া আপুনি স্বীকৃতি দিয়ে যে আপুনি PhonePe প্লেটফর্মত প’ষ্ট কৰা/প্ৰদান কৰা সকলো সমলৰ বাবে আপুনিয়েই সম্পূৰ্ণৰূপে দায়বদ্ধ হয়। আপুনি PhonePe প্লেটফর্মত অথবা ইয়াৰ জৰিয়তে উপলব্ধ কৰিবলৈ বাছনি কৰা কোনো সমলৰ বাবে কোম্পানী জবাবদিহি নহ’ব। কোম্পানীৰ নিজা বিবেচনা অনুসৰি, এনে সমল সেৱাসমূহত অন্তৰ্ভুক্ত কৰা হ’ব পাৰে (সম্পূৰ্ণৰূপে অথবা আংশিকভাৱে অথবা সংশোধিত ৰূপত)। আপুনি PhonePe প্লেটফর্মত জমা দিয়া অথবা উপলব্ধ কৰোৱা এনে সমলৰ সন্দৰ্ভত, আপুনি কোম্পানীক এনে সামগ্ৰী অথবা এনে সমলৰ যিকোনো অংশ ব্যৱহাৰ, প্ৰতিলিপি, বিতৰণ, ৰাজহুৱাভাৱে প্ৰদৰ্শন, সংশোধন, আহৰণকাৰী কাৰ্য সৃষ্টি কৰা আৰু উপ-অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ এক চিৰন্তন, অপ্ৰত্যাহাৰযোগ্য, সমাপ্ত কৰিব নোৱাৰা, বিশ্বব্যাপী, ৰয়েল্টিমুক্ত আৰু অনা-একচেটিয়া অনুজ্ঞাপত্ৰ প্ৰদান কৰে। আপুনি সন্মত হয় যে আপুনি জমা দিয়া সমলৰ বাবে আপুনিয়েই সম্পূৰ্ণৰূপে দায়বদ্ধ হয়। আপুনি PhonePe প্লেটফৰ্মত অথবা ইয়াৰ পৰা তলত দিয়াসমূহ প’ষ্ট অথবা প্ৰেৰণ কৰাটো নিষিদ্ধ হয়: (i) কোনো বেআইনী, ভাবুকিমূলক, অপমানজনক, মানহানিকাৰক, অশ্লীল, পৰ্ণগ্ৰাফিক অথবা অন্য সামগ্ৰী অথবা সমল যিয়ে প্ৰচাৰ আৰু/অথবা গোপনীয়তাৰ অধিকাৰ উলংঘা কৰিব পাৰে অথবা যিয়ে কোনো আইন উলংঘা কৰিব পাৰে; (ii) যিকোনো বাণিজ্যিক সামগ্ৰী অথবা সমল (কোনো সামগ্ৰী অথবা সেৱাৰ বাবে ধন বিচৰা, ইয়াৰ বিজ্ঞাপন অথবা বিপণনকে ধৰি, কিন্তু ইয়াতে সীমিত নহয়); আৰু (iii) যিকোনো সামগ্ৰী অথবা সমল যিয়ে কোনো তৃতীয় পক্ষৰ কোনো কপিৰাইট, ট্ৰেডমাৰ্ক, পেটেণ্ট অধিকাৰ অথবা অন্য মালিকানাধীন অধিকাৰৰ উলংঘন, অপব্যৱহাৰ অথবা উলংঘা কৰে। ওপৰত উল্লেখিত নিষেধাজ্ঞাসমূহ উলংঘন কৰাৰ ফলত হোৱা যিকোনো ক্ষতিৰ বাবে অথবা PhonePe প্লেটফৰ্মত আপুনি সমল প’ষ্ট কৰাৰ ফলত হোৱা অন্য যিকোনো ক্ষতিৰ বাবে একমাত্ৰ আপুনিয়েই দায়ী হ’ব।

  1. তৃতীয় পক্ষৰ লিংক/অফাৰ

এইটো PhonePe প্লেটফৰ্মত অন্য ৱেবছাইট অথবা সম্পদৰ লিংক থাকিব পাৰে। আপুনি স্বীকৃতি দিয়ে আৰু সন্মত হয় যে এইবোৰ বাহ্যিক ছাইট অথবা সম্পদৰ উপলব্ধতাৰ বাবে কোম্পানী জবাবদিহি নহয়। কোম্পানীটোৱে এইবোৰ ছাইট অথবা সম্পদত থকা অথবা এইবোৰৰ পৰা উপলব্ধ কৰা কোনো সমল, বিজ্ঞাপন, সামগ্ৰী অথবা অন্যান্য বস্তুক সমৰ্থন নকৰে আৰু ইয়াৰ বাবে দায়িত্বশীল অথবা দায়বদ্ধ নহয়। আপুনি এয়াও স্বীকাৰ কৰে আৰু সন্মতি দিয়ে যে এনে ছাইট অথবা সম্পদৰ জৰিয়তে উপলব্ধ হোৱা যিকোনো সমল, সামগ্ৰী অথবা সেৱাৰ ব্যৱহাৰ অথবা নিৰ্ভৰশীলতাৰ ফলত হোৱা অথবা ইয়াৰ সৈতে সম্পৰ্কিত বুলি দাবী কৰা যিকোনো ক্ষতি অথবা লোকচানৰ বাবে কোম্পানী প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে দায়িত্বশীল অথবা দায়বদ্ধ নহ’ব। 

