সংস্কৰণ 8.0
তাৰিখ: মে 21, 2025
1. পৃষ্ঠভূমি
PhonePe লিমিটেড (“PhonePe”)ক (পূৰ্বতে ‘PhonePe প্ৰাইভেট লিমিটেড’ নামেৰে জনাজাত) ভাৰতীয় ৰিজাৰ্ভ বেংক (“RBI”)ৰ দ্বাৰা ভাৰতত প্ৰিপেইড পেমেণ্ট ইনষ্ট্ৰুমেণ্ট জাৰি কৰা আৰু পৰিচালনা কৰাৰ অনুমতি দিয়া হৈছে। এই অনুমতি পৰিশোধ আৰু নিষ্পত্তি প্ৰণালী অধিনিয়ম, 2007 আৰু ইয়াৰ বাবে সময়ে সময়ে নিৰ্ধাৰিত বিধান, নিৰ্দেশ তথা বিনিয়মসমূহৰ অধীনত প্ৰদান কৰা হৈছে।
সেই অনুসৰি, অভিযোগ নীতিৰ জৰিয়তে PhonePeই নিজৰ সকলো গ্ৰাহক আৰু ব্যৱসায়ীসকলৰ বাবে অভিযোগ নিষ্পত্তি প্ৰক্ৰিয়াক মানদণ্ডমূলক কৰি তুলিছে।
2.পৰিসৰ
এই নীতিত তলত দিয়া দিশসমূহ অন্তৰ্ভুক্ত হয়:
i. এই নীতিয়ে ৰিচাৰ্জ, বিল পৰিশোধ, PhonePe ৱালেট, PhonePe গিফ্ট কাৰ্ড, UPI (ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ), সম্পত্তি, ভ্ৰমণ, ট্ৰেনজিট আৰু ফুড আৰু ভাউচাৰৰ সৈতে সম্পৰ্কিত সমস্যাসমূহ সামৰি লয়।
ii. এই নীতিয়ে ব্যৱসায়ীসকলৰ বাবে প্ৰতিবিধান আৰু আধাৰ eKYC সম্পৰ্কিত উত্থাপিত সমস্যাসমূহৰো সমাধান কৰে।
3. লক্ষ্য:
এই নীতিৰ উদ্দেশ্য হৈছে উত্থাপিত অভিযোগ আৰু বিভিন্ন ধৰণৰ অভিযোগৰ নিষ্পত্তি ব্যৱস্থাৰ বিৱৰণ প্ৰদান কৰা।
এই নীতিত ক্ৰমে গ্ৰাহক আৰু ব্যৱসায়ীসকলৰ বাবে থকা এস্কেলেচন মেট্ৰিক্সৰ বিষয়ে বিতং বিৱৰণ প্ৰদান কৰা হৈছে। এইটোৱে গ্ৰাহকৰ প্ৰতিটো অভিযোগ সঠিক টীমৰ ওচৰলৈ পঠিওৱাটো সুনিশ্চিত কৰে।
4. লক্ষ্য গ্ৰাহক
এই নীতি PhonePe ব্যৱহাৰ কৰা সকলো গ্ৰাহক আৰু ব্যৱসায়ীৰ বাবে প্ৰযোজ্য হয়।
5. সেৱা স্তৰ
ৰিচাৰ্জ, বিল পৰিশোধ, PhonePe ৱালেট, PhonePe গিফ্ট কাৰ্ড, UPI (ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ), সম্পত্তি, ভ্ৰমণ, ট্ৰেনজিট আৰু ফুড, ভাউচাৰ আৰু কো-ব্ৰেণ্ডেড পাৰ্টনাৰশ্বিপৰ বাবে সেৱা স্তৰসমূহ।
গ্ৰাহকৰ বাবে:
স্তৰ 1
- অভিযোগ পঞ্জীয়ন:
- গ্ৰাহকে “ইতিহাস” শাখাৰ পৰা সংশ্লিষ্ট লেনদেন বাছনি কৰি আৰু “PhonePe সহায়তাৰ সৈতে যোগাযোগ কৰক” বুটামত ক্লিক কৰি PhonePe গ্ৰাহক সহায়তাৰ ওচৰত নিজৰ অভিযোগ পঞ্জীয়ন কৰিব পাৰে। গ্ৰাহকে PhonePe এপৰ হোম পেজত থকা (?) আইকনটোত ক্লিক কৰি PhonePe গ্ৰাহক সহায়তাৰ ওচৰত নিজৰ অভিযোগ পঞ্জীয়ন কৰিব পাৰে।
- আমি দৈনিক 24 ঘণ্টা আৰু সপ্তাহত 7 দিনেই গ্ৰাহক সহায় সেৱা আগবঢ়াওঁ।
- অভিযোগৰ সমাধান:
- আমি অভিযোগ পোৱাৰ 24 ঘণ্টাৰ ভিতৰত গ্ৰাহকক প্ৰথম সঁহাৰি প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
- আমাৰ লক্ষ্য হৈছে গ্ৰাহকৰ সকলো অভিযোগ/ প্ৰশ্ন 3টা কৰ্মদিনৰ ভিতৰত সমাধান কৰা।
- কাৰ্যকৰী/ কাৰিকৰী কাৰণৰ বাবে গ্ৰাহকৰ অভিযোগ সমাধানত পলম হ’ব পাৰে। এনে পৰিস্থিতিত, গ্ৰাহকক তেওঁৰ অভিযোগ নিষ্পত্তি কৰাৰ সময়সীমাৰ বিষয়ে সক্ৰিয়ভাৱে অৱগত কৰা হ’ব।
- কিছুমান পৰিস্থিতিত, অভিযোগটোৰ তৎক্ষণাত সমাধান হ’লেও সেয়া ছিষ্টেমত দেখা পাবলৈ সময় লাগিব পাৰে। উদাহৰণস্বৰূপে, ৰিফাণ্ড তৎক্ষণাত অনুমোদন কৰা হ’ব পাৰে, কিন্তু এই ধন একাউণ্টত জমা হ’বলৈ 3-10 দিন লাগিব পাৰে। এনে ধৰণৰ বিলম্ব বেংকিং আৰু অন্যান্য কাৰ্য্যকৰী সমস্যাৰ বাবে হয়।
- ‘প্ৰৱঞ্চনা আৰু বিপদাশংকা মূল্যায়ন’ সম্পৰ্কীয় অভিযোগবোৰত একাধিক এজেঞ্চী জড়িত হৈ থকাৰ বাবে ইয়াৰ তদন্ত কৰিবলৈ প্ৰায়ে অধিক সময়ৰ প্ৰয়োজন হয়। এনে ক্ষেত্ৰত সমাধানৰ সময় গোচৰটোৰ গম্ভীৰতা আৰু জটিলতাৰ ওপৰত নিৰ্ভৰশীল হয়। এনে ক্ষেত্ৰত গ্ৰাহকক সময়সীমা সম্পৰ্কে সক্ৰিয়ভাৱে অৱগত কৰা হ’ব।
স্তৰ 2
- অভিযোগ পঞ্জীয়ন:
গ্ৰাহকে তেওঁলোকৰ অভিযোগ আগবঢ়াই নিয়াৰ বাবে তলত দিয়া যিকোনো চেনেল ব্যৱহাৰ কৰিব পাৰে:
ল’গইন কৰাত সমস্যাৰ সন্মুখীন হলে, ইয়াৰ বিষয়ে https://support.phonepe.com ৰ জৰিয়তে অভিযোগ জনাব পাৰিব
আমাৰ গ্ৰাহক সহায়তা কেন্দ্ৰলৈ 080-68727374 / 022-68727374 নম্বৰত ফোন কৰি
2. অভিযোগৰ সমাধান:
অভিযোগ পোৱাৰ 24 ঘণ্টাৰ ভিতৰত আমি প্ৰথম সঁহাৰি প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
আমি স্তৰ 2ৰ অভিযোগ 3টা কৰ্মদিনৰ ভিতৰত সমাধান কৰাৰ লক্ষ্য গ্ৰহণ কৰিছোঁ। সমাধানৰ সময়ৰ ক্ষেত্ৰত কোনো বিলম্ব হ’লে সেই বিষয়ে গ্ৰাহকক আগতীয়াকৈ জনোৱা হ’ব।