  1. ৱাৰেণ্টীৰ অস্বীকৰণ

আপুনি স্পষ্টভাৱে বুজি পাইছে আৰু সন্মতি দিছে যে PhonePe প্লেটফর্মত অন্তৰ্ভুক্ত থকা অথবা ইয়াৰ পৰা প্ৰৱেশযোগ্য সেৱাসমূহ আৰু অন্যান্য সমলৰ (তৃতীয় পক্ষৰ এনে সামগ্ৰী অন্তৰ্ভুক্ত কৰি) ক্ষেত্ৰত আপোনাৰ ব্যৱহাৰৰ দায়িত্ব একমাত্ৰ আপোনাৰেই হয়, ইয়াৰ পৰা আপোনাৰ কোনো ক্ষতি হ’লে তাৰ বাবে আপুনিয়েই দায়ী হ’ব। এইবোৰ সেৱা “যেনেদৰে আছে” আৰু “যেনেকৈ উপলব্ধ হয়” ভিত্তিত প্ৰদান কৰা হয়। কোম্পানীটোৱে PhonePe প্লেটফর্মৰ সমল অথবা সেৱাসমূহৰ (তৃতীয় পক্ষৰ সেৱা প্ৰদানকাৰীৰ দ্বাৰা প্ৰযোজনা কৰা হওক অথবা নহওক) সঠিকতা, নিৰ্ভৰযোগ্যতা অথবা সম্পূৰ্ণতাৰ ক্ষেত্ৰত কোনো প্ৰতিনিধিত্ব, ৱাৰেণ্টী অথবা গেৰাণ্টী, স্পষ্ট অথবা অন্তৰ্নিহিত, প্ৰদান নকৰে আৰু কোনো নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে উলংঘন নকৰা অথবা উপযুক্ততাৰ কোনো ৱাৰেণ্টী স্পষ্টভাৱে অস্বীকাৰ কৰে।

কোম্পানীয়ে সেৱাসমূহত অন্তৰ্ভুক্ত হোৱা অথবা সেৱাসমূহৰ পৰা পাব পৰা, সেৱাসমূহ আৰু সকলো তথ্য, সামগ্ৰী, সেৱা আৰু অন্য সমলৰ (তৃতীয় পক্ষৰ সমলকে ধৰি) ক্ষেত্ৰত, যিকোনো ধৰণৰ ৱাৰেণ্টী, স্পষ্ট অথবা অন্তৰ্নিহিত, স্পষ্টভাৱে অস্বীকাৰ কৰে। ইয়াৰ ভিতৰত বিক্ৰয়যোগ্যতা, এটা বিশেষ উদ্দেশ্যৰ বাবে উপযুক্ততা আৰু অনা-উলংঘনৰ অন্তৰ্নিহিত ৱাৰেণ্টী অন্তৰ্ভুক্ত হয় কিন্তু ইয়াতে সীমিত নহয়।

কোম্পানী আৰু ইয়াৰ সেৱা প্ৰদানকাৰী, সহযোগী সংস্থা, বিত্তীয় প্ৰতিষ্ঠানে ইয়াৰ কোনো ৱাৰেণ্টী নিদিয়ে যে (i) আপুনি এই সেৱাসমূহৰ বাবে যোগ্য হয়, (ii) এই সেৱাই আপোনাৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব, (iii) এই সেৱা নিৰ্বিঘ্ন, সময়ানুৱৰ্তী, সুৰক্ষিত অথবা ত্ৰুটিমুক্ত হ’ব, (iv) এই সেৱাৰ ব্যৱহাৰৰ পৰা পোৱা ফলাফল সঠিক অথবা নিৰ্ভৰযোগ্য হ’ব, (v) এই সেৱাৰ জৰিয়তে আপুনি ক্ৰয় কৰা অথবা আহৰণ কৰা যিকোনো সামগ্ৰী, সেৱা, তথ্য অথবা অন্য সামগ্ৰীৰ গুণমানে আপোনাৰ প্ৰত্যাশা পূৰণ কৰিব, আৰু (vi) প্ৰযুক্তিৰ ক্ষেত্ৰত থকা যিকোনো ত্ৰুটি সংশোধন কৰা হ’ব।