স্তৰ 3
i. অভিযোগ পঞ্জীয়ন:
তলত দিয়া সময়সীমাৰ ভিতৰত পূৰ্বৰ স্তৰত সমস্যাৰ সমাধান নহলে গ্ৰাহকে অভিযোগ ডেস্কৰ সৈতে যোগাযোগ কৰিব পাৰে
- অনা-PhonePe QRসমূহৰ জৰিয়তে সম্পন্ন কৰা পৰিশোধৰ সৈতে সম্পৰ্কিত সমস্যাৰ বাবে 30 দিনৰ ভিতৰত।
- অন্য যিকোনো প্ৰকাৰৰ লেনদেনৰ সৈতে সম্পৰ্কিত সমস্যাৰ বাবে 10 দিনৰ ভিতৰত।
অভিযোগ বিষয়াৰ নাম আৰু যোগাযোগৰ বিৱৰণ তলত দিয়া হৈছে:
যোগাযোগ:
মুখ্য ন’ডেল বিষয়া – শ্ৰীযুত অনিকেত বাহেতি
যোগাযোগৰ নম্বৰ: 080-68727374 / 022-68727374
ন’ডেল বিষয়া – শ্ৰীমতী দীপা শেট্টী
যোগাযোগৰ নম্বৰ: 080-68727374 / 022-68727374
ৱেবপেজ: grievance.phonepe.com
ঠিকনা – অফিচ-2, ফ্লোৰ নং 4,5,6,7, উইং A, ব্লক A, ছালাৰপুৰিয়া ছফ্টজ’ন, ছাৰ্ভিচ ৰোড, গ্ৰীন গ্লেন লেআউট, বেলাণ্ডুৰ, বেংগালুৰু, কৰ্ণাটক – KA, পিন- 560103।
কৰ্ম সময়: সোমবাৰ-শুক্ৰবাৰ ৰাতিপুৱা 10 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে।
2. অভিযোগৰ সমাধান:
অভিযোগ পোৱাৰ 24 ঘণ্টাৰ ভিতৰত আমি প্ৰথম সঁহাৰি প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আমি স্তৰ 3ৰ সকলো অভিযোগ 7টা কৰ্মদিনৰ ভিতৰত সমাধান কৰাৰ লক্ষ্য গ্ৰহণ কৰিছোঁ (Bharat Connectৰ বাবে আমি 30টা কৰ্মদিনৰ ভিতৰত সমাধান কৰাৰ লক্ষ্য গ্ৰহণ কৰিছোঁ)। সমাধানৰ ক্ষেত্ৰত কোনো বিলম্ব হ’লে সেই বিষয়ে আপোনাক আগতীয়াকৈ জনোৱা হ’ব।
স্তৰ 4
যদি পূৰ্বৰ স্তৰবোৰত 30 দিনৰ ভিতৰত গ্ৰাহকৰ অভিযোগৰ সন্তুষ্টিজনকভাৱে সমাধান কৰা নহয়, তেন্তে তেওঁলোকে RBI লোকপালৰ সৈতে যোগাযোগ কৰিব পাৰে।
লোকপালৰ ওচৰত অভিযোগ দাখিলৰ বাবে পʼৰ্টেল: https://cms.rbi.org.in/
টোল-ফ্ৰী ফোন নং: 14448
ইমেইল আইডি: [email protected]
ঠিকনা – কেন্দ্ৰীভূত ৰচিদ আৰু প্ৰক্ৰিয়া কেন্দ্ৰ, ভাৰতীয় ৰিজাৰ্ভ বেংক, 4ৰ্থ মহলা, ছেক্টৰ 17, চণ্ডীগড় – 160017
অধিক বিৱৰণৰ বাবে, অনুগ্ৰহ কৰি এইটো লিংক চাওক – RBI Ombudsman.