কোম্পানীয়ে যিকোনো সময়তে পঞ্জীয়ন/ সদস্যপদ অথবা ব্ৰাউজিং মাচুলৰ বাবে যিকোনো মাচুল আদায় লোৱাৰ সম্পূৰ্ণ অধিকাৰ সংৰক্ষিত ৰাখে। কোম্পানীয়ে আদায় ল’ব পৰা এনে সকলো মাচুলৰ বিষয়ে আপোনাক অৱগত কৰোৱা হ’ব আৰু এয়া প্ৰকাশ/ প’ষ্ট কৰাৰ লগে লগে স্বয়ংক্ৰিয়ভাৱে কাৰ্যকৰী হ’ব। কোম্পানীয়ে আদায় লোৱা এনে সকলো মাচুল, যদি কোনো আছে, ভাৰতীয় টকাত হ’ব।

ইয়াত উল্লেখ কৰা সেৱাসমূহৰ অধীনত বিত্তীয় প্ৰতিষ্ঠানসমূহৰ পৰা গ্ৰহণ কৰা ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি PhonePe প্লেটফৰ্মত উপলব্ধ যিকোনো পৰিশোধ পদ্ধতি/সমূহ ব্যৱহাৰ কৰাৰ সময়ত, ইয়াৰ ফলত তলত দিয়া কোনো কাৰণৰ বাবে, কিন্তু ইয়াতে সীমিত নহয়, আপোনাৰ প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে হোৱা কোনো ধৰণৰ লোকচান অথবা ক্ষতিৰ ক্ষেত্ৰত কোম্পানী দায়িত্বশীল নহ’ব অথবা কোনো দায়বদ্ধতা গ্ৰহণ নকৰিব:

  1. কোনো লেনদেন/সমূহৰ বাবে কৰ্তৃত্বৰ অভাৱ, অথবা
  2. লেনদেনৰ ফলত উদ্ভৱ হোৱা যিকোনো পৰিশোধৰ সমস্যা, অথবা
  3. আপুনি ব্যৱহাৰ কৰা পৰিশোধ পদ্ধতি (ক্ৰেডিট/ডেবিট কাৰ্ডৰ জালিয়াতি আদি)ৰ অবৈধতা;
  4. অন্য কোনো কাৰণ(সমূহ)ৰ বাবে লেনদেন অস্বীকাৰ কৰা

ইয়াত থকা যিকোনো কথাৰ সত্ত্বেও, যদিহে PhonePe প্লেটফর্ম আপোনাৰ/আপোনাৰ লেনদেনৰ বিশ্বাসযোগ্যতাক লৈ সন্তুষ্ট নহয় তেন্তে ই সুৰক্ষা অথবা অন্য কাৰণত অতিৰিক্ত সত্যাপনকৰণ সম্পন্ন কৰাৰ অধিকাৰ সংৰক্ষিত ৰাখে।

ইয়াৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে সামগ্ৰী অথবা সেৱা প্ৰদান কৰাত ব্যৰ্থ হ’লে অথবা বিলম্ব কৰিলে, তাৰ বাবে কোম্পানীটো দায়বদ্ধ নহ’ব আৰু এনে বিলম্বৰ ফলত হোৱা আপোনাৰ ক্ষতি অথবা লোকচানৰ প্ৰতি ইয়াৰ কোনো দায়িত্ব নাথাকিব। ভাৰতৰ ভূখণ্ডৰ সীমাৰ বাহিৰত সামগ্ৰী/সেৱাৰ কোনো ডেলিভাৰী প্ৰদান কৰা নহ’ব।

  1. দায়বদ্ধতাৰ সীমাবদ্ধতা

আপুনি সন্মত হৈছে আৰু বুজি পাইছে যে এই সমগ্ৰ প্ৰক্ৰিয়াটোত কোম্পানীৰ এটা সীমিত ভূমিকা আছে আৰু ই কেৱল আপোনাৰ আৰু বিত্তীয় সংস্থাৰ মাজত এক সুবিধা প্ৰদানকাৰী হিচাপেহে কাম কৰি আছে। আপুনি সন্মত হৈছে আৰু বুজি পাইছে যে বিত্তীয় প্ৰতিষ্ঠানৰ ক্ৰেডিট কাৰ্ড/ঋণ সুবিধাৰ ক্ষেত্ৰত কোনো সমস্যা হ’লে, আপোনাৰ অধিকাৰসমূহ প্ৰযোজ্য আইন তথা আপুনি আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহে সম্পাদন কৰা/ গ্ৰহণ কৰা ক্ৰেডিট কাৰ্ডৰ নথিপত্ৰ অথবা নিয়ম আৰু চৰ্তাৱলী অনুসৰি নিয়ন্ত্ৰিত হ’ব। আপুনি লগতে সন্মত হয় আৰু প্ৰতিশ্ৰুতি দিয়ে যে আপুনি কোম্পানী আৰু/অথবা কোম্পানীৰ গোটৰ সংস্থাসমূহক কোনো বিবাদৰ পক্ষ নকৰিব আৰু/অথবা কোম্পানী আৰু/অথবা কোম্পানীটোৰ গোটৰ সংস্থাসমূহৰ বিৰুদ্ধে কোনো দাবী নকৰিব। 