6.গ্ৰাহকৰ দায়বদ্ধতাৰ সীমা
অনধিকৃত পৰিশোধৰ লেনদেনৰ ফলত উদ্ভৱ হোৱা এজন গ্ৰাহকৰ দায়বদ্ধতা ইয়াতে সীমাবদ্ধ থাকিব:
ক্ৰমিক নং | বিৱৰণ | গ্ৰাহকৰ সৰ্বোচ্চ দায়বদ্ধতা |
---|---|---|
1 | PhonePeৰ ফালৰ পৰা অৱদান থকা জালিয়াতি/অৱহেলা/ঘাটিৰ ক্ষেত্ৰত, (গ্ৰাহকে লেনদেনটো ৰিপ’ৰ্ট কৰক অথবা নকৰক, সেয়া নিৰ্বিশেষে) | শূন্য |
2 | তৃতীয় পক্ষৰ দ্বাৰা সম্পন্ন কৰা উলংঘন, যাৰ বাবে PhonePe অথবা গ্ৰাহক দায়ী নহয় বৰং এয়া ছিষ্টেমৰ অন্য ঠাইত হৈছে আৰু গ্ৰাহকে এইটো অনধিকৃত পৰিশোধ লেনদেনৰ বিষয়ে PhonePeক জনাইছে। এনে ক্ষেত্ৰত, গ্ৰাহকৰ দায়বদ্ধতা এই কথাৰ ওপৰত নিৰ্ভৰ কৰিব যে গ্ৰাহকে PhonePeৰ পৰা লেনদেনৰ যোগাযোগ লাভ কৰা আৰু গ্ৰাহকে PhonePeক এইটো অনধিকৃত লেনদেনৰ বিষয়ে ৰিপ’ৰ্ট কৰাৰ মাজত কিমান দিন পাৰ হৈছে- | |
i. তিনি দিনৰ ভিতৰত# | শূন্য | |
ii. চাৰিৰ পৰা সাত দিনৰ ভিতৰত# | লেনদেনৰ মূল্য অথবা প্ৰতিটো লেনদেনত ₹10,000/-, যিটোৱে কম হয় | |
iii. সাত দিনৰ পাছত# | PhonePeই প্ৰতিটো ক্ষেত্ৰতে পৃথক পৃথক আধাৰত সিদ্ধান্ত ল’ব। | |
3 | যদি গ্ৰাহকৰ গাফিলতিৰ বাবে লোকচান হয়, যেনে তেওঁ পৰিশোধৰ ক্ৰিডেনছিয়েল শ্বেয়াৰ কৰি দিছে, তেন্তে যেতিয়ালৈকে তেওঁ PhonePeক সেইটো অনধিকৃত লেনদেনৰ ৰিপ’ৰ্ট নকৰে, তেতিয়ালৈকে গ্ৰাহকেই সম্পূৰ্ণ লোকচান বহন কৰিব লাগিব। অনধিকৃত লেনদেনৰ বিষয়ে ৰিপ’ৰ্ট কৰাৰ পাছত যদি কোনো লোকচান হয়, তেন্তে সেয়া PhonePeই বহন কৰিব লাগিব। | |
4 | অনধিকৃত ইলেক্ট্ৰ’নিক পৰিশোধৰ লেনদেনৰ ক্ষেত্ৰত, PhonePeই নিজা বিবেচনাৰ আধাৰত এয়া সিদ্ধান্ত ল’ব পাৰে যে গ্ৰাহকৰ গাফিলতি সত্বেও তেওঁক নিজৰ দায়বদ্ধতাৰ পৰা ৰেহাই দিয়া হওক। |
সীমিত দায়বদ্ধতাৰ ক্ষেত্ৰত গ্ৰাহকৰ দায়িত্ব।
- গ্ৰাহকসকলে নিজৰ একাউণ্টৰ সুৰক্ষাৰ বাবে শক্তিশালী পাছৱৰ্ড আৰু পিন ব্যৱহাৰ কৰা উচিত, যিবোৰ নিয়মিত সময়ৰ মূৰে মূৰে সলনি কৰাটো গুৰুত্বপূৰ্ণ হয়। পিন/ পাছৱৰ্ড আৰু OTP কাৰো সৈতে ইমেইল/ফোনৰ জৰিয়তে শ্বেয়াৰ কৰিব নালাগে, লাগিলে তেওঁ PhonePeৰ কৰ্মচাৰীয়ে নহওক কিয়। PhonePeই কেতিয়াও এনে ক্ৰিডেনছিয়েল নিবিচাৰে।
- ম’বাইল নম্বৰ আৰু ইমেইল আইডি সলনি হলে, গ্ৰাহকসকলে তৎক্ষণাত আমাৰ গ্ৰাহক সহায়তা দলৰ সৈতে যোগাযোগ কৰি এনে পৰিৱৰ্তনসমূহৰ বিষয়ে লিখিতভাৱে PhonePeক জনোৱা উচিত।
- গ্ৰাহকসকলে ইলেক্ট্ৰ’নিক পৰিশোধ লেনদেনৰ বাবে বাধ্যতামূলকভাৱে SMS এলাৰ্ট আৰু ইমেইল এলাৰ্ট (য’তেই প্ৰযোজ্য)ৰ বাবে পঞ্জীয়ন কৰোৱা উচিত।
- যিকোনো অনধিকৃত লেনদেন চিনাক্ত কৰিবলৈ গ্ৰাহকে নিয়মিতভাৱে SMS এলাৰ্ট অথবা মোবাইল এপৰ জৰিয়তে লেনদেন পৰীক্ষা কৰি থাকিব লাগে।
- এয়া গ্ৰাহকৰ দায়িত্ব হয় যে তেওঁ নিজৰ একাউণ্টত সম্পন্ন হোৱা যিকোনো অনধিকৃত লেনদেনৰ বিষয়ে তৎক্ষণাত PhonePeক ৰিপ’ৰ্ট কৰে আৰু ৰিপ’ৰ্ট কৰোঁতে যাতে কোনো বিলম্ব নকৰে।
7. Bharat Connect সম্পৰ্কিত বিবাদ উত্থাপন কৰক
গ্ৰাহকে ইয়াত ক্লিক কৰি Bharat Connectত বিল পৰিশোধ সম্পৰ্কিত বিবাদ উত্থাপন কৰিব পাৰিব। এনে ধৰণৰ অভিযোগৰ সমাধানৰ বাবে, NBBLয়ে প্ৰয়োজন অনুসৰি PhonePeৰ সৈতে যোগাযোগ কৰিব পাৰে। এনে ধৰণৰ অভিযোগৰ সমাধান হ’লে আমি গ্ৰাহকলৈ কোনো ধৰণৰ জাননী প্ৰেৰণ কৰাৰ প্ৰয়োজন নাথাকে।
8. আধাৰ eKYC অভিযোগ প্ৰতিবিধান
- আধাৰ eKYC আৰু সন্মতি বাতিল সম্পৰ্কিত সমস্যাৰ বাবে, এজন ব্যৱসায়ী / গ্ৰাহকে তলত দিয়া উপায়সমূহৰ জৰিয়তে যোগাযোগ কৰিব পাৰে অথবা অভিযোগ উত্থাপন কৰিব পাৰে:
- ব্যৱসায়ীসকলে 080-6872-7777/ 022-6872-7777 নম্বৰত ইনবাউণ্ড চাপোৰ্ট টীমৰ সৈতে যোগাযোগ কৰিব পাৰে। আমি ৰাতিপুৱা 7 বজাৰ পৰা ৰাতি 11 বজালৈকে সপ্তাহৰ 7 দিনেই সহায় আগবঢ়াওঁ। অনব’ৰ্ডিং সম্পৰ্কিত সমস্যাৰ সমাধানৰ বাবে 5টা কৰ্মদিনৰ TAT থাকিব আৰু সন্মতি বাতিলৰ বাবে 30 কেলেণ্ডাৰ দিনৰ TAT থাকিব।