উক্ত দফাৰ সাধাৰণতাৰ প্ৰতি ভাবুকি নিদিয়াকৈ, কোনো পৰিস্থিতিতে কোম্পানী আৰু/অথবা কোম্পানীৰ গোটৰ সংস্থাসমূহ, ইয়াৰ সহায়ক প্ৰতিষ্ঠান, সহযোগী প্ৰতিষ্ঠান, সঞ্চালক আৰু বিষয়াবৰ্গ, কৰ্মচাৰী, এজেণ্ট, অংশীদাৰ আৰু অনুজ্ঞাপত্ৰ ধাৰকসকল যিকোনো প্ৰত্যক্ষ, পৰোক্ষ, পৰিণামগত, আকস্মিক, বিশেষ অথবা শাস্তিদায়ক ক্ষতিৰ বাবে দায়বদ্ধ নহ’ব, যাৰ ভিতৰত লাভ অথবা ৰাজহ হেৰুওৱা, সদিচ্ছা  হেৰুওৱা, ব্যৱসায়ত হস্তক্ষেপ হোৱা, ব্যৱসায়ৰ সুযোগ হেৰুওৱা, তথ্য হেৰুওৱা অথবা অন্য আৰ্থিক হিত হেৰুওৱা অন্তৰ্ভুক্ত হয় কিন্তু ইয়াতে সীমিত নহয়; লাগিলে সেয়া চুক্তি, গাফিলতি, অপকাৰ সাধন অথবা অন্যথাই হওক, যিবোৰ সেৱাসমূহৰ ব্যৱহাৰৰ পৰা অথবা ব্যৱহাৰ কৰিব নোৱাৰাৰ পৰা উদ্ভৱ হয়।

  1. ক্ষতিপূৰণ

আপুনি TOUৰ উলংঘন কৰা, আপুনি কোনো আইন অথবা তৃতীয় পক্ষৰ অধিকাৰ উলংঘন কৰা অথবা আপোনাৰ PhonePe প্লেটফর্ম/সেৱাসমূহৰ ব্যৱহাৰৰ বাবে আৰু বিত্তীয় প্ৰতিষ্ঠানৰ দ্বাৰা ক্ৰেডিট কাৰ্ড/ঋণ সুবিধা/ প্ৰ’ডাক্টসমূহ প্ৰদান কৰা অথবা ইয়াৰ সৈতে সম্পৰ্কিত কাৰণত উদ্ভৱ হোৱা যিকোনো দাবী, পদক্ষেপৰ কাৰণ, দাবীসমূহ, পুনৰুদ্ধাৰ, লোকচান, ক্ষয়-ক্ষতি, জৰিমনা, শাস্তি অথবা অন্য যিকোনো ধৰণৰ অথবা প্ৰকৃতিৰ অন্যান্য খৰচ অথবা ব্যয়ৰ পৰা, অধিবক্তাৰ যথোচিত মাচুল সামৰি লৈ, আপুনি কোম্পানী আৰু ইয়াৰ বিষয়া, সঞ্চালক, এজেণ্ট, সহায়ক, সহযোগী সংস্থা, যুটীয়া উদ্যোগ আৰু কৰ্মচাৰীসকলক ক্ষতিপূৰণ দিব লাগিব, এওঁলোকক সুৰক্ষিত ৰাখিব লাগিব আৰু নিৰ্দোষী গণ্য কৰিব লাগিব।

  1. অতিৰিক্ত নিয়ম আৰু চৰ্তাৱলী

কোম্পানীয়ে যিকোনো সময়তে আৰু আপোনাক কোনো জাননী নিদিয়াকৈ PhonePe প্লেটফৰ্ম, এই TOU, এইখন চুক্তি আৰু/অথবা যিকোনো সম্পৰ্কিত নিয়ম আৰু চুক্তিত যিকোনো সালসলনি কৰাৰ অধিকাৰ সংৰক্ষিত ৰাখে। এই TOU আৰু/অথবা চুক্তিসমূহৰ আপডেট কৰা যিকোনো সংস্কৰণ সেইটো প’ষ্ট কৰাৰ লগে লগে কাৰ্যকৰী হ’ব। আপুনি বুজি পাইছে আৰু স্বীকাৰ কৰে যে যিকোনো আপডেট/পৰিৱৰ্তনৰ বাবে এই TOUসমূহ আৰু/অথবা চুক্তিখন নিয়মিতভাৱে পৰ্যালোচনা কৰাটো আপোনাৰ দায়িত্ব হয়। আপুনি সেৱাসমূহ/PhonePe প্লেটফর্ম নিয়মিতভাৱে ব্যৱহাৰ কৰি থকা কাৰ্যই আপুনি এই পৰিৱৰ্তনসমূহ গ্ৰহণ কৰা আৰু সময়ে সময়ে সংশোধিত চৰ্তসমূহৰ দ্বাৰা আবদ্ধ হোৱাৰ চুক্তি গঠন কৰে৷ যদি আপুনি এই পৰিৱৰ্তনসমূহৰ সৈতে সন্মত নহয়, তেন্তে আপুনি অনুগ্ৰহ কৰি এই সেৱাসমূহৰ ব্যৱহাৰ বন্ধ কৰিব পাৰে।