- গ্ৰাহকসকলে 080-68727374 / 022-68727374 নম্বৰত আমাৰ গ্ৰাহক সহায়তা কেন্দ্ৰলৈ ফোন কৰিব পাৰিব।
9. ব্যৱসায়ীসকলৰ বাবে
সেৱা স্তৰ | অফলাইন ব্যৱসায়ীৰ অভিযোগ নিষ্পত্তি | পেমেণ্ট গেটৱেৰ অভিযোগ নিষ্পত্তি | ||||||
---|---|---|---|---|---|---|---|---|
স্তৰ 1 |
অভিযোগ পঞ্জীয়ন:1. অফলাইন ব্যৱসায়ীসকলে PhonePe Business এপৰ হোম পেজত থকা (?সহায়তা) আইকনটোত ক্লিক কৰি PhonePe ব্যৱসায়ী সহায়তাৰ ওচৰত নিজৰ অভিযোগ পঞ্জীয়ন কৰিব পাৰে। 2. সহায়তা শাখাত, ব্যৱসায়ীজনে তেওঁলোকে সন্মুখীন হৈ থকা সমস্যাৰ বিষয়টো বাছনি কৰিব পাৰিব আৰু অভিযোগ উত্থাপন কৰিবলৈ “আমাৰ সৈতে চাট কৰক” বুটামত ক্লিক কৰিব লাগিব। 3. বৈকল্পিকভাৱে, ব্যৱসায়ীজনে PhonePe Business ডেশ্বব’ৰ্ডৰ হোম পেজত থকা (?সহায়তা) আইকনটোত ক্লিক কৰিও https://business.phonepe.com/faqত অভিযোগ পঞ্জীয়ন কৰিব পাৰিব। 4. আমি সহায়তা সেৱা 24/7 আগবঢ়াওঁ। |
অভিযোগ পঞ্জীয়ন:1. ব্যৱসায়ীজনে নিজৰ PhonePe Business ডেশ্বব’ৰ্ডৰ সহায়তা শাখাৰ পৰা নিজৰ অভিযোগ PhonePe পেমেণ্ট গেটৱে সহায়তাৰ ওচৰত পঞ্জীয়ন কৰিব পাৰে। 2. সহায়তা শাখাত, ব্যৱসায়ীজনে তেওঁলোকে সন্মুখীন হৈ থকা সমস্যাৰ বিষয়টো বাছনি কৰিব পাৰিব আৰু অভিযোগ উত্থাপন কৰিবলৈ আমাৰ সৈতে যোগাযোগ কৰক বুটামত ক্লিক কৰিব লাগিব। 3. যদি ব্যৱসায়ীজনে নিজৰ Phonepe Business ডেশ্ববʼৰ্ডত লগইন কৰিবলৈ অক্ষম হয়, তেন্তে তেওঁ https://tickets.phonepe.com/en/supportৰ জৰিয়তে Phonepe পেমেণ্ট গেটৱে সহায়তাৰ ওচৰত অভিযোগ পঞ্জীয়ন কৰিব পাৰে। 4. আমি সহায়তা সেৱা 24/7 আগবঢ়াওঁ। | ||||||