কোম্পানীয়ে কোনো জাননী নিদিয়াকৈ, সেৱাসমূহ সাময়িকভাৱে অথবা স্থায়ীভাৱে, বন্ধ অথবা স্থগিত ৰখাৰ অধিকাৰ সংৰক্ষিত ৰাখিছে। আপুনি সন্মতি দিয়ে যে সেৱাসমূহৰ যিকোনো ধৰণৰ সংশোধন অথবা বন্ধ কৰাৰ বাবে কোম্পানী আপোনাৰ প্ৰতি কোনো ধৰণেৰে দায়বদ্ধ নহ’ব।

আপুনি সন্মত হয় যে আপুনি এই সেৱাসমূহ কোনো অবৈধ উদ্দেশ্যৰ বাবে ব্যৱহাৰ নকৰিব আৰু এনে কোনো সামগ্ৰী প্ৰেৰণ নকৰিব যি বেআইনী, উৎপীড়নকাৰী, অপমানজনক (অসত্য আৰু আনৰ বাবে ক্ষতিকাৰক), আনৰ গোপনীয়তাত আঘাত কৰা, নিৰ্মম, ভাবুকি প্ৰদানকাৰী অথবা অশালীন হয়, যিয়ে কোনো ব্যক্তিৰ অধিকাৰ উলংঘন কৰে অথবা আপোনাৰ নিজা নহয়।

  1. সাধাৰণ

যদি এই চৰ্তসমূহৰ কোনো এটা অবৈধ, অকাৰ্যকৰী অথবা কোনো কাৰণত বলৱৎ কৰিব নোৱাৰা বুলি গণ্য কৰা হয় আৰু পক্ষসমূহে সন্মতি দিয়ে যে আদালতে বিধানটোত প্ৰতিফলিত হোৱাৰ দৰে পক্ষসমূহৰ অভিপ্ৰায়ক কাৰ্যকৰী কৰিবলৈ প্ৰয়াস কৰিব লাগিব তেন্তে বলৱৎ কৰিব নোৱাৰা চৰ্তটোক পৃথক কৰিব পৰা বুলি গণ্য কৰা হ’ব আৰু এই কথাই বাকী থকা চৰ্তসমূহৰ বৈধতা আৰু বলৱৎযোগ্যতাক প্ৰভাৱিত নকৰিব। শিৰোনামসমূহ কেৱল সন্দৰ্ভৰ উদ্দেশ্যেহে হয় আৰু সেইবোৰে এনে অংশসমূহৰ পৰিসৰ অথবা ব্যাপ্তিক সীমিত নকৰে। PhonePe প্লেটফর্মটো বিশেষভাৱে ভাৰতৰ ভূখণ্ডৰ ব্যৱহাৰকাৰীসকলৰ বাবে হয়। এই TOUসমূহ, এইখন চুক্তি আৰু আপোনাৰ আৰু কোম্পানীৰ মাজৰ সম্পৰ্ক ভাৰতৰ আইন অনুসৰি পৰিচালিত হ’ব। এই TOUসমূহৰ পৰা উদ্ভৱ হোৱা যিকোনো বিবাদ অথবা দাবীৰ নিষ্পত্তি কৰিবলৈ বেংগালুৰুৰ আদালতসমূহৰ একচেটিয়া ন্যায়িক অধিকাৰক্ষেত্ৰ থাকিব। আপোনাৰ অথবা আনৰ দ্বাৰা হোৱা উলংঘনৰ সন্দৰ্ভত কোম্পানীয়ে পদক্ষেপ ল’বলৈ বিফল হোৱাটোৱে, পৰৱৰ্তী অথবা অনুৰূপ উলংঘনৰ ক্ষেত্ৰত ইয়াৰ পদক্ষেপ লোৱাৰ অধিকাৰ ত্যাগ নকৰে। এই TOUসমূহ আৰু চুক্তিয়ে একত্ৰিত হৈ আপোনাৰ আৰু কোম্পানীৰ মাজত হোৱা সামগ্ৰিক চুক্তি গঠিত কৰে আৰু PhonePe প্লেটফর্ম আৰু সেৱাসমূহৰ ক্ষেত্ৰত আপোনাৰ ব্যৱহাৰক নিয়ন্ত্ৰণ কৰে।

  1. ফিক্সড ডিপ’জিটৰ সৈতে লিংক হৈ থকা ক্ৰেডিট কাৰ্ডৰ বাবে প্ৰযোজ্য নিয়ম আৰু চৰ্তাৱলী
  1. ওপৰত উল্লেখ কৰা নিয়ম আৰু চৰ্তাৱলীৰ উপৰিও, আপুনি এয়াও বুজি পায় যে ফিক্সড ডিপ’জিট (“FD”)ৰ সৈতে লিংক হৈ থকা ক্ৰেডিট কাৰ্ডৰ আপোনাৰ ব্যৱহাৰ / আবেদনৰ ক্ষেত্ৰত নিম্নলিখিত নিয়ম আৰু চৰ্তাৱলী প্ৰযোজ্য হ’ব।
  1. কোম্পানীয়ে Upswing ফাইনেঞ্চিয়েল টেকন’লজিছ প্ৰাইভেট লিমিটেড (“Upswing”)ৰ মালিকানাধীন প্ৰযুক্তি প্লেটফৰ্ম (“Upswing প্লেটফৰ্ম”)ৰ জৰিয়তে তলত দিয়া FDৰ সৈতে লিংক হৈ থকা ক্ৰেডিট কাৰ্ড(সমূহ) এক্সেছ কৰাৰ সুবিধা প্ৰদান কৰে:
  • Utkarsh স্মল ফাইনেঞ্চ বেংকৰ WISH ক্ৰেডিট কাৰ্ড।
  1. আপোনাক FDৰ সৈতে লিংক হৈ থকা ক্ৰেডিট কাৰ্ড(সমূহ) প্ৰদান কৰাৰ বাবে, PhonePe প্লেটফৰ্মত Upswing প্লেটফৰ্মলৈ যাব পৰা লিংক অথবা পুনঃনিৰ্দেশ কৰাৰ সুবিধা দিয়া হৈছে।
  1. FDৰ সৈতে লিংক হৈ থকা ক্ৰেডিট কাৰ্ড(সমূহ) লোৱাৰ বিকল্প বাছনি কৰি, আপুনি স্পষ্টভাৱে এয়া স্বীকাৰ কৰে আৰু সন্মতি দিয়ে যে আপোনাক Upswing প্লেটফৰ্মলৈ পুনঃনিৰ্দেশ কৰা হ’ব। আপুনি এয়াও বুজি পায় যে PhonePe কোম্পানীটো Upswing প্লেটফৰ্মৰ মালিক নহয় অথবা সেইটো পৰিচালনাও নকৰে আৰু কোনো ধৰণেৰে তাৰ বাবে দায়বদ্ধ নহয়।
  1. আপুনি এয়াও বুজি পায়, স্বীকাৰ কৰে আৰু সন্মতি দিয়ে যে FDৰ সৈতে লিংক হৈ থকা ক্ৰেডিট কাৰ্ড(সমূহ), সম্পৰ্কিত কাৰ্ড জাৰি কৰা বিত্তীয় প্ৰতিষ্ঠান(সমূহ)ৰ দ্বাৰা, Upswing আৰু সেইটো বিত্তীয় প্ৰতিষ্ঠানৰ মাজত নিৰ্ধাৰিত কৰা ব্যৱস্থা অনুসৰি, Upswingৰ জৰিয়তে উপলব্ধ কৰোৱা হয়।
  1. আপুনি এয়াও বুজি পায়, স্বীকাৰ কৰে আৰু সন্মতি দিয়ে যে আপোনাৰ Upswing প্লেটফৰ্মৰ এক্সেছ আৰু ব্যৱহাৰ Upswingৰ অতিৰিক্ত নিয়ম আৰু চৰ্তাৱলীৰ অধীন হ’ব। এই নিয়ম আৰু চৰ্তাৱলী সময়ে সময়ে পৰীক্ষা কৰা আৰু তাত সম্পন্ন কৰা আপডেট/সালসলনিৰ বিষয়ে অৱগত হৈ থকাটো সম্পূৰ্ণৰূপে আপোনাৰ দায়িত্ব হয়।
  1. আপুনি বুজি পায়, স্বীকাৰ কৰে আৰু সন্মতি দিয়ে যে FDৰ সৈতে লিংক হৈ থকা ক্ৰেডিট কাৰ্ড(সমূহ)ৰ বাবে আবেদন প্ৰপত্ৰৰ প্ৰৱন্ধন সম্পূৰ্ণৰূপে Upswingয়ে কৰে। ইয়াৰ বাবে সম্পৰ্কিত বিত্তীয় সংস্থাৰ দ্বাৰা Upswingক সম্পূৰ্ণৰূপে অধিকৃত কৰা হৈছে। PhonePe প্লেটফৰ্মৰ জৰিয়তে যিকোনো FDৰ সৈতে লিংক হৈ থকা ক্ৰেডিট কাৰ্ড(সমূহ)ৰ বাবে আবেদন কৰাৰ বিকল্প বাছনি কৰিলে, আপোনাক Upswing প্লেটফৰ্মলৈ পুনঃনিৰ্দেশিত কৰা হ’ব।
  1. আপুনি FDৰ সৈতে লিংক হৈ থকা ক্ৰেডিট কাৰ্ড(সমূহ)ৰ বাবে যিবোৰ তথ্য, নথিপত্ৰ অথবা বিৱৰণ প্ৰদান কৰি আছে, সেয়া FDৰ সৈতে লিংক হৈ থকা ক্ৰেডিট কাৰ্ড(সমূহ) জাৰি কৰা সম্পৰ্কিত বিত্তীয় প্ৰতিষ্ঠানৰ তৰফৰ পৰা Upswingৰ দ্বাৰা সংগ্ৰহ কৰা হ’ব।