অভিযোগৰ সমাধান:আমি অভিযোগ পোৱাৰ 24 ঘণ্টাৰ ভিতৰত আপোনাক প্ৰথম সঁহাৰি প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আমি 7 দিনৰ ভিতৰত আপোনাৰ সকলো অভিযোগ/প্ৰশ্ন সমাধান কৰাৰ লক্ষ্য গ্ৰহণ কৰিছোঁ। বেংকিং, কাৰ্যকৰী অথবা কাৰিকৰী কাৰণ/প্ৰক্ৰিয়াৰ বাবে আপোনাৰ অভিযোগ সমাধানত পলম হ’ব পাৰে। এই পৰিস্থিতিত, ব্যৱসায়ীজনক তেওঁৰ অভিযোগ নিষ্পত্তি কৰাৰ সময়সীমাৰ বিষয়ে সক্ৰিয়ভাৱে অৱগত কৰা হ’ব। ‘প্ৰৱঞ্চনা আৰু বিপদাশংকা মূল্যায়ন’ সম্পৰ্কীয় অভিযোগবোৰত একাধিক এজেঞ্চী জড়িত হৈ থকাৰ বাবে ইয়াৰ তদন্ত কৰিবলৈ প্ৰায়ে অধিক সময়ৰ প্ৰয়োজন হয়। এনে ক্ষেত্ৰত সমাধানৰ সময় গোচৰটোৰ গম্ভীৰতা আৰু জটিলতাৰ ওপৰত নিৰ্ভৰশীল হয়। এনে সকলো ক্ষেত্ৰতে আপোনাক সময়সীমাৰ বিষয়ে আগতীয়াকৈ জনোৱা হ’ব। সমাধানৰ ক্ষেত্ৰত কোনো বিলম্ব হলে, ব্যৱসায়ীজনক এই বিষয়ে আগতীয়াকৈ জনোৱা হ’ব। | ||||||||
স্তৰ 2 |
| |||||||
স্তৰ 3 |
অভিযোগ পঞ্জীয়ন:
1. ন’ডেল বিষয়া আৰু মুখ্য ন’ডেল বিষয়াৰ নাম আৰু যোগাযোগৰ বিৱৰণ তলত দিয়া হৈছে:
অভিযোগৰ সমাধান:1. অভিযোগ পোৱাৰ 24 ঘণ্টাৰ ভিতৰত আমি প্ৰথম সঁহাৰি প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। 2. আমি স্তৰ 3ৰ সকলো অভিযোগ 7টা ব্যৱসায় দিনৰ ভিতৰত সমাধান কৰাৰ লক্ষ্য গ্ৰহণ কৰিছোঁ। সমাধানৰ ক্ষেত্ৰত কোনো বিলম্ব হ’লে সেই বিষয়ে ব্যৱসায়ীক আগতীয়াকৈ জনোৱা হ’ব। | |||||||
স্তৰ 4 |
যদি পূৰ্বৰ স্তৰবোৰত 30 দিনৰ ভিতৰত ব্যৱসায়ীজনৰ অভিযোগ সন্তুষ্টিজনকভাৱে সমাধান কৰা নহয়, তেন্তে তেওঁ RBI লোকপালৰ সৈতে যোগাযোগ কৰিব পাৰে।
লোকপালৰ ওচৰত অভিযোগ দাখিলৰ বাবে পʼৰ্টেল: https://cms.rbi.org.in/
টোল-ফ্ৰী ফোন নম্বৰ: 14448 ইমেইল আইডি: [email protected] ঠিকনা – কেন্দ্ৰীভূত ৰচিদ আৰু প্ৰক্ৰিয়া কেন্দ্ৰ, ভাৰতীয় ৰিজাৰ্ভ বেংক, 4ৰ্থ মহলা, ছেক্টৰ 17, চণ্ডীগড় – 160017 অধিক বিৱৰণৰ বাবে, অনুগ্ৰহ কৰি এইটো লিংক চাওক – RBI Ombudsman. |