  1. যেতিয়া আপুনি ডেটা আৰু তথ্যসহ যিকোনো সমল Upswing প্লেটফৰ্মত অথবা অন্য কোনো বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে ভাগ-বতৰা কৰে অথবা জমা দিয়ে, তেতিয়া আপুনি স্বীকাৰ কৰে যে আপুনি Upswing প্লেটফৰ্মত অথবা যিকোনো বিত্তীয় প্ৰতিষ্ঠানৰ ওচৰত জমা দিয়া সমলৰ সঠিকতা আৰু সম্পূৰ্ণতাৰ বাবে আপুনিয়েই সম্পূৰ্ণৰূপে দায়বদ্ধ হয়। আপুনি Upswing প্লেটফৰ্মত অথবা ইয়াৰ জৰিয়তে অথবা অন্য কোনো বিত্তীয় প্ৰতিষ্ঠানৰ ওচৰত জমা দিয়া যিকোনো সমলৰ বাবে কোম্পানী জবাবদিহি নহ’ব।
  1. আপুনি বুজি পায়, স্বীকাৰ কৰে আৰু সন্মতি দিয়ে যে FDৰ সৈতে লিংক হৈ থকা ক্ৰেডিট কাৰ্ড(সমূহ) জাৰি কৰাৰ বাবে, ছিকিউৰিটি সৃষ্টি কৰাৰ উদ্দেশ্যৰে, সংশ্লিষ্ট বিত্তীয় প্ৰতিষ্ঠানে আপোনাক এটা FD খুলিবলৈ নিৰ্দেশ দিব পাৰে। এইটো FD সংশ্লিষ্ট বিত্তীয় প্ৰতিষ্ঠানৰ নিয়ম আৰু চৰ্তাৱলী অনুসৰি পৰিচালিত হ’ব। এইটো FD খোলা, FDৰ সুত পৰিশোধ কৰা, FDটো সময়ৰ আগতেই বন্ধ কৰা অথবা FDৰ সৈতে জড়িত অন্য কোনো কাৰ্যৰ বাবে কোম্পানীটো জড়িত আৰু/অথবা দায়বদ্ধ নহয়। FDৰ সৈতে জড়িত সকলো কাম-কাজৰ দায়িত্ব কেৱল বিত্তীয় প্ৰতিষ্ঠানসমূহৰ হ’ব আৰু FDৰ সৈতে লিংক হৈ থকা ক্ৰেডিট কাৰ্ড(সমূহ)ৰ ক্ষেত্ৰত যিকোনো বিত্তীয় প্ৰতিষ্ঠানৰ FD সুবিধাসমূহ আপুনি ব্যৱহাৰ কৰাটো, আপোনাৰ আৰু সংশ্লিষ্ট বিত্তীয় প্ৰতিষ্ঠান(সমূহ)ৰ মাজত চুক্তিবদ্ধ হোৱা চৰ্তসমূহৰ দ্বাৰা পৰিচালিত হ’ব।
  1. আপুনি বুজি পায় আৰু সন্মতি দিয়ে যে এই সমগ্ৰ প্ৰক্ৰিয়াটোত কোম্পানীৰ এটা সীমিত ভূমিকা আছে আৰু ই কেৱল আপোনাৰ আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহৰ মাজত এক সুবিধা প্ৰদানকাৰী হিচাপেহে কাম কৰি আছে। আপুনি বুজি পায় আৰু সন্মতি দিয়ে যে যদি বিত্তীয় প্ৰতিষ্ঠানসমূহৰ FD অথবা ক্ৰেডিট কাৰ্ডৰ সুবিধাসমূহৰ ক্ষেত্ৰত আপুনি কোনো সমস্যাৰ সন্মুখীন হয়, তেন্তে আপোনাৰ অধিকাৰসমূহ প্ৰযোজ্য আইন, FD আৰু ক্ৰেডিট কাৰ্ডৰ নথিপত্ৰ আৰু/অথবা আপোনাৰ আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহৰ মাজৰ প্ৰযোজ্য নিয়ম আৰু চৰ্তাৱলী অনুসৰি পৰিচালিত হ’ব।
  1. আপোনাৰ FDৰ সৈতে লিংক হৈ থকা ক্ৰেডিট কাৰ্ড(সমূহ)ৰ ব্যৱহাৰৰ সৈতে সম্পৰ্কিত যিকোনো প্ৰশ্ন আৰু/অথবা অভিযোগ সংশ্লিষ্ট বিত্তীয় প্ৰতিষ্ঠানকহে জনাব লাগিব আৰু সেইবোৰৰ সমাধানো সেইটো বিত্তীয় প্ৰতিষ্ঠানৰ অভিযোগ নিষ্পত্তি নীতি অনুসৰি কৰা হ’ব। PhonePeৰ ভূমিকা, যদি কোনো আছে, সেয়া কেৱল ইমানেই হয় যে ই আপোনাক Upswing আৰু/অথবা সম্পৰ্কিত বিত্তীয় প্ৰতিষ্ঠানৰ পৰা পোৱা উত্তৰ ‘যেনে হয় তেনে’ হিচাপে আপোনাক জনাব।
PhonePe Logo

Business Solutions

  • Payment Gateway
  • E-commerce PG
  • UPI Payment Gateway
  • Express Checkout
  • Offline Merchant
  • Offline Payment Partner
  • Advertise on PhonePe
  • SmartSpeaker
  • POS Machine
  • Payment Links
  • Travel and Commute

Insurance

  • Motor Insurance
  • Bike Insurance
  • Car Insurance
  • Health Insurance
  • Life Insurance
  • Term Life Insurance
  • Personal Accident Insurance
  • Travel Insurance
  • International Travel Insurance

Investments

  • 24K Gold
  • Liquid Funds
  • Tax Saving Funds
  • Equity Funds
  • Debt Funds
  • Hybrid Funds

Lending

  • Consumer Lending
  • Merchant Lending
  • Secured Loans

General

  • About Us
  • Careers
  • Investors Relations
  • Contact Us
  • Press
  • Ethics
  • Report Vulnerability
  • Merchant Partners
  • Blog
  • Tech Blog
  • PhonePe Pulse
  • Merchant Onboarding Guidelines

Legal

  • Terms & Conditions
  • Privacy Policy
  • Grievance Policy
  • How to Pay
  • E-Waste Policy
  • Trust & Safety
  • Global Anti-Corruption Policy
  • PhonePe Account Aggregator Notice

See All Apps

Download PhonePe App Button Icon

PhonePe Group

  • Indus Appstoreexternal link icon
  • Share.Marketexternal link icon

Credit Cards

  • PhonePe HDFC Bank Co-Branded Credit Cards
  • PhonePe SBI Card Co-Branded Credit Cards
  • Wish Credit Card

Certification

Sisa Logoexternal link icon
LinkedIn Logo
Twitter Logo
Fb Logo
YT Logo

*These are company numbers as of September, 2025

© 2026, All rights reserved
PhonePe Logo

Business Solutions

arrow icon
  • Payment Gateway
  • E-commerce PG
  • UPI Payment Gateway
  • Express Checkout
  • Offline Merchant
  • Offline Payment Partner
  • Advertise on PhonePe
  • SmartSpeaker
  • POS Machine
  • Payment Links
  • Travel and Commute

Insurance

arrow icon
  • Motor Insurance
  • Bike Insurance
  • Car Insurance
  • Health Insurance
  • Life Insurance
  • Term Life Insurance
  • Personal Accident Insurance
  • Travel Insurance
  • International Travel Insurance

Investments

arrow icon
  • 24K Gold
  • Liquid Funds
  • Tax Saving Funds
  • Equity Funds
  • Debt Funds
  • Hybrid Funds

Lending

arrow icon
  • Consumer Lending
  • Merchant Lending
  • Secured Loans

General

arrow icon
  • About Us
  • Careers
  • Investors Relations
  • Contact Us
  • Press
  • Ethics
  • Report Vulnerability
  • Merchant Partners
  • Blog
  • Tech Blog
  • PhonePe Pulse
  • Merchant Onboarding Guidelines

Legal

arrow icon
  • Terms & Conditions
  • Privacy Policy
  • Grievance Policy
  • How to Pay
  • E-Waste Policy
  • Trust & Safety
  • Global Anti-Corruption Policy
  • PhonePe Account Aggregator Notice

PhonePe Group

arrow icon
  • Indus Appstoreexternal link icon
  • Share.Marketexternal link icon

Credit Cards

arrow icon
  • PhonePe HDFC Bank Co-Branded Credit Cards
  • PhonePe SBI Card Co-Branded Credit Cards
  • Wish Credit Card

Certification

Sisa Logo

See All Apps

Download PhonePe App Button Icon
LinkedIn Logo
Twitter Logo
Fb Logo
YT Logo

*These are company numbers as of September, 2025

© 2026, All rights reserved